ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ

ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


৪৮ অধ্যায়।
ৰাম - ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ।
পদ।

যুদ্ধ নকৰিলোঁ হন্তে কোন কাৰ্য্য তাত।

প্ৰাণক ত্যজিলোঁ হন্তে এহিতো লঙ্কাত ॥১

হনুমন্তে নকৰিল হন্তে হেন কায।

বিভীষণ কেন মতে পাইল হন্তে ৰাজ ॥২

লক্ষ্মণে ৰামক চাহি বুলিল উত্তৰ।

হেনয় কাকূতি বাণী নহয় বীৰৰ ॥৩

প্ৰতিজ্ঞা পালন ক্ষত্ৰিয়ৰ নিজ ধৰ্ম্ম।

ৰাৱণক নমাৰি আমাত কেনে মৰ্ম্ম ॥৪

প্ৰতিজ্ঞা কৰিলা তুমি ৰাৱণ বধিত।

ঝাণ্টে মাৰাঁ যাৱে অস্ত নযান্ত আদিত্য ॥৫

কেতিক্ষণে দেখিবোহোঁ ৰাৱণ বীৰৰ।

তযু শৰ ঘাৱে ছেদিবাহা দশ শিৰ ॥৬

লক্ষ্মণৰ বোলে কোপ জ্বলিলা ৰামৰ।

ৰাৱণক প্ৰহাৰিলা অসংখ্যাত শৰ ॥৭

ৰাঘৱৰ শৰ আসে দেখি মহাবীৰ।

অন্তৰিলা দেখিয়া ৰাৱণ দশশিৰ ॥৮

মায়াবলে তথা যাই সাজিলেক ৰথ।

অলঙ্কাৰে মণ্ডিলন্ত ঘোটক সমস্ত ॥৯

মনুষ্যৰ মুখ দিব্য চাৰি গোটা ঘোড়।

উচ্চৈশ্ৰবা সদৃশ পৱন সম জোৰ ॥১০

কৈলাস সমান উচ্চ দিব্য বৰ যান।

মহা জ্যোতিৰ্ম্ময় জ্বলে অগনি সমান ॥১১

ৰতনে মাণিকে দিব্য ৰথ দীপ্তি কৰে।

তাতে যাই চড়িলেক ৰাজা লঙ্কেশ্বৰে ॥১২

দেৱ মুনিগণে বোলে কিনো অনুচিত।

ৰাৱণ ৰথত যুজে ৰাঘৱে ভূমিত ॥১৩

সমতুল্য নুহি কাৰ্য্য অযোগ্য অৱশ্যে।

ৰামক লাগয় মান কৰিবে ত্ৰিদশে ॥১৪

সবাৰো বচন শুনি ত্ৰিদশৰ ৰাজে।

আপনাৰ ৰথক পঠাইলা সব সাজে ॥১৫

কিঙ্কিনী বাজয় ৰুণ ঝুন জ্যোতিকাৰ।

ৰত্নে জ্যোতিষ্কাৰ তিনি ভুবনতে সাৰ ॥১৬

তৰুণ আদিত্য সম মহা জৌতি জ্বলে।

ৰতনে ৰচিত কৰি অতিশয় জ্বলে ॥১৭

হৰিতাল বৰ্ণ শক্তিৱন্ত চাৰি ঘোড়।

অতি শীঘ্ৰ গমন পৱন নম জোৰ ॥১৮

কনকে গঠিত চাৰু বাসৱৰ ধ্বজ।

শকতি তোমৰ অস্ত্ৰ আছে সব সজ ॥১৯

ইন্দ্ৰৰ আদেশ বাণী সাদৰে আকলি।

ৰামৰ পাশক ৰথ নিলন্ত মাতলি ॥২০

ছাপন্তে আছয় আসি ৰথ জ্যোতিষ্কাৰ।

বিস্ময় মিলিয়া গৈলা সকলে প্ৰজাৰ ॥২১

ৰামদেৱ লক্ষ্মণ সুগ্ৰীৱ নীল নল।

অঙ্গদ মাৰুতি বিভীষণ কপিবল ॥২২

সবে হন্তে মনে গুণি আছন্ত বহুত।

স্বৰ্গ হন্তে ৰবি সম ৰথ অদভূত ॥২৩

অনেক মায়াক জানে নিশাচৰগণে।

আমাক ছলিতে বুদ্ধি পাতিলা ৰাৱণে ॥২৪

ৰামে যেবে হেন বাক্য সবাকো বুলিল।

সুগ্ৰীৱ বোলন্ত ইটো আমাত লাগিল ॥২৫

সাৰথিকে ঘোটককে অস্ত্ৰকে ৰথকে।

সবাকে নিশ্চয় কৰিবোহোঁ খেণেতেকে ॥২৬

ৰথ খান নামি আসি ৰহিছে ভূমিত।

বিভীষণে বুলিলন্ত বচন তহিত ॥২৭

ৰাক্ষসৰ মায়া মই জানোওঁ সমস্তে।

দেৱলোকে পঠাইলা আপনি লৈয়ো ৰথে ॥২৮

কতোদূৰে লঙ্কানাথে আছয় আকলি।

ৰথে চড়ি হাত যোৰে মাতয় মাতলি ॥২৯

শুনিয়ো ৰাঘৱ প্ৰভু ৰাম দশৰথি।

ইন্দ্ৰে পঠাইলন্ত মই তাহান সাৰথি ॥৩০

ইন্দ্ৰ যম বৰুণাস্ত্ৰ আছয় ৰথতে।

ইন্দ্ৰৰ মাতলি মোক জানে ত্ৰিজগতে ॥৩১

যুদ্ধৰ সম্ভাৰ দিয়া পঠাইলন্ত মোক।

ইহাতে চড়িয়া ৰাৱণক বধিয়োক ॥৩২

ইন্দ্ৰে পঠাইলন্ত এহি সন্নাহা পিন্ধিয়া।

সমৰক চলা হাতে ধনু শৰ লৈয়া ॥৩৩

একৈক শকতি পাৰি ত্ৰৈলোক্য জিনিত।

সমস্তে সম্ভৃত কিছু নলাগে খুজিত ॥৩৪

বিভীষণ সুগ্ৰীৱ অঙ্গদ সুশিক্ষিত।

সবাকে বুলিলা ৰামে ৰথ পৰিক্ষিত ॥৩৫

ৰামক কহিলা যাহা কাৰ্য্যক আকলি।

বাসবে পঠাইলা ৰথ সাৰথি মাতলি ॥৩৬

পৰীক্ষা কৰিলো মই জানিলোঁ সমস্ত।

এহি বুলি আগত যোগাইলা দিব্য ৰথ ॥৩৭

দেৱ বিমানক ৰামে প্ৰণাম কৰিল।

সাৰথি ঘোড়াক প্ৰদক্ষিণে আদৰিল ॥৩৮

ৰথত চড়িলা ৰামে কৌতূহল ভাৱে।

ইন্দ্ৰৰ সন্নাহা আমি চড়াইলন্ত গাৱে ॥৩৯

শ্ৰীমন্ত অধিক কান্তি জ্বলে ৰাঘৱৰ।

কৈলাস গিৰিত যেন দেৱ মহেশ্বৰ ॥৪০

গন্ধৰ্ব্বৰ অস্ত্ৰ কোপে ৰাৱণে ধৰিল।

ৰামে গন্ধৰ্ব্বৰ অস্ত্ৰে তাক নিবাৰিল ॥৪১

যেহি যেহি অস্ত্ৰক হানয় লঙ্কেশ্বৰ।

সেহি সেহি অস্ত্ৰ নিবাৰন্ত ৰঘুবৰ ॥৪২

সকল অস্ত্ৰক যেবে কৰিলন্ত ক্ষয়।

ৰাক্ষসৰ অস্ত্ৰক হানন্ত দুৰাশয় ॥৪৩

ৰাৱণৰ অস্ত্ৰ ছয় ধনুৰ টঙ্কাই।

বাসুকি সদৃশ সৰ্প হুয়া খেদি খাই ॥৪৪

ফোকাৰন্ত শবদে দান্তৰ ঘোৰ বিষ।

মুখৰ অগনি নিকলয় দশোদিশ ॥৪৫

ৰাঘৱে দেখন্ত সৰ্পে যুৰিল সমস্ত।

ৰামচন্দ্ৰে অস্ত্ৰ প্ৰহাৰিলা পাশুপাত ॥৪৬

সূৰ্য্য অগ্নি যুত যেন প্ৰহাৰিলা শৰ।

অসংখ্যাত গৰুড় ভৈলেক সুৱৰ্ণৰ ॥৪৭

অধে উৰ্দ্ধ দশোদিশে শৰ চলি যাই।

ৰাৱণৰ সৰ্প সব খেদি খেদি খাই ॥৪৮

ৰাৱণৰ অস্ত্ৰ যত সব ভৈলা ক্ষয়।

আথাকে নিসন্ধি ৰাজা বাণ বৰিষয় ॥৪৯

বাণক হানিয়া ছাইলা দাশ যে ৰথিক।

সৰগাৱে নিসিন্ধি বিন্ধিলা মাতলিক ॥৫০

চাৰিয়ো ঘোড়াক জৰ্জ্জৰিত কৃত ভাৱে।

ইন্দ্ৰৰ ধ্বজক তাৰিলেক বাণ ঘাৱে ॥৫১

দেখি নিৰন্তৰে বাণময় দশোদিশ।

দেৱ মুনিগণৰো বিস্ময় আসৰিশ ॥৫২

ৰামক পীড়িলে শৰে বীৰ লঙ্কেশ্বৰে।

দেৱ মুনি গন্ধৰ্ব্বৰ হৃদি কম্পে ডৰে ॥৫৩

কৱন্ধক দেখি যেন সূৰ্য্য ভয় হেতু।

ভকৰ ভকৰ কৰি বেঢ়ি ধুমকেতু ॥৫৪

বুধগ্ৰহে যেহেন পীড়িল ৰোহিণীক।

জেষ্ঠাক মঙ্গলে যেন ৰাহুয়ে শশীক ॥৫৫

সাগৰত বিপৰীত জলৰ কল্লোল।

ঊৰ্ম্মিৰ শবদে পাইল আদিত্যৰ কোণ ॥৫৬

ৰঘুৰ বংশৰ সবে নক্ষত্ৰক যুৰি।

দাৰুণ গ্ৰহক যেন থাকি গৈল পীড়ি ॥৫৭

ত্ৰৈলোক্যত বিপৰীত চমক লাগিল।

ৰাঘৱৰ মোহ দেখি বিস্ময় মিলিল ॥৫৮

দশ শিৰ কুৰি বাহু শিৰিমন্ত কায়।

ৰাৱণায়ে যুজয় মৈনাগ গিৰি প্ৰায় ॥৫৯

অচেতন ভাৱ হেন দেখিয়া ৰামৰ।

শ্ৰীহানি বিভীষণ কপি ভালুকৰ ॥৬০

ঘোৰ শৰ বৃষ্টি প্ৰভু কৰিতে নপাৰি।

কিঞ্চিত তৰাসে থিত ৰাঘৱ মুৰাৰি ॥৬১

ৰামে ধ্যান কৰিলন্ত বৰ বিপৰীত।

পৰম আ্ত্মাত নিয়া নিবেদিলা চিত্ত ॥৬২

মহাকোপে জ্বলি পাছে গুণিলন্ত মনে।

আমাক পীড়য় চাৰ নিশাচৰ জনে ॥৬৩

আৰকত চক্ষু দুই কোপে ফুৰাৱন্ত।

ৰাৱণক যেন তেজ অগনি দহন্ত ॥৬৪

ৰামৰ কোপত মহীমণ্ডল লৰয়।

গিৰিৰ শিখৰ যত খসিয়া পৰয় ॥৬৫

ভ্ৰুকুটি কুটিল মুখ ৰকত নয়ন।

দেৱ মুনি চমকিলা দিগপাল গণ ॥৬৬

নদী নদগণ মানে পালোটিয়া বহে।

আৱৰে আৱৰে যুদ্ধ লাগিলা বিগ্ৰহে ॥৬৭

ৰাৱণৰ হৃদি কম্প ৰাঘৱে কুপিল।

ভয় হুয়া বোলে আজি অকাৰ্য্য মিলিল ॥৬৮

ত্ৰৈলোক্য জিনিলো আবেকি ভৈলা আমাৰ।

ৰাঘৱে কুপিলা যেন যম অৱতাৰ ॥৬৯

দুয়ো বীৰ যুজে তিনি ভুবনতে সাৰ।

তিনিলোকে কম্পিলা লাগিলা তোল পাৰ ॥৭০

আৱৰে আউৰক শৰ হানিলা প্ৰবন্ধি।

পৃথিবী স্বৰ্গৰ মাজে ভৈগৈলা নিসন্ধি ॥৭১

ৰাঘৱক প্ৰশংসা কৰন্ত দেৱগণে।

অসুৰে বোলন্ত বীৰ জিনন্তো ৰাৱণে ॥৭২

দেৱতা গন্ধৰ্ব্ব ঋষি ৰাঘৱৰ পক্ষ।

ৰাৱণৰ সখা দৈত্য দানৱ যে দক্ষ ॥৭৩

ৰামে শৰ কৰিলন্ত অনন্ত অপাৰ।

আকাশৰ শৰ কাটি গুছাইল আন্ধাৰ ॥৭৪

তমোময় গুছি যেন প্ৰকাশ ভাস্কৰ।

প্ৰসন্ন বদন ভৈলা দেখিয়া ৰামৰ ॥৭৫

ৰাৱণে ছেদিলা ৰাঘৱৰ শৰ ছয়।

হেনমতে দুয়ো বীৰে সমৰ কৰয় ॥৭৬

অনন্তৰে ৰাম দেৱ সমৰে অভঙ্গ।

অনেক অস্ত্ৰক প্ৰহাৰিলা কৰি খঙ্গ ॥৭৭

ৰাৱণেয়ো শৰ ছয় প্ৰহাৰিলা তাঙ্ক।

ৰামক অভঙ্গ দেখি ৰাৱণাৰ শঙ্ক ॥৭৮

জাজ্জ্বল্য সমান ৰাজা কোপে জ্বলি গৈলা।

কালান্তক সদৃশ শূলেক তুলি লৈলা ॥৭৯

কতেক মহিমা আৰ কহিবো তাহাৰ।

পৰন্তে দোহাৰ মাখি বজ্ৰ সম ধাৰ ॥৮০

পৰ্ব্বতৰ শৃঙ্গ যেন শিখৰ তাহাৰে।

পাতাল ভেদিতে পাৰে শূলৰ প্ৰহাৰে ॥৮১

ধূম্ৰে বিৰহিত যেন প্ৰলয় অগনি।

ফোঁকাৰতে আঙ্গাৰ বজাৱে দিশ ছানি ॥৮২

অতি বৰ আতাস দিলেক লঙ্কেশ্বৰে।

কম্প মিলি গৈলা জল সপত সাগৰে ॥৮৩

পৃথিবী পাতাল স্বৰ্গ তিনিও লোকত।

অন্তৰীক্ষে আছে যত কম্পিল সমস্ত ॥৮৪

আতাসৰ ছোটে বীৰ ত্ৰৈলোক্য কম্পায়া।

ৰামক বুলিলা পাছে ক্ৰোধ দৃষ্টি ছায়া ॥৮৫

দেখ দেখ ৰাম তোৰ প্ৰাণান্তিক শূল।

দোভাইক মাৰিয়া আজি কৰিবো নিৰ্ম্মূল ॥৮৬

যত যত বীৰ মোৰ মাৰিলা ৰণত।

তাৰ প্ৰতিফল আজি কৰোঁ ক্ষণেকত ॥৮৭

এহি শূল হানি মাৰোঁ চল যমঘৰ।

ৰাৱণ ৰাজাৰ এক প্ৰহাৰ সামৰ ॥৮৮

দোঙ্গা দিয়া শূল বাণ ৰাৱণে হানিল।

অতি বৰ বেগে যেন নিৰ্ঘাত পৰিল ॥৮৯

অন্তৰীক্ষে মহাবেগে কৰিয়া চলয়।

ৰামে দেখি শূলক তাৰিলা শৰ চয় ॥৯০

পতঙ্গক যেন মতে অগনি ভুঞ্জিল।

ৰাৱণৰ শূলে সব শৰক ছেদিল ॥৯১

ৰামে আকলিলা সব শৰ নাশ ভৈলা।

মহাকোপে অগনি সমান জলি গৈলা ॥৯২

মাতলিত কৰি যাক বাসবে পঠাইল।

সেহি শকতিক ৰামে তুলি আলগাইল ॥৯৩

ৰথহন্তে আনি তাক সন্ধানে হানিল।

প্ৰলয় কালৰ যেন উলুকা জ্বলিল ॥৯৪

যুগান্ত কালৰ যেন অগনি জ্বলয়।

সকল আকাশ খান দেখি জ্যোতিৰ্ম্ময় ॥৯৫

অতিশয় বেগে গৈ শূলক লাগ পাইল।

খণ্ড খণ্ড কৰি তাক ছেদিয়া পেলাইল ॥৯৬

শকতিৰ ঘাৱে শূল ভাঙ্গিয়া পেলাইল।

লঙ্কা নগৰীৰ সৈন্য গিৰিসাই ভাগিল ॥৯৭

ৰাৱণে নিশব্দ ভৈলা অদভূত মানি।

তাহাক তাৰিলা ৰঘুনাথে শৰ হানি ॥৯৮

ৰাঘৱৰ শৰক ত্ৰৈলোক্য নাহি যোৰ।

জৰ্জ্জৰিতে বিন্ধলা ৰথৰ চাৰি ঘোড় ॥৯৯

ৰাৱণ ৰাজাৰ শৰীৰত অসংখ্যাতে।

কপালতে নিসন্ধি বিন্ধিলা ৰঘুনাথে ॥১০০

অশোক পলাশ যেন পুষ্প জ্যোতিষ্কাৰ।

থানে থানে ৰুধিৰ নিকলি গৈল গাৱৰ ॥১০১

ৰামে তাক ফুলিলন্ত ভৈলেক হতাশ।

মূৰ্চ্ছা গৈলা,ৰাৱণৰ হৰিল উশ্বাস ॥১০২

তমোময় দেখে যেন ফুৰে দশোদিশ।

তিখাণ শৰৰ ঘাৱে উথলিলা বিষ ॥১০৩

ৰথত পাছত বীৰ পৰি গৈলা খসি।

ক্ষণেক নিশ্চেষ্ট হৈয়া থাকিল তৰাসি ॥১০৪

বৰৰ প্ৰসাদে তাৰ নগৈলেক প্ৰাণ।

ৰাঘৱক হানিলেক অসংখ্যাত বাণ ॥১০৫

অধে উৰ্দ্ধে আশে পাশে দক্ষিণে উত্তৰে।

নিসন্ধি হানিলা শৰ চয় নিৰন্তৰে ॥১০৬

ৰাঘৱে অনেক শৰ হানিয়া পঠাইল।

ৰাৱণৰ বাণ ছেদি আন্ধাৰ গুছাইল ॥১০৭

শৰে হানি ৰামে তাৰ শৰীৰক শালি।

বচনে বিগুতি ৰামে পাৰিলন্ত গালি ॥১০৮

ৰাঘৱে বোলন্ত ওৰে পাপিষ্ঠ ৰাৱণ।

অধৰ্ম্মী দুৰ্জ্জন তই অলপিক জন ॥১০৯

কুযশক সাধিলেক লাজক পিঠি দিলে।

উপায়ে গুচায়া মোক সীতাক হৰিলে ॥১১০

সীতাক হৰিলি হন্তে মোহোৰ আগত।

তোক থান দিলো হন্তে যম কৰণত ॥১১১

কি মোৰ আনন্দ আজি তোক ভেট পাইলো।

হেন জান তোক যম কৰণে পঠাইলো ॥১১২

মাথা কাটি কৰোঁ তোৰ খৰৰ বৃত্তান্ত।

শৃগাল শকুনে তোৰ বিচাৰক আন্ত ॥১১৩

হৃদয়ত পৰি তোৰ গৃধ্ৰে মাংস খাউক।

জনক নন্দিনী শুনি কৌতূহল পাউক ॥১১৪

ৰামৰ বচন যেন বজ্ৰৰ প্ৰহাৰ।

মৰ্ম্মস্থান ভেদি ভৈলা শ্ৰীহানি ৰাজাৰ ॥১১৫

ৰাৱ ছাৱ নাহি হৰিলেক বল দৰ্প।

মন্ত্ৰ শুনি যেহেন নিৰ্ব্বিষ কাল সৰ্প ॥১১৬

মূৰ্চ্ছিত ভৈলেক পৰাপৰক নজানে।

হসকি হসকি পৰে যত বাণ হানে ॥১১৭

বানৰ ভালুকে বেঢ়ি বৰিষিলা শিল।

ৰাঘৱৰ বাণ ঘাৱে প্ৰমাদ মিলিল ॥১১৮

ৰামে ৰাৱণক শৰ কৰন্ত প্ৰহাৰ।

দশগ্ৰীৱে কৰিতে নপাৰে প্ৰতিকাৰ ॥১১৯

সাৰথি দেখন্ত ৰাজা চেতন হৰিল।

ৰথ খান বাহুৰায়া অন্তৰ কৰিল ॥১২০

ৰাখিয়া থাকিল নিয়া লঙ্কাৰ কোলত।

সন্ধুকি ৰাৱণে পাইলা চেতন গাৱত ॥১২১

হাওঁৰে সাৰথি তই কিসক ডৰিলে।

মই নবোলন্তে কেনে ৰথ বাহুৰাইলে ॥১২২

ঘোৰ সংগ্ৰামৰ হন্তে অন্তৰাইলে কিক।

আমাক কৰিলে লঘু তুলাত অধিক ॥১২৩

তিনিয়ো ভুবনে জানে পৌৰুষ আমাৰ।

সবে নষ্ট কৰিলে বিপুল যশ ভাৰ ॥১২৪

কুখ্যাতি চলিল মোৰ দেশ দেশান্তৰে।

ৰাৱণ বিমুখে পলাই শত্ৰুকেসে ডৰে ॥১২৫

ৰিপু যাৱে নাসঙ্গে মোহোৰ বোল শুন।

সুমৰস যদ্যপি মোহোৰ যত গুণ ॥১২৬

পৌৰুষ ৰাখিয়া মোৰ কুযশ গুচাওঁ।

সমৰ ভূমিক লাগি ৰথ বাহুৰাও ॥১২৭

ৰাৱণক সম্বুধি সাৰথি বোলে বাক।

কি কাৰণে প্ৰভুদেৱ গৰ্জ্জস আমাক ॥১২৮

ৰামশৰে তোমাৰ শৰীৰ অশকত।

শুনিয়ো যি কাৰণে বাহুৰাইলো ৰথ ॥১২৯

শ্ৰান্ত ভৈলা প্ৰভুদেৱ ঘামিলেক গাৱ।

মূৰ্চ্ছাগতে দেখিলোহোঁ আকুল স্বভাৱ ॥১৩০

ধনুৰ টঙ্কাৰ নাহি খসি পৰে বাণ।

মই বোলোঁ ৰাজা অন্তৰীক্ষ ভৈলা প্ৰাণ ॥১৩১

ৰামৰ বিশাল যমদূত সম শৰে।

চাৰি ঘোড়া হেঁসনী পাৰই নিৰন্তৰে ॥১৩২

চিন্তিলোহোঁ হিত তুমি খানিক জিৰাহাঁ।

সম্মুখে ডাকিবোঁ ৰথ যুজিবাক যাহা ॥১৩৩

ৰাজা বোলে সাৰথি তেবেতো ভাল মন।

হৰিষে হাতৰ কাঢ়ি দিলেক কঙ্কন ॥১৩৪

সাৰ্থক সাৰথি তই শুন মোৰ বাক।

সমৰ ভূমিক লাগি ঝাণ্টে ৰথ ডাক ॥১৩৫

ডাকিলা সাৰথি ৰথ ৰাৱণৰ বোলে।

পাৱৰ সন্ধানে সবে পৃথিবী হিন্দোলে ॥১৩৬

ৰাম দেখি বুলিলন্ত শুনিয়ো মাতলি।

পৰবৰ্ত্তি ৰাৱণ আসয় ৰণস্থলী ॥১৩৭

গৰ্জ্জন কৰয় যেন কাল মেঘ খণ্ড।

শৰ বৰিষন্তে আসে ৰাৱণ প্ৰচণ্ড ॥১৩৮

দুৰ্ব্বাৰ বায়ুয়ে যেন উৰুৱাইবোঁ তাক।

ইন্দ্ৰৰ সাৰথি অৱহিতে ৰথ ডাক ॥১৩৯

সুৰাসুৰ মুনিগণ সবাত বিদিত।

ইন্দ্ৰৰ সাৰথি তুমি অতি সুশিক্ষিত ॥১৪০

চাটুতা বচন কিছো বুলিতে নলাগে।

তুমি সখা ভৈলা মোৰে কৰ্ম্ম ভাগে ॥১৪১

ৰাঘৱৰ বচনে সাৰথি ভৈলা তুষ্ট।

ডাকিবে লাগিলা চাৰি ঘোড়া হৃষ্ট পুষ্ট ॥১৪২

শীঘ্ৰে ৰথ ডাকিলেক ডাহিণক বুলি।

লঙ্কেশ্বৰে দেখিলেক ৰথ চক্ৰ ধূলি ॥১৪৩

মহাকোপে দশগ্ৰীৱে অসংখ্যাত শৰে।

ৰামৰ ৰথক ঢাকিলেক নিৰন্তৰে ॥১৪৪

থাক দশৰথ সুত লৈবোহোঁ পৰাণ।

মাতলিক হানিলেক অসংখ্যাত বাণ ॥১৪৫

ৰাঘৱে তুলিয়া লৈলা বাসৱৰ চাপ।

শস্ত্ৰ সব হানন্ত সাক্ষাতে যেন সাপ ॥১৪৬

ৰাৱণে দেখন্ত শৰ আসে জাকে জাক।

আপনাৰ শৰে চূৰ্ণ কৰিলন্ত তাক ॥১৪৭

দুয়ো দুইহান্তক শৰ কৰে অপৰ্য্যন্ত।

চৌতিশ অস্ত্ৰক সবে দুইহান্ত জানন্ত ॥১৪৮

নিসন্ধি কৰিয়া শৰে ঢাকিলা আকাশ।

অস্ত্ৰে কেহোঁ দুইৰো আৰে নলক্ষিল পাশ ॥১৪৯

দুয়ো বীৰে শৰক ক্ষেপন্ত অসংখ্যাত।

দুইহান্তৰো শৰ দুয়ো কৰন্ত নিপাত ॥১৫০

এতহন্তে মিলিলা বিষম উতপাত।

দিবসতে সন্ধ্যা আসি মিলিল লঙ্কাত ॥১৫১

ওৰ পুষ্পবৰ্ণ ভৈলা সব লঙ্কাখান।

ৰাৱণৰ মাথে তেজ বৰিষণ টান ॥১৫২

ৰাৱণৰ উপৰে মণ্ডলি কৰে কাক।

দক্ষিণ দিশত গৃধ্ৰ ভ্ৰমে জাকে জাক ॥১৫৩

দশগ্ৰীৱ ৰাজাৰ আগত ভূমিকম্প।

জোটা জোটা কৰি কাকে মাথে দিলা জাম্প ॥১৫৪

নিৰ্ঘাত পৰিয়া গৈলা ৰথৰ উপৰে।

বায়ু বহে সম্মুখে ধূলায়ে মুখ ভৰে ॥১৫৫

ৰাৱণ নৃপতি থাকিলেক শৰ যুৰি।

হানিতে নপাৰে শৰ ধনুত আজুৰি ॥১৫৬

কাক কঙ্ক শকুন সম্মুৰে চায়া ৰৰে।

জোণ্টাজোণ্টি কৰি গৈয়া কতো আগে পৰে ॥১৫৭

বিমঙ্গল অনেক মিলিলা উতপাত।

দশগ্ৰীৱ ৰাজাৰ কটাক্ষ নাহি তাত ॥১৫৮

চাৰিয়ো ঘোড়াৰ নয়নৰ নীৰ বহে।

অনেক অদ্ভুত বিমঙ্গল কথা কহে ॥১৫৯

মুখ চাই ফেৰুৱায়ে নাদয় হৰিষে।

ৰাৱণৰ মৰণ জানিয়া দশোদিশে ॥১৬০

ৰামৰ পাশত সুমঙ্গল কথা কহে।

সুৰভি শীতল অনুকূলে বায়ু বহে ॥১৬১

দক্ষিণ নয়ন হাত পাৱ কৰ্ণ স্কন্দে।

সমৰত জয় হেতু মিলিলা আনন্দে ॥১৬২

ৰাম ৰাৱণৰ হেন অদ্ভুত সংগ্ৰাম।

যেন হৰি হিৰণ্যাক্ষে সমৰ উপাম ॥১৬৩

আৱৰ উপাম নাহি ত্ৰৈলোক্য ভিতৰে।

মহা ঘোৰ যুদ্ধ ভৈলা ৰাম ৰাৱণৰে ॥১৬৪

যত বল আছয় দুইহানো শৰীৰত।

যত অস্ত্ৰ জানে দুয়ো হানন্ত ৰণত ॥১৬৫

ৰাঘৱে যুজয় জানি জিনিবোঁ ৰাৱণ।

ৰাৱণে যুজয় জানি আপন মৰণ ॥১৬৬

মহাবীৰ ৰাৱণ দুৰ্জ্জয় ধনুৰ্দ্ধৰ।

ৰামৰ ধ্বজক লাগি প্ৰহাৰিল শৰ ॥১৬৭

শৰ আসে দেখি ৰামে মন্ত্ৰক পঢ়িল।

ধ্বজক নপায়া শৰ পাতালে পশিল ॥১৬৮

ৰাৱণৰ শৰ যেবে নিষ্প্ৰভতা ভৈল।

ৰামে যমদণ্ড সম শৰ খুলি লৈল ॥১৬৯

ৰাৱণৰ ধ্বজক হানিলা মহাবলে।

আকাশত অগনিৰ কনিকা নিকলে ॥১৭০

আকাশত দেৱগণে আছয় দেখিয়া।

ৰাঘৱৰ শৰে ধ্বজ পেলাইল ছেদিয়া ॥১৭১

ভূমিত পৰিলা ধ্বজ হুয়া খণ্ড খণ্ড।

আকাশত হৰিষ মিলিলা বাদ্যভণ্ড ॥১৭২

দেখিলেক লঙ্কেশ্বৰে শৰ চূৰ্ণ ভৈল।

তুলাত অগনি যেন কোপ জ্বলি গৈল ॥১৭৩

বৰিষিতে লাগিল অনেক শত শৰে।

চাৰি ঘোড়া ৰথৰ বিন্ধিলা নিৰন্তৰে ॥১৭৪

ইন্দ্ৰৰ ঘোটক ৰাৱণৰ শৰ জালে।

ৰৌদ্ৰ পায়া হালে যেন শ্ৰীফলৰ ডালে ॥১৭৫

আতি তেজ বলে বৰ দীপিতি কৰয়।

ৰাৱণ ৰাজাৰ দেখি মনত বিস্ময় ॥১৭৬

ৰামৰ ঘোড়াৰ যেবে কটাক্ষ নভৈল।

আথাকে ৰাৱণে শৰ বৰষিবে লৈল ॥১৭৭

গদা পৰিঘেক হানে শকতি তোমাৰ।

গিৰিশৃঙ্গ বৃক্ষ শিলে হানে নিৰন্তৰ ॥১৭৮

শূল শকতিক হানে ত্ৰিকণ্টিক খুব।

অৰ্দ্ধচন্দ্ৰ শতঘ্নি যে শৰশু প্ৰচুৰ ॥১৭৯

অঙ্কুশ বেলশ মুখ ভল্ল কনিয়ালে।

মায়াবলে ৰাৱণে হানয় ভিণ্ডিপালে ॥১৮০

ৰাৱণৰ শৰে ছাইলা সকল আকাশ।

ৰামৰ ৰথৰ কিছু নলঙ্ঘিলা পাশ ॥১৮১

বানৰ যে ভালুক সেনাত গৈয়া পৰি।

ৰাৱণৰ শৰে অসংখ্যাত যাই মৰি ॥১৮২

ৰামৰ শৰীৰ যেবে নুছুইলেক শৰে।

সহস্ৰ সংখ্যাত শৰ লঙ্কেশ্বৰে মাৰে ॥১৮৩

কতো সাৰথিত পৰে কতোহোঁ ৰথত।

শতাধিক ফুটিলা ৰামৰ শৰীৰত ॥১৮৪

শৰৰ প্ৰহাৰে ৰাম বৰ কোপে ধাইল।

কৌটি সংখ্যা শৰ হানি ৰাৱণক ছাইল ॥১৮৫

দুইহানৰ শৰ আকাশতে একে ঠাৱ।

আউৰ আউৰে নিৰন্তৰে খিছাখিছি গাৱ ॥১৮৬

ৰাক্ষসৰ সৈন্য আৰ বানৰৰ বলে।

কৰে অস্ত্ৰ শিলা ধৰি থাকিলা সকলে ॥১৮৭

তবধে থাকিলা দুইৰ সমৰ আকলি।

আৰ লৈয়া নাচে যেন চিত্ৰৰ পুতলী ॥১৮৮

ইকূলে সিকূলে নাহি বায়ুৰ সঞ্চাৰ।

নেদেখি সূৰ্য্যৰ ৰশ্মি ভৈলা অন্ধকাৰ ॥১৮৯

দুইহান্তৰ শৰ চয় লঙ্ঘিলা আকাশ।

অধে উৰ্দ্ধে দিশাদিশে নাহিকে প্ৰকাশ ॥১৯০

ৰাম ৰাৱণৰ ভৈলা তুম্বুল আম্ফাল।

প্ৰলয়ৰ মেঘ যেন দুইহান ঘঞ্চাল ॥১৯১

দুইহন্তে পৰিঘ গদা হানে নিৰন্তৰ।

অস্ত্ৰৰ প্ৰতাপে ঢউ সপত সাগৰ ॥১৯২

পাতাল পুৰত কম্পি গৈলা সবে সৰ্প।

দৈত্য দানৱৰ হৰিলেক বল দৰ্প ॥১৯৩

সপ্তদীপা পৃথিবী কৰয় টল বল।

সাগৰত ঢউ ভৈলা পৰ্ব্বত সচ্ছল ॥১৯৪

নিষ্প্ৰভ ভৈলন্ত তাৰা শশী দিনকৰ।

হূলস্থূল লাগি গৈলা সকল লোকৰ ॥১৯৫

ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত যত ঋষিগণ।

ৰামৰ কল্যাণ হৌক মৰোক ৰাৱণ ॥১৯৬

ঘোড়ে ঘোড়ে লাগি গৈলা কামোৰা কামোৰি।

পতকা পতকা লাগিলেক জৰাজৰি ॥১৯৭

দুয়ো ৰথে গৈয়া লাগিলেক ঠেকাঠেকি।

পুনৰোপি দুই বীৰ গৈলেক হুসকি ॥১৯৮

ৰাঘৱে হানিলা আঠ গোট দিব্য শৰ।

চাৰি ঘোড়া ৰথৰ ফুটিলা নিৰন্তৰ ॥১৯৯

কতো দূৰ হুসকিয়া গৈলা পাছ ভৰি।

সাৰথি ডাকিলা ৰথ ধাইল দৰ দৰি ॥২০০

ক্ৰোধিলেক ৰাৱণ সাক্ষাতে যমদূত।

ৰামৰ শৰীৰে শৰ তাৰিলে বহুত ॥২০১

কুশৰ যে কণ্টক দিবাৰ নাহি ঠাৱ।

জালৰ সৰঙ্গা যেন ভৈলা সৰ্ব্ব গাৱ ॥২০২

তিনিলোক কম্পয় ৰামৰ পয়োভৰে।

উলট পালট জল সপত সাগৰে ॥২০৩

ঈশ্বৰ সমান কোন আছে ত্ৰিজগতে।

তথাপি কৰন্ত লীলা মনুষ্যৰ মতে ॥২০৪

দেৱাসুৰ ভঙ্গ ভৈলা ৰোমাঞ্চিত গাৱ।

ত্ৰৈলোক্য তবধ ভৈলা নবহয় বাৱ ॥২০৫

পাতালত কম্পি কম্পি গৈলা নাগগণ।

শান্তি স্বস্তয়ন কৰে দেৱ ঋষিগণ ॥২০৬

ৰাঘৱে ধনুত যুৰি খুৰপতি বাণ।

ৰাৱণৰ শিৰ লক্ষি কৰিলা সন্ধান ॥২০৭

দেৱগণে চাহি আছে মন কৰি থিৰ।

কুণ্ডলে মণ্ডিত কাটিলেক দশ শিৰ ॥২০৮

শিৰ চিণ্ডি পৰিলেক শৰীৰৰ হন্তে।

আউৰ মাথা উঠিলা ৰামক গৰজন্তে ॥২০৯

ৰাঘৱে কাটিলা তাকো খুৰপতি শৰে।

আউৰ মাথা উঠিয়া ৰামক শৰ কৰে ॥২১০

ত্ৰৈলোক্যৰ নাথ ৰাম বলে নঘাটন্ত।

যেখানে উপজে মাথা তখনে কাটন্ত ॥২১১

সব লোকে চাহিয়া আছয় অসদৃশ।

কাটিলে উপজে মাথা তাহাৰ সদৃশ ॥২১২

পুনৰপি পুনৰপি শিৰ হোৱে তাৰ।

কাটিলন্ত ৰামে অষ্টাধিক শত বাৰ ॥২১৩

বিস্ময়ে গুণন্ত ৰাম ইটো কি কাৰণ।

মাথা কাটিলেয়ো দেখোঁ নমৰে ৰাৱণ ॥২১৪

বিৰাধ খৰক মাৰিলোহোঁ এহি বাণে।

ত্ৰিশিৰাৰ শিৰ ছেদি নিলোঁ যম থানে ॥২১৫

কুম্ভকৰ্ণ বীৰক পঠাইলো যম দিশ।

ৰাৱণক পায়া শৰ ভৈলেক নিৰ্ব্বিষ ॥২১৬

দশগ্ৰীৱ ৰাজা যুজে পৰম হৰিষে।

ৰাঘৱক বেঢ়ি ঘোৰ মূষল বৰিষে ॥২১৭

শ্ৰীৰঘু নন্দন ৰাম সমৰে কুশল।

ভল্ল হানি চূৰ্ণ কৈলা তাহাৰ মূষল ॥২১৮

সাত দিন সাত ৰাত্ৰি যুদ্ধ নিৰন্তৰ।

খানিকো বিশ্ৰাম নাহি ৰাম ৰাৱণৰ ॥২১৯

খনো পৃথিবীত মুজে খনো আকাশত।

দুৰ্ঘোৰ সমৰ কতো গিৰি শিখৰত ॥২২০

একোমতে ৰাৱণক বধন নযায়।

মাতলি বোলন্ত দেৱ শুনিয়ো উপায় ॥২২১

ৰাৱণ অবধ্য ভৈলা পিতামহ বৰে।

ইহাক মাৰিয়ো শীঘ্ৰ ব্ৰহ্মদত্ত শৰে ॥২২২

মাতলিৰ বাণী শুনি ৰামে গুণি পাইল।

ব্ৰহ্ম অস্ত্ৰ আনি ৰামে গুণত চড়াইল ॥২২৩

শৰৰ অনেক গুণ অগস্তি কহিল।

ৰাৱণ বধক প্ৰতি ৰাঘৱক দিল ॥২২৪

ধনুত যুৰিয়া ৰামে বুলিলা বচন।

কহিয়ো মাতলি দশগ্ৰীৱৰ কাৰণ ॥২২৫

কি কাৰণে তাৰ মুণ্ড হৱে উতপতি।

ৰামৰ বচন শুনি মাতলি বদতি ॥২২৬

পূৰ্ব্বে লঙ্কেশ্বৰে হৰক আৰাধিল।

নৱ গোটা শিৰ কাটি হৰক তুষিল ॥২২৭

নৱ গোটা শিৰে ঘৃত দিয়া অগনিত।

আৰো শিৰ গোট আছে ছেদিত বাঞ্ছিত ॥২২৮

দক্ষিণ হাতত শ্ৰুব বামে ধৰি শিৰ।

কাটি যজ্ঞ কৰিবাক চাহে মহাবীৰ ॥২২৯

দশমুণ্ডে ঘাৱ দবে চাহে লঙ্কেশ্বৰ।

নকাট বুলিয়া খৰ্বে ঘৰিয়া শঙ্কৰ ॥২৩০

মাথা কাটিবাক নেদিলন্ত দেৱ হৰ।

বোলন্ত সাহসী আৰ নাহি তোত পৰ ॥২৩১

তোহোৰ সাহসে তুষ্ট ভৈলোঁ লঙ্কেশ্বৰ।

বৰ লও তোহোৰ বাঞ্ছিত দিবোঁ বৰ ॥২৩২

ৰাৱণে বোলয় প্ৰভু যদি দিবা বৰ।

দৱগণ দানৱ জিনিবোঁ পুৰন্দৰ ॥২৩৩

সুৰাসুৰ গণ আনোঁ যত নাগ লোক।

তাসম্বাৰ হাতে মোৰ মৰণ নহৌক ॥২৩৪

তুষ্ট হুইয়া এহি বৰ দিলা মহেশ্বৰে।

দেৱ দানৱক তই জিনিবি সমৰে ॥২৩৫

যদ্যপি সমৰে তোক জিনিবাক পাৰে।

তথাপি মস্তক তোৰ হৈব বাৰে বাৰে ॥২৩৬

হেন মত বৰ লৈলা ৰাৱণে পূৰ্ব্বত।

স্বৰূপ কহিলোঁ দেৱ তোমাৰ আগত ॥২৩৭

ব্ৰহ্মঅস্ত্ৰ ধৰি প্ৰভু বধিয়ো ৰাৱণ।

হেনমতে সাৰথি কৰাইলা সুমৰণ ॥২৩৮

ব্ৰহ্মঅস্ত্ৰ মাৰিয়োক জগত ঈশ্বৰ।

এহি শৰে মাৰিয়া যাইবেক নিশাচৰ ॥২৩৯

অস্ত্ৰৰ শৰীৰ গোট দেখি জ্যোতিৰ্ম্ময়।

পুঙ্খত বায়ুক দেখি মুখে সূৰ্য্যময় ॥২৪০

মেৰু মন্দৰৰ সম গুৰুতৰ শৰ।

প্ৰতি পদে থিত দেৱ সপত সাগৰ ॥২৪১

কুবেৰ বৰুণ বায়ু যমান্তক কালে।

ব্ৰহ্মা মহেশ্বৰ হৰি দশ দিগপালে ॥২৪২

ত্ৰিদশ যে দেৱৰ শকতি তেজ বলে।

ব্ৰহ্মায়ে স্ৰজিলা তাক অতি কৌতূহলে ॥২৪৩

প্ৰতিবন্ধে ছায়া আছে গৰুড়ৰ পাখি।

প্ৰলয় কালৰ যেন অগণিক দেখি ॥২৪৪

বেদ মন্ত্ৰ আনি তাতে জপিলন্ত ৰামে।

চাপতে যুৰিলা ৰাৱণৰ বধ কামে ॥২৪৫

ঋগ যজু সাম যে অথৰ্ব্ব বেদ স্মৰি।

চাপিয়ো বেদৰ মন্ত্ৰে জপিলা মুৰাৰি ॥২৪৬

বহ্নিমুখ নাম তাৰ থৈলা প্ৰজাপতি।

ৰাৱণ বধক প্ৰতি দিলন্ত অগস্তি ॥২৪৭

আকৰ্ণ পূৰিয়া প্ৰহাৰিলা ৰঘুনাথে।

শীঘ্ৰ চলি ভৈলা শৰ মাৰুতৰ পথে ॥২৪৮

ভকৰ ভকৰ কৰি অগনি নিকলে।

ধূম্ৰে ব্যাপিলেক সব ধৰণী মণ্ডলে ॥২৪৯

কম্পিল পৰ্ব্বত মেৰু সপত পাতাল।

ত্ৰৈলোক্যে বোলন্ত ভৈল প্ৰলয়ৰ কালে ॥২৫০

ত্ৰিভুবনে চমক লাগিল হুলস্থূল।

দৈত্য যে দানব যক্ষ সবাৰে আকুল ॥২৫১

বজ্ৰ্ৰ প্ৰহাৰে যেন গিৰিৰ কন্দৰ।

ৰাৱণৰ হিয়া ফুটি বাজ ভৈলা শৰ ॥২৫২

শোণিতে তিন্তিলা দেহ প্ৰাণ গৈলা ছাৰি।

সাগৰক গৈল শৰ পৃথিবী বিদাৰি ॥২৫৩

স্নান কৰি তেতিক্ষণে সাগৰ জলত।

শুদ্ধ হৈয়া পশিলন্ত ৰামৰ তূণত ॥২৫৪

শঙ্কৰৰ অস্ত্ৰে যেন ত্ৰিপুৰ দহিয়া।

মহেশ্বৰ তূণে পুনু থাকিলা পশিয়া ॥২৫৫

ৰাৱণ ৰাজাৰ যেবে ছাৰি গৈলা প্ৰাণ।

হুসকিয়া হাতৰ পৰিলা ধনুখান ॥২৫৬

ৰথহন্তে ঢলিয়া পৰিলা লঙ্কানাথ।

কলেৱৰে যুৰিলেক কুৰি শত হাত ॥২৫৭

দুই কুৰি শত হাত যুৰিলেক ৰথে।

বানৰে খেদিয়া মাৰে ৰাক্ষস সমস্তে ॥২৫৮

কৌটি সংখ্যা ভালুকে খেদিয়া যাক পাৱে।

মাথাত কামুৰি মৰমৰিয়া চবাৱে ॥২৫৯

অৱশেষ যত আছে নিশাচৰ বল।

লঙ্কা নগৰত পশি কান্দয় সকল ॥২৬০

ৰাৱণ পৰিল শুনি সমস্ত নগৰী।

হা হা কৈক গৈলে মোক নিমাখুতি কৰি ॥২৬১

কপিগণ সমস্তে কৰয় কৌতূহল।

নাচয় গাৱয় হাস্য কৰে খলখল ॥২৬২

লাঞ্জ থিৰ কৰি কৰে লৱৰা লৱৰি।

আৱৰে আৱৰে কতো কৰে চৱৰা চৱৰি ॥২৬৩

কতো নাচে কতো গাৱে কতো হাততালি।

ভাবুকি পাৰিয়া কতো কৰয় ধেমালি ॥২৬৪

নাচে গীতে গগণ পূৰিলা সিংহনাদে।

বন্ধু দৰশন হৈবো ৰামৰ প্ৰসাদে ॥২৬৫

ৰামৰ হাতত যেবে পৰিলা ৰাৱণ।

হা ভাই বুলিয়া কান্দন্ত বিভীষণ ॥২৬৬

দাদা লঙ্কানাথ তিনি লোক চমৎকাৰ।

কিসক মৰণ মই চিন্তিলো তোমাৰ ॥২৬৭

কোথা গৈলে পাওঁ লঙ্কেশ্বৰ হেন ভাই।

কিনো ৰাজ্যসুখ মোৰ তোমাক মৰাই ॥২৬৮

কিনোতো পাপিষ্ঠ মই জাতিত ৰাক্ষস।

জেষ্ঠক মৰাই কিনো লভিলোঁ কুযশ ॥২৬৯

শয্যাত শোৱয় যিটো নেত কামলিত।

হেনয় শৰীৰ আছে কেবলে ভূমিত ॥২৭০

যাক সেৱা কৰি থাকে দেৱকন্যাগণে।

হেনয় শৰীৰ খাইব শৃগাল শকুণে ॥২৭১

আমাৰ বচন তুমি দেখিলাহা তিতা।

মাথাত কৰিয়া কিয় নসপিলা সীতা ॥২৭২

তাৰ ফলে ইষ্ট বন্ধু বান্ধৱ মৰাইলা।

লঙ্কাক অনাথ কৰি প্ৰাণ হৰুৱাইলা ॥২৭৩

বিভীষণে কান্দয় ৰাজাৰ ধৰি গলে।

ৰামে প্ৰবোধন্ত তাক নয়ন সজলে ॥২৭৪

নকান্দা নকান্দা বিভীষণ প্ৰাণ মিত্ৰ।

হেনয় অধীৰ ছাৰ সংসাৰ চৰিত্ৰ ॥২৭৫

হাৰিয়া জিনয় কতো জিনিয়া হাৰয়।

কহিত শুনিলা সৰ্ব্বকালে ভৈলা জয় ॥২৭৬

উপজি মৰয় কতো মৰি উপজয়।

অথিৰ সংসাৰ আক জানা মহাশয় ॥২৭৭

বাহু বলে ৰাৱণে জিনিলা তিনি লোক।

হেনয় বীৰক মিত্ৰ নকৰিবা শোক ॥২৭৮

সদগতি ভৈল হাতে পৰিলা আমাৰ।

প্ৰেত কাৰ্য্য কৰিয়োক ৰাৱণ ৰাজাৰ ॥২৭৯

বিভীষণে বুলিলেক ৰামক সম্বুধি।

ইসব কাৰ্য্যক প্ৰভু বোলা কিবা সুধি ॥২৮০

অধৰ্ম্ম চৰিত্ৰ ভৈলা জেষ্ঠৰ আমাৰ।

প্ৰেত কাৰ্য্য ইহাৰ নলাগে সংস্কাৰ ॥২৮১

একে পৰদাৰা হৰণৰ মহাপাপ।

আৰ সীতা শান্তি তুমি জগতৰ বাপ ॥২৮২

দেৱক ছেদিলা মহাবীৰ পাপীজন।

দেৱাসুৰ নাগৰ আনিলা কন্যাগণ ॥২৮৩

শান্তী কন্যা হৰিলেক তাৰ ফল পাউক।

অধোগামী হুয়া সিটো গলি খসি যাউক ॥২৮৪

ৰামে বিভীষণক দিলন্ত সমিধান।

মৃতক জনক নকৰিবা হেন ঠান ॥২৮৫

সংস্কাৰ কৰিয়া মিত্ৰ তাৰ কাৰ্য্য সাধ।

প্ৰাণান্তিক ভৈলে আৰ কিবা অপৰাধ ॥২৮৬

ৰামৰ বচনে সুস্থ ভৈলা বিভীষণ।

মন্দোদৰী সমে বাজ ভৈলা কন্যাগণ ॥২৮৭

ৰাৱণৰ অঙ্গত ধৰিয়া নাৰীগণে।

হা প্ৰভু বুলি কান্দে সজল নয়নে ॥২৮৮

হৰি হৰি আমাক কৰিলা কিনো বিধি।

একেবাৰে ভৈলা সবে বিধৱাৰ সিধি ॥২৮৯

লঙ্কানাথ তুমি তিনিলোক চমৎকাৰ।

কিমতে মৰণ প্ৰভু মিলিল তোমাৰ ॥২৯০

চৰণত পৰি কান্দে কতো কতো নাৰী।

দশ নাৰী কান্দে দশ মুখে চুমা পাৰি ॥২৯১

হৃদয়ত পৰি কতো শোকাকুল ভাৱে।

ৰাৱণৰ হাতে আপনাক সাবটাৱে ॥২৯২

কেশ আজোৰয় কতো চৱৰায়া মাথে।

পৃথিবীত লোটালুটি কৌটি অসংখ্যাতে ॥২৯৩

দেৱাসুৰ সুন্দৰী কান্দয় বিদ্যাধৰী।

গুণ সব বৰ্ণাই লজ্জাক পৰিহৰি ॥২৯৪

এতহন্তে ৰাৱণৰ প্ৰিয় পটেশ্বৰী।

প্ৰাণত অধিক অতি প্ৰিয়া মন্দোদৰী ॥২৯৫

স্বামীক দেখিয়া ৰণ ভূমিত শয়ন।

মহাশোকে মূৰ্চ্ছা গৈয়া পৰিল তখন ॥২৯৬

কতোক্ষণে পটেশ্বৰী চেতনক পায়া।

আশেষ কান্দিলা নিজ সৌভাগ্য বৰ্ণায়া ॥২৯৭

টিকৰ যে সুস্বামী মোহোৰ নিজ নাহা।

তুৱা পটেশ্বৰী মাতো মাথা তুলি চাহাঁ ॥২৯৮

নেতৰ আঞ্চোলে ৰাৱণৰ শৰীৰৰ।

ধূলা মলছিয়া বোলে শুনা প্ৰাণেশ্বৰী ॥২৯৯

কিসক নমতা তুমি আমাক নিচিনি।

বিকলতে মৰোঁ মই তুৱা সৌভাগিনী ॥৩০০

পূৰ্ব্ব ব্যৱহাৰে মোক কিসক নুবুলি।

কিসক নাদৰা মোক কোলাত নাতুলি ॥৩০১

উঠা উঠা প্ৰভু তুমি মনে অৱগাই।

প্ৰিয়া মন্দোদৰী যাহা কাহাত পেলাই ॥৩০২

সৰ্ব্বগুণ সম্পূৰ্ণী কামিনী কণ্ঠাহাৰ।

কিমতে সহিবোঁ দুঃখ বিধৱাৰ ভাৰ ॥৩০৩

স্বৰ্গত থাকয় দেৱগণে ভয় মনে।

পাতালত থাকয় যতেক নাগগণে ॥৩০৪

পৃথিবীৰ ৰাজগণে থাকে ভয় হন্তে।

কেহোঁৱে নোৱাৰি মাৰে মনুষ্যৰ হাতে ॥৩০৫

তৈখানিয়ে জানোঁ ৰাম নহন্ত মানুষ।

খৰ দুষনক উৰুৱাইলা যেন তুষ ॥৩০৬

অবধ্য ৰাক্ষস যত মেৰুৰ সমান।

শ্ৰীৰামৰ হাতে ভৈলা খেৰ যে পতান ॥৩০৭

বালিৰ সদৃশ বীৰ নাহি ৰবিতলে।

স্বামীত অধিক কৰি শত গুণ বলে ॥৩০৮

এক পাট শৰতে তাহাৰ ভৈলা অন্ত।

এতেকে জানহোঁ ৰাম মানুষ নহন্ত ॥৩০৯

ইন্দ্ৰেসে মাৰিলা ছলে ৰামৰূপ ধৰি।

অধৰ্ম্মে গ্ৰাহিলা পতিব্ৰতা নাৰী হৰি ॥৩১০

বিভীষণ দেৱৰে বুলিলা যত হিত।

কৰ্ণপথে নগৈল মৰণ সন্নিহিত ॥৩১১

ইন্দ্ৰজিত পুত্ৰ মোৰ এৰি কৈক গৈলে।

তোহোৰ পিতাৰ সমে একেথানে ভৈলে ॥৩১২

লঙ্কানাথে তোক দেখি তেজিবন্ত শোক।

পিতা পুত্ৰে মিলি এবে সুমৰিয়ো মোক ॥৩১৩

শ্ৰীৰামে বোলন্ত বিভীষণ শুনিয়োক।

মন্দোদৰী সমে নাৰীগণ পঠায়োক ॥৩১৪

যি ভৈল সি ভৈল কান্দিবাৰ কোন ফল।

প্ৰেত কাৰ্য্য ৰাৱণৰ কৰিয়ো সকল ॥৩১৫

বিভীষণ ৰাঘৱৰ অনুমতি লৈয়া।

বৃদ্ধ পাত্ৰ মন্ত্ৰীগণ আনিলা মতায়া ॥৩১৬

সংস্কাৰ কৰিতে সবাহাকে আদেশিল।

নয়ন সজলে নাৰীলোক প্ৰবোধিল ॥৩১৭

মন্দোদৰী সহিতে যতেক পটেশ্বৰী।

সবাক পঠাইলা পাছে আশ্বাসক কৰি ॥৩১৮

বিহিলা সকলে যত লাগয় তহিত।

বিনয় প্ৰকাৰে গৈলা ৰামৰ সন্নিত ॥৩১৯

ৰাঘৱে বোলন্ত শুন সেনাপতি নীল।

হনুমন্ত জাম্বৱন্ত সুষেণ সুশীল ॥৩২০

অসংখ্যাত সেনা চলিয়োক চতুৰ্ভিতা।

অবিলম্বে সাজি দিয়া ৰাৱণৰ চিতা ॥৩২১

দিশাদিশ গৈলা সবে ৰামসেনাগণ।

আগৰ চন্দনে নিৰ্ম্মিলন্ত চিতা খন ॥৩২২

বহুদূৰ যুৰিলেক বহল বিস্তৰ।

উচ্ছ্ৰিত ভৈলেক যেন পৰ্ব্বত শিখৰ ॥৩২৩

তাহাত তুলিল নিয়া ৰাৱণৰ কায়।

ঠাৱে ঠাৱে অগনি লগাইলা সমুদায় ॥৩২৪

পাৱে দিলা কাটি উৰুত উৰুখল।

মুখত থাপিলা সাত সাগৰৰ জল ॥৩২৫

ৰাজগুৰু ব্ৰাহ্মণৰ শৰীৰে নসহে।

অগণিত ঘৃত দেন্ত আতি বৰ স্নেহে ॥৩২৬

ঘৃত মিশলায়া যেন পশু গোট হুণে।

মুখাগ্নিক দিলন্ত কনিষ্ঠ বিভীষণে ॥৩২৭

আগৰ যে চন্দনে সুঘ্ৰাণ উথলিল।

অগণিত ঘৃত নিয়া কলসে ঢালিল ॥৩২৮

বহু ঘৃত পায়া বহ্নি স্বৰ্গক লঙ্ঘিল।

ৰাৱণৰ পৰি সৰ্ব্ব কাৰ্য্য সঙ্কলিল ॥৩২৯

ৰাঘৱে হৰিষ পাইলা ৰাৱণক মাৰি।

দেৱতাৰ হৃদয়ৰ শৈল্যক উদ্ধাৰি ॥৩৩০

ৰামদেৱে ৰাৱণক মাৰিলা প্ৰৱন্ধে।

ত্ৰিদশ দেৱৰ মন পূৰিলা আনন্দে ॥৩৩১

দেৱৰাজে দিবাৰ সন্নাহা থৈলা কাঢ়ি।

চন্দ্ৰ যেন মুখ জ্বলে প্ৰয়াসক ছাৰি ॥৩৩২

বাসৱৰ সাৰথিক ৰাঘৱে মতাইল।

প্ৰশংসা কৰিয়া বহু মান্যক বঢ়াইল ॥৩৩৩

সব সতকাৰ কৰি বুলিল উত্তৰ।

দিব্য বিমানক নিয়া দিয়োক ইন্দ্ৰৰ ॥৩৩৪

যিমত সমৰ ভৈলা কহিয়ো আপনে।

মাতলিয়ো প্ৰণামিলা ৰামৰ চৰণে ॥৩৩৫

ৰাঘৱৰ বচনক সাদৰে আকলি।

ইন্দ্ৰৰ পাশক ৰথ নিলন্ত মাতলি ॥৩৩৬

সব কথা কহিলন্ত দেৱৰ সভাতে।

ৰামে ৰাৱণক মাৰিলন্ত যেন মতে ॥৩৩৭

আনন্দ কৰন্ত ৰাম কাৰ্য্যক সঙ্কলি।

সুগ্ৰীৱ সহিতে থাকিলন্ত গলাগলি ॥৩৩৮

সাৰ্থক মোহোৰ মিত্ৰ অতি সাধনৰ।

যাহাৰ প্ৰসাদে ভৈলোঁ দুৰ্গতি নিস্তাৰ ॥৩৩৯

একেখানি আছে মোৰ মনোৰথ কায।

প্ৰতিজ্ঞা সাফলি বিভীষণে দেওঁ ৰাজ ॥৩৪০

উপকাৰী মিত্ৰ মোৰ মহা বুদ্ধি পাত্ৰ।

আমি যে নিমিত্ত তেহে জিনিলেক মাত্ৰ ॥৩৪১

ইহান প্ৰসাদে দুৰ্গতিত ভৈলোঁ পাৰ।

ইন্দ্ৰজিত পৰিলা ভূমিৰ মহাভাৰ ॥৩৪২

ৰাৱণ মাৰিলো সিদ্ধি ভৈলা মোৰ কায।

বিভীষণ মিত্ৰ তুমি লৈয়ো লঙ্কাৰাজ ॥৩৪৩

শুনা সভাসদ পদ মন কৰি থিৰ।

ত্ৰৈলোক্যত অজয় ৰাৱণ মহাবীৰ ॥৩৪৪

সবন্ধু বান্ধৱ একে তিলে ভৈলা হত।

ধন জন গজ বাজী নগৈলা লগত ॥৩৪৫

একেশ্বৰে চলি ৰাজা গৈলা যমলোক।

অনিত্য সংসাৰে আক কেনে দেখিয়োক ॥৩৪৬

অন্তকালে ধনে জনে ত্যজয় সবাক।

জানিয়া বিষয় সুখ এৰে সাধু জাক ॥৩৪৭

মাধৱৰ পাদপদ্ম স্মৰন্ত সদাই।

যাহাৰ প্ৰসাদে মুকুতিৰ পদ পাই ॥৩৪৮

ইটো ৰামায়ণ যিটো জনে শুনে ভণে।

অল্পতে ভকতি বাঢ়ে ৰামৰ চৰণে ॥৩৪৯

সংসাৰৰ তাপ সিটো হোৱে উপশম।

পাতেক ছাৰোক ডাকি বোলাঁ ৰাম ৰাম ॥৩৫০