বিভীষণক ৰাৱণৰ পদাঘাত
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৮ অধ্যায়
বিভীষণক ৰাৱণৰ পদাঘাত ।
- ছবি ।
শুকান তৃণত যে, অগনি লাগিয়া গৈল,
- ৰাজা ভৈল আতিশয় চণ্ড ।
সিংহাসনৰ হন্তে, গাৱ গোট চালিলেক,
- ডাবৰৰ কাঢ়ি লৈয়া খাণ্ড ॥১
ৰাৱণ ৰাজায়ে পাছে, লৱৰ দিলেক ভিৰি,
- যেন ক্ৰোধে ময়মত হাতী ।
বিভীষণ বীৰৰ যে, হৃদয় মাজত গিয়া,
- ক্ৰোধে মাৰিলেক এক লাঠি ॥২
বিষ্ণুত ভকত বীৰ, উচিত বকতা ধীৰ,
- আসনত আছিলন্ত বসি ।
হিয়াত লাঠিৰ ঘাৱ, সন্ধানত চোট পায়া,
- তেতিক্ষণে পৰিলন্ত খসি ॥৩
মূৰ্চ্ছা গৈয়া তেতিক্ষণ, আছে পাছে বিভীষণ,
- সুস্থ হুয়া বসিল আসনে ।
সুদীৰ্ঘ নিশ্বাস তেজি, কাৰ্য্যৰ প্ৰস্তাব বুজি,
- বিমৰিষ আছিলন্ত মনে ॥৪
- ৩৯ অধ্যায়
- দুলৰি ।
শোক অগ্নি যেবে, বৰ জ্বলি গৈল,
- আসুখে কাম্পয় গাৱ ।
ধৰ্ম্ম পথ চাহি, বীৰ বিভীষণে,
- চিত্তত দিলন্ত ঠাৱ ॥১
সবে সমজ্যাৰ, ত্ৰাস লাগি গৈল,
- কাংস পৰি জীন গৈল ।
চুম্বক বচনে, প্ৰহস্ত বীৰেযে,
- হাতৰ খৰক গৈল ॥২
সিংহাসনত, বসিলা ৰাজাৰ,
- কিঞ্চিত তাঙ্ক জুৰাইল ।
কতো বেলি ৰাজা, সুস্থক লভিলা,
- আৰকা শুৰুতি পাইল ॥৩
ক্ষণেক অন্তৰে, বিভীষণ বীৰে,
- ৰাজাৰ চাপিল পাশ ।
দক্ষিণ নাসায়ে, বিভীষণ বীৰে,
- কাঢ়িল হুম নিশ্বাস ॥৪
আমাক লাঠিৰ, প্ৰহাৰ দিলাহা,
- আন প্ৰাণী ভালে জীৱে ।
ধৰ্ম্মৰ পথক, চাহিয়া যে আমি,
- কেলেশ সহিলো হিয়ে ॥৫
অধৰ্ম্মী জনৰ, সংসৰ্গ দোষত,
- বাঢ়ে অবিবেক কৰ্ম্ম ।
শ্ৰীৰাম চন্দ্ৰৰ, সমীপক গৈলে,
- বাঢ়িবে অনেক ধৰ্ম্ম ॥৬
পাপিষ্ঠ জনৰ, সংসৰ্গ দোষত,
- ধৰ্ম্মত কিক হৰাওঁ ।
আছিয়োক তুমি, দাদা লঙ্কেশ্বৰ,
- ৰামৰ পাশক যাওঁ ॥৭
ৰাৱণ ৰাজাৰ, পাৱক জান্তিয়া,
- কৰিলন্ত নমস্কাৰ ।
আপোনাৰ চাৰি, পাত্ৰক লৈলন্ত,
- আৱৰ কিছু সম্ভাৰ ॥৮
হাতে গদা ধৰি, বোলৈ বিভীষণে,
- আছিয়ো পাত্ৰ সমাজ ।
বিভীষণ বৈৰী, লঙ্কাৰ গুচায়া,
- সুখে ভুঞ্জা সবে ৰাজ ॥৯
শুনা সৰ্ব্বজন, এৰি আন মন,
- ৰাম কথামৃতময় ।
এৰি আন কাম, বোলাঁ ৰাম ৰাম,
- পাপৰ কৰাঁ প্ৰলয় ॥১০
- ৪০ অধ্যায়
- পদ।
এতেক বচন বুলিলন্ত বিভীষণে ।
প্ৰণাম কৰিলা গৈয়া মাৱৰ চৰণে ॥১
নৈকেষীত সমস্তে কহিলা বিভীষণে ।
মই ভেট হৈবোঁ গৈয়া ৰামৰ চৰণে ॥২
নৈকেষী বোলন্ত বাপু মোৰ বাক থাক ।
যত অপৰাধ দোষ দিয়োক আমাক ॥৩
ৰাৱণ ৰাজাৰ মন্ত্ৰী যত ভৈলা হীন ।
মনকষ্টে ৰামৰ জীবেক কত দিন ॥৪
হিতক বোলন্তে তোৰ হিয়ে দিলা লাথি ।
জানিলোহোঁ যমে তাৰ মলচিলে পাতি ॥৫
তই এৰি গৈলে মোক ৰাখিবেক কোনে ।
আৱে জানো ভুঞ্জিবেক শৃগাল শগুণে ॥৬
বিভীষণে বোলন্ত থাকিয়ো এহি ভাৱে ।
ৰামত শৰণ মই নতো লওঁ যাৱে ॥৭
কুবেৰ দাদাত সোধোঁ কিবা বুদ্ধি পাওঁ ।
পাছে বিমৰিষি শ্ৰীৰামৰ পাশে যাওঁ ॥৮
বাঢ়ি বিভীষণে যুৰিলন্ত যোৰ হাত ।
মাৱৰ চৰণে পুনু নমিলন্ত মাথ ॥৯
অনল সুনল বীৰ প্ৰঘস সম্পাতি ।
শৰণ মাগিবে বিভীষণে লৰিলন্ত ॥১০
অনেক প্ৰকাৰে পাইলা মাৱত মেলানি ।
অন্তৰীক্ষে গৈলা পৱনৰ বেগ টানি ॥১১
কৈলাস গিৰীক লাগি ধৰিলন্ত পথ ।
সুধিবেক হিত বিমৰিষি কুবেৰত ॥১২
মহাদেৱে কুবেৰে আছন্তি পাশা খেলি ।
অনন্তৰে ধনদে চাহিলা চক্ষু মেলি ॥১৩
হৰক বোলন্ত প্ৰভু দেখাঁ বিদ্যমান ।
আমাৰ পাশক আসিলাত নপাই থান ॥১৪
পৱন সঞ্চাৰে আসি পাইলা বিভীষণ ।
কৰযোৰে প্ৰণমিলা হৰৰ চৰণ ॥১৫
পাছে নমিলন্ত কুবেৰৰ দুই পাৱ ।
আসনে বসিলা বীৰ আদৰিত ভাৱ ॥১৬
বিভীষণে সম্বুধি মাতন্ত দেৱ হৰ ।
কহিতে নলাগে তোৰ সকলে গোচৰ ॥১৭
ৰামৰ ভাৰ্য্যাক হৰি আনিলা ৰাৱণে ।
সীতাক সম্পিতে বুলিলন্ত বিভীষণে ॥১৮
অনাদি পুৰুষ তেন্তে জগত কাৰণ ।
সুৰ নৰ মুনিজন সবে নিস্তাৰণ ॥১৯
নিজৰূপে সদগুণে নজানিব যাক ।
হেন ৰামে প্ৰতিকাৰ কৰিবেক তাক ॥২০
নিৰ্গুণ পুৰুষ নিৰঞ্জন অবেকত ।
যাত হন্তে উত্পতি সমস্তে জগত ॥২১
সুৰ নৰ মুনিগণে নপাৱন্তে ওৰ ।
হেন ৰামে প্ৰতিকাৰ সাধিবেক তোৰ ॥২২
লঙ্কা পুৰি ধাবে আইলা ৰাঘৱ শ্ৰীহৰি ।
সুগ্ৰীৱ নৃপতি সমে মিত্ৰৱতি কৰি ॥২৩
ৰাৱণক মাৰিয়া সীতাক ভেট পাইব ।
অব্যাহতে সবে অযোধ্যাক চলি যাইব ॥২৪
হেনয় উদ্দেশ যেবে হৰে বুলিলেক ।
দুইহাকো প্ৰণামি বিভীষণ চলিলেক ॥২৫
সসৈন্যে ৰামক গৈয়া দেখিলন্ত থিত ।
আকাশে থাকিলা চাৰি পাত্ৰে সমন্বিত ॥২৬
ঊৰ্দ্ধে চাহি সুগ্ৰীৱে যে দেখিলে তাহাক ।
লঙ্কাৰ ৰাক্ষস আসে যুদ্ধক আমাক ॥২৭
সুগ্ৰীৱৰ ইঙ্গিত জানিলা কপিগণে ।
শিলা বৃক্ষ উপাৰি লৈলন্ত তেতিক্ষণে ॥২৮
হুঙ্কাৰিল প্ৰজাগণে বানৰ সকলে ।
কিল কিল ধ্বনি কৰে যত কপিগণে ॥২৯
ইদিশৰ সেনাগণ যাই সি যে দিশ ।
বানৰৰ ভালুকৰ ভৈলা উসমিস ॥৩০
ঊৰ্দ্ধক চাহিয়া সবে কৰে কতূহলি ।
লৱৰা লৱলি কৰে ঊৰ্দ্ধ লাঞ্জ তুলি ॥৩১
লৱণ সাগৰ যেন উথলিল বাৱে ।
টলবল বসুমতী চৰণৰ ঘাৱে ॥৩২
কেহোঁ কেহোঁ বোলে আজি তেজাই বোহোদান্ত ।
কেহোঁ কেহোঁ বোলে মাৰি দহিবোহো অন্ত ॥৩৩
আকাশত বিভীষণে বুলিলন্ত বাণী ।
বানৰ নৃপতি তুমি আমাক নজানি ॥৩৪
লঙ্কা হন্তে আসি ভৈলো ৰাৱণৰ ভাই ।
উচিতক বোলন্তে প্ৰহাৰ বৰ পাই ॥৩৫
লঙ্কাত এৰিলোঁ আপোনাৰ পৰিকৰ ।
আনগতি নাই দুই চৰণ ৰামৰ ॥৩৬
শুনিয়ো বানৰ ৰজা পুণ্য সঙ্কটিয়ো ।
ৰামৰ সমিপে নিয়া মোক সমৰ্পিয়ো ॥৩৭
সুগ্ৰীৱে বোলন্ত মিত্ৰ থাকা এহিভাৱে ।
ৰামত সকলে কথা পুচি আসোঁ যাৱে ॥৩৮
এহি বুলি সুগ্ৰীৱ গৈয়া ত্বৰিতে আটাইল ।
সকলে বাৰ্ত্তাক ৰাম চৰণে জনাইল ॥৩৯
হেন শুনি ৰামৰ বিস্ময় ভৈল মন ।
পাত্ৰ মেলেকক আনিলন্ত তেতিক্ষণ ॥৪০
ৰাৱণৰ ভাই মোত মাগয় শৰণ ।
দিবোঁ বা নিদিবোঁ বোলাঁ সবে পাত্ৰ গণ ॥৪১
নীলে বুলিলন্ত বাণী অগনিৰ সুত ।
বৈৰক শৰণ দিতে নুহিকে উচিত ॥৪২
মোক পঠাইয়োক মই যাওঁ একেশ্বৰে ।
মাৰিয়া পেলাওঁ গৈয়া পৰ্ব্বত শিখৰে ॥৪৩
অঙ্গদে বোলন্ত দেখি বৰ আটকট ।
যুজিবে নোৱাৰি আমি কৰোঁ অকপট ॥৪৪
আমাৰ বচনে প্ৰভু পঠায়োক চৰে ।
ভাল মন্দ জিজ্ঞাসিয়া আসোক তাহাৰে ॥৪৫
পাত্ৰ মেলেকে হেন বুলিলা বচন ।
দুৰ্জ্জন ৰাক্ষস প্ৰভু নুবুজিব মন ॥৪৬
আমাৰ বচনে ভাল দূত পঠায়োক ।
চৰিয়া তহিক গৈলে কিবা কৰিবেক ॥৪৭
হনুমন্তে সবাহাৰে শুনিয়া বচন ।
বোলন্ত প্ৰণমি পাছে ৰামৰ চৰণ ॥৪৮
শুনিয়োক প্ৰভু ৰামচন্দ্ৰ কৃপাময় ।
বিভীষণে তযু পাৱে শৰণ পশয় ॥৪৯
অনেক জিজ্ঞাসি আমি থিৰ কৰি পাইলোঁ ।
ৰাৱণৰ সহোদৰ বৰ কষ্টে আইলি ॥৫০
মই জানো ইটো প্ৰাণী পৰম ধাৰ্ম্মিক ।
শৰণ মাগয় তাক নিদিবাহা কিক ॥৫১
ইন্দ্ৰজিতে বন্দী কৰি মোক আনি দিল ।
কাট নিয়া বানৰক ৰাজা আদেশিল ॥৫২
ৰাৱণৰ তঙ্ক দেখি উঠি তাৱক্ষণে ।
শাস্ত্ৰনয় দেখায়া ৰাখিলা বিভীষণে ॥৫৩
শ্ৰীৰামে বোলন্ত ভাল হনুৰ উত্তৰ ।
যতেক বুলিলা মানে সবে ৰুচিকৰ ॥৫৪
সকলে কাৰ্য্যত তুমি মোৰ সাত আগ ।
দেখিলোঁ সবাত কৰি মোত অনুৰাগ ॥৫৫
যুদ্ধত ক্ৰোধত মন্ত্ৰলাতো সাতো আগে ।
মাৰুতিৰ বচন মোহোৰ মনে লাগে ॥৫৬
একান্ত ভকত তুমি আৰাধা আমাক ।
সাধু সাধু বায়ুপুত্ৰ প্ৰশংসো তোমাক ॥৫৭
আনত পুচিলোঁ মানে চাটুসে বুলিল ।
এহি বুলি শ্ৰীৰামে হনুক প্ৰশংসিল ॥৫৮
বাপক কাটিয়া যদি শৰণ মাগয় ।
সি সবো বৈৰকো ৰক্ষা কৰিবে লাগয় ॥৫৯
শৰণক পাই যিটো শৰণ মাগয় ।
পাতক বাঢ়য় পূণ্য মানে হয় ক্ষয় ॥৬০
আছো তান ভাই যদি ৰাৱণ আসয় ।
তাহাকো শৰণ দিবোঁ শাস্ত্ৰে হেন কয় ॥৬১
হেন শুনি সুগ্ৰীৱে যে হাত ঠাব দিলা ।
আকাশত থাকি বিভীষণেয়ো আসিলা ॥৬২
মনত হৰিষে বুলিলন্ত বিভীষণে ।
বিধি শুভক্ষণ মোৰ শুনা পাত্ৰগণে ॥৬৩
এহি বুলি ৰাঘৱৰ চৰণ স্মৰন্তে ।
ভূমিত নামিলা সবে আকাশৰ হন্তে ॥৬৪
অস্ত্ৰ শস্ত্ৰ মানে যত বৃক্ষত থৈলন্ত ।
নিয়া বিভীষণক সুগ্ৰীৱে ভেটাইলন্ত ॥৬৫
দেখি বিভীষণে কৰিলন্ত যোৰ হাত ।
প্ৰণামি বোলন্ত প্ৰভু শৰণ তোমাত ॥৬৬
লঙ্কাত এৰিয়া আন সবে পৰিবাৰ ।
আন গতি নাই বিনে চৰণ তোমাৰ ॥৬৭
হেন বাণী যেবে বিভীষণে বুলিলন্ত ।
গলে ধৰি কোলে কৰি সাবটি লৈলন্ত ॥৬৮
শ্ৰীৰাম বোলন্ত লখাই মোৰ বোল জান ।
আতি শীঘ্ৰ কৰি সাগৰৰ জল আন ॥৬৯
শুভ দিন শুভ তিথি যাবে আতিৰেক ।
কৰোঁ বিভীষণক লঙ্কাত অভিষেক ॥৭০
ৰাম বাক্য শুনিয়া লক্ষ্মণ লৰিলন্ত ।
চাৰি সাগৰৰ জল শীঘ্ৰে আনিলন্ত ॥৭১
সাগৰৰ জল আনি মাথাত ঢালিলা ।
ৰামে বিভীষণক লঙ্কাৰ ভাৰ দিলা ॥৭২
ৰাজা হৈয়া বিভীষণ থাকিল তহিতে ।
মহা বলৱন্ত চাৰিপাত্ৰ সমন্বিতে ॥৭৩
লঙ্কা ৰাজ্য খানক পাইলন্ত বিভীষণ ।
জয় জয় কৰয় সকলে সেনাগণ ॥৭৪
শুনা বিভীষণ তুমি বুদ্ধিৱন্ত সাৰ ।
কমন প্ৰকাৰে সাগৰৰ হৈবোঁ পাৰ ॥৭৫
তেবেসে হোৱয় সবাহাৰে প্ৰতিকাৰ ।
যেবে সেনাগণে সবে সুখে হোৱে পাৰ ॥৭৬
এহি বাণী শুনিয়া মাতিলা বিভীষণ ।
যেহেন মনৰ পৰে কহিবোঁ বচন ॥৭৭
সাগৰ তৰিতে এক কৰিয়োক ব্ৰত ।
লক্ষ্মণ সুগ্ৰীৱ ৰাম সবাৰ সন্মত ॥৭৮
কুশ পাৰি তিনি দিন নিদ্ৰায় আছিল ।
ৰামক সাগৰে তেহোঁ দেখায়ো নিদিল ॥৭৯
জাগিলন্ত ৰামে ক্ৰোধে ৰকত নয়ন ।
লক্ষ্মণক সম্বুধিয়া বুলিলা বচন ॥৮০
আকাশত দেখি মোক নকৰয় ভৰ ।
দেখা মোক বৰ হেলা কৰয় সাগৰ ॥৮১
মৃদু দেখি কটাক্ষ নকৰে আমাকসাক ।
উচিত ফলক দিওঁ নিদিবাহাঁ হাক ॥৮২
কদাচিতো কাৰ্য্য নিসিজিবে মৃদুভাৱে ।
শান্ত মূৰ্তি ভৈলে তাক কেহোঁ ন ডৰাৱে ॥৮৩
শনৈশ্চ ভয়ে সবে সৰ্ব্বস্ব তেজয় ।
সোমগ্ৰহ নামে কুল পাতকো নেদয় ॥৮৪
ধনুখান বাপু মোৰ হাতে গুণ মাজি ।
অগাধ সাগৰ নাম লুকাই থওঁ আজি ॥৮৫
অগ্নিশৰ মাৰি আজি শুষি এৰোঁ জল ।
ভৰি গৰি কৰি যাওক বানৰ সকল ॥৮৬
এহি বুলি ৰামে মাৰিলন্ত অগ্নিবাণ ।
শুষিল সকলে জল দেখি বিদ্যমান ॥৮৭
তৰত পৰিয়া সবে শিশু ঘৰিয়াল ।
অগনি দগধ দেহা দেখি লালকাল ॥৮৮
শুকাই সকলে জলজন্তু সবে মৰে ।
আসিলন্ত সাগৰ ৰামৰ পাশে ৰড়ে ॥৮৯
ৰকত পুষ্পৰ মালা ৰকত অম্বৰ ।
শুদ্ধ তাৰ হাৰ অলঙ্কাৰ মাণিকৰ ॥৯০
বৈদূৰ্য্য মনিৰ সম শৰীৰৰ বৰ্ণ ।
সুমৃদু কুণ্ডল সুশোভিত দুই কৰ্ণ ॥৯১
নানা অলঙ্কাৰে কৰি দেখিয় সুবেশ ।
কৃতাঞ্জলি কৰি আসি আগত প্ৰবেশ ॥৯২
অল্প অল্প কৰি পাছে বুলিলা উত্তৰ ।
আখৰেক বোলোহোঁ শুনিয়ো ৰঘুবৰ ॥৯৩
তোমাৰেসে বাপে মোক থাপিলে জলত ।
স্বপ্নত নিদিলোঁ দেখা শুনা যি কাৰ্য্যত ॥৯৪
আনো আসিবৰ ভৈলে খুজিবেক পথ ।
এহি বুলি স্বপ্নে প্ৰভু নভৈলোঁ বেকত ॥৯৫
তোমাৰ বংশৰ বাপু কৃত্য ৰাখিয়োক ।
অগাধ সাগৰ মোৰ নাম নুগুচোক ॥৯৬
জল জন্তু থাকোক জলত বান্ধা সেতু ।
যেন মতে বান্ধিবাহা কহোঁ তাৰ হেতু ॥৯৭
তোমাৰ সাৰথি নল আছন্ত বানৰ ।
বীৰ বিশ্বকৰ্ম্মে তাক দিয়া আছে বৰ ॥৯৮
শুনিয়োক পাত্ৰ মোৰ সুভাযয় নল ।
তুমি ছুইলে বৃক্ষ শিলা নযাইবেক তল ॥৯৯
পূৰ্ব্বত দেৱতা লোকে যুদ্ধক নপাৰি ।
তোমাৰ বাপক নিলে অসুৰত হাৰি ॥১০০
অসুৰক মাৰিয়া দেৱক কৰি থিত ।
তৈখান তাহান মোৰ পৰম সখীত ॥১০১
সেহিসে সম্বন্ধে তুমি তনয় আমাৰ ।
উপায় কহিলোঁ আৰ সেতু বান্ধিবাৰ ॥১০২
এহি কথা কহিয়া সাগৰ চলি গৈলা ।
সবে জল জন্তু ভৈল পূৰ্ণ জল ভৈলা ॥১০৩
এহি সে উপায় কথা কহিলা সাগৰ ।
তাক শুনি মহা ৰঙ্গ মনত ৰামৰ ॥১০৪
বুলিলন্ত ৰামে পাছে শুনিয়ো লক্ষ্মণ ।
ধনুশৰ নিয়া মোৰ থৈয়ো এতিক্ষণ ॥১০৫
ৰামে মাতি বোলন্ত সুগ্ৰীৱ নল নীল ।
হনুমন্ত জাম্বৱন্ত অঙ্গদ সুনীল ॥১০৬
শুনিলা কি সবে সাগৰৰ যেন বাণী ।
ঝাণ্ট কৰি সম্ভাৰক মিলায়োক আনি ॥১০৭
ৰাঘৱৰ বচনে সুগ্ৰীৱে আদেশিল ।
পৰ্ব্বত বনত সবে বানৰ পশিল ॥১০৮
আমৰা কণ্টকী জাম আম যে চম্পক ।
অশোক বকুল পিৰ্দ্দক কৰ্দ্দক ॥১০৯
পৰ্ব্বত ভিতৰত যত বস্তু পাইল ।
লতাৰে সহিতে আনি জলত পেলাইল ॥১১০
পৃথিবীত খুঁজিয়া আনন্ত নিৰন্তৰে ।
নল বীৰ সমে হেতু বান্ধন্ত সাগৰে ॥১১১
লৱৰা লৱৰি কৰি আনিবাৰ দেখি ।
ৰঙ্গ মনে দুই বীৰে তাকে আছে লখি ॥১১২
বাপু হনুমন্ত তুমি বাক্য আকলিয়ো ।
বৰ বৰ বীৰে পৰ্ব্বতক আনি দিয়ো ॥১১৩
ৰামৰ বচন মনে কৰি নমস্কাৰ ।
মৈন্দ্য দ্বিবিদ আৰু বালীৰ কুমাৰ ॥১১৪
পনস গবাক্ষ কপি দ্বিবিদ সুষেণ ।
নীল কুমুদ আদি বীৰ কপিগণ ॥১১৫
হৰিষে বানৰ বলে পৰ্ব্বত আনন্ত ।
সাগৰ জলত থৈলে নলে হাত দেন্ত ॥১১৬
সবাত অধিক হনুমন্ত কপি সিংহ ।
লৱৰা লৱৰি কৰি পৰ্ব্বতৰ শৃঙ্গ ॥১১৭
দুই হাতে দুই গোটা আপোনাৰ বলে ।
শীঘ্ৰে বেগে পেলাৱয় সাগৰৰ জলে ॥১১৮
মহা পৰাক্ৰমী বীৰ বায়ুৰ নন্দন ।
যাহাৰ প্ৰভাৱে কাম্পে তিনিয়ো ভুবন ॥১১৯
সন্নিত দূৰত মানে যত খুজি পাইল ।
বৃক্ষ শিলা পৰ্ব্বতক তীৰত জৰাইল ॥১২০
হনুমন্তে পৰ্ব্বত আনন্ত বৰ বেগে ।
জলত পেলাইলে ছোৱে নলে সেহি চেগে ॥১২১
নাহি এক বীৰ হনুমন্ত সৰি সৰি ।
পৰাক্ৰম দেখি দেৱগণ গৈলা ডৰি ॥১২২
ত্ৰিজগত পতি ৰাম ত্ৰিদশে সহায় ।
নলে পৰশিলে শিলা তলক নযায় ॥১২৩
হেন দেখি ৰামৰ হৰিষ আতিশয় ।
ৰাম বল জানি সেনা কৰে জয় জয় ॥১২৪
বৰ বৰ পৰ্ব্বত পাৱয় যত মানে ।
হৰিষে সবাক আনিলন্ত হনুমানে ॥১২৫
দীঘলে প্ৰমাণ সেতু পঞ্চিশ দিবস ।
পথালিয়ে ভৈল সেতু যোজন যে দশ ॥১২৬
হেন অদভূত সেতু বান্ধিলন্ত জলে ।
জয় ৰাম জয় লক্ষ্মণ বোলে সেনাগণে ॥১২৭
বিশ্বকৰ্ম্মা সুত মহা বীৰবৰ নল ।
সাগৰত সেতু বান্ধিলন্ত মহাবল ॥১২৮
অসুৰ দানৱ দৈত্য দেৱাসুৰগণ ।
সেতুক দেখিয়া যে সবাৰ ভয় মন ॥১২৯
সাধু নল সাধু নল কৰে কপিগণ ।
নল হাতে ভৈলেক উত্তম সেতু খান ॥১৩০
হনুমন্ত আদি কৰি শ্ৰীৰাম লক্ষ্মণ ।
পৰম হৰিষে পাৰ ভৈলা কপিগণ ॥১৩১
ৰাঘৱে বোলন্ত মই শিৰে জটা ধৰ ।
সুজিবে নোৱাৰো গুণ প্ৰশংসা মাতৰ ॥১৩২
জানিবি মোহোতে তোৰ ৰহিবেক ধাৰ ।
সাফল জীৱন শুভকীৰ্ত্তি ভৈলা যাৰ ॥১৩৩
ধন্য ধন্য নল তুমি বিশ্বকৰ্ম্মা সুত ।
তোমাৰ কীৰিতি যশ থাকিলা বহুত ॥১৩৪
সুগ্ৰীৱক আদি কৰি বানৰ ভালুকে ।
থাকিলন্ত প্ৰভু ৰাম সুবেল উছকে ॥১৩৫
নমোঁ নমোঁ নিত্য ৰাম অনন্ত অনাদি ।
শিৱ সনাতন শুদ্ধ বুদ্ধ বেদবাদী ॥১৩৬
মোৰ গতি নাই বিনা তোমাৰ চৰণে ।
বোলোঁ ৰাম ৰাম সভাসদ যত জনে ॥১৩৭
- ৪১ অধ্যায়
- ছবি ।
যেহি পথে পাৰ ভৈলা, শ্ৰীৰাম লক্ষ্মণ দুই,
- সমদলে চাপ ধৰি কৰে ।
ৰাম সেতু নাম লোকে, ইহাৰ কীৰিতি বৰ,
- থাকি গৈল চন্দ্ৰ দিবাকৰে ॥১
আকাশত দেৱগণে, পৰম হৰিষ মনে,
- মহা প্ৰভু শ্ৰীৰাম দেৱৰ ।
জয় জয় ৰাঘৱক, লক্ষ্মীদেবী নেৰন্তকো,
- ত্ৰিদশ দেৱতা দিলা বৰ ॥২
ৰাঘৱৰ মস্তকত, পৰম আনন্দ মনে,
- সিঞ্চিলন্ত পুষ্প শুদ্ধ জলে ।
নিজ নিজ ৰথে চড়ি, ত্ৰিদশ দেৱতা মানে,
- স্বৰ্গক গৈলন্ত কৌতূহলে ॥৩
শ্ৰীৰাম লক্ষ্মণ বীৰ, সুগ্ৰীৱ যে বিভীষণ,
- থাকিলন্ত বীৰ সব মানে ।
বানৰকটক সেনা, নাচে ৰাৱেগীত গাৱে,
- কিল কিল কৰি থানে থানে ॥৪
ভালুক বানৰ সেনা, গুহা গিৰি গহ্বৰত,
- থাকিলেক সেতুক বিয়াপি ।
সুবেল পৰ্ব্বত হন্তে, মহেন্দ্ৰগিৰিক লাগি,
- থাকিলেক সেনাগণে চাপি ॥৫
কেহোঁ শিলা বৃক্ষ, পৰ্ব্বত ধৰিয়া হাতে,
- লাঞ্জ তুলি কতো পাৰে ডেৱ ।
ৰাৱণক গালি পাৰি, ভালুক বানৰ বলে,
- লঙ্কাক চাহিয়া গৰ্জ্জে কেৱ ॥৬
হেন মনে থাকিলন্ত, ৰামদেৱ নাৰায়ণ,
- ৰঘুনাথ জগততে সাৰ ।
মাধৱ কন্দলী বোলে, শ্ৰীৰাম জয় জয়,
- ৰঘুনাথ কৰিয়ো উদ্ধাৰ ॥৭
বাল্মীকি যে মহাঋষি, ৰামায়ণ প্ৰকাশিল,
- সংসাৰত স্ৰজিল অমৃত ।
আক শুনি নৰলোক, কলিত সদ্গতি হোক,
- আক শুনি হোৱে কৃত্যকৃ্ত্য ॥৮
মাধৱ কন্দলী বিপ্ৰে, তাহান চৰণ স্মৰি,
- কৰিলন্ত শ্লোকক উদ্ধাৰ ।
ৰামৰ চৰণ বিনা, আনগতি নাহি হেৰা,
- জানিবাহা মনে দৃঢ় কৰি ॥৯
থাকিলন্ত ৰাম দেৱে, সুবেলত প্ৰবেশিয়া,
- সমদলে বিতোপন থানে ।
মাধৱ কন্দলী ভণে, কৌতুক সুন্দৰাকাণ্ড,
- সমাপতি ভৈলা এহি মানে ॥১০
শুনিয়োক সভাসদ, মধুৰ কোমল পদ,
- পুণ্য কথা ৰামৰ চৰিত্ৰ ।
যমপথ নিবাৰণ, কলিমল সংহৰণ,
- মহা ৰস শ্ৰবণে অমৃত ॥১১
ভৱ ভয় বিনাশন, মহা মোক্ষ প্ৰকৰণ,
- সমস্ত ধৰ্ম্মৰে ইসে সাৰ ।
জানি শুনা যত্ন কৰি, ডাকি বোলোঁ হৰিহৰি,
- তেৱে সুখে তৰিবা সংসাৰ ॥১২