সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৯ অধ্যায় ।
সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ ।
- দুলৰি ।
হেট মুণ্ডে গুণি, লক্ষ্মণে বোলন্ত,
- দদা শুনা মোৰ বাণী ।
আপোনাৰ নিজ, কৰমৰ দোষে,
- মৰিলা সীতা গোসাঁনী ॥১
চিত্ত থিৰ কৰি, শুনিয়োক দদা,
- মোত এৰা অসন্তোষ ।
স্বৰূপ কাহিনী, কহোঁ শুনিয়োক,
- মোৰ নাহি কিছু দোষ ॥২
সাক্ষাতে তোমাৰ, যেন আৰ্তনাদ,
- শুনিলন্ত সতী সীতা ।
চমকিয়া দেৱী, মোক বুলিলন্ত,
- চল ৰাঘৱৰ ভিতা ॥৩
ৰাঘৱৰ বাক, শুনিয়া মোহোৰ,
- হেৰা প্ৰাণ ফুটি যাই ।
স্বামী ভিক্ষা মই, মাগোহোঁ তোমাত,
- দিয়োক আবে লখাই ॥৪
প্ৰবোধিয়া মই, বুলিলোঁ তাহাঙ্ক,
- নুহিবা দেৱী হতাশ ।
ইটো ৰবিতলে, জানা কদাচিতো,
- ৰামৰ নাহি বিনাশ ॥৫
মহাক্ৰোধ কৰি, বুলিলন্ত সীতা,
- মোহোৰ বচন শুনি ।
হাওঁৰে পাপিষ্ঠ, লখিলোঁহোঁ মই,
- নযা তই যিবা গুণি ॥৬
সতিনীৰ পুত্ৰ, ইহাকেসে লাগি,
- আসিয়াছ বনমাঝ ।
চুম্পি আছে মনে, ৰামৰ মৰণে,
- মোক ভজিবাক চাস ॥৭
দুৰ্ব্বাৰ বচন, শুনিয়াঁ মোহোঁৰ,
- হৃদয় কম্প লড়িল ।
কহোঁ স্বৰূপত, সাৰুল বৃক্ষত,
- নিৰ্ঘাত যেন পৰিল ॥৮
সেহিসে কাৰণে, জানিবাহা প্ৰভু,
- হাতে ধনুশৰ ধৰি ।
মহামন্যু কৰি, তোমাৰ পাশক,
- গৈলোঁ সীতা পৰিহৰি ॥৯
হেন জানি আবে, মন্যুক ত্যজিয়া,
- কৰিয়োঁ দৃঢ় মনত ।
উঠিয়োক দদা, সীতাক খুজিত,
- পশিয়ো ইটো বনত ॥১০
যিটো জনে সীতা, হৰিয়া নিলেক,
- তাৰ আয় ভৈল ক্ষীণ ।
তোমাৰ অনিষ্ট, চিন্তিয়া পাপিষ্ঠ,
- জীৱে সিটো কত দিন ॥১১
ৰাঘৱে বোলন্ত, শুনিয়ো লখাই,
- হেন সে তই অবোধ ।
তোৰ কি কাৰণে, স্ত্ৰীৰ বচনে,
- এতমান ভৈল ক্ৰোধ ॥১২
মই কিবা হেন্ত, বাক্য কোন্তে তোক,
- কত খুঞ্চি খুঞ্চি মাৰি ।
মোহোঁৰ বিধিয়ে, লিখিত তাহাক,
- বাধিত আৰ ন পাৰি ॥১৩
এহি বুলি হাতে, ধনু শৰ ধৰি,
- দুইয়ো চালিলন্ত গাৱ ।
সীতাক খুজিতে, খুজিতে গৈলন্ত,
- বিকল অতি স্বভাৱ ॥১৪
যতেক দুৰ্গম, থানে খুজিলন্ত,
- নানা বিধ বন দেশ ।
বিলৰ ভিতৰ, পৰ্ব্বত গহ্বৰ,
- চাহিলা দুয়ো অশেষ ॥১৫
বিত বিত কৰি, নদী গোদাবৰী,
- চাহিলা তাৰ দুই তীৰ ।
বহুবনে চায়া, সীতাক নপায়া,
- পোড় শোকে শৰীৰ ॥১৬
পাছে মহাক্ৰোধ, কৰিয়া মনত,
- ৰাম দেৱ মহাবীৰ ।
হাতে অগ্নি শৰ, ধৰি ৰঘুৱৰ,
- মেদিনীত ভৈলা থিৰ ॥১৭
ক্ৰোধিয়া ৰাঘৱে, বচন বোলন্ত,
- জাজ্বল্য সমান আখি ।
মোৰ দোষ নাই, চন্দ্ৰ সূৰ্য্য বায়ু,
- বৰুণ হৈবাহা সাক্ষী ॥১৮
ত্ৰিদষ দেৱতা, সবাকো সম্বুধি,
- ক্ৰোধে বুলিলন্ত বাণী ।
যেৱে ভালে ভালে, যাইবে জানকীক,
- এতিক্ষণে দিয়া আনি ॥১৯
নুহি ত্ৰিদশক, এহি শৰে মাৰো,
- আজি সবে মান সাৰোঁ ।
সমস্তে নাগক, সংহৰোঁ সকলে,
- পাতাল পুৰ বিদাৰোঁ ॥২০
সীতাৰ সন্তাপে, তিনিয়ো ভুৱন,
- থাকিবাক সুখে নেদোঁ ।
পৰম দুৰ্ব্বাৰ, শৰক হানিয়া,
- তিনিয়ো লোকক ভেদোঁ ॥২১
দশৰথ তন- য়ৰ মোৰ তেৱে,
- কথাক কেৱে নজানি ।
যত সুৰাসুৰ, সৱাকে মাৰিবোঁ,
- আজি এই শৰ হানি ॥২২
যক্ষ ৰাক্ষসক, সবাকে মাৰিবোঁ,
- আৱৰ গন্ধৰ্ব্বগণ ।
মোহোৰ মন্দক, আচৰিয়া সুখে,
- থাকিবেক কোন জন ॥২৩
কমন দুৰ্জ্জনে, সীতাক নিলেক,
- শীঘ্ৰে আনি দেউক মোক ।
তেৱেসে আমাৰ, পলাইবেক সৰে,
- দাৰুণ হিয়াৰ শোক ॥২৪
নুহি তেবে মই, উদয়াস্ত গিৰি,
- সবক হানি ফুৰিবোঁ ।
অগ্নিৰ অস্ত্ৰক, হানিয়া তিনিয়ো,
- ভুৱন আজি পুৰিবোঁ ॥২৫
শুন শুন বোলোঁ, ভৈয়াই লক্ষ্মণ,
- ক্ষমিবাক নুযুৱাই ।
শীতল প্ৰাণীক, জানিবি নিশ্চয়,
- কেহোঁ জনে ন ডৰাই ॥২৬
শনৈশ্চৰ ক্ৰূৰ, গ্ৰহৰ নামত,
- সৰ্ব্বস্ব সবে তেজয় ।
আতি সাম্য চন্দ্ৰ, গ্ৰহৰ নিমিত্তে,
- ফুল পাতো নেদিৱয় ॥২৭
হেন বুলি ৰাম, ধনুক ধৰিয়া,
- টঙ্কাৰ আতি কৰিল ।
টল টল কৰি, তিনিয়ো ভুৱন,
- একত্ৰ হুয়া লৰিল ॥২৮
পৰম অমৃত, ৰামৰ চৰিত্ৰ,
- শুনিবাকো কুতূহল ।
শুনিয়ো সকল, পৰম মঙ্গল,
- ধৰ্ম্ম ইসে সুনিৰ্ম্মল ॥২৯
খায়া দায়া সুখে, বসিয়া শুনন্তে,
- পুৰে মনোৰথ কাম ।
অবিদ্যাৰ হাত, এৰাইবা সাক্ষাত,
- ডাকি বোলা ৰাম ৰাম ॥৩০