অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৫ অধ্যায় ।
অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন ।
- পদ ।
প্ৰহস্তে ভঙ্গাইলা ৰণ কপিবল বধি ।
বেগে বহি যাই বৰ শোণিতৰ নদী ॥১
দেখিয়া আকুল বৰ সেনাপতি নীল ।
নাইস বুলি ভেণ্টিলন্ত হাতে ধৰি শিল ॥২
চাৰি ঘোড়া মাৰিল প্ৰহাৰ কৰি টানি ।
প্ৰহস্তৰ হৃদয়ে মাৰিলা বৃক্ষ হানি ॥৩
সেনাপতি দেখে ৰথ ভাঙ্গিলা সকল ।
ডেৱদি নামিলা হাতে ধৰিয়া মূষল ॥৪
দুই সেনাপতি লাগিলেক জৰাজৰি ।
কোলাহলে পৰিয়া ভূমিত গৰাগৰি ॥৫
আপনাৰ জয়ক দুইহান বৰ মন ।
লাঠি ভুকু চৱৰ মাৰয় ঘনে ঘন ॥৬
দান্তে দান্তে লাগি গৈলা কামোৰা কামুৰি ।
বৰ বেগে মাৰে নখে আঞ্চুৰি পিঞ্চুৰি ॥৭
হিয়ায়ে গৈ হিয়াত মাৰয় ঠাট ঠাট ।
সাগৰ মাজত যেন পৰয় নিৰ্ঘাত ॥৮
কোলাহল এৰি বীৰ প্ৰহস্ত কুশলে ।
নীলৰ কপালে কোব বৈসাইলা মূষলে ॥৯
বোম্বালে গাৱৰ সবে বহয় ৰুধিৰ ।
বৰ কোপে জ্বলিলা সংগ্ৰামে নীল বীৰ ॥১০
নীল বীৰে বৃক্ষ তুলি বৈসাইলা প্ৰহাৰ ।
মাথে পাৰ ভাঙ্গিলা কটাক্ষ নাহি তাৰ ॥১১
পৰ্ব্বতৰ সমান চৰাৱ তাৰ কায় ।
মূষলক উচ্চায়া নীলক গৈলা ধায় ॥১২
অগনিৰ পুত্ৰ নীল সমৰে প্ৰচণ্ড ।
শীঘ্ৰ কৰি তুলি লৈলা পৰ্ব্বতৰ খণ্ড ॥১৩
গাৱৰ সন্ধানে হানিলেক তাক লাগি ।
প্ৰহস্তৰ মুণ্ড খণ্ড খণ্ড ভৈলা ভাগি ॥১৪
প্ৰহস্ত ৰাক্ষস বীৰ ভূমিত পৰিল ।
টল বল কৰি আতি পৃথিবী লৰিল ॥১৫
পলাই ৰাক্ষস কতো ব্যুহ ভঙ্গে পাইল ।
বানৰে মাৰিল কতো লঙ্কাত লুকাইল ॥১৬
সেনাপতি প্ৰহস্ত পৰিলা যেবে ৰণে ।
প্ৰজঙ্ঘ ৰাক্ষস খেদি গৈলা কোপমনে ॥১৭
নীলক প্ৰবন্ধে ধাইয়া যাই হস্তী কন্ধে ।
শূল শকতিক হানে মাৰিতে প্ৰবন্ধে ॥১৮
দিগগজ সমান বীৰ সেনাপতি নীল ।
অশ্বকৰ্ণ বৃক্ষ গোট উপৰিয়া নিল ॥১৯
গজ কুম্ভস্থলে বৰটানে কোব দিল ।
আৰ্ত্তনাদ কৰি হস্তী ঢলিয়া পৰিল ॥২০
হস্তী পৰিবাৰ দেখি প্ৰজঙ্ঘ কুপিলা ।
মূষলক ধৰি পৃথিবীক জাম্প দিলা ॥২১
বল দিয়া হানিলেক নীল বীৰ লাগি ।
কপালত পৰিয়া ধূষল গৈলা ভাগি ॥২২
অসংখ্য শকতি কিবা কহিবো নীলৰে ।
প্ৰজঙ্ঘৰ মৰা হস্তী তুলি লৈলা কৰে ॥২৩
নীলৰ বীৰ্য্যৰ কথা কহিতে নজানি ।
মাৰিলেক প্ৰজঙ্ঘক মৰা হাতি হানি ॥২৪
সুপ্ৰতঘ্ন ৰাক্ষস নীলক যাই ধায়া ।
আতি ভয়ঙ্কৰ পৰিঘক তুলি লৈয়া ॥২৫
দ্বিবিদৰ হিয়াত মাৰিল এক বাৰি ।
মাৰিলেক তাহাকো পৰিঘ লৈয়া কাৰি ॥২৬
ঐৰাৱত সদৃশ হস্তীত গৈয়া চড়ি ।
কালমুখ নিশাচৰ আইল দৰদৰি ॥২৭
জাম্বৱন্ত বীৰক দিলেক অস্ত্ৰ জাক ।
বুদ্ধিসুকা বুঢ়া আজি মাৰোঁ থাক থাক ॥২৮
জাম্বৱন্ত বোলন্ত শুনৰে কালমুখ ।
আমাত বিৰোধ কৰ এতমান বুক ॥২৯
কোন বংশ হোৱস পতান যেন তুষ ।
এহি বুলি কাঢ়ি লৈলা গজৰ অঙ্কুশ ॥৩০
মাথাত অঙ্কুশ খুঞ্চি ভাঙ্গিলন্ত খুলি ।
কালমুখ গৈলা যম সদনক বুলি ॥৩১
লৈলা একে আজোৰ হস্তীৰ দান্ত কাঢ়ি ।
তাহাকো মাৰিলা সেই অঙ্কুশৰ বাৰি ॥৩২
ৰথত চড়িয়া বীৰ বৃকাসুৰ ধাইল ।
অস্ত্ৰৰ প্ৰহাৰে জাম্বৱন্তক ভঙ্গাইল ॥৩৩
ভালুক ৰাজাক যেবে বিহ্বল কৰাইল ।
আগবাঢ়ি ৰণ দিল সেনাপতি নীল ॥৩৪
বৃকক ৰথক দুইকো নীল বীৰে পাইলা ।
দুই হাতে আকাশক হাজিয়া পঠাইলা ॥৩৫
চাৰি ঘোড়া সাৰথি পৰিলা ৰথ ভাগি ।
বৃকাসুৰ মৰি আসে পৃথিবীক লাগি ॥৩৬
হেট মুণ্ড হুয়া মৰি আসে নিশাচৰে ।
লুম্ফিয়া ধৰিলা তাক শতেক বানৰে ॥৩৭
কতোহোঁ দূৰক লাগি হানিলন্ত বৰে ।
আৱৰ শতেকে তাক ধৰিলা লৱৰে ॥৩৮
বৃকাসুৰ দেহে ধোপ খেলাইবাৰ মনে ।
ইভিতিক সিভিতি হানয় দুয়ো হাতে ॥৩৯
কেহোঁ ৰথ ঘোড়াহানে কেহোঁ ৰাক্ষসক ।
কতোহোঁ চাপৰি লৰে আৱৰৰ পাশক ॥৪০
গাৱ গোট ধোপ খেলে বানৰে উমলি ।
কতোহোঁ চাপৰি লৰে আৱৰৰ পাশক ॥৪১
ৰাক্ষস বলক লাগি হানিলন্ত কুৰি ।
নিশাচৰ বল অসংখ্যাত গৈলা মৰি ॥৪২
নীলক অনেক সাদৰিলা ৰামদেৱে ।
আগে পাছে বানৰ নাচয় ছেৱে ছেৱে ॥৪৩
লক্ষ্মণ প্ৰমুখ্যে প্ৰশংসিলা বাৰে বাৰ ।
হৰিষে উজ্জ্বল মুখশ্ৰী জ্যোতিষ্কাৰ ॥৪৪
নমোঁ নমোঁ ৰাম ৰাক্ষসৰ অন্তকাৰী ।
দেৱৰ দেৱতা আদি পুৰুষ মুৰাৰি ॥৪৫
গতি মোৰ নাহি বিনে তোমাৰ চৰণে ।
বোলাঁ ৰাম ৰাম যত সভাসদগণে ॥৪৬