চিকাৰ কাহিনী (তৰুণৰাম ফুকন)
[ সূচীপত্ৰ ]
[ ২ ]
মোৰ চিকাৰ আৰম্ভ
মোৰ মাজিউজনা ককাইদেউ স্বৰ্গীয় নবীনৰাম ফুকন বিখ্যাত চিকাৰী আছিল।
তেতিয়াৰ দিনত পৰীক্ষা দি উপাধি লোৱাৰ ধাউতি নাছিল আৰু সেইবাবেই তেওঁ এণ্ট্ৰেন্স দিবলৈ নহল। কিন্তু আচল লিখা-পঢ়৷ হিচাপে, বিশেষতঃ ইংৰাজীত, তেওঁ বিশিষ্ট পণ্ডিত আছিল বুলিলে দঢ়াই কোৱা নহয়।
দেউতা ভাল চিকাৰী আছিল; কিন্তু কেৱল চিকাৰতেই মনোনিবেশ কৰা নাছিল। সাহিত্য আৰু সঙ্গীত-চৰ্চা, ধৰ্ম, শিক্ষা-বিস্তাৰ,সমাজ-সংস্কাৰ, হাতী-ম'হ ধৰা, শিল্প-বাণিজ্যৰ উন্নতি সাধন ইত্যাদি কাৰ্যত ব্যাপৃত আছিল, কিন্তু ৺নবীন দাদাই সৰুৰেপৰা চিকাৰতেই মন দিছিল, তেতিয়া টকাৰ অভাৱ নাই, আন কামো নথকাত সময়ৰ অভাৱো নাছিল, হাতী ২০।২৫ টা নিজৰেই আছিল, টকা থাকিলে নিবিচৰাকৈয়ে লগ পোৱা যায়। সৰ্বোপৰি কামৰূপৰ সমান চিকাৰৰ ঠাই ভাৰতত নাই বুলি দঢ়াই কব পাৰি। গতিকে অবাধ গতিৰ চিকাৰী হিচাপে নবীন দাদাৰ চিকাৰত খ্যাতি চন্দ্ৰকলাৰ পোহৰৰ দৰে দিনে দিনে বাঢ়ি যাবলৈ ধৰিলে। কোচবেহাৰৰ মহাৰাজাকে আদি কৰি খ্যাতনামা চিকাৰীয়েও দাদাৰ লগ লৈছিল।স্থানীয় ইংৰাজ কৰ্মচাৰীসকলৰো চিকাৰ শিক্ষাৰ ভাৰ দাদাৰ ওপৰতেই আছিল। নিজৰ চখ, আৰু সুবিধাৰ কাৰণে বহুতো কছাৰী, মিকিৰ আদি অনুন্নত সম্প্ৰদায়ৰ লোকক শিক্ষা দি ভাল চিকাৰী কৰি লৈছিল। তেতিয়াৰ দিনত সৰু-ডাঙৰ চিকাৰৰ অভাৱ নাছিল।চিকাৰলৈ যোৱাত শই শই হাঁহ মৰা, কুৰি-ডেৰকুৰি [ ৩ ] পহু মৰা দেখা লোক এতিয়াও বহুতো আছে, মই নিজেও দেখিছোঁ।
চিকাৰৰ ভিতৰতেই দলপুঙা (snipe) মৰা বৰ টান, বিশেষ ৰকমৰ শিক্ষা আৰু অভ্যাস নহলে হাতী-বাঘ মৰা চিকাৰীয়েও সেই চৰাই মাৰিব নোৱাৰে; সেই চৰাই দেখা নাযায়, দল আৰু পানী থকা ঠাইত লুকাই থাকে,—ওচৰ চাপিলে ঘপ কৰে উৰি যায়। আৰু উৰোতে অকাই-পকাই উৰে—বন্দুক টোঁৱাই মানে নেদেখা হয়। তাতো তেওঁৰ বিশেষ সুখ্যাতি আছিল। সাধাৰণ ভাল চিকাৰীয়ে শতকৰা ৩০ৰ পৰা ৫০ লৈকে মাৰে, কিন্তু দাদাই শতকৰা ৫০।৭০ লৈকে মাৰা দেখিছোঁ।
আমি স্কুলত পঢ়া দিনত চিকাৰলৈ মন মেলাৰ অলপো সুবিধা বা সুযোগ পোৱা নাছিলোঁ৷ স্বৰ্গীয় দেবেন্দ্ৰৰাম মোৰ ভতিজা,সমনীয়া সহপাঠী আৰু এখন্তেকো নেৰা লগ। এদিন বুদ্ধি আলচি আন এজন ল'ৰাৰ লগ লৈ দাদ৷ ঘৰত নথকাত মনে মনে কাৰোবাৰ এটা বন্দুক যোগাৰ কৰি চৰাই মাৰিবলৈ ওলালোঁ। মই এটা কোকলোঙ চৰাই মাৰিলোঁ। মোৰ আনন্দৰ সীমা নাই, চেষ্টা কৰিলে ময়ো দাদাৰ দৰে চিকাৰী হব পাৰিম—এই ভাব স্পষ্টকৈ অন্তৰত ফুটি ওলাল। আৰু এদিন যোৱাৰ সংকল্প কৰি ঘৰলৈ উভতিলোঁ। বাটতে মথুৰা নামেৰে লগুৱা এজনে পালে আৰু ধৰি নিবলৈ পঠিওৱা বুলি কলে। শংকিত চিত্তেৰে উপস্থিত হলোঁ;বিশেষ সোধ-পোছ নকৰি কাণ মলি দি আগলৈ তেনে কাম নকৰিবলৈ কলে। শাস্তি সামান্য হলেও অন্তৰত আঘাত লাগিছিল; তেতিয়াই প্ৰতিজ্ঞা কৰিলোঁ, আৰু বন্দুক নোচোওঁ।
সেই প্ৰতিজ্ঞা ৰক্ষা কৰিছিলোঁ অন্ততঃ ১৫ বছৰলৈ—দাদাই বিশেষ অনুৰোধ কৰি হাতত বন্দুক তুলি নিদিয়ালৈকে। সি অৱশ্যে বিলাতৰপৰা উভতি অহাৰ পিচত।
এইবিলাক নানা কাৰণে চিকাৰ কৰাৰ সুবিধা তেতিয়া নাপালোঁ৷ বিলাতৰপৰা ১৯০৫ চনত উলটি অহাৰপৰাহে কিছু [ ৪ ] অসুবিধা আঁতৰিল। কিন্তু তেতিয়াও দাদাই অকলে চিকাৰলৈ যাব নিদিছিল।
ভাল চিকাৰীৰ লগত থাকিলে চিকাৰৰ বিষয়ে বহুতো শিকিব পাৰি, কিন্তু নিজে চিকাৰ কৰাৰ সুযোগ নঘটে। মোৰো সেয়েই হ'ল। দাদাৰ লগত ফুৰি চিকাৰ সম্বন্ধে জানিলোঁ বহুতো; কিন্তু ভাল চিকাৰী হোৱাৰ সুযোগ তিমান নহল আৰু যি অলপ চিকাৰীৰ গৰ্ব সি জোঁৰৰ আগত বন্তিৰ পোহৰৰ দৰে নিষ্প্ৰভ হৈ ৰ'ল।
পহু মৰাত বিশেষ উৎসাহ দিলেও বাঘ মৰাত দাদাৰপৰা বিশেষ উৎসাহ পোৱা নাছিলোঁ। তেওঁ নিজেও সাৱধান চিকাৰী আছিল, আনকো আৰু বিশেষতঃ মোৰ প্ৰতি অত্যধিক স্নেহ থকাৰ কাৰণে মোকো অতি সাৱধানে চিকাৰ কৰাৰ ব্যৱস্থা দিছিল। মনত আছে, এদিনৰ কথা। নগাঁৱত বৰ বানপানী; দাদা তেতিয়া তাতেই, ময়ো গৈ লগতে কিছুদিন আছোঁ। পহু মৰাৰ অন্ত নাই।কোবায়েই মাৰে অলেখ। ইয়ে সিয়ে বাঘো দুটা-চাইটা মাৰিছে।বাঘ মৰাৰ ইচ্ছা মোৰ অতি প্ৰবল, কিন্তু তাতোকৈ প্ৰবল দাদাৰ অতি প্ৰিয় লগুৱা শ্ৰীমান দেউকী মাউতৰ। দিন নাই, ৰাতি নাই, কৈ থাকে,—“চাহাবে বাঘ মাৰিলে, আপুনি বাঘ নামাৰে। চাৰিওপিনে ইমান বাঘ, তেও নাযায়। এদিন ওলাওক।” ইত্যাদি ইত্যাদি।
দিনৰ পিচত দিন যায়, কিন্তু যোৱাৰ উপায় নোলায়,মোৰ ভাগ্যত বাঘ মৰা নঘটে। এনেতে এদিন শ্ৰীযুত নবীনচন্দ্ৰ হাজৰিকাই সন্ধ্যা সময়ত আমাৰ বাহালৈ আহি কথা-প্ৰসঙ্গত মোক কলে, “আজি পহু চিকাৰলৈ যাওঁতে এজনী ভয়ঙ্কৰ, বাঘিনী লগ পাইছিলোঁ৷” কিয় নামাৰিলে বুলি সোধাত কলে, “আও! মুৰ্তি দেখিয়েই চুলিৰ আগে জীৱ গ’ল, কি মাৰিবা! তাৰ উপৰি লগত পোৱালি আছে, কি সাধ্যে জোকাবা।” মই কলো, “আপোনাৰ হাতীটো দিয়ে যদি ময়েই গলোঁহেতেন।” লাগিলে তেওঁৰ হাতীটো দিয়াত সন্মত হ’ল; কিন্তু এটা হাতীৰে সেইজনী বাঘ মৰাৰ চেষ্টা [ ৫ ] কৰা কোনোমতেই উচিত নহব বুলি কলে। দাদাৰ আগত কোৱাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ। নিৰুৎসাহ নকৰি এটা হাতীৰে যোৱা অসঙ্গত হব—হাজৰিকাৰ এই মত সমৰ্থন কৰি আৰু হাতী বিচাৰি দিম বুলি আশ্বাস দি উদাসীনভাৱে কাছাৰীলৈ ওলাই গ'ল।মনটো বেয়া লাগিল; বাঘৰ কথা শুনিবৰেপৰা দেউকীৰ গাত তৎ নাই। “বৰদেউতাইতো যাবলৈ হাক দিয়া নাই, যোৱাই ভাল আৰু গলেই পাব। চাহাবে মাৰিব পাৰে আৰু আপুনি নোৱাৰিব, এই কথা মই কোনোমতেই বিশ্বাস কৰিব নোৱাৰোঁ।”
“বাৰু যাচোন, হাজৰিকাক হাতীৰ কথা কগৈ; দিয়ে যদি হাতী সোনকালে পঠিয়াই দিব কবি।” কোৱা মাত্ৰেই সি লৰ মাৰিলে আৰু লগতে হাতীটো লৈয়েই আহিল। সেইবেলি বানপানীৰ প্ৰবল প্ৰভাৱ। দুমাইলমান পানীয়ে পানীয়ে নগলে চিকাৰৰ ঠাই পোৱা টান; কেৱল হাতীৰে যোৱা টান—গাদী ভিজে।দেউকীয়ে নাও এখন আৰু বাইচা নিমিষতে ঠিক কৰিলে।
লৰালৰিকৈ ভাত খাই নাৱত গাদী দি ময়ো নাৱতেই উঠি যাত্ৰা কৰিলোঁ। হাতী দুমাইলমান পানীৰেই গ'ল। দাদাক কিন্তু এই বিষয়ে একো জনোৱা নহল। গৈ গৈ এডোখৰ ওখ ঠাই পালোঁ। তাত নাও লগাই দি, গাদী কচি হাতীত উঠি বাঘ বিচৰা আৰম্ভ কৰিলোঁ৷ মাউতে লগ পোৱা ঠাইমুখে লাহে লাহে গলোঁ।য'ত ম'হ মাৰিছিল আৰু য'ত হাজৰিকাই লগ পাইছিল, সেই ঠাইত গৈ দেখোঁ, ম’হ খোৱা চিন আছে, সৰহভাগ খাইছে; অলপ হাড়-ছালহে আছে, ঠাই মুকলি কৰিছে, কিন্তু বাঘ তাত নাই।
তাতেই পাম বুলি কৈছিল আৰু ময়ো ভাবিছিলোঁ; কিন্তু নেদেখি মন বেয়া লাগি গ'ল। তথাপি ক্ষীণ আশা বুকুত বান্ধি হাতী আগুৱাবলৈ কলোঁ। কিছুদূৰ গৈ হাবি লৰোৱা গম পালোঁ।অতি সাৱধানে গৈ লৰোৱা ঠাইৰ হাবিৰ ভিতৰেদি এটা জন্তুৰ ৰঙচুৱা এডোখৰ দেখিলোঁ। [ ৬ ]
বুকুৰ ধপ্ ধপনিত বাঘ পলোৱা যেন লাগিল। জুমি জুমি চাই একো ঠিক কৰিব নোৱাৰিও পলোৱাৰ আশংকাত মাৰিলোঁ গুলী।গুলী খায়েই সি ধেৰমেৰাই বাগৰি পৰিল। আধামৰা বাঘে ধৰিবহি, এই ভয়ত অতি সাৱধানে হাতী চলাই দেখোঁ যে এটা ডাঙৰ শিঙাল পহু—এটি গুলীতে প্ৰাণত্যাগ কৰি পৰি আছে।সাধাৰণতে তেনে এটা পহু পালে ভাল লাগিলহেঁতেন; কিন্তু সেই অৱস্থাত অৰ্থাৎ বাঘ বিচাৰি গৈ পহু মৰাত বেজাৰহে লাগিল।গুলীৰ শব্দত বাঘ নিশ্চয় পলাল, এই ভাবিয়েই বিশেষ বেয়া লাগিল। পহু বুলি জনা হলে কেতিয়াও নামাৰিলোঁহেতেন।মন্দভাগ্য বুলি ধৰি লৈ য'ৰে পহু ত’তেই এৰি পুনৰ নাৱত গাদী তুলি ময়ো নাৱতে উঠি হাতী লগে লগে নিবলৈ কৈ আকৌ আগবাঢ়িলোঁ। গৈ আছোঁ, গৈ আছোঁ। পোৱামাইলমান এইদৰে যোৱাৰ পিচত ওচৰৰ এডোখৰ ওখ হাবিত বাঘৰ গোজৰণি শুনিলোঁ। ততালিকে গাদী কচাই আকৌ হাতীত উঠিলো।ভালদৰে কাণ পাতিলে কিজানি ১।২ মাইলমান দূৰৈৰপৰাই বুকুৰ ধপ্ ধপনি শুনা গ'লহেঁতেন, যদিও সেইটো মোৰহে মনৰ ধাৰণা।আৰু কিছুদূৰ যোৱাত হাবি লৰোৱা দেখিলোঁ; লৰোৱালৈ চাই অনুমান কৰিলোঁ বাঘেই বুলি; কাৰণ বাঘ হাবিৰে গলে, হাবি অলপ দীঘলীয়াভাৱে লৰে। যি হক, অলপ আগবাঢ়োতেই দেখিলোঁ
এটা বাঘ লৰ মৰা; কিন্তু অনুমান হ'ল সেইটো পোৱালি, কাৰণ,আকাৰত সৰু। সেইটোৱে ম'হ মৰা অসম্ভৱ। মনে মনে থাকিলোঁ,গুলী নামাৰিলোঁ৷ চাওঁতে চাওঁতে আৰু এটা পোৱালি লৰ মাৰিলে; কিন্তু পোৱালিটো মাউতৰো চকুত পৰিল। তাক মই
দঢ়াই দঢ়াই কৈছিলোঁ, বাঘ দেখিলে মাত নিদিবলৈ আৰু কৈছিলোঁ—“যদি আগেয়ে তোৰ চকুত পৰে, গাত খুচি বাঘৰ পিনে আঙুলিয়াই দেখুৱাই দিবি, কিন্তু মুখেৰে একো নকবি।” সকলো পাহৰি চিঞৰ মাৰাৰ ফলত যি দেখিলোঁ তাৰ চিত্ৰ আজিও স্পষ্টকৈ [ ৭ ]
মনত আছে। ব্যাঘ্ৰমূৰ্তি কাক বোলে সেইদিনা সেই মুহূৰ্ততেই উপলব্ধি কৰিলোঁ। কাণ দুখন ডিঙিত লগাকৈ সোঁ সোঁৱাই দাঁত নিকটাই হাও হাও কৰি কাঁড়বেগে খেদি আহি হাতীৰ ওপৰলৈ জাপ মাৰিলে। বন্দুক টোঁৱাবৰ সময়ো নাই, সুবিধাও নাই,বাঘলৈ চাই মাৰিলোঁ গুলী। বাঘ আহি হাতী নাপালে, হাবি ভাঙি থকালৈ যোৱা দেখিলোঁ। বেগাই হাতী চলাবলৈ কলোঁ। অনুমান হ'ল গুলী লাগিল; কাৰণ, নলগা হলে সেই জাপতে
হাতীৰ মূৰ নিশ্চয় পালেহেঁতেন। “মাৰ মাৰ” বুলি মাউতক খুচি হাতী বেগাই চলোৱালোঁ।
হঠাৎ ওখৰপৰা হাতীটে৷ হুৰুম্ কৰে পানীত পৰিল। পানী গাদীৰ সমানলৈ আহিল। বাঘিনী উভতি আমাৰ পিনে আহিব ধৰিলে। গুলী খোৱা বাঘে পানীত ইমান বেগেৰে সাঁতুৰি আহিব পাৰে বুলি মোৰ অনুমানেই নাছিল। নেদেখা মানুহক বুজাই
কোৱা আজি সম্ভৱ নহয়। পানী আৰু অলপীয়া হাবি দুফাল কৰি মুখ মেলা, দাঁত ওলোৱা বাঘৰ প্ৰকাণ্ড মূৰ এটা কাঁড় অহাৰ দৰে অহা দেখিলোঁ। পানী তেজেৰে ৰাঙলী হৈছে; কিন্তু বেগ কমা নাই। এটা গুলী মাৰিছোঁ, আনটো গুলী সুমাবৰ সময় পোৱা
নাই। মনৰ ভাব, যদিহে সিওটো মাৰোঁ আৰু উখামুখিত কেনেবাকৈ যদি নালাগে, তেন্তে বাঘ আহি পাব আৰু হাতীত উঠি দুটাৰ এটাক নিশ্চয় বধিব আৰু সম্ভৱতঃ দুয়োৰো প্ৰাণ যাব। ইফালে মাউতৰ চিঞৰ-বাখৰ হাওৰণিতকৈও ছাৰ—“মাৰ মাৰ, খালে খালে।”
বিপদৰ উপৰি বিপদ—হাতী হ'ল “বাওঁহাতে, বাঘ ৰ’ল সোঁহাতে। মনত পৰিল গ্ৰাহগ্ৰস্ত গজেন্দ্ৰৰ উক্তি—“জানিলোঁহো বন্দী হৈলোঁ বিধিৰ পাশে।” মাউতৰ আকুল মিনতি উপেক্ষা কৰি,মৃত্যুক উপেক্ষা কৰি, বাওঁহাতে বন্দুক লৈ সোঁহাতে লিপলিপিত
আঙুলি দি যমোপমা বাঘিনীৰ আক্ৰমণ প্ৰতীক্ষা কৰি ৰলোঁ। অনুমান হয়, সন্তানৰ অনিষ্ট আশঙ্কাত ক্ৰোধান্বিতা ক্ষতোন্মত্তা ব্যাঘ্ৰ[ ৮ ]
জননীৰ আৰু আত্মাভিমানী শস্ত্ৰপাণি চিকাৰীৰ মৃত্যুবাহিনীৰ যুদ্ধৰ কলা চাবৰ কাৰণে গজৰাজ হস্তীয়ে নিশ্চল হৈ ৰৈ আছে। বন্দুকৰ নলত কামোৰ মাৰি ধৰিবৰ উপক্ৰম কৰোঁতেই আঙুলি টানিলোঁ,সশব্দে বন্দুক ছুটিল—মুখৰ ভিতৰেদি গুলী গ'ল। বাঘিনী নিমিষতে পানীত তল গ'ল।
বন্দুকত আকৌ গুলী ভৰাই বাঘ ডুব মৰা ঠাইলৈ লক্ষ্য কৰি চাই থাকিলোঁ—ওলোৱা মাত্ৰকে মাৰিম। কিন্তু ১০।১৫ মিনিট বাট চোৱাতো হঠিল যেতিয়া তেওঁৰ পিনে হৈছে বুলি ধৰি ললোঁ। নাৱৰ মানুহক পানীত নামি বাঘ উলিয়াবলৈ কোৱাত সিহঁত
অমান্তি হ’ল। “আমাক কাটিলেও নোৱাৰোঁ।” বুলি জবাব দিলে। নিৰুপায় হৈ নিজেই পানীত নামিলো। পানী ৬।৭ হাতমান দ’ হব। ডুব মাৰি হাতেৰে ইফালে-সিফালে চাওঁতে গাত হাত লাগিল,গা শিঞৰি উঠিল, “কি জানি কি কৰে” এই অজান ভয়ে উশাহ চুটি কৰিলে। এৰি থৈ ওপৰলৈ আহিলোঁ। মন ডাঠ কৰি আকৌ ডুব মাৰিলোঁ। নেগুৰডাল পাই খপ কৰে ধৰি ওপৰ ওলালোঁ। নাৱৰ মানুহক ধৰিবলৈ কলোঁ। সিহঁতে ধৰো নধৰোঁকৈ ধৰি থাকিল, ময়ো নাৱত উঠিলোঁ। একেলগে বল দি কোনোমতে
নাৱত তুলিলোঁ। হাবিত যিমান সৰু দেখিছিলো তাৰ দুগুণ হব। আনন্দত হিয়৷ নধৰা হ'ল। তেতিয়া আকৌ মাৰি যোৱা পহুৰ কথা মনত পৰিল। গাদী খহাই যোৱাৰ উপক্ৰম কৰোঁতেই লগত থকা পোৱালি দুটাই দেখা দিলে। নাৱৰীয়াকেইজনে উৎসাহতে পোৱালি দুটা ধৰাৰ প্ৰস্তাৱ কৰিলে। মই যদিও ধৰা টান হব বুলি কলোঁ, কাৰ্যত হকা-বধা নকৰিলোঁ। হাতীৰে খেদি নি একঁকালমান পানীলৈ আনিলোঁ। চাৰিজন নাৱৰীয়াই বেঢ়ি লৈ ধৰিবলৈ হাত মেলোতেই দাঁত নিকটাই সেহাই মানুহ কামুৰিবলৈ খেদি গ'ল।
বপুৰীহঁতে পোৱালি ইমান ডাঙৰ আৰু মানুহক খেদিব পৰা হৈছে বুলি ভবা নাছিল। ভয়ত চিঞৰিবলৈ ধৰিলে। গুলী [ ৯ ]
মাৰিবলৈকো মানুহৰ গাত লাগে বুলি আশঙ্কা হয়। হাতীৰ তলেৰে ইফালে সৰকি আহিবলৈ কলোঁ। পেটৰ তলেৰে সাউৎ কৰি পাৰ হওঁতেই এটাক আছুৰি এবখলা এৰুৱাই নিলে। বাকী তিনিটা কোনো প্ৰকাৰে সাৰিল। গুলীয়াই দুয়োটাকে সহজে মৰা হ'ল। তিনিটা বাঘ, এটা শিঙাল পহু লৈ জিলা পালোহি। নগাঁও চহৰ খলক লাগি গ'ল। তিনি ঘণ্টাৰ ভিতৰতেই শেষ কৰি উভতি আহিলোঁ। মই যে অলপ সময়তে ইমান ডাঙৰ কাম এটা কৰিলোঁ সেইবাবে বিশেষকৈ মোক উৎসাহিত নকৰি গুলী মাৰোঁতে মুখত মাৰি দাঁত এপাৰি কিয় নষ্ট কৰিলোঁ তাৰবাবেইহে দাদাই ধৰাত হাঁহি উঠিল। মনত পৰিল এফাঁকি ফকৰা—“কোনো মৰে হাড়ে হাড়ে কোনো মৰে মঙহৰ ভাৰে।” মই যে মৰণত শৰণ লৈ কিদৰে এই মহৎ কাৰ্য সাধিলোঁ তাৰ উল্লেখ নাই, কিদৰে মাৰা উচিত আছিল, তাৰেইহে সমালোচনা। ডাঙৰে সৰুৰ সুখৰ দুখৰ কথা নুবুজে—ইয়াকে সাব্যস্ত কৰি পহু-বাঘ কটা চিন্তাত মন দিলোঁ। এইদৰে লাহে লাহে আমিও দাদাৰ পদানুসৰণ কৰি চলিবৰ চেষ্টাত থাকিলোঁ।
চিকাৰ কৰোঁতে কৰোঁতে ৬০ পাৰ হয়; কিন্তু এতিয়াও কবি বাক্যৰ সাৰ্থকতা মানো—“মৃগয়ামিদৃকঃ বিনোদঃ কুতঃ।”
[ ১০ ]
খোজকাঢ়ি হাতী বিচাৰি
হঠাতে খবৰ পালোঁ, দীপৰত হাতী নামিছে। দীপৰ এখন ডাঙৰ বিল- গুৱাহাটীৰ পশ্চিমে ৯ মাইলমান দূৰত।
খবৰ পায়েই অলপ বয়-বস্তু লৈ মটৰেৰে যাত্ৰা কৰিলো—৪ মান বজাত।
সদৰ আলি এৰি গাঁৱলীয়া বাটেৰে কোনোমতে বিলৰ পাৰ পালোঁহি। নাৱেৰে বিল পাৰ হৈ ‘কেম্প' পাওঁতে সাঁজ লাগিল। জানিলোঁ, বিলত হাতী নমা হয়।
স্থানীয় চিকাৰী বলবাহাদুৰৰ লগত পৰামৰ্শ কৰি ৰাতি হাতী নোজোকাই পুৱাতে পৰ্বতলৈ বিচাৰি যোৱাকে ঠিক কৰিলোঁ আৰু সেইমতে কাউৰীয়ে কা নৌ কৰোঁতেই বলবাহাদুৰক পঠিয়ালোঁ খবৰ কৰিবলৈ।
এঘাৰমান বজাত উভতি আহি খবৰ দিলে হাতী লগ পোৱা বুলি, ৪ মাইলমান দূৰত পৰ্বতৰ ওপৰত।
কিন্তু খবৰ দিয়াৰ লগে লগে কলে যে বাট অতি দুৰ্গম—নাই বুলিলেই হয়। হাবি ভাঙি বাট উলিয়াই যাব লাগিব; হাতীয়ে খেদিলে পলোৱা টান ইত্যাদি ইত্যাদি কথা কৈ মই পৰ্বতলৈ হাতী বিচাৰি যোৱাত উৎসাহ দিয়া দেখা নগ'ল। এবেলি ভাবিলোঁ,পৰ্বতলৈ যোৱাৰ আশা এৰি দি ৰাতি বিলতে ‘টৰ্চ’ দি কিবা কৰিব পাৰিনে চাওঁ; আকৌ ভাবিলোঁ, বিলত হাতে হাতে লগ পোৱা টান। দূৰৈৰপৰা গুলীয়াই হাতী মৰা সম্ভৱ হব পাৰে কিন্তু ঠাইতে বগৰাব নোৱাৰিলে হাতী বিচাৰি পোৱা টান। হাতী মৰাৰ লোভ সামৰিব নোৱাৰি শেহত যোৱাকে ঠিক কৰিলোঁ। দুপৰীয়া ১২ মান বজাত [ ১১ ]
বলবাহাদুৰ, মাধৱ, এজন মিকিৰ আৰু মই দুৰ্গা শ্ৰীহৰি বুলি খোজ ললোঁ। দুপৰীয়া ৰ’দত চাৰিমাইল খোজকাঢ়ি গোৰোৱাইদি ঘাম বৈ গ'ল। তাৰ পিচত পৰ্বতৰ পিনে বাট দেখুৱালে, আমিও চিকাৰীৰ পাছ ললোঁ। থিয় পৰ্বত, বাট নাই; বাঁহ আৰু বেতৰ মাজেদি বাট উলিয়াই যাব লাগে। তদুপৰি বাঁহৰ শুকান পাত পৰি ঠাই অতি পিছল হৈ আছিল, এঠাইত খোজ দিলে ছিটিকি আন ঠাইত পৰেগৈ।
মৰণত শৰণ দি দণ্ডি ধৰি লাহে লাহে পৰ্বত বগাবলৈ ধৰিলোঁ। মাজে মাজে ৰৈ ৰৈ হাতীয়ে বাঁহ ভঙা শব্দলৈ কাণ কৰিবলগীয়া হৈছিল।
এইদৰে দুমাইলমান যোৱাৰ পিচত মটৰ কৰে বাঁহ ভঙাৰ শব্দ শুনিলোঁ। আমি যোৱ৷ বাটেই হাতী অহাৰ উমান পাই ঠাইতে গছৰ আঁৰ লৈ খাপ ললেঁ৷। দুই মিনিটমান যোৱাৰ পিচতে ৫ হাতমান দূৰত এটা হাতী দেখিলোঁ৷ আকাৰহে দেখিলোঁ, প্ৰকাৰ দেখা নাপালোঁ। মৰাৰ ঠিক কৰি কপাল, কুম আদি আচল মৰাৰ ঠাই বিচাৰোঁতেই দেখিলোঁ নিপোটল লোদোৰ পোদোৰ পোৱালি হাতী এটা; দেখি তাতেই তাপ মাৰি ৰলোঁ। কিন্তু পোৱালিৰ পাছতেই ডাঙৰ মাকজনীক দেখি বুকু চিৰিংকৈ গ'ল। অতি সাৱধানে চুচৰি আঁতৰ হৈ বাট এৰি দিলোঁ। মাকে-পোৱালিয়ে আমাক ওচৰতে দেখিও আমালৈ আওকাণ কৰি যাবলৈ ধৰিলে। এখন্তেক পিচতে দেখিলোঁ, আমি থকা ঠাইত চাৰিওপিনে সৰুৱে-ডাঙৰে, মাইকীয়ে-পোৱালিয়ে ১৫টামান হাতী—আমি মাজতে পৰিলোঁ। খেদি নামাৰিলেও গছকত প্ৰাণ যাব, এই আশঙ্কাতে গা কঁপিবলৈ ধৰিলে; ইষ্ট দেৱতাৰ নাম স্মৰণ কৰি বগুৱাবাই কোনোমতে এজোপা ডাঙৰ
কাকবাঁহৰ ভিতৰত সোমালোঁগৈ। সম্ভৱতঃ আমাক দেখা নাপালে আৰু দেখিছিল যদিও নিঃশঙ্কমনে আমাক আওকাণ কৰি ওপৰৰ সমান ঠাইলৈ গ'ল, আমাৰো কণ্ঠত ধাতু আহিল। লাহে লাহে [ ১২ ]
বাঁহৰ মাজৰপৰা ওলাই হাতী কেনি গ'ল চাবৰ মনেৰে আমিও ওপৰলৈ গ'লোঁ। দেখিলোঁ, হস্তী পৰিবাৰে সমান ঠাইত উঠি জিৰণি লৈছে। গণি চালোঁ—তিনিজনী মাক, বাকী চৈধ্যট৷ পোৱালি। আকৌ ফটো কেমেৰাৰ কথা মনত পৰিল। দন্তাল বা মখনা
লগত নাছিল।
চিকাৰীয়ে কলে, দন্তালটো লগত নাথাকে; এমাইলমান আঁতৰে আঁতৰে ফুৰে, কিন্তু পাছ নেৰে। দন্তাল অহাৰ আশাতে পুনৰ খাপ ললোঁ।
[ ১৩ ]
খোজকাঢ়ি পৰ্বতত হাতী বিচাৰি
শ্ৰীযুত বেজবৰুৱা ডাঙৰীয়াৰ টেলিগ্ৰাফ পাই হাতী মৰাৰ চিন্তা খন্তেকলৈ আঁতৰাই থৈ যোৰহাট পোৱাৰ কথা আগেয়ে লিখা হৈছিল।
মোকৰ্দমা আপোচ কৰি তিনদিনমানতে উভতি গুৱাহাটী পালোঁহি। পায়েই খবৰ পালোঁ, হাতী দীপৰত মাজে-সময়ে নামিয়েই আছে; কিন্তু মোৰ ছোৱালীৰ বিয়া, লোকেল বোৰ্ডৰ নিৰ্বাচন আৰু উপৰুৱা কামে হাতীৰ চিন্তা কিছু পৰিমাণে আঁতৰাই ৰাখিবলৈ বাধ্য কৰিছিল। ইপিনে সপোনে-সচিতে থাকি থাকি হাতীৰ কথা মনত পৰিয়েই আছিল।
২ জুন তাৰিখত চেয়াৰমেন নিৰ্বাচন শেষ হল। তাৰ পিচদিনাই আকৌ দীপৰৰ পাৰ পালোঁগৈ। যোৱাৰ আগদিনা আবেলি ৪ মান বজাতে বিলৰ পাৰত দঁতাল ককাই চৰি থকাৰ সম্বাদ পালোঁ। সেইকাৰণে উভতি নাহি তাতে খাপ লোৱাৰ স্থিৰ কৰিলোঁ। কেম্প অৰ্থাৎ থকা ঠাই শ্ৰীমান তাবাক মিকিৰৰ টোল। ঘাই ঘৰত ল'ৰা-তিৰোতা লৈ শ্ৰীমান তাবাক বাস কৰে— তদুপৰি তেওঁৰ আন ঘৰ চাইটা। এটা গোহালি ঘৰ, এটা ঢেঁকিশাল—তাকো বতাহে বগৰাই থৈছে, এটা ভঁৰাল আৰু এটা খালী ঘৰ। খালী ঘৰটো ভালদৰে বান্ধিবৰ মনেৰে চাল নিছাই কাঠৰ খুটা লগাইছে। দুপিনৰ বেৰ সমূলি নাই—দখিণৰ বেৰ আছে—কিন্তু সিও নামমাত্ৰ, ৰ’দ-বৰষুণ যিমানে পাৰে পৰে। উপায়ান্তৰ নেদেখি তাতেই ৰন্ধাৰ কাৰবাৰ কৰি চাকৰ, বামুণ থকাৰ ব্যৱস্থা কৰা হ'ল। মোৰ ভাগত পৰিল ভঁৰাল ঘৰ। ভঁৰাল বাদ দি কেম্পখাটখন কোনোমতে পাতিব [ ১৪ ]
পৰা অলপ মুকলি ঠাই আছিল। তিনিপিনে বেৰ নাই, পশ্চিমৰ ৰ'দ পৰে। বতাহ-বৰষুণ আহিলে বিচনা সামৰি বহি থাকিব লাগে। চিকাৰ কৰিবৰ হলে আদিতে কষ্ট স্বীকাৰ কৰিবই লাগিব, তাকে ভাবি তাতেই থকাৰ ঠিক কৰিলোঁ।
চিকাৰী পঠিয়াই খবৰ ললোঁ, বিলত সেইদিনা ৰাতি হাতী নমা নাই। বিলত নানামিলে পৰ্বতত বিচাৰি উলিওৱা টান। কাৰণ,গজৰাজৰ দৈনিক ভ্ৰমণৰ সীমা ১০।১৫ মাইলৰ ভিতৰত। তিনদিন খাপ লৈ একো সঠিক খবৰ নাপাই ঘৰলৈ উলটি আহিলোঁ।
ঘৰ পাই হাতীৰ কথাকে কৈ থাকোঁতেই শ্ৰীমান তাবাক আহি ওলালহি—“হাতী নামিছে, ঘৰৰ ওচৰতে আছে, এতিয়াই গলে নিশ্চয় পাব।”
আকৌ টালি-টোপোলা বান্ধি যাবলৈ ওলালোঁ। এনেতে মনত এটা কথা খেলালে, “ডিপুটী কমিশ্যনাৰক কৈ হাতী মৰাৰ অনুমতি নিব পাৰিলে দাঁতযোৰ ফৰেষ্টক জমা নিদিয়াকৈ নিব পাৰি, এবাৰ সুধি চালে বেয়া নহয়”—ইয়াকে ভাবি ৰাতি ৯ মান বজাত ডি-চিৰ বঙলা পালোঁগৈ। তেওঁ মোচাফিৰ মানুহ; খোৱাৰ পিচত অকলে
বহি ৰেডিঅ’ শুনি আছে। খবৰ দিলত ওলাই আহি ভিতৰলৈ মাতি নিলে আৰু ইমান ৰাতি হঠাতে অহাৰ কাৰণ সুধিলে। সকলো কথা কোৱাত হাতী মাৰিবলৈ অনুমতি লিখি দিলে। অনুমতি লৈ উভতি আহিয়েই আকৌ দুৰ্গা, দুৰ্গা বুলি ১০ মান বজাত যাত্ৰা
কৰিলোঁ। ১১ বজাত নাৱৰীয়াক কাবৌ-কাকূতি কৰি কোনোমতে পাৰ হলোঁ। কেম্প পাওঁতে একমান বাজিল। সেইদিনা ওৰে দিনটো বিচনাত বহি শুই গজৰাজৰ মূৰ্তি ধ্যান কৰি কটোৱা হ'ল—কাৰণ, বোকা-পানীৰ কাৰণে ফুৰা-চকাৰ ঠাই সমূলি নাই। তাৰ পিচদিনাও কৰ্মশূন্য হৈ কটাবলগীয়া হ'ল; কাৰণ, গজেন্দ্ৰৰ আগমন সেইদিনাও আমাৰ ফালে নহ'ল। তিনদিনৰ দিনা পুৱা চিকাৰীয়ে খবৰ আনিলে—“ওচৰতে হাতী লগ পালোঁ, কেম্পৰপৰা ছমাইলমান [ ১৫ ]
গলেই পাব।” শুনিয়েই সাজপাৰ পিন্ধি, গুলী বন্দুক লৈ ওলালোঁ। গৈ দেখোঁ, হাতী যি ঠাইত আছিল তাত নাই। খোজকাঢ়ি দুমাইল-মান গলোঁ; কিন্তু ঘাঁহ-পাত নাখাই যিদৰে পোন বাট ধৰি যোৱাৰ চিন পালোঁ, তাৰপৰা বুজিলোঁ, আজি গজেন্দ্ৰক লগ পোৱা টান হব। গতিকেই উভতি আহিলোঁ। তাত সেইদৰে বন্দী হৈ থকা অসম্ভৱ হল। তিনদিন ৰখিও নাপাই দুখে-ভাগৰে গধূলি ৬ মান বজাত আমাৰ কেম্প পালোঁহি। গৈ খবৰ পালোঁ, হাতী আহিছিল কিন্তু অলপতে পৰ্বতলৈ গ'ল। ৰাতি পৰ্বতত হাতী বিচৰা অসম্ভৱ,গতিকেই শোৱাকে স্থিৰ কৰি বিচনাত পৰিলোঁ; কিন্তু সেইদিনা নিদ্ৰাদেৱীক আৰাধনাতো তুষ্ট কৰিব নোৱাৰিলোঁ।
পুৱা ৪ বজাত উঠি চিকাৰী দুজনক জগাই তেওঁলোককো এটুপি চাহ খুৱাই যাত্ৰা কৰিলোঁ। খোজ লওঁতেই বৰষুণ কণিয়ালে, তালৈ আওকাণ কৰি বলবাহাদুৰ, তাবাক আৰু মই ৰাওণা হলোঁ। অলপ দূৰ যাওঁতেই বৰষুণ কলহৰ কাণে ঢালিবলৈ ধৰিলে। তাবাক চিকাৰীয়ে যাবলৈ নিষেধ কৰিলে আৰু কলে, “এই বৰষুণত পৰ্বত
বগোৱা অসম্ভৱ হব; হাতী লগ পালেও মৰা টান হব আৰু খেদিলে পলাবৰ উপায় নাথাকিব।” মোৰ হলে সংকল্প দৃঢ়। পাওঁ নাপাওঁ কিছুদূৰ যামেই। বলবাহাদুৰে মোৰ মুখলৈ চাই সেই ভাব অনুমান কৰি যোৱাত সন্মতি দিলে, মই আগবাঢ়িলোঁ। ছাতিকে লাখুটি কৰি লৈ পৰ্বত বগাবলৈ ধৰিলোঁ বাটত হাবি নাই, কিন্তু পৰ্বতীয়া মাটি অতি পিছল; এঠাইত ভৰি দিলে পিছলি আন ঠাইত পৰেগৈ। হাতীৰো অৱস্থা তদ্ৰূপ বুলি ভৰি পিছলাৰ চিন দেখি অনুমান হৈছিল। খোজ চাই দুমাইলমান যোৱাৰ পিচত এটি মাইকী ভালুকে দুটি শিশু সন্তান লৈ সৰি পৰা কঠাল খোৱাৰ অভিপ্ৰায়ে গছৰ তলত থকা লগ পোৱা গ'ল। বৰষুণত তিতি ঋক্ষ-পৰিবাৰৰ অৱস্থা আমাৰ দৰেই। আমাৰ আশা—হাতী পাম, তেওঁলোকৰ আশা, কঠাল সৰি পৰিব। ইমান ওচৰতে পালোঁ, মৰা হলে ঋক্ষ[ ১৬ ]
মাতৃক ঠাইতে ৰখোৱা টান নহলহেঁতেন; কিন্তু হাতী পোৱাৰ আশাই মৰাৰ ইচ্ছা ৰোধ কৰিলে। ঋক্ষ-পৰিবাৰে বাট এৰি দিলে। হাতীৰ খোজতে খোজ দি আমিও আকৌ যাবলৈ ধৰিলোঁ। ডেৰ-মাইলমান যোৱাৰ পিচত হাতীয়ে বাট এৰি অবাট ললে—আমিও মৰণত শৰণ লৈ পাছ ললোঁ।
ধাৰাসাৰ বৰষুণ, দীঘল আৰু ঘন তৰাণি, আঁঠুৱনি বোকা-পানী,বাট নাই। এনেয়ে যোৱা অসম্ভৱ; কিন্তু হাতীয়ে বাট কৰি দি গ’ল—সেই বাটেৰেই আমিও পাছে পাছে গলোঁ। পোৱামাইলমান যোৱাৰ পিচত বাঁহ ভঙাৰ শব্দ পালোঁ। বুকুৱে চিৰা খুন্দিবলৈ ধৰিলে। এখন্তেক কাণপাতি শুনিলোঁ। শব্দলৈ চাই কোন আছে অনুমান কৰিলোঁ। তেতিয়া পাছ এৰি হাতীৰ বাওঁফলীয়া হলোঁ। পৰি-হৰি কোনোমতে এডোখৰ ওখ ঠাইত উঠিলোঁ। এটা সৰু টিলা—তাতে উঠি আকৌ শব্দলৈ কাণ পাতিলোঁ। লাহে লাহে বাঁহ ভাঙি আমাৰ পিনে অহাৰ উমান পালোঁ। বাঁহগছৰ আঁৰ লৈ গজেন্দ্ৰৰ আগমন প্ৰতীক্ষা কৰিলোঁ। চাওঁতে চাওঁতেই ওলালহি— ২৫ হাতমান দূৰৈত, আমাতকৈ তলত। দেখিলোঁ, মাৰিবলৈ দিয়া দঁতালজনেই হয়। তাত আৰু দুটা দঁতাল আছে। দেখিলোঁ হয়,কিন্তু আপোনমনে তলমূৰকৈ অহাত মৰাৰ আচল ঠাই (অৰ্থাৎ কপাল,
কুম বা কাণৰ বিন্ধা) দেখা নাযায় অথচ তেতিয়াই নামাৰিলে আমাক এৰি যায়। লগৰ চিকাৰীক কলোঁ, “তুমি ভালদৰে এটা চাপৰি বজাই দিয়া, হঠাৎ শব্দ শুনিলে নিশ্চয় মূৰ দাঙি শব্দৰ পিনে চাব আৰু তেতিয়া হলে সুবিধা পাম।” যি কলোঁ সেয়েই হ'ল।
চাপৰিৰ শব্দ শুনি আমাৰ পিনে মূৰ দাঙি চাই খেদিবৰ মনেৰে খোজ লব ধৰোঁতেই এক গুলী মাৰিলোঁ। ঠিক ভুচুঙত মৰাৰ সুবিধা নাপালোঁ; কপালত পৰিল— ঠাইতে আঁঠু ললে। আৰু গুলী নমৰা হলেও চলিলহেঁতেন, কিন্তু ঠিক সঠিক কৰিবৰ মনেৰে আকৌ এক গুলী মাৰিলোঁ। বুজিলোঁ, আগৰ গুলীতেই গজেন্দ্ৰই মুক্তি [ ১৭ ]
লভিছিল। আমি আহি দেখোঁ, গজেন্দ্ৰৰ দেহ ক্ষত-বিক্ষত; তাৰমানে সমনীয়া দঁতালৰ লগত যুদ্ধ চলিছিল নিশ্চয়। আৰু দেখিলোঁ,হাতীটে৷ আচলতে দঁতাল নহয় — চখনাহে—দাঁত চুটি কিন্তু মোটা।
এইবেলি কিন্তু কেমেৰা এৰা নাই। থিয় পৰ্বতত নিজকে টানি নিয়৷ টান গতিকেই ডাঙৰ কেমেৰা নিয়া অসম্ভৱ। তথাপিও কেমেৰা নিবই লাগিব, সেই গতিকে সৰু কেমেৰা এটি পানী নপৰাকৈ টোপোলা বান্ধি নিছিলোঁ। হাতী ধৰাশায়ী হোৱা মাত্ৰকেই কেমেৰা উলিয়ালোঁ। ইকাতি-সিকাতি কৰি কত প্ৰকাৰে চালোঁ কিন্তু তাত কোনোমতেই হাতীৰ ছাঁ পেলাব নোৱাৰিলোঁ। দোপাল-পিটা বৰষুণ আৰু বাঁহতলৰ অন্ধকাৰ—কেমেৰা আনিও ননা যেন হ'ল—কপাল!
কাল বিলম্ব নকৰি ঘৰলৈ উভতিলোঁ। বাটত আহোঁতে পটলুঙৰ ভিতৰত কটং কৰে কিহবাই কামোৰা যেন পালোঁ। কাপোৰ গুচাই চাওঁ, ১০টামান জোক—কেনি সোমাল, কেতিয়া সোমাল, একো গমকে ধৰিব নোৱাৰিলোঁ। জোকলৈ মোৰ ভয় নাই—নহলে নিশ্চয় মূৰ্ছা গলোঁহেতেন। কাপোৰ গুচাই লৈ লগুৱাটোৰ সহায়ত জোক টানি এৰুৱা হ'ল। বৰষুণ কমিল, কিন্তু তেজৰ স্ৰোত ববলৈ ধৰিলে। ঘৰ পাই গা-পা ধুই ওলালোঁ। তথাপি তেজ আৰু কোনোমতেই বন্ধ নহয় — অন্ততঃ দুসেৰমান তেজ গ'ল। টিনচাৰ আয়োডিন, কেহেৰাজ, ই-সি কত কি দিলোঁ, তেজ কোনোমতেই নৰয়।শেষত তাৰে এজন মিকিৰে এটা দৰব দিলে; তাকে দিয়াত বহুত পৰৰ মূৰত তেজ ৰ'ল। দৰবটো হৈছে কাপোৰ পুৰি তাৰ ছাই তেজ ওলোৱা ঠাইত দিয়া। আৰু অলপপৰ হোৱা হলে ডাক্তৰ মাতিব লগীয়া হলহেঁতেন।
হাতী মৰা খবৰ ঘৰলৈ পঠিয়াই মোৰ লগুৱা শ্ৰীমান কুঁহিৰামক দাঁত কাটিবলৈ পঠিয়ালোঁ। দাঁত কাটি উলিওৱা হাতী মৰাৰ প্ৰায় সমানেই টান। কুঁহিৰামক নিজে আগত থাকি শিকাই [ ১৮ ] লৈছিলোঁ, নহলে দাঁত উলিয়াওঁতে বহুতো পলম হয় আৰু দাঁতো নষ্ট হয়।
দাঁত লৈ ঘৰ পালোঁহি। ঘৰ পাই শুনিলোঁ, লৰাহঁতে হাতী চাবলৈ গ'ল আৰু মৰা হাতী চালেও; কিন্তু এনে দুৰ্গম ঠাইলৈ দুনাই নাযাওঁ বুলি শপত খাই আহিল। মই হলে যাবলৈ ভৰি দাঙিয়েই আছোঁ, খবৰ আহিলেই হয়। [ ১৯ ]
গাৰো পৰ্বতত হাতী বিচাৰি আমি
প্ৰথম খণ্ড
আমি, মানে ডেকা চিকাৰী শ্ৰীমান জ্যোৎস্নানাথ চৌধুৰী মেছপাড়াৰ জমিদাৰ আৰু মই। তেওঁ আচলতে ভাল চিকাৰী;আগেয়ে দুটা মখনা হাতী মাৰিছে আৰু বাঘো মাৰিছে একুৰিমান। তেওঁৰ বয়স দুকুৰিতকৈ কম; মোৰ বয়স তিনিকুৰিৰ ওচৰ চাপিছে। ময়ো পৰ্বতত হাতী মাৰিবলৈ ওলোৱা শুনি কিছুমানে নিৰস্ত কৰিবলৈ চেষ্টা কৰিছিল আৰু কিছুমানে মিচিকিয়াই হাঁহিছিল; হাঁহিৰ অৰ্থ,“বুঢ়াই কিদৰে আওমৰণে মৰে চোৱাহঁক।” হাতী চিকাৰ মানে হাতী মৰা আৰু হাতী ধৰা; লগতে কষ্ট স্বীকাৰো যথেষ্ট পৰিমাণে আছে। আমি হাতী মাৰিবলৈ অনুমতি লৈছিলো—নহলে ধৰাত বা মৰাত, দুয়োটাতে জগৰ।
কষ্ট স্বীকাৰ কৰিব নোৱাৰিলে আৰু বুকু ডাঠ নহলে মনৰ বেগত হাতী মাৰিবলৈ কোনো নোলায় যেন–এয়েই মোৰ সৰল গোহাৰি। শ্ৰীযুত অনিলকুমাৰ অধিকাৰী গাৰো পৰ্বতৰ জংঘলী বিভাগৰ ডিপুটী কন্জাৰভেটৰ; তেখেতৰ নিমন্ত্ৰণতেই হাতী মাৰিবলৈ ওলাইছিলোঁ। আমি ৫টা হাতী লৈ লক্ষ্মীপুৰৰপৰা বৃহস্পতিবাৰে ১ মান বজাত যাত্ৰা কৰিলোঁ। হাতীয়েপতি তিনিজনকৈ মানুহ—এজন ফান্দী,এজন মাউত আৰু এজন ঘাঁহী। মোৰ লগত এজন লগুৱা,এজন ৰান্ধনি আৰু এজন আলধৰা; জ্যোৎস্নাৰ লগত এজন চাকৰ। দোভাষী নহলে গাৰো পৰ্বতত চলা টান, কাৰণ, পৰ্বতীয়া গাৰোৱে ভৈয়ামৰ কথা সমুলি নুবুজে। চাউল-দালি-লোণ-তেল আদি সাধাৰণ খোৱা-লোৱা বস্তু ১৫ দিনমানৰ সম্ভাৰ লগত লোৱা হ'ল আৰু ললোঁ [ ২০ ]
দুয়োৰো কাৰণে দুটা “চোল্দাৰী” বা সৰু টম্বু। বাকীবোৰ মানুহৰ কাৰণে ত্ৰিপাল লোৱা হল। আমি হাতীত উঠিলোঁ; সৰহভাগ মানুহ খোজকাঢ়ি গ'ল। প্ৰথমদিনা গধূলি ৫॥ মান বজাত ফোটা-মাটি নামে এখন ঠাইত ধুৰা পেলালোঁ অৰ্থাৎ কেম্প কৰিলোঁ। এজন ফান্দীয়ে নামিয়েই এঘটি পানী আনিলে আৰু পানী ছটিয়াই জুই ধৰিলে। তাৰ পিচতহে বস্তুবোৰ নমোৱা হল। ধুৰা পেলালেই এই নিয়ম ৰক্ষা কৰা দেখা যায়, স্থান-সংস্কাৰ আৰু অপদেৱতা দূৰ কৰাৰ কাৰণেই এই অনুষ্ঠান বুলি সোধাত কলে।বস্তুবোৰ নমাই দিয়েই শুকান খৰি গোটাবলৈ হাতী যায় আৰু খন্তেকতে পৰ্বত প্ৰমাণ শুকান কাঠ আনি দুট৷ ধুনি জ্বলোৱা হয়, এটা আমাৰ আৰু আনটো আনবিলাকৰ। সেই সময়ত জাৰো অতিপাত আৰু বনৰীয়া হাতীৰো ভয়; ওৰেও নিশা জুই ধৰি ৰখীয়া থাকিব লাগে। ‘ফোটা-মাটি'—ভৈয়ামত; তাতে সপ্তাহত এবাৰকৈ হাট বহে। গাৰো
হাটত আলু, কচু, শুকান মাছ, মণিয়াৰী আৰু কপাহ ওলায়।
আমি ঘূৰি-পকি যিমান দূৰ দেখিলোঁ তাত গাৰো পৰ্বত বুলিলে গাৰো আৰু হাতীত বাজে আন জীৱ-জন্তু থকাৰ একো চিন বা প্ৰমাণ নাপালোঁ। পৰ্বতত হৰিণাপহু নাপালেও শৰ আৰু সুগৰী ধুৰুপ পাম বুলি ধৰি লৈছিলো, কিয়নো, হাতী ধৰিবলৈ যোৱা ফান্দীৰপৰা তাত পালে পালে পহুৰ কথা সৰুৰেপৰা ইমান শুনিছিলোঁ যে কম
পক্ষেও দহ-বাৰ গণ্ডা মাৰিব পাৰিম তাত আমাৰ এখুদমানো সন্দেহ নাছিল। কিন্তু আচলতে কপৌ চৰাই এটিও বিচাৰি নাপাই কচু-কোমোৰাৰ বাবে গাৰোৰ অনুগ্ৰহপ্ৰাৰ্থী হবলগীয়া হ'ল। শুনা আৰু দেখাৰ ভিতৰত ইমান প্ৰভেদ।
পৰ্বতৰ টিঙত কাছকণী বিচৰা আৰু জীয়া মাছ বিচৰা একেই কথা। কিন্তু হঠাতে এদিন দেখিলোঁ, কেম্পৰ দাঁতিৰ নৈখনত মাছ মাৰিবলৈ সৰু সৰু টনি-জাল লৈ গাৰো উপস্থিত; তম্বুৰপৰা ওলাই অতি আগ্ৰহেৰে আমিও ওচৰ চাপিলোঁ। পানী আঠুৱনীয়া, ধাৰো [ ২১ ]
আছে, কিন্তু অতি নিৰ্মল, ফট্ফটীয়া। জাল পেলাই থলে মাছ জাল দেখি নাহে। সেই কাৰণে কেজনমানে জাল পাতে আৰু কিছুমানে অলপ দূৰৰপৰা মাছ খেদি আনে। জালৰ ওপৰেদি লৰ মাৰি যাব ধৰোঁতেই জাল তুলিলে কিছু মাছ ৰৈ যায়। পোৱা মাছৰ ভিতৰত চেনিপুঠি মাছকেই সৰহ দেখিলোঁ। আমাৰ মুখলৈ চাই মাছ খোজাৰ আগ্ৰহ স্পষ্ট বিদ্যমান দেখি ইচ্ছাই অনিচ্ছাই সিহঁতে আমাকো কিছুমান নিদি নোৱাৰিলে। ব্ৰহ্মপুত্ৰৰ পাৰতে মোৰ বসতি, জাতিত ব্ৰাহ্মণ হৈয়ো মাছমৰীয়া বুলি মোৰ অলপ কুখ্যাতিও আছে, কিন্তু সেইদিনা ওখ পৰ্বতৰ টিঙত মাছ ধৰা দেখি আৰু খাবলৈ পাই কিমান যে সন্তোষ পালোঁ তাক প্ৰকাশ কৰা টান।
গাৰোৰ প্ৰধান খাদ্য ভাত আৰু প্ৰধান আঞ্জা শুকান মাছ। শুকান মাছ হাটৰপৰা আনি সাঁচি থয় আৰু তাৰে কিছু মাছ গুৰি কৰি চুঙাত ভৰাই মাটিত পুতি থয়, তাকে “সিদল” বোলে আৰু সেয়েই গাৰোৰ সুৱদি আঞ্জা।
উত্তম কচু-কোমোৰা যথেষ্ট পৰিমাণে পায় আৰু সেইবিলাককে বেচি হাত খৰচ উলিয়ায়। কিন্তু কপাহেই গাৰোৰ প্ৰধান খেতি। খোৱাৰ বাবে সিহঁতে ধানৰ খেতিও কিছু পৰিমাণে কৰে। সেই ধানেৰে সিহঁতক নোজোৰে। ধানখেতিৰ বিশেষত্ব হৈছে ধান নাকাটি থোকবোৰ হাতেৰে চুচি গুটি ধান সংগ্ৰহ কৰা।
কপাহ নি হাটত বেচে আৰু সেই কপাহ হয় দালালে কিনে,নহয় বেইলি ব্ৰাদাৰ্ছৰ মানুহে লয়। কপাহ সৰু সৰু খাঙত তুলি আনি এখন চাঙত জমা কৰে; তাৰেপৰা এমোন ডেৰমোনকৈ ডাঙৰ খাঙত ভৰাই কঢ়িয়াই ওচৰ হলে হাটলৈ নিয়ে। হাট দুৰৈ হলে নৈৰ ওচৰলৈ নি বাঁহৰ ভুৰ সাজি তাৰেই হাটলৈ নিয়ে। দুই তিনি দিনৰ বাটলৈকে এইদৰে নিয়ে। ভুৰ উজাই নিবৰ হলে এজনে জৰী লগাই টানে। আৰু এজনে পাছৰপৰা এডাল চৰিবাৰিৰে ঠেলে।
এখন গাৱঁৰ মানুহ এটা ডাঙৰ ওখ টিলাত ঘৰ বান্ধি থাকে আৰু [ ২২ ]
৪।৫ মাইল জুৰি টিলাৰ ওপৰত খেতি কৰে। থকা টিলাত প্ৰায়ে খেতি নকৰে। গাৰো পৰ্বতত শিল নাই; ৰঙামটীয়া পৰ্বত তেহেলেই যিমানেই ওখ নহওক। খেতি কৰা ঠাইত এটা খেতিৰ বস্তু জমা কৰা ঘৰ আৰু এটা বা দুটা আকাশী ঘৰ থাকে। আকাশী ঘৰ মানে ওখ গছৰ ওপৰত বন্ধা ঘৰ। হাতী আহিলে আত্মৰক্ষা কৰিবৰ কাৰণে খেতিত আৰু থকা ঠাইত সেইদৰে ঘৰ সাজি লয়। সবাতোকৈ ওখ আৰু ডাঙৰ গছৰ পাত-ঠানি কাটি তাতেই টংঘৰ সাজি লয়। ঘৰ ডাঙৰ-দীঘল আৰু মজবুত কৰে। থকা ঘৰ দেখোঁতে অতি সুন্দৰ। ঘাই ঘৰ দীঘলে তিনিকুৰি হাতমান হব কিন্তু খিৰিকী নাই বুলিলেই হয়, মুধেৰে এখন দুৱাৰ আৰু জুমি চাব পৰাকৈ এটি দুটি সুৰুঙা। দেখিলোঁ, থকা পৰ্বতৰ চাৰিওপিনে বাঁহ বন্ধা; কাৰণ সুধিলত কলে হাতীৰ ভয়ত বন্ধা হৈছে। দুডাল বাঁহেৰে কেনেকৈ হাতী অহা বন্ধ কৰিব বুজি নাপাই আকৌ সোধাত কলে যে ৰাতি হাতী আহিলে বাঁহ ভাঙিবই লাগিব আৰু বাঁহ ভাঙিলে এজনে নহয় আন এজনে সহাৰি পাবই; তেতিয়াই সকলোকে জান দি ল'ৰা-ছোৱালী সমন্বিতে আকাশী ঘৰত উঠেগৈ। ঘৰ এনে ধুনীয়াকৈ সাজে যে বাঁহৰ অভাৱ নথকা হলে তেনে এটা ঘৰ গাৰোৰ হতুৱাই সজাই লবৰ চেষ্ট৷ কৰিলোঁহেতেন।
গাৰো একে ঠাইতে সৰহ দিন নাথাকে; উৰ্ধ সংখ্যায় তিনি বছৰ একে ঠাইতে থাকি খেতি কৰে; তাৰ কাৰণ একেৰাহে খেতি কৰিলে তিনি বছৰৰ অধিক মাটিৰ উৰ্বৰা শক্তি নাথাকে—গাৰোৰ এই বিশ্বাস।
তিনি বছৰৰ মূৰত ঘৰ-দুৱাৰ সকলো এৰি অটব্য অৰণ্য পৰিষ্কাৰ কৰি ন-কৈ ঘৰ-দুৱাৰ বান্ধি খেতি আৰম্ভ কৰে। গাৰোবিলাক দীঘল আৰু বলিষ্ঠ, যদিও সিহঁত শাকান্নভোজী। কপাহ যথেষ্ট পৰিমাণে কৰে কিন্তু নিজে কৌপিনধাৰী। তিৰোতা-মুনিহে প্ৰায় সমানে পৰিশ্ৰম কৰে। পথাৰলৈ যাওঁতে ল’ৰা-ছোৱালী আৰু [ ২৩ ]
সদ্যজাত শিশু হলেও লগতে নিয়ে। দুজনী এজনী অতি বৃদ্ধা পিতামহীক ঘৰতে কপাহ নেওঠি থকা দেখা গ'ল। কপাহ নেওঠে গুটি উলিয়াবৰ কাৰণে আৰু গুটি উলিয়ায় ৰুবৰ কাৰণে। মাংস সিহঁতে খাবলৈ নাপায় বুলিলেই হয়।
সিহঁতে তিথিয়ে-পৰ্বই গো-বধ কৰে। পুৰা সাতমান বজাত এবাৰ খায়; দুপৰীয়া খাবলৈ পাতত টোপোলা বান্ধি বান্ধি খেতি কৰা ঠাইলৈ যায়, আকৌ ৫মান বজাত শেষ ভোজন কৰে। কাজ কাম শেষ কৰি গধূলি ঘৰলৈ যাওঁতে নৈত গা-ধোৱা প্ৰায়ে দেখিলোঁ। কৌপিন পাৰত থৈ স্নান কৰে।
জাৰৰ কেমাহ চুলি নিতিয়ায়; কিন্তু জহত তিয়ায় বুলি শুনিছোঁ,গাৰো গো-খাদক কিন্তু পাবলৈ মৰগ বুলি সাধাৰণ গাৰোৱে গৰু কিনি খাব নোৱাৰে। অৱস্থাপন্ন গৃহস্থই এটা বা দুটা গৰু পোহে খেতিৰ কাৰণে বা গাখীৰৰ কাৰণে নহয়, ভোজৰ কাৰণে। সেই গৰুক চৰিবলৈ নিদিয়ে; মানুহে নেদেখাকৈ চাংঘৰত বন্ধ কৰি ঘাঁহ-পান
যোগায়। ঘৰৰ মুৰব্বীজনৰ অন্ত্যেষ্টিক্ৰিয়াত সেই গৰু বধ কৰি প্ৰীতিভোজ দিয়া হয়।
যদিও বৰ্তমান সভ্যতাৰ চিন গাৰো পৰ্বতত বিশেষ একো পোৱা নগল, পৰ্বতবাসীৰ মুখলৈ চাই সন্তোষৰ, পৰিমাণ শিক্ষিত জগততকৈ বহুতো সৰহ যেন লাগিল। সিহঁতৰ বাসস্থান পৰ্বতমালা পৰিবেষ্টিত;গগনস্পৰ্শী পৰ্বত শৃঙ্গত সিহঁতৰ বাসভৱন, কিন্তু আবাস ভূমিখণ্ডআৱৰ্জনা ৰহিত। দিগন্তব্যাপী অৰণ্যানী পৰিবেষ্টিত ক্ষেত্ৰভূমি শস্য-মণ্ডিত; কিন্তু অনাৱশ্যকীয় উদ্ভিদশূন্য। বাসস্থান বেগৱতী নিৰ্ঝৰিণী
পৰিবেষ্টিত অথচ পঙ্কবিহীন। প্ৰখৰ সূৰ্য কিৰণোদ্দীপ্ত পৰ্বত শ্ৰেণীক মলয়াৰ বা-ই সততে শীতল কৰি ৰাখে। দেহ বলিষ্ঠ, স্বাস্থ্যপূৰ্ণ,অসন্তোষ লেশশূন্য। প্ৰশান্ত আননত উদ্বেগৰ চিনমাত্ৰ নাই। মৃত্যুবিধিৰ বিধান বুলি ধৰিব পৰা হলেই যদি দাৰ্শনিক তত্ত্বজ্ঞ পণ্ডিত বুলিব পাৰি, তেন্তে শৈলশৃঙ্গবাসী জ্ঞান গৰ্ব ৰহিত গাৰো আচলতে তত্ত্ববিৎ [ ২৪ ]
দাৰ্শনিক পণ্ডিত। “বিনাজ্ঞানং বিৰাগতা” বাদ দি যদি “বৰাগ্যমেবাভয়ম’ ইয়াকে সনাতন সত্য বুলি ধৰা হয় তেন্তে গাৰো বিৰাগী ‘সনাতনিষ্ট’ বুলি কবই লাগিব, কাৰণ, পাৰ্থিব সম্পদত গাৰো সৰ্বতোভাৱে উদাসীন; জন্ম-মৃত্যুত আনন্দ-বিষাদৰহিত সিহঁত কাম-ক্ৰোধ লোভ-মোহ বৰ্জিত নহবও পাৰে কিন্তু সভ্যতাভিমানী নগৰবাসীৰ
তুলনাত সিহঁতৰ স্থান বহুতো ওপৰত।
দ্বিতীয় খণ্ড
গাৰো পৰ্বতৰ ডি-এফ-অ' শ্ৰীযুত অনিল অধিকাৰীৰ নিমন্ত্ৰণত হাতী মাৰিবলৈ ওলাইছিলোঁ; লগতে হাতী ধৰাৰ অনুমতিও পাইছিলোঁ। অনুমতি নহলে হাতী ধৰিব বা মাৰিব নোৱাৰি।
থজং লস্কৰৰ এলাকাধীন দেলবাংগিৰি গাঁৱত এজন নোক্মাক মৰাত সেই হাতী মাৰিবলৈ গেজেটত জাননী দিয়ে আৰু তাৰে নকল আমালৈ পঠাইছিল। সেই জাননীত হাতীৰ ভৰিৰ খোজৰ বেৰ,দাঁতৰ মাফ আৰু হাতী কিমান ওখ তাক দিছিল; অৱশ্যে এইবিলাক জোখ আনুমানিক। আমি লক্ষ্মীপুৰৰপৰা আবেলি যাত্ৰা কৰিলোঁ; সেইদিনা মেছপাৰাৰ অন্তৰ্ভুক্ত ফোটামাটি নামে ঠাইত ধুৰা পেলালোঁ। দোভাষী নহলে গাৰো পৰ্বতত চলা টান। গাৰোবিলাকে কথাও নুবুজে আৰু ওচৰো নাচাপে, সেইকাৰণেই পানীশালী নামে এখন গাঁৱৰপৰা ৰেং ফাং নামে এজন দোভাষী ললোঁ। গাৰো পৰ্বতৰ ঠাই আৰু মানুহৰ নামত অনুস্বৰৰ আধিক্য দেখা যায়।
আমি পুৱা ৫ বজাৰ আগতে উঠি অলপ চাহ-জলপান খাই বস্তু-বাহানি বান্ধি-ছাতি ওলাওঁতে ৮মান বাজে। মাউত ফান্দীকবোপাককা বুলি, কাবৌ-কোকালি কৰি আৰু শেহত তালব্য শত আকাৰ আৰু লত আকাৰ দি গালি-শপনি পাৰিও ৮টাৰ আগেয়ে সাজু কৰাব পৰা নগল। ৮টাৰপৰা আবেলি ৪ বজালৈকে অবিশ্ৰাম [ ২৫ ] গতি; অবিৰাম পৰ্বত উঠা আৰু নমা। গাৰো অহা-যোৱা সুৰসুৰীয়া বাটেৰে বাট দেখুৱাই যায়; গাৰোৱে আগে আগে লতা, বাঁহ কাটি কাটি বাট মোকোলাই যায়, আমি পিচত ধীৰে ধীৰে যাওঁ। থজং লস্কৰৰ নাম লৈ দেলবাংগিৰিৰ বাট সুধি সুধি চিমাগিৰি হৈ জাংৰা পাৰাত কেম্প কৰিলোঁ দ্বিতীয়দিনা। তাতে ভাগ্যক্ৰমে শ্ৰীমান মণিৰাম লস্কৰক হঠাতে লগ নোপোৱা হলে আৰু তেওঁ অনুগ্ৰহকৈ লগত মানুহদি বাট দেখুৱাই নিদিয়া হলে আমি দেল্ বাংগিৰি বিচাৰি পোৱা টান হলহেঁতেন। গোচাং ছৰ্দাৰে আৰু দুজন মানুহ লগত লৈ বাট দেখুৱাই গ'ল। জাংৰা পাৰাৰপৰা আকৌ ৮ বজাত যাত্ৰা কৰি তিনদিনৰ দিনা দেলবাংগিৰি পালোঁগৈ। তাতেই হাতীয়ে মানুহ মৰা বুলি আগেয়ে খবৰ পাইছিলোঁ। গাঁৱত অনুসন্ধান কৰি জানিলোঁ, তাৰেই নোক্মা আজাংগাক হাতীয়ে মৰা হয়। মৃত নোক্মাৰ বৃদ্ধ পুত্ৰ জাল্বাকক্ লগ পালত তেওঁৰ অতি বৃদ্ধ পিতৃদেৱৰ মৃত্যু-কাহিনী তেওঁৰ মুখৰপৰা শুনিলোঁ। ভঁৰাল ভাঙি ধান খাব ধৰোঁতে তেওঁৰ পিতাকে জুই লৈ হাতী খেদিবৰ চেষ্টা কৰোঁতেই দাঁতেৰে খুচি আৰু ভৰিৰে গচকি বৃদ্ধৰ মৃত্যু ঘটালে। তেওঁ গাঁৱৰ এজন মুখিয়াল আৰু সাহসী মানুহ আছিল, সেই কাৰণেই তেওঁৰ কাঠৰ এটি মূৰ্তি সজাই, কাপোৰ পিন্ধাই, মূৰত পাগ মৰাই,ডিঙিত কপাহৰ মালা দি দুৱাৰ মুখতে থিয় কৰি থোৱা আমাক দেখুৱালে।
দেল্ বাংগিৰিৰপৰাহে আচল হাতীৰ অনুসন্ধান আৰম্ভ হ'ল। তাৰ আগেয়ে দেল্ বাংগিৰিৰ বাট বিচৰাহে হৈছিল। তেতিয়াৰেপৰা হাতীৰ দণ্ডি ধৰি ধৰি যাবলৈ আৰম্ভ কৰিলেঁ৷। অ'ত গছ, ত’ত বিৰিখ; এঠাইত থকা ঘৰ, আন ঠাইত ভঁৰাল ভঙা ইত্যাদি ধ্বংসলীলাৰ চিন পাবলৈ ধৰিলোঁ। এহাতে “কৰ্ডাইট ৰাইফল” আনহাতে জৰীত ধৰি প্ৰাণ ৰক্ষাৰ চেষ্টা; সিপিনে আকৌ বুকুত ভয়—জানোচা আমি হাতী থকা গম নৌ-পাওঁতেই খাপ লৈ থকা হাতীয়ে হঠাতে আহি [ ২৬ ] হাতী বা মানুহ মাৰে। যাওঁতে যাওঁতে মানুহৰ উপৰিও দুটা কুন্কী হাতী মৰা সংবাদ পালোঁ। তথাপিও হাতী মৰাৰ আকাঙ্ক্ষা আৰু আগ্ৰহে সকলো আশঙ্কা দূৰ কৰিলে। চাৰিদিনৰ দিনা “দেবাৰা গিৰি” পাই অতি পৰিশ্ৰান্ত হৈ তাতেই কেম্প কৰিলোঁ। শ্ৰান্তিতকৈও নিৰাশাৰ অৱসাদে ক্ৰমে শৰীৰ আৰু মন অবসন্ন কৰি আনিছিল। “মোংমা দোংসা” অৰ্থাৎ “হাতী নাই” এই কথা শুনি শুনি মন তিতা হৈ গৈছিল। তথাপিও অভ্যাসমতে আৰু অন্তৰতে আশাৰ ক্ষীণ প্ৰদীপ লৈ চেমনীয়া ল'ৰা এটাক আগ্ৰহশূন্যচিত্তে পুনৰ প্ৰশ্ন কৰিলোঁ, “মোংমা দোঙা না দোংযা?” প্ৰশ্ন শুনিয়েই সি অতি আগ্ৰহেৰে উত্তৰ দিলে, “মোংমা দোঙা”। খবৰ সচাঁই হওক বা মিছাই হওক, শুনিয়েই ঘপৰাই হাতীৰপৰা নামিলোঁ আৰু নামিয়েই তাক সাবটি ধৰিবলৈ হাত মেলিলোঁ; সি কিন্তু ভয়তে লৰি গছত উঠিলগৈ। নিৰুপায় হৈ দোভাষীক মাতি তাৰ হতুৱাই পুনৰ প্ৰশ্ন কৰালোঁ। উত্তৰত দঢ়াই কলে, “দালাহা মোংমা দোঙা” অৰ্থাৎ ডাঙৰ হাতী আছে। বুজাই-বঢ়াই তাক গছৰপৰা নমাই, গাত হাত ফুৰাই সোধাত কলে বহুতো হাতী ওচৰতে আছে; ৰাতি ডেডনি শুনিছে আৰু পুৱা বাঁহ ভাঙি থকা শব্দও শুনিছে। তাৰ কথা শুনি থাকোঁতেই এটি দুটিকৈ গাৰো আহি ওচৰ চাপিল। “হাতী ওচৰতে আছে, গলেই পাব” ইত্যাদি প্ৰকাৰে আশ্বাস দি হাতী থক৷ ঠাই দুৰৈৰপৰা দেখুৱাবলৈ সন্মত হল, আমিও আশ্বস্ত হৈ মাল-পত্ৰ নমাই দুটা হাতীত ফান্দ দি দুটা হাতীত উঠি আমি দুয়ো দুৰ্গা দুৰ্গা বুলি যাত্ৰা কৰিলেঁ৷। লগতে এটা কুকুৰা চৰাই দিলে। দিয়াৰ কাৰণ সুধিলত কলে যে ন দণ্ডি পালে চৰাই এৰি দি দণ্ডি পূজা কৰিব লাগিব। কেম্পৰপৰা অলপমান গৈয়েই একুৰিমান হাতী থক৷ চিন পালোঁ। চিন পৰীক্ষা কৰি চাই প্ৰমাণ পালোঁ যে পুৱাতে তাতেই চাহান অৰ্থাৎ পাল হাতী আছিল। তাতেই চৰাই এৰি দি দণ্ডি পুজা কৰা হল আৰু সাৱধানে কিন্তু বেগেৰে হাতী চলাই যোৱা [ ২৭ ] হল। অলপ গৈয়েই বাঁহ ভঙাৰ শব্দ পালোঁ। শব্দ শুনি কি উদ্বেগ তাক বৰ্ণোৱা টান। তেতিয়া হাতীৰ পাছত থকা মাউতে অঙ্কুশেৰে হাতীৰ তপিনাত নিৰ্দয়ভাৱে খুচিবলৈ ধৰিলে; হাতীয়েও উদগনি পাই গজেন্দ্ৰগমন এৰি অশ্বৰ গতি ধৰিলে। লতাত লাগি ডিঙি ছিঙাৰ আশঙ্কাত হাতীৰ পিঠিত কাতি হৈ যাব লগীয়া প্ৰায়ে হৈছিল। হঠাতে এজনে সুহুৰি মৰা শুনিলোঁ আৰু সেইপিনে চাওঁতেই আঙুলিয়াই দেখুৱালে। সেইপিনে চায়েই ১০ হাতমান দূৰৈত এটা হাতী দেখিলোঁ। হাতী দেখিলোঁ হয় কিন্তু গছ এডালে আঁৰ কৰি ধৰাত হাতীটো মখনা নে মাখুন্দী গম ধৰিব নোৱাৰি ঘপ্ কৰে মাৰিব নোৱাৰিলোঁ। মাৰোঁ মাৰোঁ কৰোঁতেই হাতী পলাল। কিছু পৰিমাণে নিৰাশ হৈ পুনৰ দণ্ডি ধৰি বিদাৰিবলৈ আৰম্ভ কৰিলোঁ। যাওঁতে যাওঁতে চাহানে বাঁহ ভঙা শব্দ শুনিলোঁ। পৰ্বত দুফাল কৰি সশব্দে বন লৰাই যোৱা দেখিলোঁ। তেতিয়া হাতী মৰাতকৈ ধৰাৰ আশা আৰু আগ্ৰহে মন অস্থিৰ কৰিলে। হাতীয়েও অৱস্থা বুজি গজহস্তী গুচি অশ্বৰূপ ধৰি দৌৰিবলৈ আৰম্ভ কৰিলে। ফান্দ মৰাৰ চিন্তাতেই প্ৰাণৰ মায়া খন্তেকলৈ পাহৰিলোঁ। চাহান লয় পাওঁ পাওঁ, এনেতে টোৰা নামেৰে মাউত এজনে চিঞৰ মাৰি কলে, “বাপৰে, সৌটো ভয়ঙ্কৰ দন্তাল।” দেখুৱামতে চাই যি দৃশ্য দেখিলোঁ তাক আজিও পাহৰা নাই আৰু কিছুদিনলৈ পাহৰা টান হব। আজিও সেই দৃশ্য সপোনত দেখিয়েই আছোঁ। বনৰীয়া হাতী অলেখ দেখিছোঁ, কোচবিহাৰৰ মহাৰজাৰ লগত চিকাৰ কৰোঁতে শোভন,সুন্দৰ বহুতো হাতী দেখিছোঁ, তদুপৰি মানুহ মৰা বনৰীয়া হাতীও ৪টামান মাৰিছোঁ কিন্তু এনে সুন্দৰ, এনেকুৱা হৃষ্ট-পুষ্ট, নিপোটল,ইমান ওখ-ডাঙৰ হাতী এয়েই প্ৰথম দেখিলোঁ। মনত পৰিল ইন্দ্ৰৰ ঐৰাৱতৰ কথা। এটা টিলাৰ দাঁতিত মোৰ হাতী আৰু এটা টিলাৰ দাঁতিত পৰ্বত প্ৰমাণ গজৰাজ। অলপ হাবি আছে কিন্তু গোটেই [ ২৮ ] হাতীটোকে দেখা যায়। আমাৰ পিনে ৰ' লাগি চাই আছে-স্থিৰ, অচঞ্চল, নিৰ্ভয়, নিৰ্বিকাৰ।
তৃতীয় খণ্ড
তেতিয়া বেলা ১১ মান বাজিছে, টৌ টৌ কৰে ৰ’দ, শাৰী শাৰী পৰ্বত, চাৰিওপিনে' নিস্তব্ধ—নীৰৱ। মনত পৰিল মহাকবি কালিদাসৰ দুফাঁকি কবিতা—
“নিষ্কম্পবৃক্ষং নিভৃতদ্বিৰেকং
মুকাণ্ডজং শান্ত মৃগ প্ৰচাৰম্।
তচ্ছাসনাৎ কাননমেব সৰ্বং
চিত্ৰাৰ্পিতাৰম্ভ ইবাবতস্থে॥”
সেই সময়ত বন্দুক হাতত নাথাকি এটা ফটো কেমেৰা থকা হলেও আমাৰ চিকাৰ যাত্ৰ৷ সফল হলহেঁতেন। হাতী আৰু আমাৰ ভিতৰত ব্যৱধান সৰহ নহয়; এশ গজমান হব। সি যিদৰে স্থিৰহৈ আমাৰ পিনে চাই আছিল, মাৰিলে গুলী ভাল ঠাইতেই লাগিলহেঁতেন তাত সন্দেহ নাছিল। কিন্তু ইমান দূৰৈৰপৰা হাতী মৰা বিধি নহয়,কাৰণ, ঠাইতে বগৰাব নোৱাৰিলে হাতী বিচাৰি পোৱা টান। তাৰেপৰা নমৰাকে স্থিৰ কৰি হাতী আগবঢ়াবলৈ কলোঁ। হাতী আগ নবঢ়োৱা দেখি মাউতৰ পিনে চাই দেখিলোঁ সি তন্ময়। বাকশক্তি ৰহিত। মনৰ বেগত পুনৰ আগবঢ়াবলৈ কৈ পিঠিত বন্দুকৰ খুন্দাৰে ভালদৰে খুন্দা লগালো, তেতিয়াহে জানো, তাৰচৈতন্য ফিৰি আহিল। সি খং মনেৰে কলে, “দেখা নাইনে, সি খেদিবলৈ খাপ লৈছে; মাৰা যদি মাৰা, নহলে হাতী পলুৱাই দিম;আৰু খন্তেক থাকিলে হাতীকো মাৰিব, মানুহকো মাৰিব।” মই তাক বোপাই বুলি সানুনয়ে হাতীটো বহাই মোক নমাই দিবলৈ কলোঁ। ভাবিলোঁ, নমাই দিলে আৰু কিছু ওচৰলৈ গৈ মাৰিম। [ ২৯ ] খেদি আহে মানে অন্ততঃ দুই গুলী মাৰিব পাৰিম। কৰ্ডাইট ৰাইফলৰ দুটা গুলী ভালদৰে বহাব পাৰিলে পুনৰ গুলী ভৰোৱাৰ আগতে সি মোক খেদি ধৰিব নোৱাৰিব; এই বিশ্বাস মোৰ মনত অটুট আছিল। কিন্তু মোৰ অনুনয়-বিনয় এনেয়ে গ’ল। “হাতী বহালেই হেঁচ৷ মাৰি ধৰিবহি” ইয়াকে কৈ হাতী ঘূৰাবৰ উপক্ৰম কৰা দেখি কিংকৰ্তব্যবিমূঢ় হৈ আশা-নিৰাশাৰ সন্ধিস্থলত মুহূৰ্তকাল থাকি কুমলৈ চাই গুলী চলালোঁ। গুলী লাগিল নিশ্চয় জানিলোঁ,কাৰণ, টোল কৰিবৰ ইমান সময় আৰু সুযোগ পাইছিলো যে হাত নকপিলে গুলী নালাগি নোৱাৰে। তদুপৰি গুলী নলগাহেঁতেন ই আমাক নিশ্চয় খেদিলেহেঁতেন। গুলী খায়েই উফাল মাৰি বাওঁফালে ঘূৰিল, ঘূৰোতেই জ্যোৎস্নাই পিঠিত এক গুলী মাৰিলে,ময়ো আৰু এক গুলী মাৰিলো। নিমিষতে এই কাণ্ড ঘটি গ’ল। হাতী ঠাইতে নপৰা দেখি ক্ষোভে ধিক্কাৰে, খঙে-ৰাগে অস্থিৰ হলো; সেই অৱস্থাতে খন্তেক ৰৈ আকৌ দণ্ডি ধৰি বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। কিছুদূৰ বিচৰাৰ পিচত ওখ বনত তেজৰ চিন পালোঁ। আশাৰ ক্ষীণ প্ৰদীপ ধিমিক্কৈ আকৌ জ্বলি উঠিল। “চলা চলা”কৈ মাউতক খুচিবলৈ ধৰিলোঁ। ঘূৰি-পকি আমাৰ কেম্পৰ পিনে যোৱাৰ চিন পালোঁ। কেম্পৰপৰা দুমাইলমান দূৰৈত প্ৰথমে গজেন্দ্ৰৰ লগত সাক্ষাৎ হয়। কেম্পৰপৰ৷ আধামাইলমান দূৰৈত আকৌ দুট৷ গুলীৰ শব্দ শুনিলোঁ। তেতিয়া গাত তৎ নাই। “চলা চলা, সৌৱা গ'ল গ'ল” ইত্যাদি শব্দেৰে সুপ্ত বনস্থলীক সজাগকৈ তুলিলোঁ। ৫টা হাতীৰ বাঁহ ভঙা শব্দৰ ধ্বনি-প্ৰতিধ্বনিয়ে দশোদিশ মুখৰিত কৰি তুলিলে। হঠাতে আকৌ নিস্তব্ধ। মৃত্যুক উপেক্ষা কৰি সমুখ সমৰত প্ৰাণ দিবলৈ সাজু হৈ যু’জ দিবৰ মনেৰে গজেন্দ্ৰই ঘুৰি মোৰ পিনে আগবাঢ়িল। ১০ হাত অন্তৰতে পাই কপালত ৰক্ত-চন্দনৰ বজ্ৰললাটিকা পিন্ধাই দিয়া হ'ল; তেওঁ সগৌৰৱে আঠু ললে; ময়ে৷ সসম্ভ্ৰমে অগ্নিবাণ নিক্ষেপ কৰি মৃত্যুমঙ্গল আচৰণ কৰিলোঁ। [ ৩০ ] ওপৰৰপৰা হুহঁকি তলত ভালদৰে পৰ্বত ক্ৰোড়শায়ী হ'ল। আমি বিজয় ঘোষণা কৰি কেম্পলৈ উভতি আহিলোঁ। তেতিয়া ভৰ-দুপৰীয়া। মহাদৰ্পী একছত্ৰী গজৰাজ ৰাজ-চক্ৰৱৰ্তীক ধৰাশায়ী দেখি জীৱৰ পৰিণাম ভাবোতে বিষাদৰ এচমকা কলা ডাৱৰে সূৰ্যৰ গৌৰৱ প্ৰখৰ ৰশ্মি খন্তেককৈ মলিন কৰি দি গল। হাতী মৰাৰ পিচত দাঁত উলিওৱা পৰ্ব আৰম্ভ হল। পুনৰ পৰ্বতবাসী গাৰোৰ শৰণাগত হলোঁ। ৮খন কুঠাৰ লৈ ১০।১৫ জন মানুহ ওলাল। পোনতে কুঠাৰৰ নাল ভাগিবলৈ আৰম্ভ কৰিলে; এখন ভাগে, এখন শালে। এইদৰে ৮খন কুঠাৰ ভাঙি অতি কষ্টে দুদিনে দাঁত উলিওৱা হল। দাঁতৰ সমানে এভাগ মঙহৰ ভিতৰত থাকে; আৰু মঙহৰ তলত দাঁততকৈও টান হাড়ৰ ভিতৰত থাকে। দাঁত উলিয়াই কুঠাৰ ৮খন তাতে দলিয়াই পেলাই আহিল, কাৰণ সেইকেইখন আৰু কুঠাৰ হৈ থকা নাছিল। দাঁত তিনিহাত দীঘল, এমোন ওজনৰ। ঘূৰি-পকি হাতী মৰা কেম্প পাওঁতে ৬ দিন লাগিল; কিন্তু হাতী মৰা কেম্পৰপৰা এদিনতে লক্ষ্মীপুৰ পালোঁগৈ। আঠদিনৰ দিনা দাঁতলৈ ঘৰ পালোঁহি।
শ্ৰীমান জ্যোৎস্না ভায়াৰ সহায় নোপোৱ৷ হলে গাৰো পৰ্বতত হাতী মৰা অসম্ভৱ হলহেঁতেন। মানুহৰ ক্ষোভ সম্পূৰ্ণভাৱে দূৰ কৰা কঠোৰ সাধনাৰ কথা। হাতী মৰাৰ আনন্দ এতিয়া প্ৰায় লয় পোৱাৰ দৰে হৈছে। কিন্তু ফটো কেমেৰাটে৷ নিনিয়াৰ ক্ষোভ বহু দিনলৈকে স্পষ্টকৈ মনত থাকিব। [ ৩১ ]
মায়া-হস্তী
সেইদিনা গাটে৷ অলপ বেয়া আছিল।তিনিদিনমান নিষ্কৰ্মা হৈ বহি থাকি মনটো উচ্ পিচ্ কৰি আছিল। ক’লে যাওঁ, কি কৰোঁ,এইদৰে ভাবি-চিন্তি হাতীৰ কাৰণে গিৰিহঁতলৈ দুখনমান চিঠি লিখিলোঁ।
এজনে পত্ৰবাহকৰ হাততেই উত্তৰ দিলে—হাতী দিম বুলি। খবৰ পাই মনটে৷ ভাল লাগিল; লগে লগে গাটোও ভাল লগা যেন পালোঁ। স্থিৰ কৰিলোঁ—পাওঁ নাপাওঁ, হাতীকে এটা বিচাৰি আহোঁ। খোৱা-বোৱাৰ বস্তু, চিকাৰৰ আহিলা-পাতি, বন্দুক, গুলী আদি লৈ শ্ৰীমান কুঁহিৰাম আৰু ৰান্ধনি শ্ৰীমান মহেন্দ্ৰক লগত লৈ হাৱাগাড়ীৰে ( মটৰেৰে ) যাত্ৰা কৰিলোঁ।
ৰঙিয়া পায়েই শুনিলোঁ, দঁতাল এটাই মানুহ মাৰিছে, ঘৰ ভাঙিছে আৰু ভঁৰাল ভাঙি ধান খাইছে। কুন্কী হাতী তাতেই আছিল। হাতী ওলোৱা ঠাইলৈ হাতী পঠিয়াই দি হাৱাগাড়ীৰে কেম্পলৈ যোৱা স্থিৰ কৰিলোঁ। সেই ঠাই ৰঙিয়াৰপৰ৷ আঠমাইলমান হব। হাতী পঠিয়াই দি মাল-বস্তু লৈ আমি ৰঙিয়৷ এৰি ডেফেলী ( ডেকেলী ) লৈ যাত্ৰা কৰিলোঁ।
ভালেমান পৰৰ পিচত তাৰপৰা অলপদূৰ গৈয়েই হাতী গজেন্দ্ৰ গমনে গৈ থকা দেখিলোঁ। বেগাই যাবলৈ কৈ আমি গাড়ী চলালোঁ। তিনিমাইলমান গৈছোঁ, এনেতে তৰণী বুলি এডোখৰ ঠাইত এখন দোকানৰপৰা এজন বয়সস্থ মানুহে গাড়ীৰ পাছে পাছে দৌৰা গম পালোঁ, কাৰণ, ধূলিৰ কোবত মানুহজন প্ৰায় দেখা নোপোৱা হৈছিল। মানুহজনৰ আগ্ৰহ দেখি কিবা জৰুৰী কাম থক৷ ভাবি গাড়ী ৰখাবলৈ কলোঁ; গাড়ী ৰ'ল, ধুলিৰে সৰ্বশৰীৰ আবৃত হোৱ৷ দোকানৰ মালিকজন ওলাই মুৰ দোঁৱাই সেৱা জনাই প্ৰশ্ন কৰিলে, “দেউতা! ক’ক যাব?” ইয়াকে সুধিবলৈ গাড়ী ৰখোৱাত [ ৩২ ] খঙে চুলিৰ আগ পালেগৈ। হাতী বিচাৰি যাওঁ বুলি কৈ গাড়ী চলাবলৈ কলোঁ। মানুহজনে গাড়ীত ধৰি বিশেষ অনুৰোধ জনাই কলে, “হাতী বিচাৰি দুখ খাই দুঢ়ৈক লগি যাবা নাল্গেই দেউতা;ইয়াতে ৰাতি থাক্লি সাজবেলিয়াতেই হাতী আইহ্বুই আইহ্ববু;আপুনি চিন্তা নকৰবু।” ইত্যাদি ইত্যাদি। উপস্থিত থকা আন আন মানুহেও মহাজনক সমৰ্থন কৰি দঢ়াই দঢ়াই কলে, চকা ডুবিলেই হাতী আহিব বুলি।
সেই মহাজনৰ ঘৰতেই থকা স্থিৰ কৰি, বস্তু-বাহানি নমাবলৈ কলোঁ। দোকানৰ বস্তুৰ গোন্ধত ভিতৰত শোৱা অসম্ভৱ দেখিলোঁ। চোতালতেই শুবৰ মন কৰিছিলোঁ কিন্তু বৰষুণ দিয়াৰ আশঙ্কাত পিৰালিলৈ খাট নিলোঁ। তিমানতে হাতী আহি পালে।
আমাৰ ৰান্ধনি শ্ৰীমান মহেন্দ্ৰক যি হয় ৰান্ধিবলৈ কৈ, ক’ত ঘৰ ভাঙিছে, ক'ত ধান খাইছে, চাবলৈ ওলাই গলোঁ। দেখিলোঁ,সিহঁতে কোৱা কথা সঁচা। হাতী ওলালেই টং ৰখীয়াক খবৰ দিবলৈ বিশেষকৈ কৈ ঘৰলৈ উভতি আহিলোঁ আৰু হাতীক কলগছ দি আমিও খাই-বৈ ১০ মান বজাত শুলোঁ। এঘণ্টামান পিচতে মৈমন-চিঙীয়া মানুহ তিনিজনমান হাতত জোৰ লৈ দৌৰি আহি কলে,“হাতী ধান খাবাৰ ধৰ্ ছে; হাতী দুইটা, একটাৰ দাঁত নাই, একটা মাইকী।” হাতী উলিয়াই গাদী বন্ধাই লৰালৰিকৈ মই আৰু কুঁহিৰাম ওলালোঁ। গৈ গৈ প্ৰথমখন টং পালোঁ। টং-ৰখীয়াক সুধিলত কলে,“এইমাত্ৰ সৌৱা পুখুৰীলৈ (অৰ্থাৎ সৰু বিল এটালৈ ) গৈছে; তাতেই পাবগৈ।” ‘চুঙাচাকিৰে খোজ চাই বিলমুখে গলোঁ। দেখিলোঁ, বিলত থকা সঁচা; কিন্তু আমাৰ সঁহাৰি পাই আমাৰ আগে আগে যোৱা যেন পালো। খোজ চাই চাই অলপদূৰ গৈ দেখিলোঁ,আলিত ধুলি মাৰি আছে; কিন্তু গা-মুৰ ঠিকমতে ধৰিব নোৱাৰি। মাউতক ঠিকমতে চুঙা-চাকি ( টৰ্চ ) দিবলৈ কলোঁ, সি দিব নাজানিলে, পোহৰ পৰা মাত্ৰেই নেজ তুলি দৌৰ মাৰিলে; কিন্তু হাবিলৈ [ ৩৩ ] নগৈ ৰাজবাটেৰে যোৱা দেখিলোঁ আৰু খোজ পালোঁ। অতি বেগেৰে হাতী চলায়ো, লগ পাওঁ পাওঁ হৈয়ো লগ ধৰিব নোৱাৰিলোঁ। চাতামাতাকৈ দেখোঁ, চুঙাচাকি মাৰিলে নাইকিয়া হয়। ইখন পথাৰ, সিখন পথাৰ, এইদৰে বিচাৰোঁতে বিচাৰোঁতে ৰাতি ২ মান বাজি গল; তথাপিও আশাৰ ছেদ নাই। “এইবাৰ নিশ্চয় পাম, সৌৱা পালোৱেই; এইবেলি চুঙাচাকি দিলেই মাৰিম।” দিলে টৰ্চ--কিন্তু দেখা নেদেখাতেই নাইকিয়া হ'ল। আশাত বন্দী হৈ তিনিমান বজালৈকে বিচাৰি নাপাই দুখে-ভাগৰে-অসন্তোষে বহালৈ উভতি আহিলোঁ। চাহ-মাহ খাওঁ মানে পুবে পোহৰ দিলে। মাল-বস্তু লৈ গাড়ী যাবলৈ কলোঁ। আমি আকৌ খোজ চাই বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। ধান খাই পথাৰ উদি কৰি দিছে, ঘৰ ভাঙি বগৰাই দিছে। পুৱা যোৱাৰ খোজ পাইছোঁ, কিন্তু অকাই-পকাই গৈয়ে আছে। অটব্য অৰণ্যৰ মাজেৰে গৈছে, গছনিৰ ভিতৰেৰে সৰু-সুৰা গছ ভাঙি গৈছে; পথাৰ ওলাই ধান খাইছে—এই পাওঁ, এই পাওঁ, কিন্তু ১০ বাজি গ'ল হাতী নাই। শেহত গৈ ভাবিলোঁ—ই মায়া-হস্তী, ইয়াৰ আশা পৰিত্যাগ কৰাই ভাল। ইয়াকে সাব্যস্ত কৰি ঘৰলৈ উভতিলোঁ। ঘৰ পাওঁতে ১২ উকলি গ'ল।
হাতীত বহি বহি কঁকাল থৰ মাৰিছে, দেহ অৱশ হৈছে, পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে। হাতীৰপৰা নামি ভৰি পোনাবলৈ নৌপাওঁতেই এজনে আহি কলে, “হাতী ওচৰতে আছে।” খঙত গা জ্বলি গ'ল। ওৰেও ৰাতি খপি ৫ বজাৰপৰা ১২ বজালৈকে বিচাৰিও হাতীৰ নেগুৰ দেখা নাপালোঁ, সি ঘপৰাই ওচৰতে হাতী দেখিলে। খঙেৰে সুধিলোঁ, “তই কেনেকৈ জানিলি, ওচৰতে আছে বুলি।” ডাবি খাই কলে, “ওচৰতে শুই আছে, গেলি দেখেই দিবা পাৰিম।” “হেৰ, ঔ, কটাৰ পো বন্দী, তই হাতী শুই থকা কণ৷ চকুৰে দেখিছিলি নেকি?” “দেউতা, মই নিজ চকুই দেখা হলি নাই দে, শুই থাকা শব্দ হলি নিজ কাণে শুনচুং, গেলে [ ৩৪ ] শুই থাকোতে লগ পাব।” খঙৰ উপৰি খং উঠিল, কলোঁ,“দেখুৱাই দিব নোৱাৰ যদি কিলাই হাড় ভাঙিম।” “পাৰিম দে,কিয় নৰিম? শুই থাকোতে লগ পাম।”
তাৰ কথাত পূৰ্ণমাত্ৰাই অবিশ্বাস কৰিও মই হাতীত উঠিলোঁ। চাহ তৈয়াৰী আছে বুলি কলে, ডাব কাটি দিব খুজিলে, কিন্তু সকলোকে এৰি খবৰ দিয়া মানুহজনক হাতীত উঠিবলৈ কলোঁ,“মই হাতীত উঠিবা নৰং, ভয় লাগে!” তেন্তে হাতী কেনেকৈ দেখুৱাবি? “মই আগে আগে বুলি যাম দে।” হাতীয়ে যদি তোক খেদে আৰু মাৰে, তেন্তে কি হব? “দেখ্ লি দাউৰিম,তই পাৰাহ যদি মাৰ্বি।” মনত অবিশ্বাস লৈ, তাক আগত লৈ,আকৌ গলোঁ। বৰলীয়া নৈৰ কাণে কাণে গৈ থাকোঁতেই হাতী থকাৰ উমান পাই কুঁহিৰামে সেইফালে দেখুৱালে। আঙুলি পোনোৱাৰ ফালে চাই নৈৰ কাণতে দুট৷ হাতী থিয় দি থকা দেখিলোঁ। এটাৰ দেখিলোঁ দাঁত নাই, মাখুন্দী নে মখনা সঠিককৈ কব নোৱাৰাত গুলী মাৰিবলৈ নহল যদিও গুলী মাৰিলে মৰাৰ সম্ভাৱনা যথেষ্ট আছিল। আনটো পাছ দি আছিল; ৫।৬ মিনিট ভালদৰে চায়ো মখনা নে দঁতাল একো নিৰ্ণয় কৰিব নোৱাৰিলোঁ। ইপিনে দুপৰীয়াৰ ৰ’দত মুৰ ফাটি যোৱা যেন লাগিছিল, কুঁহিৰামক ছাতিটো মেলিবলৈ কলোঁ। সি ছাতিটো মেলা মাত্ৰেই হাতী লৰ মাৰিলে—চকুৰ পচাৰতে অন্তৰ্ধান হ'ল। বিচাৰি যাবৰ মনেৰে গৈ নৈ পাৰ হবৰ চেষ্টা কৰিলোঁ, বৰ গৰা, হাতী পাৰ কৰা অসম্ভৱ। পুনৰ কেম্পৰ ঘাটলৈ আহি সেইপিনেৰে পাৰ হৈ হাতী যোৱাৰ দিক্ অনুমান কৰি কৰি হাতী চলাবলৈ দিলোঁ। গৈ গৈ হাতী থকাৰ উমান পালোঁ। কিন্তু হাবি ওখ আৰু ঘন, গছ-গছনিৰে ভৰা, এহাত মানলৈও দেখা নাযাব। লাহে লাহে আগবাঢ়ি ওচৰ চাপিলোঁ। গছ লৰোৱা, কাণ মৰা, ধূলি লোৱাৰ শব্দ নিচেই ওচৰতে শুনো কিন্তু দেখা হলে নাপাওঁ। সেইদৰে আধাঘণ্টামান ৰ'লো; আগ[ ৩৫ ] বাঢ়িও নাহে, নাযায়ো। য’ৰে হাতী ত’তেই থাকিল, ময়ো ঠাইতে ৰৈ থাকিলোঁ। কিছুবেলি যোৱাৰ পিচত মাউতক হাতী আগবঢ়াবলৈ কলোঁ। সি ভয়ত কঁপিবলৈ ধৰিলে। হাতী আগবঢ়াবলৈ অমান্তি হল আৰু কলে, “আৰু আগবঢ়ালেই হেঁচা মাৰি ধৰিবহি,মই আগবঢ়াবলৈ নোৱাৰোঁ।” ভালদৰে ডাবি সোধোৱাত দুখোজমান আমাৰ হাতী আগলৈ দিয়া মাত্ৰকে হাবি দুফাল কৰি সৰু-সুৰা গছ ভাঙি-মুছৰি আমাৰ পিনে আহিল। প্ৰমাদ গণি অলপ ফালৰি কাটি ৰলোঁ, চকুৰ পচাৰতে আমি থকা ঠাইৰ পিনে লক্ষ্য কৰি অহা দেখিলোঁ—এটাৰ দাঁত নাই, দ্বিতীয়টোৰ দাঁত আছে বুলি কুঁহিৰামে কলে, সেই মুহূৰ্ততেই মাৰিলোঁ গুলী—মূৰত মাৰিব নোৱাৰিলো; কাৰণ, হাতী আগবাঢ়ি গ'ল আৰু লৰি যাওঁতে মূৰ যিদৰে লৰাই গৈছিল, তাতে লক্ষ্য স্থিৰ কৰি মগজু পোৱাকৈ মুৰত মাৰা অসম্ভৱ আছিল।
গুলী লাগিল নে নাই কবই নোৱাৰিলোঁ। যোৱা হাতী গৈয়েই থাকিল, নিমিষতে নাইকিয়া হ'ল। আশা-নিৰাশাৰ সন্ধিস্থল, হাতী চলাবলৈ মাউতক কলোঁ। অলপদূৰ গৈয়েই মাউতে হাতী ৰখালে আৰু এটা শব্দলৈ কাণ কৰি মোকো শুনিবলৈ কলে। হাতীয়ে গোৰগোৰোৱা শব্দ হয় ওচৰতে। অতি সাৱধানে হাতী চলাবলৈ কলোঁ আৰু শব্দ বাওঁহাতে জানি সোঁফালে চক্ৰাকাৰে ঘূৰি শব্দৰ পিনে চালোঁ। দেখিলো বৃহৎকায় মায়া-হস্তী পৰি আছে, কিন্তু দাঁত নাই। গা চিৰিঙাই গ'ল—জানোবা মাইকীয়ে মাৰিলোঁ বুলি ভাবি কুঁহিৰামক নমাই দিলোঁ ভালদৰে চাবলৈ, সি চাওঁতে মুখত হাঁহি দেখি আশ্বস্ত হলোঁ। যিয়েই হওক, মাইকী নহয়। আৰু ভাল পালোঁ আৰু এটা মখনা জমাৰ ঘৰলৈ আহিল। দুটা দঁতাল মাৰিলে দুযোৰ দাঁত পাম। হাঁহি মাৰি থাকোতেই কুঁহিৰামে মৰা হাতীৰ ওপৰত নাচিবলৈ ধৰিলে। মই হাতীৰ ক্ষেত্ৰই পোৱা বুলি তাক ডাবি দিয়াত সি কলে, “মখনা নহয়, গণেশ।” পৰা পিনে [ ৩৬ ] থকা দাঁতটো মাটিত পোত গৈছিল। অলপ পৰৰ পিচত দাঁত কটা অভিনয় আৰম্ভ হ'ল। অনেকদিন দাঁত কাটোতে দুই-চাৰিজন লগ পাইছিলোঁ, কিন্তু সেইদিনা কোনেও হাতী নোচোৱা হ'ল—বিশেষতঃ এইটে৷ দেওলগা হাতী বুলি প্ৰবাদ থকাত। মৈমনছিঙীয়া, কছাৰী,ল’ৰাই, তিৰোতাই চাবলৈ লোকে লোকাৰণ্য হ’ল। ই বোলে মোৰ ধান খাইছিল, সি বোলে মোৰ ঘৰ ভাঙিছিল এইজনাই। এদিন গোকুলত নামৰ ধ্বনি উঠিছিল; “ভাল হ’ল মৰি গ'ল গোকুলৰ বৈৰী পুতনা। মৰি গ'ল কোনে দিব খৰি।” ইত্যাদি।
সেইদিনা সেইদৰে গজেন্দ্ৰৰ মৃত্যুতে৷ কীৰ্তন-ঘোষ৷ চলিছিল;কিন্তু দাঁত কটাৰ প্ৰসঙ্গ হোৱা মাত্ৰেই এটি দুটিকৈ খোজ লবলৈ ধৰিলে। কুঁহিৰামে হাতীৰ তেজেৰে ৰাঙলী হৈ দাঁত কাটিবলৈ ধৰিলে। কাটি কাটি সি ভাগৰি গ'লত ড্ৰাইভাৰজনে অনিচ্ছা সত্ত্বেও কুঠাৰ ধৰিলে আৰু বহুতো পৰিমাণে সহায় কৰিলে, কিন্তু দুৰ্কপলীয়াৰ কপাল! এখন ভূটিয়া দাৰে মঙহ কাটিব ধৰোঁতে তাৰ আঙুলিটে৷ কাটি তেজৰ ধাৰ ব’বলৈ ধৰিলে। আন্ধাৰ হ’লত চাকি লগাই কাম কৰিবলগীয়া হ'ল। মহে চাৰিওফালে বেঢ়ি ধৰি সশব্দে আক্ৰমণ কৰিলে। অতি কষ্টেৰে এপৰমান ৰাতি যোৱাত দাঁত উলিয়াই কেম্পলৈ উভতি আহিলো।
হাতী মৰা অতি টান কাম, কিন্তু একেদিনাই দাঁত উলিওৱা তাতোকৈ টান কাম যেন লাগে। মৰাৰ লগে লগে দাঁত নুলিয়ালে ৬ মাহলৈ উলিওৱা অসম্ভৱ হব বুলি কলে বঢ়াই কোৱা নহব। মৰা মাত্ৰেই লাখে লাখে মাথি উপস্থিত হয় আৰু পিচদিন৷ কোটি কোটি পোকৰ সৃষ্টি হয়। গোন্ধত মূৰ ঘূৰাই যায়, নাড়ী-ভুৰি ওলাই অহাৰ উপক্ৰম হয়। হাতী এৰি আহিলেই ওলাই থকা 'ভাগ কৰতেৰে অতি সহজে কাটি লৈ যায়। তথাপিও চৰকাৰে দুখীয়া খেতিয়কৰ পৰম শত্ৰু নিধনৰ কাৰণে অলপো টকা দি চিকাৰীক সহায় নকৰে। মনত পৰিল—[ ৩৭ ]
মায়৷ মৃগং দয়িতয়ে স্পিত মন্বধাৱৎ
বন্দে মহাপুৰুষ তে চৰণাৰবিন্দম্।
এদিন ৰামচন্দ্ৰয়ো মায়া-মৃগৰ পিচত অনুধাবন কৰিছিল; সেই মায়াতে বন্দী হৈ আমিও হস্তীৰ অনুধাবন কৰাত দোষৰ ক্ষমা পাম বুলি আশা কৰিলো। [ ৩৮ ]
হাতী চিকাৰ
বিজনীৰ ৰজা শ্ৰীল শ্ৰীযুক্ত ভৈৰবেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মোকৰ্দমা সম্পৰ্কে মই অসমৰ ৰাজধানী ছিলঙলৈ যাওঁ।তাত গৈ দুই তাৰিখত শুনিলোঁ, সেইবেলিৰ এছেমব্লি সভাত মন্ত্ৰীসকলক গৰিহণা দিয়া হব। ৫ তাৰিখত সভা বহিব, কিন্তু ৪ তাৰিখ সন্ধিয়া ৬ বজাত খবৰ কৰি জানিলোঁ, তেতিয়াও নেতা শ্ৰীযুত গোপীনাথ বৰদলৈ গুৱাহাটীৰপৰা আহি পোৱা নাই। কংগ্ৰেছৰ ফালৰপৰা তেতিয়াও একো বিশেষ তৎপৰতা নেদেখি ভাবিলোঁ, কাৰ্য সিদ্ধিৰ আশ৷ কম। তেতিয়ালৈকে মন্ত্ৰী ভঙা-পতাত মোৰ কোনো পক্ষে বিশেষ আগ্ৰহ নাছিল যদিও অনুভৱ কৰিছিলোঁ যে মন্ত্ৰী মহাশয়সকলে যিদৰে কাৰ্য চলাইছে তাত দেশ সন্তুষ্ট নহয়। দিনে দিনে তেওঁলোকৰ ওপৰত অনাস্থা বাঢ়ি গৈছে। অথচ সেই অনাস্থা ভাবৰ আশ্ৰয় লৈ মন্ত্ৰীসকলৰ বিৰুদ্ধে দেশবাসীক জগাই তুলিবৰ চেষ্টা ভালদৰে কংগ্ৰেছ পক্ষৰপৰা চলা নাছিল। অপৰ পক্ষে এটি ভোটত মানৰক্ষা হোৱাৰেপৰ৷ মন্ত্ৰী মহাশয়সকলে যৎপৰোনাস্তি চেষ্টা চলাইছিল, যাতে তেওঁলোকৰ সমৰ্থনকাৰীৰ সংখ্যা আৰু হ্ৰাস নহয়। অলপ দুৰ্বলচিতীয়া সভ্যসকলক সাৱধানে শত্ৰুপক্ষৰপৰা আঁতৰাই ৰাখি ক্ষীৰ-খিচা-লৱণু আদি সম্ভাৰ সমাদৰে যোগাই পৰিতুষ্ট কৰি ৰখাৰ ব্যৱস্থা কৰাইছিল তেতিয়াৰেপৰা।
চাওঁতে চাওঁতে সভ্যৰ সমাৱেশ হ’ল। কংগ্ৰেছ নেতাসকলৰ অত্যন্ত আগ্ৰহত ময়ো অনাস্থা প্ৰকাশ আন্দোলনত যোগ দিবলৈ বাধ্য হলোঁ। কাৰ্য ভাও বুজি সুপ্ত খাচীয়া গিৰিশৃঙ্গক জগাই তুলিবৰ মনেৰে ৰাষ্ট্ৰপতি সুভাষচন্দ্ৰ আৰু মৌলানা আজাদক বিশেষ [ ৩৯ ] অনুৰোধ জনাই মাতি অনা হ'ল। আৰু টেলিগ্ৰাফ কৰি মতা হ’ল সহ-সভ্য কংগ্ৰেছ-পন্থীসকলকো। প্ৰজাৰ অভাৱনীয় হেন্দোলদোপ দেখি আদিম অধিবাসী খাচীয়া আৰু গোৰ্খালী সেনা আদিৰো চিত্ত চঞ্চল হৈ উঠিল।
১৯২০ চনৰ অসহযোগ আন্দোলনতো বৃটিছৰ দমন নীতিৰ প্ৰভাৱত যি ছিলং গিৰিশৃঙ্গ অচল-অটল হৈ আছিল; সেই অভ্ৰভেদী শৃঙ্গ সামান্য মন্ত্ৰীৰ অনাস্থা প্ৰকাশৰ ক্ষুদ্ৰ আন্দোলনত হঠাতে অধীৰ-মুখৰ হৈ উঠিল। এদিন ভগ্নস্বাস্থ্য উদ্ধাৰৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমান সুভাষচন্দ্ৰ ছিলঙলৈ আহিছিল আৰু তেতিয়াও তেওঁক পাণ্ডুৰপৰা নিয়াৰ ভাৰ এই অভাজনৰ হাতত পৰিছিল। নিজৰ গাড়ী নথকাত বিশেষ অনুৰোধত কমাৰ্চিয়েল কেৰিং কোম্পানীয়ে প্ৰথম শ্ৰেণীৰ গাড়ী এখন তেওঁক নিয়াৰ কাৰণে দিছিল। তাৰবাবে পইচা লোৱাৰ কথা নাছিল, কিন্তু এবছৰমানৰ পিচত ৭৫\ টকা দাবী কৰি মোৰ ওপৰত মোকৰ্দমা চলায়; মোৰ এজন ছাত্ৰ উকীলৰ সহায়ত সেই দায়ৰপৰা মই মুক্তি পাওঁ। হেৰ সিদিনাখন কেৰিং কোম্পানীৰ প্ৰাণস্বৰূপ মোৰ ছাত্ৰবন্ধু উকীল শ্ৰীমান প্ৰফুল্লচন্দ্ৰ গুহক বিশেষ অনুৰোধ জনাইছিলোঁ, বানপানী প্ৰপীড়িত লোকৰ সহায়কাৰী দুজন'দুখীয়া কৰ্মীক বিনা পইচাত গুৱাহাটীলৈ নিবলৈ। উত্তৰ পালোঁ- “বিনা পইচাই নিব নোৱাৰি দুখীত হলো; কাৰণ, আমাৰ কোম্পানী শুধ ব্যৱসায়ী। ইয়াত ৰাজনৈতিক গোন্ধ থকা কোনো পক্ষকে আমি সহায় কৰিব নোৱাৰোঁ।” কিন্তু দুদিন পিচতে নিজ চকুৰে দেখিলোঁ, তেতিয়াৰ মন্ত্ৰীসকলৰ পৰিস্থিতিৰ কাৰণে ১ম, ২য় আৰু ৩য় শ্ৰেণীৰ অলেখ গাড়ীৰে মন্ত্ৰীসকলক সহায় কৰা হৈছিল। সেইকেইদিন কোম্পানীৰ কৰ্তৃত্ব মন্ত্ৰিত্ব ৰক্ষাৰ কৰ্তৃপক্ষক শোধাই দিয়া' হৈছিল। ধনাই-মনাইয়েও কোম্পানীৰ ১ম শ্ৰেণীৰ গাড়ী চলোৱা দেখা গৈছিল। শুধ ব্যৱসায়ীৰ এই লক্ষণ!
কোম্পানীৰ গাড়ী নাপালেও ৰাষ্ট্ৰপতি সুভাষচন্দ্ৰৰ সম্বৰ্ধনাত [ ৪০ ] গাড়ীৰ অভাৱ হোৱা নাছিল। শ্ৰীহট্টৰ মাজবাটৰপৰা ২০।২৫ খন গাড়ীৰে আগবঢ়াই অনা হৈছিল সুভাষচন্দ্ৰক। যোজন বিস্তৃত শোভাযাত্ৰাত মুনিহ-তিৰোতা, ল'ৰা-বুঢ়া, অসমীয়া-বঙালী, খাচীয়-গোৰ্খালী, মাৰোৱাৰী-হিন্দুস্থানী, হিন্দু-মুছলমান, জৈন-খৃষ্টিয়ান,চৰকাৰী কৰ্মচাৰীকে আদি কৰি সকলোৱে যোগ দিছিল। কাৰণ,ছিলঙত এয়ে প্ৰথম ৰাজনৈতিক আন্দোলন। ‘স্বৰাজৰ জয়’, ‘বন্দে মাতৰম' গীত শুনি খাচীয়া পৰ্বত-ভৈয়াম নিশ্চয় স্তম্ভিত আৰু মোহিত হৈছিল। ধ্বনি-প্ৰতিধ্বনিত নিশ্চল গিৰিশৃঙ্গ চঞ্চলমুখৰ হৈ উঠিছিল।
শিৱপ্ৰসাদ বৰুৱাৰ ঘৰত থোৱা হ'ল আজাদ আৰু ৰাষ্ট্ৰপতি সুভাষক। লগে লগে আলিৰ মানুহ ঘৰাঘৰি গ'ল; নিস্তব্ধ হ'ল মুখৰা নগৰী; কিন্তু আৰম্ভ হ’ল কাণে কাণে কথা কোৱা, ইঙ্গিততে জনোৱা আৰু আৰম্ভ হ'ল, সভ্যৰ ভিতৰত দুই-তিনি-চাৰিক পক্ষভুক্ত কৰিবৰ অহোপুৰুষাৰ্থ। তাৰ ভিতৰত কিছুমানক বাক্য-বচনেৰে, কিছুমানক লুকুৱাই ৰাখি আৰু কিছুমানক ভয় দেখুৱাই পক্ষভুক্ত কৰাৰ চেষ্টা। কাঢ়া পহৰাত ৰখা হৈছিল ৰাজ-জামাতা শ্ৰীযুত সন্তোষকুমাৰ বৰুৱাক। প্ৰহৰীৰ ভিতৰত প্ৰধান আছিল কুমাৰী ৰজাৰ্ছ আৰু মন্ত্ৰী শ্যালক শ্ৰীমান.........। তেওঁলোকৰ প্ৰধান কৰ্তব্য আছিল ৰুদ্ধ দুৱাৰত থাকি ভদ্ৰাভদ্ৰ নিৰ্বিশেষে বৰুৱাদেৱৰ খবৰ কৰিবলৈ যোৱা লোকসকলক অপমান কৰা। আনকি ছিদলীৰ ৰাজকুমাৰ, ৰূপচীৰ জমিদাৰ শ্ৰীমান জগদীন্দ্ৰনাৰায়ণ চৌধুৰীয়েও সেই অপমানৰ হাত সাৰিব পৰা নাছিল। এই কাঢ়া পহৰাৰ মাজৰ-পৰাও বৰুৱাদেৱক উদ্ধাৰ কৰি দুই-চাৰিবাৰ শত্ৰুপক্ষৰ মাজলৈ অনা হৈছিল। বাক্-বিতণ্ডা, তৰ্ক-যুক্তি, অনুনয়-বিনয় বৰুৱাদেৱৰ আগত সকলো নিষ্ফল; তেওঁ সকলো অৱস্থাতে নিৰ্বিকাৰ হিচাপে কৈছিল,“মই সকলো বুজিছোঁ, কিন্তু কি কৰা উচিত তাকেহে বুজিব পৰা নাই।” এয়ে আছিল তেওঁৰ অতি ক্ষীণ মাতৰ সমিধান। বৰুৱাদেৱৰ [ ৪১ ] মুখলৈ চাই থাকিল শ্ৰীযুত যোগেন্দ্ৰ মণ্ডল উকীল। বিজনী ৰজাৰ অনুৰোধ উপেক্ষা কৰি তেওঁৰ আত্মীয় শ্ৰীযুত ললিত নাৰায়ণ দেৱক বিজনীৰ ল এজেন্সি নিদি, দিয়া হৈছিল মণ্ডল মহাশয়ক।
ছাদুল্লা মন্ত্ৰিত্ব নিধন পূৰণত শ্ৰীমান পুৰন্দৰ শৰ্মাক লৈ এটি সুকীয়া স্কন্ধ ৰচিত হ'ল। আদিতে বহু চেষ্টা কৰিও শ্ৰীযুত ৰোহিণী চৌধুৰী, ডাক্তৰ জ্যোতিষচন্দ্ৰ দাস আৰু মই নিজেও মঙ্গলদৈলৈ গৈ বিশেষ অনুৰোধ কৰিও তেওঁক “পিপলছ পাৰ্টি”ত ভুক্ত কৰিব পৰা নাছিলোঁ। নিৰ্বাচনৰ কেইদিনমান আগতে তেওঁ গুৱাহাটীলৈ আহি চৌধুৰীৰ তালৈ গৈ সেই দলভুক্ত হয় আৰু নিৰ্বাচনত জয়লাভ কৰে। তেতিয়াৰেপৰা তেওঁ চৌধুৰী ডাঙৰীয়াৰ প্ৰিয়পাত্ৰ হয় আৰু সৰ্ব-বিষয়তে তেওঁৰ দক্ষিণ হস্ত বুলি জনাজাত হয়। তেওঁৰ প্ৰতি চৌধুৰী পৰিবাৰৰ সমাদৰ দেখি অকৃত্ৰিম বন্ধুত্বৰ অকাট্য প্ৰমাণ পোৱা গৈছিল। কিন্তু চৌধুৰী ডাঙৰীয়াৰ লগত শেষ পৰ্যন্ত প্ৰীতি থকা সত্ত্বেও মন্ত্ৰিত্বৰ ওপৰত তেওঁৰ আস্থাৰ বান্ধন ক্ৰমে শিথিল হোৱাৰ প্ৰমাণ মাজে মাজে পোৱা গৈছিল। সেই সূক্ষ্ম সূত্ৰকে অবলম্বন কৰি মই তেওঁক কংগ্ৰেছৰ ফলীয়া কৰিবৰ চেষ্টা কৰিছিলোঁ; কিন্তু সমূহ মন্ত্ৰীমণ্ডলীৰ প্ৰতি তেওঁৰ অনাস্থাৰ ভাব যিমানেই দৃঢ় নহওক,চৌধুৰীৰ প্ৰতি প্ৰীতি আৰু কৃতজ্ঞতাৰ ভাবে তেওঁৰ মনক অলৰ-অচৰ কৰি ৰাখিছিল, তাক মই ডাঠি কব পাৰোঁ। কিন্তু শৰ্মাক অনাৰভাৰ সম্পূৰ্ণৰূপে মোৰ ওপৰত পৰিল। তেওঁৰ এদিনৰ কাৰ্যই আমাৰ জয়-পৰাজয় নিশ্চিত কৰিলে। শৰ্মাক লগ পোৱা টান। তেওঁৰ প্ৰহৰী মোৰ দুজন ভতিজা শ্ৰীমান কিৰণ আৰু হিৰণ।
অনাস্থা প্ৰস্তাৱ দিবৰ দিনা পুৱা শ্ৰীমান পুৰন্দৰক লগ ধৰিলোঁ। বুজাই-বঢ়াই মটৰত তুলি লৈ ফুৰিবলৈ গলোঁ। বহুত বুজায়ো চৌধুৰীৰ বিৰুদ্ধে নিয়াৰ সম্ভাৱনা নেদেখি নিৰপেক্ষ হৈ থকাৰ প্ৰস্তাৱ কৰিলোঁ; তাত সন্মত কৰাব নোৱাৰিলোঁ। তেওঁ অৱশেষত কলে, “মন্ত্ৰীপক্ষ এৰাৰ মোৰ বিশেষ আপত্তি নাই';' কাৰণ, যিদৰে তেওঁ [ ৪২ ] লোকে কাৰ্য চলাইছে সেইদৰে সৰহদিন চলাব নোৱাৰিব; কিন্তু চৌধুৰীক এৰা মোৰ পক্ষে প্ৰায় অসম্ভৱ। আপুনি ভালদৰে বুজালে চৌধুৰীকো আনিব পাৰিব। তেতিয়াহলে সকলো কথা সহজ হব।” মই কলোঁ, “এই অৱস্থাত আজিয়েই চৌধুৰী অহাৰ সম্ভাৱনা নাই। তুমি নিৰপেক্ষ হলে তেওঁ পিছে-পৰে আহিবও পাৰে।” এনেদৰে নানা প্ৰকাৰে বুজোৱাত তেওঁ মোৰে সৈতে চৌধুৰীৰ তালৈ গৈ নিৰপেক্ষ থকাৰ অনুমতি বিচৰাৰ প্ৰস্তাৱ কৰিলে। নিৰুপায় হৈ অনিচ্ছা সত্ত্বেও ময়ো যাবলৈ ওলালোঁ। গৈয়েই দেখোঁ, চৌধুৰীৰ ঘৰ ভৰা। পুৰন্দৰৰ কথামতে ময়েই চৌধুৰীৰ আগত অতিশয় সংযতভাৱে কলোঁ, “শ্ৰীমান পুৰন্দৰ নিৰপেক্ষ হৈ থাকিব খোজে –তুমি বেজাৰ নাপাবা।” কথা শুনিয়েই উপস্থিত ভদ্ৰমণ্ডলী গুজৰি উঠিল। মোৰ প্ৰিয়বন্ধু শ্ৰীমান ধনীৰাম তালুকদাৰৰ ৰুদ্ৰমূৰ্তি মই আগেয়ে দেখিছিলোঁ, গতিকে ভয় নকৰিলোঁ যদিও যাত্ৰাৰ দলৰ ভীমৰ অভিনয়ৰ কথা মনত পৰিল। অৱস্থা বিষম জানি আমি দুয়ো গাড়ীত উঠিলোঁ। শ্ৰীমান পুৰন্দৰক লক্ষ্য কৰি অতিশয় অপমানসূচক বাক্য প্ৰয়োগ কৰিব ধৰিলে। মোৰ প্ৰতিও আদেশ হ'ল, পুৰন্দৰক এৰি ওলাই যাবলৈ। শ্ৰীযুত জ্যোতিষচন্দ্ৰ দাস ডাক্তৰ ডাঙৰীয়াই পুৰন্দৰক হাতত ধৰি বলেৰে নমাই নিবৰ চেষ্ট৷ কৰিলে। পুৰন্দৰে মিনতি জনালে, “মই ভাবি-চিন্তি যি ভাল হয় কৰিম, আপোনাসকলে ফুকন ডাঙৰীয়াক অপমান নকৰিব আৰু মোকো বলেৰে ধৰি ৰাখিবৰ চেষ্টা নকৰিব।”
মই গাড়ী চলাবলৈ কলো ড্ৰাইভাৰক; তেতিয়া চৌধুৰী ডাঙৰীয়াই ফটক বন্ধ কৰিবলৈ আদেশ দিলে প্ৰহৰী হিন্দুস্থানীক। ড্ৰাইভাৰক হাতত ধৰি নমাই দি নিজেই ড্ৰাইভাৰৰ স্থান অধিকাৰ কৰি চক্ৰ ধাৰণ কৰিলে আৰু গৰ্জি কলে, “গাড়ী ইয়াৰপৰা যাব নোৱাৰে,আপুনি ইয়াৰপৰা য’ক।” মই গাড়ীৰপৰা নামিবলৈ বাধ্য হলোঁ। মোক নমা দেখি, শ্ৰীমান পুৰন্দৰো নামি আহিল। নামি দেখোঁ, [ ৪৩ ] এজন মানুহ গাড়ীৰ চকাৰ ওচৰত দীঘল হৈ পৰি আছে, দেখি গা শিয়ঁৰি উঠিল। গাড়ী চলোৱাহেঁতেন আজি সৰ্বনাশ হ'লহেঁতেন, কাৰণ, গাড়ীৰপৰা ড্ৰাইভাৰে আগত পৰি থকা মানুহজন দেখা নাপায়। পিচত অনুসন্ধান কৰি জানিলোঁ, মানুহজন হয় শ্ৰীযুত গঙ্গা চৌধুৰী, নহয় সভাপণ্ডিত শ্ৰীযুত নৰনাথ শৰ্মা।
শ্ৰীমান পুৰন্দৰ শৰ্মা মৰ্মাহত হৈ নীৰৱে মোৰ লগত অহাত বিজুলী সঞ্চাৰে চৌদিশে বাতৰি প্ৰকাশ পালে, “পুৰন্দৰক ফুকনে নিলে, লৰাব নোৱাৰা খুটি ফুকনে উভালিলে।” এই সংবাদে মন্ত্ৰী- মণ্ডলীৰ চিত্তত চাঞ্চল্য ওপজালে। আৰু অনুসন্ধান কৰি জানিব পাৰিলো যে পুৰন্দৰে যুদ্ধ চলি থাকোতেই ফুকনৰ বুদ্ধিমতে মন্ত্ৰীপক্ষ সমৰ্থনকাৰী আৰু তিনিজনক পলুৱাই নিলে। আত্মপক্ষ ৰক্ষাৰ সম্ভাৱনা নেদেখি ৰসতে নাম থবৰ মনেৰে প্ৰধানমন্ত্ৰীয়ে এছেমব্লি মণ্ডপত থিয় দি স্পষ্টকৈ স্বীকাৰ কৰি কলে, “বৰ্তমান মন্ত্ৰীমণ্ডলীৰ ওপৰত সদস্যসকলৰ সৰহভাগৰে আস্থ৷ নাই, গতিকেই আমি মন্ত্ৰীপদ ত্যাগ কৰিলে৷; বিৰোধী দলক শলাগৰ শৰাই আগবঢ়ালে৷ আৰু পদমৰ্যাদাৰ আনন্দ উপভোগ কৰক, ইয়াকে বাঞ্ছা কৰিলোঁ।” উৎকণ্ঠাত সমজুৱাৰ কণ্ঠৰোধ হৈ আহিল। প্ৰধানমন্ত্ৰীৰ বাণী প্ৰচাৰত পৰ্বতত খলকনি তুলি জয়ধ্বনি কৰিলে—“বন্দে মাতৰম্।” মন্ত্ৰী-নিধন পৰ্বৰ ওৰ পৰিল। ততালিকে আকৌ “মন্ত্ৰী গঠন” পৰ্বৰ আৰম্ভ হ'ল।
সভাপতিয়ে সেইদিনালৈ সভা ভঙ্গ কৰি তাৰ পিচদিনা ২॥ বজাত সভ বহিব বুলি আদেশ প্ৰচাৰ কৰিলে। মন্ত্ৰী পদত্যাগৰ ফলত পক্ষাপক্ষৰ সালসলনি হ'ল। আগৰ পক্ষ বিপক্ষ হ'ল আৰু বিপক্ষ দল স্বপক্ষৰ সমৰ্থক হ'ল। ক্ষোভে, লাজে, খঙে কিংকৰ্তব্যবিমূঢ় হৈ বৰ্তমান বিপক্ষ দলে প্ৰথমতে শৰণ ললে প্লেণ্টাৰ প্ৰতিনিধি- সকলৰ। দ্বিতীয়তে, “মুছলমান ধৰ্ম” বিপন্ন বুলি বাণী প্ৰচাৰ কৰি আগৰ বিপক্ষ দলৰ মুছলমান সভ্যসকলক সপক্ষলৈ অনাৰ দিহ৷ [ ৪৪ ] কৰিলে।কংগ্ৰেছ বিৰোধী স্বাৰ্থান্ধ মদগৰ্বী প্লেণ্টাৰসকল বিপক্ষ দলৰ স্তোকবাক্যত ভোল গ'ল। ধৰ্মৰ নামত অনুপ্ৰাণিত হৈ নবাব চাহাব আলি হাইদৰৰ পক্ষ সমৰ্থক মুছলমানকেজনে নবাব চাহাবক এৰি বিপক্ষ দলভুক্ত হ'ল। চহী মোহাৰি কাগজ লৈ বৃদ্ধ পিতামহ প্লেণ্টাৰ প্ৰতিনিধি সমন্বিতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী গৱৰ্ণৰৰ ওচৰ পালেগৈ; অগ্নিৰ সাৰথি বায়ু হৈ কেন্দ্ৰীয় এছেমব্লিৰ ইংৰাজ প্ৰতিনিধি- জনো লগতে গ'ল। কংগ্ৰেছে মন্ত্ৰিত্ব গ্ৰহণ কৰিলে বিশেষতঃ অসম প্ৰবাসী ইংৰাজসকলৰ কিদৰে ব্যাঘাত ঘটিব তাক বিশদভাৱে বুজাই দি গৱৰ্ণৰকো পক্ষভুক্ত কৰিলে। ইয়াৰ প্ৰমাণ আমাৰ হাতত বহুতো আছে; লাগিলে দিব পৰা হব। প্লেণ্টাৰ আৰু যূথভ্ৰষ্ট মুছলমানসকলক লৈ প্ৰস্তাৱিত মন্ত্ৰীমণ্ডলীৰ ওপৰত অনাস্থা প্ৰস্তাৱ দাখিল কৰা হ'ল। আগ্ৰহাতিশয্যত শপত লোৱাই মন্ত্ৰীমণ্ডলী নিয়মমতে গঠন কৰাৰ আগেয়ে এই প্ৰস্তাৱ দাখিল কৰা হ'ল ৷ মনৰ ভাব আছিল, মন্ত্ৰীমণ্ডল গঠন কৰি গাদীত নৌ বহোতেই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি মন্ত্ৰীসকলক বেদখল দিয়া হব। উৎসাহ আৰু আগ্ৰহৰ সীমা নাই, কিন্তু কথাতে আছে, কেতিয়াবা কেতিয়াবা “দাতাই দিয়ে বিধাতাই নিয়ে।” স্পীকাৰ মহাশয়ে আদেশ জাৰি কৰিলে, “অনাস্থা প্ৰস্তাৱ অনাৰ এতিয়াও সময় হোৱা নাই। গতিকে সেই প্ৰস্তাৱ বাতিল কৰা হ'ল। আৰু ন-মন্ত্ৰীসকলক গৱৰ্ণৰে শপত খুউৱা নাই, গতিকে অনিৰ্দিষ্ট সময়ৰ কাৰণে এছেমব্লিৰ অধিবেশন স্থগিত ৰখা হ’ল।” বিনা মেঘে বজ্ৰপাত হ'ল। কেন্দ্ৰীয় এছেমব্লিৰ ইংৰাজ প্ৰতিনিধি উঠিবলৈ ধৰোঁতেই বজ্ৰপাতৰ শব্দত পিছলি পৰিল। গৱৰ্ণৰৰ ঘৰলৈ আশ্ৰয় বিচাৰি অশোভনভাৱে লৰি গ'ল। লগতে গ'ল মৰ্মাহত পাৰিষদবৰ্গ। এছেমব্লিৰ স্পীকাৰৰ ওপৰত বিৰক্তিত এওঁলোকৰ মন টেঙা হ'ল ৷ অক্ষমতাৰ ক্ষোভে গৱৰ্ণৰকে আদি কৰি বিপক্ষ দলৰ হিতাহিত জ্ঞান ৰহিত কৰিলে ৷ গৱৰ্ণৰে শপত খুৱাবলৈ ইস্তাহাৰ জাৰি কৰি মাতি নি কুৰি মিনিট বহুৱাই ৰাখি অতি অভদ্ৰ[ ৪৫ ] ভাৱে তেওঁলোকক বিদায় দিলে। শুনা গ'ল যে ইস্তাহাৰবিলাক প্ৰত্যাহাৰ কৰি মন্ত্ৰিত্বৰ ভাৰ গৱৰ্ণৰে নিজে লব। শুনি হাঁহি উঠিল; কিন্তু পিচত গৱৰ্ণৰৰ মনত হিত বুদ্ধি খেলালে। তেনে নকৰি পুনৰ শপত খাবলৈ সানুনয় অনুৰোধ জনালে আৰু প্ৰতিশ্ৰুতি দিলে যে তেনে অশোভন কাৰ্য আৰু কৰা নহব। সমাৰোহেৰে মন্ত্ৰীসকলে অস্বীকাৰ কৰি মন্ত্ৰিত্ব গ্ৰহণ কৰি গাদীত বহিল। গৱৰ্ণৰৰ উপস্থিতিত মন্ত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ল। বন্দে মাতৰম্ ধ্বনি-প্ৰতিধ্বনিত সুপ্ত ছিলং সজাগ হৈ উঠিল।
ৰথী, অতিৰথী, মহাৰৰ্থীসকলে এফেৰা ভুল কৰি নিজৰ আৰু আচলতে দুদিনলৈ অহা বেচেৰা গৱৰ্ণৰৰ এনে দুবৱস্থা কৰিলে। ইয়াতে মনত পৰে এফাকি ফকৰালৈ, “চোৰকো মোৰে পায়, লোহাকো মামৰে খায়।” ইমানতে পৰিল মন্ত্ৰী গঠন পৰ্বৰ ওৰ। পুনৰ মন্ত্ৰী-নিধন উদ্যোগ পৰ্বৰ আৰম্ভ হ'ল।
চাৰি ৰাতি লঘোণে-ভোকে টোপনি ক্ষতি কৰি অতিশয় ভাগৰ লাগিল। ঘৰলৈ গৈ নিটালে বিছনাত পৰিম বুলি মন কৰিলোঁ। ঘৰ পালোগৈ এঘাৰ বজাত। ছিলঙত যুদ্ধৰ কেইদিন নেৰানেপেৰা বৰষুণ। গৰমৰ লেশ নাই।গা চেঁচা, কিন্তু মূৰ গৰম। ঘৰ পাই গৰমত জীৱ যায় যায় যেন লাগিল। এনেতে খবৰ পালো, ক্ষেত্ৰী আৰু জাগীৰোডৰ মাজত কাঁহিকুছি গাঁৱত প্ৰকাণ্ড দন্তাল এটাই আজি কেবাদিনৰপৰা উপদ্ৰৱ কৰি আছে। সেই বিষয়ে ছিলঙলৈও এখন টেলিগ্ৰাম কৰা হৈছিল বোলে। টেলিগ্ৰাম মই নাপালো। মোৰ বিশ্বাস, সেই সংবাদ সেই সময়ত মই ছিলঙত পালে মোৰ চিত্ত চঞ্চল হব, এই আশংকাত টেলিগ্ৰামখন মোক দিয়া নহল। খবৰ পাই শ্ৰান্তি কিছু পৰিমাণে দূৰ হ’ল। অতিশয় পৰিশ্ৰমৰ ফলত দুৰ্বল শৰীৰত বল পালোঁ আৰু হাতী বিচাৰি যোৱাকে স্থিৰ কৰিলোঁ। বাইদেউৰ কাতৰ অনুনয় আওকাণ কৰি তেওঁৰ ভৰিৰ ধূলি লৈ যাত্ৰা কৰিলোঁ, তেতিয়াই দুৰ্গা দুৰ্গা বুলি। সাঁজ লাগিছে, ইমানতে ঢোপ[ ৪৬ ] গুড়িৰ শ্ৰীমান কমলা ডেকা ওৰফে কমলা মহাজনৰ ঘৰ পালোঁ। হাতীৰ খবৰ দিয়া তেৱেঁই—হাতী মৰা বিষয়েও তেৱেঁই আমাৰ প্ৰধান সাৰথি।
জয়জয়তে তেওঁ জনালে যে ইয়াত তেওঁৰ হাতী নাই, ডুৰুঙত আছে। খবৰ পাই মনটো কোঁচ খাই গ'ল। কৈ-মেলি এটা টকা দি দুজন মানুহক হাতী আনিবলৈ ডুৰুঙলৈ পঠিয়াই আমি ঢোপগুৰিৰ পৰ৷ তিনি মাইলমান দূৰৈৰ থাণু মহাজনৰ ঘৰ পালোহি। তেওঁ ঘৰতে ৰাতি থকাৰ দিহ৷ কৰি এপিয়লা চাহ খাই ৰাতিটোৰ কাৰণে বাগৰ দিলোঁ। চকু মুদা মাত্ৰকে ঘোৰ টোপনি আহিল। এঘণ্টা- মানৰ পিচতে কোঁহিকুছি গাঁৱৰপৰা খবৰ আহিল যে পথাৰত হাতী নামিছে। বস্তু-বাব তাতে এৰি মই হাতী ওলোৱা পথাৰলৈ গলোঁ । তাত গৈ শুনিলোঁ, হাতী সন্ধিয়াতে ওলাইছিল, গ'ল; আকৌ নিশ্চয় আহিব।
শ্ৰীমান পূৰ্ণ সিং নামেৰে কোচ মানুহ এঘৰত হাতী অহালৈ বাট চাম বুলি বহিলোঁ ৷ মানুহজন ভকত। বয়স ৬০ৰ ওপৰ হব, কিন্তু ডাঠে আছে; নিয়মমতে হাল বায় আৰু কোদাল পাৰে। পৰিয়ালৰ ভিতৰত এজনী বিধবা ছোৱালী আৰু তাইৰ ল'ৰা এটা, সৰুতে মাক মৰা আৰু এজনী সৰু ছোৱালী আৰু ল'ৰা এটা । অৱস্থা 'আগেয়ে ভাল আছিল, সম্প্ৰতি খাজনাৰ দায়ত ঘৰ ক্ৰোক কৰি মৌজাদাৰে গৰু-গাই, বস্তু-বাব, আনকি পূজাৰ সঁজুলি কোষা-অৰ্ঘা, শঙ্খ-ঘণ্টাও নিলাম কৰি নিছে। বুঢ়া ভকতৰ মনত বিশেষ অসন্তোষ নাই। আগেয়ে থামু মহাজনৰ দোতালা ঘৰত থকাৰ কথা আছিল, কিন্তু ভকতৰ ব্যৱহাৰ দেখি তেওঁৰ আশ্ৰয় ললোঁ । ঘৰ তিনিটি; মূৰ দোৱাই অতি কষ্টে সোমাব পাৰি, তাৰে দুটি ঘৰ আমাক এৰি দিলে- এটিত ৰান্ধিবৰ কাৰণে আৰু এটাত থকাৰ কাৰণে। চোতালখন বহুল, ফু মাৰি ভাত খাব পাৰি। থকা ঘৰটো পৰিষ্কাৰ-পৰিচ্ছন্ন, দেখিলে বিলাতী মাটি দিয়৷ ঘৰতকৈ ভাল যেন লাগে। [ ৪৭ ] বৃদ্ধ ভকতৰ আতিথ্য গ্ৰহণ কৰি শয়নৰ উদ্যোগ কৰোঁতেই খবৰ আহিল, পথাৰত আকৌ হাতী নামিছে । নিমিষতে পথাৰ পালোগৈ ; দেখিলোঁ, তিনিটা হাতীয়ে এঘৰৰ বাৰীত কল খাই আছে। টৰ্চ মাৰি চালোঁ, ডাঙৰ হাতী এটা আমাৰ পিনে পাছ দি থিয় দিছে। মতা নে মাইকী ঠিক কৰিব নোৱাৰিলোঁ ৷ গতিকেই মৰা নহল। অলপ পৰ থাকি লাহে লাহে গ'ল ৷ আকৌ বিচাৰি গলোঁ। ৰাতি এন্ধাৰ — ত্রয়োদশী হব পায় । লাহে লাহে গৈ আছোঁ, এনেতে গাৰ কাষৰ- পৰাই এট৷ হাতীয়ে জাজৰণি মাৰি খেদা মাৰিলে। পথাৰ মুকলি আছিল, লৰ মাৰি পলালোঁ ; কাৰণ, হাতীয়ে নিচেই ওচৰত আৰু আন্ধাৰত দেখা নাপায়। হাতী হাবিত সোমাল। আমি কথা- বতৰা পাতি শুলোঁ।
হাতী আহিল ১০।১১ মান বজাত, যাওঁতে দুইমান বাজিল। ই পৰ্বত সি পৰ্বত বিচাৰি বিচাৰি সাঁজে-সন্ধ্যায় ঘৰলৈ উভতি আহিলোঁ। হাতীৰ বিশেষ সন্ধান নাপালোঁ।
পিচদিনা পুৱ৷ ৭ মান বজাত মই আৰু বুঢ়াভকত দুয়ো যাত্ৰ৷ কৰিলোঁ ৷ বিচাৰি বিচাৰি ঠিক ন বজাত হাতীৰ শব্দ পালোঁ । অতি সাৱধানে মাত-বোল নকৰাকৈ গলোঁ ৷ কিছুদূৰ যোৱাৰ পিচত এটা দাঁতৰ মখনা হাতী এটা দেখিলোঁ। মাইকী নে মতা হঠাতে চিন ধৰিব নোৱাৰি ৷ ভালদৰে চাই চাই ঠিক পালোঁ, মখনা। বন্দুক তুলিলোঁ, নিচান কৰিলোঁ, কুমলৈ চাই গুলী মাৰিলোঁ ৷ লগা মাত্ৰকেই হাতীয়ে বাগৰ ললে। কাণ-মুৰ একণকে জোকৰা নেদেখিলোঁ। মুৰৰ লিপ্ লিপিডোকৰ কাটি লৈ ঘৰমুখে যাত্ৰা কৰিলোঁ ৷ দন্তাল নোপোৱাৰ দুখ মনতে ৰ'ল।
কিছুদূৰ যোৱাৰ পিচত আমি থকা ঠাইৰ তলত আকৌ বাঁহ ভঙাৰ শব্দ পালোঁ ; গুলী ভৰাই বন্দুক ললোঁ ৷ সাৱধানে হাতী চলালোঁ ; অলপ পৰতে অতিকায় দন্তাল আহি উপস্থিত হ'ল । গজেন্দ্ৰগমনে আমাৰ পিনে আহিবলৈ ধৰিলে। হাতীটোৰ “ভাঠি” . [ ৪৮ ] খুলিছে, হেমজুৰ গোন্ধত নাকত কাপোৰ দিব লাগে। হাতীৰ মূৰ্তি দেখি বাট চোৱা বিপজ্জনক ভাবি আৰু পূৰ্ণকাইৰ মুখৰ অৱস্থা দেখি গুলী মাৰিলোঁ। বাঁহপাতে অলপ আঁৰ কৰি আছিল, গুলী লাগিল;কিন্তু একে গুলীতে নপৰিল। দক্ষিণৰপৰা উত্তৰমুখ হ'ল, পুনৰ একাদিক্ৰমে দুই গুলী মাৰিলোঁ, অতি শব্দে হাতী বাগৰি পৰিল। হাতী পৰিলে নুঠে, ভয়ৰ একো কাৰণ নাই, ইত্যাদি প্ৰকাৰে আশ্বাস দি পূৰ্ণ ককাইক নমাই দিলোঁ আৰু ময়ো নামিবৰ দিহা কৰিছোঁ,এনেতে দন্তাল ভায়াই গিৰিসাই উঠিল। মই আচৰিত হলোঁ। পূৰ্ণ-কায়ে কঁপি কঁপি হাতীৰ পিচত আশ্ৰয় ললে। মোৰ বিশ্বাস, কাপোৰ সলাবলগীয়া হৈছিল। পুনৰ গুলী মাৰিলোঁ। দুগুলী খাই ঠাইতে আকৌ বাগৰ ললে। অলপ চাই-চিতি ঘৰলৈ আকৌ বাট ললোঁ। ৯॥ বজাত মৰা শেষ হ'ল।
ঘৰ পাই খাই-বৈ মানুহ-দুনুহ যোগাৰ কৰি দাঁত কাটিবলৈ যাওঁতে যাওঁতে দুই বাজিল। হাতী পাওঁতে পাওঁতে পাঁচমান বাজিল। মাজতে মৰা হাতী দুটা হেৰাল—ই বোলে উঠি গ'ল, সি বোলে উঠি গল। মোৰ কিন্তু খঙত তৰণি নাই; আচলতে ঠাই হেৰুৱাই এইখন বাৰেভচহু কথা উলিয়াইছে। আধাঘণ্টা বিচাৰি পালোঁগৈ। দাঁত কাটোতে সাত বাজিল। হাতী মৰা টান। তাতোকৈ অতি টান হাতীৰ দাঁত উলিওৱা। ৭ খনমান কুঠাৰ ভাঙি ৭ মান বজাত ঘৰলৈ যাত্ৰা কৰিলোঁ। টৰ্চ লগত নিছিলোঁ আৰু নিছিলোঁ এট৷ লেণ্টাৰ্ণ; কিন্তু অলপ পিচতে দেখা গ'ল তাত তেল নাই। অটব্য অৰণ্য, অন্ধকাৰ ৰাতি, কাকবাঁহে পৰ্বত ঢাকি ধৰি আছে, কি প্ৰকাৰে তিনিখন পৰ্বত পাৰ হৈ বাট লব পাৰোঁ—এই চিন্তাই বিকল কৰিলে। হাতী মৰাৰ আনন্দ কিছুপৰলৈ লয় পালে। পৰ্বতে ৰঘুনন্দন জানি তেওঁক প্ৰাৰ্থনা জনালোঁ উদ্ধাৰৰ কাৰণে। বাঁহৰ জোৰ সাজিবলৈ টৰ্চ ধৰি সহায় কৰিলোঁ। ততালিকে ৬/৭ টা জোৰ সজা হ’ল; কিন্তু জুইশলা কাৰো লগত নাই, কি কৰা যায় [ ৪৯ ] ভাবি-চিন্তি শিল যুঁজাই জুই উলিয়াবৰ কথা মনত পৰিল; বিচাৰি বিচাৰি শিল উলিয়াই হৰযুঁজ কৰি শুকান বাঁহপাতত অকণমান টুকি-টাকি কেৰাচিন দি জুই ধৰিলোঁ। জোৰৰ পোহৰত ১০ মান বজাত বহা পালোঁ। বস্তু-বাব বান্ধি-ছাটি দাঁত সমন্বিতে ৰাতি দুইমান বজাত ঘৰ পালোগৈ। [ ৫০ ]
হাতী চিকাৰৰ আৰু এক অধ্যায়
বঢ়াই দিয়া সময়ৰো অন্তত লোকেলবোৰ্ডৰ গুৰুভাৰ শোধাই দি গাটে৷ পাতল পালোঁ, কিন্তু মনটে৷ গধুৰ লাগিল। ভগৱন্তৰ নাম কীৰ্তনত আনন্দ আছে, কিন্তু নামৰ অন্তত ভকতক বিলাই দিবলৈ প্ৰসাদ নাথাকিলে মনলৈ নিৰানন্দও আহে। মূৰব্বী হৈ বোৰ্ডৰ স্বত্ব চলোৱাৰ হৰ্ষ অনেক, কিন্তু নিৰুপায় প্ৰজাৰ আচল দুখ-দুৰ্গতি য'ত,ত’ত আলি-পদূলি নাই, গতিকেই সেইফালে চেয়াৰমেনৰ গতিবিধিও কম। হাৱাগাড়ীত গ’লে চেয়াৰমেনৰ ভাট্টাৰ মাত্ৰা, বেগৰ পৰিমাণ বাঢ়ে, কিন্তু বাট-পথ নোহোৱা আওহতীয়া গাঁৱৰ দুৰৱস্থা চোৱাৰ সুবিধাৰ মাত্ৰা সেই পৰিমাণেই টুটে। চেয়াৰমেনৰ দৰ্শনকামী দূৰণিবটীয়া দুৰ্ভগীয়া আহি পায় মানে বিজুলী সঞ্চাৰে চলা চেয়াৰমেনৰ হাৱা-ৰথ অন্তৰ্ধান হয়। ফলত প্ৰজাৰ অভাৱ-অভিযোগ শুনি চেয়াৰমেনৰ অৰ্থসংকটৰ পৰিমাণ প্ৰকাশৰ সুযোগ নঘটে। ইত্যাদি কাৰণে নিজৰ আৰু পৰৰ অন্যায় বিচাৰত মনটে৷ বিদ্ৰোহী হৈ উঠিল। বাব শোধাই দি নিজৰ তৰফৰ সবিনয় নিবেদন শেষ কৰি, আৰু বাব গ্ৰহণৰ আনন্দ আয়োজনৰ যৎকিঞ্চিৎ উপভোগ কৰি, দীঘল হুমুনিয়াহ কাঢ়ি অফিচৰপৰা ওলাই আহিলোঁ আৰু বিদ্ৰোহী মন দমনৰ বাবে চকৰদ যাত্ৰ৷ কৰিলোঁ।
চকৰদৰ চমু পৰিচয় হৈছে, ঠাইতে নৰ্ক, ঠাইতে স্বৰ্গ। চিকাৰ ভক্তৰ বৈকুণ্ঠ আৰু অনা-চিকাৰীৰ ৰৌৰৱ। চকৰদ গুৱাহাটীৰ গাতে লগা, কিন্তু পাবলৈ হলে সহস্ৰ যোজন বিস্তৃত যেন লাগে। গুৱাহাটীৰ পৰা আঠমাইল মটৰেৰে গৈ তাৰ পিচত দুমাইল খোজকাঢ়ি এখন বিল পাৰ হব লাগে। বিলৰ পাৰত সময় আৰু সুবিধামতে নাও [ ৫১ ] পোৱা টান। কেওট পাৰাৰপৰ৷ আগেয়ে নাও আৰু নাৱৰীয়া বিচাৰি নথলে বিলৰ পাৰত অপাৰ বিলৈ বিপত্তি সুনিশ্চিত।
চুটিকৈ ঘুটমুটীয়া মানুহজন। জাতিত নমঃশূদ্ৰ, বয়স ৪০।৪৫ ৰ ভিতৰত হব। চকু দুটি সৰু, গাৰ বৰণ ঘোৰ কৃষ্ণ নহলেও উজ্জ্বল শ্যামবৰ্ণ নহয়, অৰ্থাৎ ক’লা। চুলি দীঘলকৈ ৰাখিছে, প্ৰায়ে মেলি থয়; কিন্তু সময়ত কেতিয়াবা পিন্ধি-উৰি ওলোৱাত বলেৰে টানি অতি কষ্টেৰে ডাঙৰ তামোল এটাৰ সমান খোপ৷ এটা বান্ধে। অঙ্গবস্ত্ৰ আঠুৰ তললৈ নাযায়। অন্য অঙ্গবস্ত্ৰ পাঁচ ঋতুতে নাথাকে, অতি শীতত চুটি কাপোৰ এডুখৰি গাত লয়। মুঠতে পৰিচ্ছদৰ পৰিমাণ আৰু প্ৰকাৰ ভেদত মহাত্মা গান্ধীক চেৰ পেলাই মহাদেৱৰ সমকক্ষ হয়। সদায় প্ৰসন্ন মুখ, নাই কোনো দুখ, অতি অকাতৰ চিত্ত। দীপৰ মহাসমুদ্ৰৰ একমাত্ৰ কাণ্ডাৰী এৱেঁই। এওঁৰেই নাম ডাঠি ভকত ওৰফে ডাঠি কালা। এওঁ জগৎ প্ৰখ্যাত নহলেও আজাৰা চকৰদ প্ৰখ্যাত। “ভকত” আৰু “কালা” এই দুয়ো নামৰ সাৰ্থকতালৈ চালে আমাৰ দীপৰ কাণ্ডাৰী ডাঠিয়ে। কাৰণ, শ্ৰৱণত তেওঁ বধিৰ, কীৰ্তনত তেওঁ পৰম বৈষ্ণৱ। শীতকালৰ মাজনিশা পাৰ কৰিবলৈ মাতিলে গিৰিসাই উঠি শিতানতে সজোৱ৷ বঠাপাত লৈ আমাৰ মুখলৈ চাই জাৰত দুখ পোৱাৰ বাবে আমাকহে পুতৌ কৰে।বনকৰ বিভাগৰ অনুগ্ৰহত বিনা কেৰেয়াতে নাও এখন পায়, কিন্তু তাৰ প্ৰতিদানত খাটি দিব লাগে বিনা পইচাত বাৰমাহ। আনে পাৰৰ কড়ি দিলেও দিয়ক, নিদিলেও তাত অসন্তোষ নাই। ডাঠি নৰিয়াত পৰা কেতিয়াও শুন৷ নাই, পৰিলে যে আমাৰ গতি কি হব তাক নভবাই ভাল। আৰু শুনা নাই, ডাঠি ভকতৰ মুখে তাৰ নিজৰ দুখৰ কথা আৰু পৰৰ নিন্দা। শিক্ষাৰ অভিমান দলিয়াই পেলাই এই বিষয়ত ডাঠি ভকতত দীক্ষা লবৰ মন যায়।
ডাঠিৰ সহায়ত বিল পাৰ হৈ চকৰদলৈ আৰু এমাইলমান খোজ কাঢ়ি যাব লাগে। গাঁৱৰপৰা মানুহ নানিলে সেইডোখৰ বাট [ ৫২ ] যাবৰ উপায় নাই। বাটডুখৰি নাজল-নাথল। আঁঠুৱনী পানী ভাঙি যাব লাগে। তাতে জলৌকাসকলে দুৰ্লভ মনুষ্য ৰক্তৰ কাৰণে তপস্যা কৰি ৰৈ থাকে। পানীত ভৰি দিয়া মাত্ৰকে তপস্যাৰ ফল লাভৰ কাৰণে তপস্বীসকলে সত্যাগ্ৰহ কাৰ্যত ব্যাপৃত হয়। সেইডোখৰ বাট চুটি হলেও হস্তী, ব্যাঘ্ৰ, সৰ্পাদি সমাকুল। মিকিৰৰ সহায় ব্যাতিৰেকে যোৱা বিপজ্জনক। এই কথা অতীতৰো নহয়, অতিৰঞ্জিতও নহয়। মন কৰিলে তাৰ প্ৰমাণ আজিয়েই লব পাৰিব।
সাত সমুদ্ৰ তেৰ নদী পাৰ হৈ গাতে লগা চকৰদ পাওঁতে বঙ্গযাত্ৰীৰ কৈলাস ভ্ৰমণৰ কথা মনত পৰে। চকৰদ পাওঁতে পাওঁতে সাজ গঢ়ি গ'ল। দেখিলো, মিকিৰৰ মুকলি ঘৰ বিষাদত মলিন হৈ আমালৈ ৰৈ আছে। আমাৰ আগমনত (পেট্ৰোমাক্সৰ সহায়ত) ক্ষন্তেকতে চৌদিশ আনন্দত পোহৰ হৈ উঠিল। ঘৰটোৰ বেৰ নাই, ভাল কাঠৰ খুটাৰে সজা, কিন্তু মিকিৰৰ চোৱা ঘৰ বাবে নহলেও মুধে উৰুখে। ভেটিটো কিন্তু পকাৰ দৰে আৰু চোতালত ফু মাৰি ভাত খাব পাৰি। বাৰিষা চোতাল আৰু ঘৰটোত বাজে পানী-পেক নগচকাগৈ খোজ লবই নোৱাৰি। মহ, ডাঁহ জোক অলেখ। তথাপিও ব্ৰহ্মপুত্ৰ নৈৰ কাণৰ নিজ ঘৰত শুই শুই কিদৰে সপোন দেখা যায়। ইয়াৰ নাম ইংৰাজীত “হবি” ( hobby )ৰাখে; ইয়াৰে নাম Sport বা মৃগয়া আৰু ইয়াৰে নাম Sheer madness বা শুদ্ধ বাতুলতা।
যি হক, এইবাৰ চকৰদলৈ অহাৰ মুখ্য উদ্দেশ্য হাতী ধৰা আৰু গৌণ উদ্দেশ্য হাতী মৰা। দহদিনমান আগতে বিলৰ পাৰতে এটা হাতী ধৰা হৈছিল আৰু দুটা মৰা হৈছিল। তাৰ পিচতনো কি হৈছে কি নহৈছে খা-খবৰ কৰিবৰ মনেৰে তালৈ গলো। শুনিলো, বিলত নমা নাই। কিন্তু পৰ্বতত চাহান আছে। মাউত, ফান্দীক সুধি-পুছি পৰ্বত ঘূৰি অহাকে স্থিৰ কৰিলোঁ৷ লগত ললোঁ এটা হাতী [ ৫৩ ] আৰু ১১ জন মানুহ। আৰু ললোঁ তিনিৰাতি খাবলৈ জোৰাকৈ বস্তু। ৮ মাইলমান দূৰত চাতাৰগাঁৱ নামে এখন গাৰো গাঁৱত আলহী থাকিলো। এই আঠ মাইল বাট যাওঁতে ছঘণ্টামান লাগিল। কাৰণ, থিয় পৰ্বত উজোৱা দুখ লব লাগে। গাঁও পাওঁতে সাজ লাগিল। পাই দেখোঁ, গাঁৱত এজনো মুনিহ নাই। তিৰোতাৰ সংখ্যাও কম। সুধি জানিলোঁ, “আবা” জুৰিবলৈ গৈছে। চাকি-বন্তি লগোৱাতহে আহি পাব। পালতে গাঁওবুঢ়াৰ ঘৈণীয়েকে সাদৰ সম্ভাষণ জনাই থকাৰ ঠাই দেখুৱাই দিলে আৰু গাঁওবুঢ়৷ আহিলেই আন সকলো ঠিক কৰি দিব বুলি আশ্বাস দিলে। ঠাই সাৰি দি তম্বু টনাৰো দিহা কৰি দিলে। নিজে কুঠাৰ লৈ খৰি ফালি নিমিষতে দম কৰি দিলে। নিজৰালৈ যোৱা বাট দেখুৱাই দিলে। আমাক পাই আনন্দৰ সীমা নাই। গাঁওবুঢ়াৰ ঘৈণীয়েক ডেকা ছোৱালী। আগৰজনী ঘৈণীয়েক এহাল ল'ৰা-ছোৱালী থৈ স্বৰ্গী হোৱাত এওঁক বিয়া কৰায়। আগৰজনীৰ ল'ৰা-ছোৱালী দুটি দেখোঁতে ভাল, কিন্তু দুয়ো কলা আৰু বোবা। ইঙ্গিততে দুয়ো যেনেদৰে কথা কয় প্ৰথমতে ধৰা টান। বয়-বস্তু নমাব ধৰোঁতে এটি দুটিকৈ মানুহ আহিব ধৰিলে। প্ৰথমতে ওলালহি গাঁওবুঢ়াৰ শাহুৱেক। শকত-আৱত, বয়সত আদবয়সীয়৷। মোৰ মুখলৈ চায়েই কলে, “তই আন বছৰো আহিছিলি নহয়?” মোৰ উত্তৰলৈ বাট নাচাই পুনৰ কব ধৰিলে,“তই আমাৰ ৰাজা নহয়। তই আসামৰ ৰাজা, আমাৰো ৰাজা, সিবাৰ একদিন থাক্লি, ইবাৰ তিনদিন থাক্বি দে। আমি হাতী দেখাই দিম,ভয় নক্ৰং দে, মাৰে যদি মাৰবো, ধান খালি আৰ মাৰাও ভাল।”দেখিলোঁ বুঢ়ীৰ উল্লাসিত ভাব। বুজিলো, কামৰ লগে লগে খোৱা-বোৱাও ভালদৰেই হৈছে। নিজেও প্ৰকাশ কৰি কলে, “আজি খুব খালাং দে, কি কুৰ্বি আৰ, পুলী পুলীলৈ কাম কল্লং আৰু মদো খালং, খুব খালং, দায় নুধুৰ্বিদে। তই ৰাজা মানুহ, মই তিৰী মানুহ খাই পালাং দে” ইত্যাদি। পিচত জীয়েকক মাতি কলে, “ইটো [ ৫৪ ] আমাৰ ৰাজা, সেৱা কৰ, খৰি-চাউল দিছাহ না নাই? আমি দুখীয়া মানুহ, কি দিম,হাতী দিম দে, হবনা ভাল? কেইটা লাগ্ ব? মই এটা দিম দে? চাওঁতে চাওঁতে ল'ৰা, বুঢ়া, তিৰোতা, এটি এটিকৈ আহি জমা হ'ল। সম্বৰ্ধনাৰ অন্ত নাই—আনন্দৰ সীমা নাই। ৰাতি দুপৰলৈকে নাচ-বাগ আনন্দ চলিল।
মাল-বস্তু বোজাই দি সাজু হওঁতে হওঁতে সাত বাজিল। বাঙ-ঠাইক বাট দেখুৱাবলৈ লগত লৈ খোজ চাই হাতী চান্দি চান্দি পৰ্বতে পৰ্বতে তিনি বজালৈকে ফুৰিলোঁ। পৰ্বত অতিশয় থিয়। ডাঙৰ ডাঙৰ কাকবাঁহে বাট ভেটি ধৰে। বনৰীয়া হাতীয়ে মূৰ সুমাই দি কোনোমতে সৰকি যায়, কিন্তু মাল-বস্তু লৈ আমাৰ হাতী নিয়া যে কি কষ্ট তাক নেদেখিলে বৰ্ণোৱা টান। অতি সাৱধানে আৰু অতিশয় লাহে লাহে নগলে প্ৰাণৰ সংশয়। তথাপিও মোৰ দুটা চোলা বাঁহৰ আগত ৰৈ গ'ল। খুন্দা-খাটলিৰ অন্ত নাই। হাতীয়ে মাত্ৰ খোজ দিব পাৰে। এনেকুৱা সংকীৰ্ণ বাটেৰে বনৰীয়া পালহাতী চলি গৈছে। আমাৰ হাতী নিওঁতে বুকু ধপধপাই যায়। পিছলিলে আধামাইল তলতহে ৰবগৈ। আমি হিচাপ কৰি চাই দেখিলো, তিনি ঘণ্টাত এমাইলমানহে যাব পাৰিছিলোঁ। যাত্ৰাৰ আদিৰেপৰা শেহলৈকে বৰষুণ। ছাতি লোৱা অসম্ভৱ। গতিকে দিনটো বৰষুণত ভিজোতেই গৈছে। কিন্তু ওৰে দিনটোতে হাতীৰ লগ ধৰিব নোৱাৰিলোঁ। তিনি বজাত সকলো ক্লান্ত হৈ পৰিলো। বাট অতিশয় সংকটজনক। বাট দেখুৱা বাঙঠায়ে ৰায় দিলে, আজি আৰু যোৱা নহব, ৰাতি ইয়াতে থকাই ভাল। তাৰ উপদেশে আমাৰ প্ৰতি আদেশ। জাৰকালি সেই ঠায়েই মনোৰম হলহেঁতেন, কিন্তু বৰষুণত সেই স্থান অতি ভয়ঙ্কৰ। .জোকে-পোকে, মহে-ডাঁহে, সাপে-সুপে, বাঘে-ভালুকে তদুপৰি অন্তিকায় হস্তী পৰিবাৰে ভৰা, কেতিয়া কি প্ৰকাৰে আক্ৰমণ কৰে তাৰ নিশ্চয়তা নাই। ওখ টিলা আছে, তাত পানীৰ সুবিধা [ ৫৫ ] নাই। গতিকে নিজৰাৰ ওচৰত দ ঠাই এডোখৰ যথাসাধ্যে পৰিষ্কাৰ কৰি লোৱা হ'ল। বাঁহৰ অন্ত নাই, বাঁহ কাটি মাউত, ফান্দী সকলোৱে চাং পাতি ললে। চাৰিওফালে ধুনি জ্বলালে।
পৰ্বত বননিৰে ভৰা কিন্তু হাতীৰ কাৰণে কাটি আনিবলৈ ঘাঁহৰ বিশেষ অভাৱ। অতি কষ্টে গছৰ ডাল-পাত কাটি হাতীৰ খোৰাকৰ ব্যৱস্থা কৰা হ'ল। কিন্তু বিপদৰ উপৰি বিপদ। আৰম্ভ হ'ল চৰপাৰ কামোৰ। জীৱনত বহু কষ্ট পাইছোঁ আৰু স্বইচ্ছাই বৰণ কৰিও লৈছোঁ, কিন্তু সেইদিনৰ চৰপাৰ কামোৰ পাহৰা টান হব। দিনত চৰপাই কামোৰে, কিন্তু ৰাতিও যে চৰপাই বলিয়া কৰিব পাৰে, সেইদিনাহে তাৰ প্ৰমাণ পালোঁ। মোৰ আঠুৱাখন জালৰ, কিন্তু অতিশয় ঘন। তাতো যে ৰাতি চৰপা সোমাই জীৱন দুৰ্বিসহ কৰি তুলিব পাৰে সেই কথা কেতিয়াও মনলৈ অহাই নাছিল। বৰ্ণাব পৰা বিষয়কো কেতিয়াবা কবিয়ে “অবৰ্ণনীয়” “বৰ্ণনাতীত” ইত্যাদি শব্দ প্ৰয়োগ কৰি কল্পনা বঢ়াই তোলে, কিন্তু সেইদিনাৰ আমাৰ অৱস্থা বাস্তৱিকতে প্ৰকাশ কৰি কোৱা টান। ওৰে ৰাতি দুয়োহাতে চৰপা কোবাই প্ৰতি মুহূৰ্তে হস্তী-ব্যাঘ্ৰাদিৰ আগমন প্ৰতীক্ষা কৰি ৰাতি নৌপুৱাওঁতেই, পূবে পোহৰ নৌদিওঁতেই চকৰদ অভিমুখে যাত্ৰ৷ কৰিলো। ঘাঁহ কাটি, হাবি জুৰি, অনাই-বনাই তিনিমান বজাত চকৰদ কেম্প পালো আৰু তেতিয়াই ঘৰলৈ বুলি যাত্ৰা কৰিলো।
ঘৰ পাই স্থিৰ কৰিলোঁ, চিকাৰৰ মায়া কেইদিনমানৰ কাৰণে ত্যাগ কৰি ছিলঙলৈ গৈ দেহ-সেৱাত মন দিয়া উচিত হব। কাৰণ,শাস্ত্ৰত কৈছে, “শৰীৰমাদ্যং খলু ধৰ্মসাধনম্।” বুঢ়া মিৰি ককাইৰ কথাও মনত পৰিল, “দেহৰ হুখে মনৰ হুখ।” একেকোবে ছিলং পালোগৈ। চোং সলাই বহা ললোঁ। মেচপাৰাৰ খ্যাতনামা জমিদাৰ ভোলানাথ চৌধুৰী ডাঙৰীয়াৰ ঘৰত। তেওঁ সপৰিবাৰে কিছুদিনৰপৰা তাতেই আছিল। নিওঁ নিনিওঁকৈ মোৰ মটৰখন [ ৫৬ ] নিনিলোঁ। গৈ পাই অনুভৱ কৰিলোঁ, নিজৰ মটৰখন অনা হলে ফুৰা-চকা বিষয়ে স্বাধীনতা অলপ বাঢ়িলেহেঁতেন। ঠিক কৰিলোঁ,গাড়ীখন অনোৱাই ভাল; আৰু ভাবিলোঁ, নিজে গৈ অনাই ভাল। এদিন থাকি আবেলি নামি আহিলোঁ। ৬॥ বজাত ঘৰ পায়েই শুনিলোঁ, বৰদুৱাৰ বাগিচাৰ ওচৰত এটা দন্তাল মাৰিবৰ আদেশ দিছে চৰকাৰৰপৰা। কাল বিলম্ব নকৰি শুনা মাত্ৰকে যাত্ৰা কৰিলোঁ বৰদুৱাৰ বাগিচা বুলি। লালীকৈ বৰষুণ দিয়াত পলাশবাৰী-বৰদুৱাৰ আলিৰ কি ভয়ঙ্কৰ অৱস্থা হৈছে তাক জানিও লোভ সামৰিব নোৱাৰিলোঁ। অনিচ্ছুক ড্ৰাইভাৰক সাদৰ বচনেৰে তুষ্ট কৰি অতি কষ্টেৰে সৎপুৰ পালোঁ। তাৰপৰা মটৰ নিয়া অসম্ভৱ। গতিকে মহানুভৱ শ্ৰীমান জয়ৰাম দলৈ মৌজাদাৰৰ সহায়প্ৰাৰ্থী হলোঁ। মনৰ ভাব, তেওঁৰ হাতী লৈ বাকী ৮ মাইল যাম। কিন্তু আমাৰ মনৰ ভাব অনুমান কৰি কলে, “মোৰ হাতীটো মৃতপ্ৰায়,ভালে থাকিলে একো কথা নাছিল। এতিয়া কি উপায়ে বৰদুৱাৰলৈ পঠিওৱা যায়? কালি পুৱা এটা দিহা কৰিব লাগিব। আজি ৰাতি ইয়াতে থাকক।” ৰাতি থকাত মই অমান্তি হলোঁ, কাৰণ, মোৰ ধাউতি হৈছে ৰাতিতে পোৱা আৰু প্ৰথম কুকুৰাই ডাক দিয়াৰ আগতেই হাতী বিচৰা আৰম্ভ কৰা। অতি কষ্টে এখন গৰুগাড়ী মৌজাদাৰৰ অনুগ্ৰহত পালোঁ। গাড়ীখনৰ ওপৰত এখন ছৈ আছে, কিন্তু সেইখনেৰে পানী সৰকে। পানী নপৰাকৈ এখন ঢাকনি দিবলৈ কোৱাত মৌজাদাৰ আৰু গাৰোৱান উভয়ে কলে, “আজি বৰষুণ দিয়াৰ অলপো আগন্তুক নাই, পলম কৰিব নালাগে, গাড়ীত উঠক।”নীৰৱে উপদেশ গ্ৰহণ কৰি শ্ৰীমান কুঁহিৰাম আৰু মই দুয়ো যাত্ৰা কৰিলোঁ। আধা মাইল নৌযাওঁতেই বৰষুণে কণিয়ালে। বাগিচা পাওঁতে ৰাতি ডেৰমান বাজিল। এই বতৰত ইমান ৰাতি দেখি আচৰিত হ'ল। মেনেজাৰ শ্ৰীযুত নগেন্দ্ৰনাথ ঠাকুৰৰ বিশেষ অনুৰোধত এপিয়লা চাহ খাই বিচনাত পৰি চকু মুদি থাকিলো তিনি [ ৫৭ ] বজালৈ। ছিলঙত দিনত খোৱাৰ পিচত ৰাতি দুই বজাত এপিয়লা চাহ খোৱা হ'ল আৰু পুৱা চাৰি বজাত এপিয়লা চাহ খাই হাতী বিচাৰি ওলালোঁ।
ওৰে ৰাতি বৰষুণ দি আছে। পুৱা যাত্ৰা কৰোঁতেও বৰষুণ এৰা নাই। ছাতি নিলে চিকাৰ নহয়, গতিকে বৰষুণত তিতিয়ে গলোঁ। চাৰি বজাৰপৰা দহবজালৈকে হাতীৰ খোজে খোজে পৰ্বতে-ভৈয়ামে বিচাৰি ফুৰিলোঁ। হাতী খাছীয়াৰ এলেকাৰপৰা উভতি বাগিচাৰ ফালে অহাৰ চিন পালোঁ। আমিও খোজে খোজে বাট ললোঁ, বাটে বাটে ঘৰ ভঙাৰ, শস্য খোৱাৰ চিন পালোঁ। আজি দহ দিনে সেই হাতীটোৰ উপদ্ৰৱত গাঁৱৰ মানুহৰ, বাগিচাৰ মানুহৰ শান্তি নাই। বিচাৰি বিচাৰি বাগিচাৰপৰা তিনিমাইলমান দূৰত এখন বেতনিৰ জাহিত দেখিলোঁ ঘাঁহ খাই আছে। মাত্ৰ পিঠিখন দেখা যায়। হাতীৰ গোন্ধ পাই মই উঠা হাতীজনী উত্ৰাৱল হ'ল। প্ৰমাদ গণিলোঁ। বইঠ পেলাই নামিবৰ চেষ্টা কৰিলোঁ, কিন্তু ভয়তে বইঠ নপৰে। কি কৰিম, কি নকৰিম খন্তেক চিন্তা কৰি পিঠিৰ তললৈ ঠিক কৰি মাৰিলোঁ গুলী। গুলী খায়েই ঠাইতে ঘূৰিল আৰু আমাৰ পিনে খোজ ললে। ময়ো লগে লগে মাৰিলোঁ দ্বিতীয় গুলী। সেই গুলী খাই বইঠ পৰাৰ দৰে বহিল। কিন্তু হাতীয়ে গুলী খালেপ্ৰায়ে হয় বাগৰে নহয় পলায় আৰু সময়ত অলপ দূৰলৈ গৈ পৰাৰ আগতে গছৰ আশ্ৰয় লয়। কিন্তু এই হাতীটোৱে বহা অৱস্থাতেই আৰু ছয় গুলী খোৱাৰ পিচতহে বাগৰ ললে। দেখোঁ — অতিকায় হস্তী। প্ৰায়ে এনেকুৱ৷ ডাঙৰ হাতী লগ পোৱা নাযায়। ওখ প্ৰায় ১০ ফুট, দাঁত এমোনৰ ওপৰ। এনেকুৱা দাঁত মই আগেয়ে দেখা নাই। এদিনত দাঁত উলিওৱা সম্ভৱ নহল। শ্ৰীমান কুঁহিৰামক তাতে এৰি মই ঘৰলৈ আহিলোঁ। এডোখৰ বাট খোজকাঢ়ি আহিবলগীয়া হৈছিল, সেই ডোখৰতেই হাতী-বাঘৰ ভয়। লোহাৰ-ঘাট পাওঁতে ৰাতি ন মান বাজিল। তাতে মটৰত উঠিলোঁ। বাট [ ৫৮ ] ইমান বেয়া যে ৩৷৪ বাৰমান মটৰ বগৰাৰপৰা কথমপিহে ৰক্ষা পৰিছিল। দুইমান বজাত ঘৰ পালোঁ। কাইলৈ পুনৰ ছিলঙলৈ যাম বুলি ভাবিছোঁ, যদিহে ইতিমধ্যে হাতী-মাখিৰ একো বিশেষ খবৰ নোলায়। [ ৫৯ ]
মিকিৰৰ লগত দুৰাতি—অৱশ্যে হাতী বিচাৰি
খুজিলে মাজে-সময়ে কামৰূপৰ ডেপুটি কমিশ্যনাৰ চাহাবে চৰকাৰী হাতীজনী প্ৰায়ে দিয়ে। হাতীজনী দেখোঁতে যেনেকুৱা শোভন, সুন্দৰ আৰু সুঠাম, কামতো সেইদৰেই আচল কোমোৰা বান্ধৰ হাতী। পাছৰ ভৰি দুখন চুটি, পেট ডাঙৰ, নেজ দীঘল; কিন্তু মাটি চুচৰি নাযায়। মাটি চুচৰি যোৱাক ঝাড়ুডুমা বোলে। তেনেকুৱা হলে অলক্ষী বুলি কয়, গৃহস্থৰ সম্পত্তি উলিয়াই নিয়ে, কিন্তু ৰাশিছাৰ মানুহ হলে আকৌ আনৰ সম্পত্তি ঘৰলৈ অনা প্ৰবাদ আৰু প্ৰমাণে৷ পোৱা যায়। নেজৰ অন্তত সৰহ নোম, সৰু বিচনীৰ দৰে বহল। গাৰ ছাল ডাঠ আৰু কোৰপটা-কোৰপটি, মূৰ ডাঙৰ আৰু যাওঁতে মূৰ দাঙি যায়। তালু বগা। তালু ক’লা হাতীয়ে মানুহ মৰা প্ৰবাদ আছে আৰু সেইকাৰণে তালু ক'লা হাতী গৃহস্থই ৰাখিব নোখোজে আৰু সদাগৰে কিনিলেও দাম বহুতো কম দিয়ে। হাতীজনীৰ এটা মাত্ৰ লক্ষণ বেয়া আছে—তাইৰ নখ ১৬ টা। সাধাৰণতে নখ ১২ টা হোৱা উচিত। ১৬ নখী হাতী প্ৰায়েই পলায়; কিন্তু এই হাতী- জনীয়ে প্ৰবাদৰ অসত্যতা প্ৰমাণ কৰিছে। কাৰণ, পৰ্বতত এৰি দিলেও এৰি দিয়া ঠাইতে খাই থাকে, কিন্তু পলাবৰ চেষ্টা নকৰে। এনেকুৱা ধুনীয়া আৰু সৰ্বগুণী হাতী মই কমেই দেখিছোঁ।
সাহ থকা ভাল চিকাৰীৰো সময়ত বুকু কঁপি উঠে, কিন্তু মৌহনমালাই ভয় কৰাৰ প্ৰমাণ আজিলৈকে পোৱা নাই৷ এতিয়া মানে বয়স ৭০ বছৰ পাৰ নহলেও নিচেই ওচৰ তাত সন্দেহ নাই। আজিও থিয় পৰ্বতত উঠা দেখিলে আচৰিত হব লাগে। বনৰীয়া আৰু ঘৰচীয়া দঁতাল, মখনা, মাথুন্দী, কোমোৰ৷ বান্ধৰ, [ ৬০ ] মিবিগা বান্ধৰ অলেখ প্ৰকাৰৰ হাতী দেখিছোঁ; কিন্তু এনেকুৱা সুন্দৰ আৰু সৰ্বগুণী হাতী সৰহ দেখা নাই বুলিয়েই তাইৰ বিষয়ে ইমান লিখিলোঁ। মোহনমালা আৰু মোৰ জয়বাহাদুৰ ( মখন৷ ) দুয়োকো আগেয়ে পঠিয়াই দিলোঁ চকৰদলৈ। আজৰালৈ গলো মটৰেৰে, তাতে হাতী ৰৈ আছিল; মাল-বস্তু সমন্বিতে গৈ ৰাতি চকৰদতে থাকিলোঁ। চিকাৰীৰ স্বৰ্গ চকৰদ এই সময়ত চিকাৰ শূন্য। এটি টিপচী চৰায়ো দেখিবলৈ নাই। পুৱা ৬ বজাত লগত আৰু কেজন- মান চকৰদৰে মানুহ লৈ সাজে-সন্ধ্যায় ৰাণী পালোগৈ। ৰাতি তাতে থাকিলোঁ। পিচদিনা পূবে পোহৰ দিওঁতেই তাৰপৰা খোজ ললো, অৰ্থাৎ মই হাতীৰে আৰু লগৰ মানুহক খোজ কঢ়ালো। অলপদূৰ যোৱাৰ পিচতে পৰ্বত পালে৷; বাট থিয় আৰু চেপা ওপৰৰপৰা মহে কাঠ টানে, তাক “জুৱা” টন৷ বোলে। মহ আঁতৰাই অতি সাৱধানে হাতী নিনিলে হাতী, মহ, মানুহ সকলোৰে মৃত্যুৰ সংশয় থাকে।
ঘণ্টাত এমাইল হিচাপে হাতী চলিছিল। মোৰ হাতীটো পাতল, তাক ধৰাৰ দুবছৰ পূৰ হোৱা নাই, খচমচ কৰি উঠি যায়, কিন্তু মোহনমাল৷ ভাৰী আৰু বুঢ়ী। ইখোজৰপৰা সিখোজলৈ চাই-চিতি অতি সাৱধানে চলিবলগীয়া হৈছিল। ঠায়ে ঠায়ে পৰ্বত বৰ থিয়; মিকিৰে উঠা-নমাৰ কাৰণে সৰু সৰু খটখটীৰ দৰে খাপ কাটি লৈছে, সেই খটখটীৰে এখোজ এখোজকৈ যাব লাগে। নেদেখিলে অনুমান কৰিব নোৱাৰি উঠা কিমান টান আৰু হাতী উঠ৷ নেদেখিলে মানুহে বিশ্বাস কৰিবলৈ টান পাব যে সেই বাটেৰে হাতী উঠিব পাৰে। উঠা-নমা কৰি সেইদৰে ওৰেদিনটে৷ গলো—বনৰীয়া হাতীৰ খবৰ লৈ লৈ। সাজবেলিকা পৰ্বতৰ টিঙত এগিৰি মিকিৰৰ ঘৰত আলহী হলোগৈ। মিকিৰৰ ঘৰ নৌ পাওঁতেই পৰ্বতৰ তলত নৈৰ পাৰত এমখা মানুহ লগ পালোঁ—ল’ৰা, বুঢ়া, ডেকা। ঢোল আৰু পেঁপা বজাই নাচ-বাগ কৰি আছে। নৈৰপৰা অলপ ওপৰত দুখন চাঙিত [ ৬১ ] দুট৷ মৰাশৰ দৰে দেখিলোঁ ৷ বিহ-ঢেকীয়া আৰু চিৰিলা-চিৰিলি পাতেৰে ঢকা আৰু এখন ন বগা কাপোৰেৰে টোপোলা এটা বুকৰ ওপৰতে বন্ধা আছিল । অলপ ওচৰলৈ গৈ চাওঁ যে শ দুট৷ ভালদৰে দেখা নাযায় ; তমালৰ ছাটনি, তলত ঢেকীয়া পাতেৰে ঢকা ; আৰু লেকেটা কোমল দীঘল বাঁহৰ লেজু দুডাল দুয়োফালে বন্ধা, অথচ তুলিবলৈ একো সঞ্জুক নাই। ভালদৰে জুমি চাই দেখিলোঁ, মৰাশ নহয়, দুখন চাঙিত দুটা শিল ৷ যি ঘৰত লোক মৰে তাৰ দুৱাৰমুখত শিল থিয়কৈ পোতা নিয়ম । শিল ডাঙৰ গতিকেই গাঁৱৰ সকলো মানুহে গোট খাই সেইদৰে টানি ওপৰলৈ অৰ্থাৎ ঘৰৰ দুৱাৰমুখলৈ নিয়ে। তাতে থিয়কৈ পুতি নাচ-বাগ কৰি শ্ৰাদ্ধৰ ভোজ খায় ৷ গাঁৱৰ সকলোৰে পৰম আনন্দ ; কিন্তু দেখিলোঁ, এজনী বুঢ়ীয়ে শিলডোখৰত সেৱা কৰি চকুলো টুকি ফুৰিছে। অনুমান কৰিলোঁ, নিশ্চয় তাইৰ ল'ৰা ঢুকাইছে। বুজিলোঁ, মাতৃৰ শোক সবাতোকৈ অধিক । অজ্ঞান অশিক্ষাই মাতৃ-হৃদয় কঠুৱা আৰু মমতামুন্য কৰিব নোৱাৰে ৷ শিক্ষায়ে৷ কোমল নকৰে । ওৰে ৰাতি ঢোলৰ কোবত, চিঞৰ-বাখৰত আমাৰ টোপনিতে৷ নাহিলেই, হাতী দুটায়ে৷ শুব নোৱাৰিলে। সকলোৱে নিঃপালি মাৰিলেহে হাতীয়ে শোৱে ৷ হাতী বাগৰি শোৱে, কিন্তু অলপ সহাৰি পালেই ঘপৰাই উঠে। মিকিৰৰ নাচ ইংৰাজৰ নাচৰ দৰে, ঢোলৰ ছেৱে ছেৱে ঘূৰি ঘূৰি ঠেও লগাই নাচে। দেখি বৰ ভাল লাগিল । কোনোব৷ উদয়শঙ্কৰে পোৱা হলে অলপ সালসলনি কৰি আধুনিক ধৰণৰ কৰি আমেৰিক৷ আদি ঠাইত প্ৰচাৰ কৰি ধন্যবাদো পালেহেঁতেন আৰু টকাও ঘটিলে- হেঁতেন । থাকিও নথকা দুর্কপলীয়৷ অসমীয়াৰ বৰ্তমান দুৰৱস্থাৰ ইয়ো এটা নমুনা ৷ পৰ্বতীয়া মিকিৰে অসমীয়৷ নাজানে বুলিলেই হয়। “বাঙঠাই” অর্থাৎ গাঁওবুঢ়াই অলপ জানে ৷
থকা ঠাই পৰ্বতৰ টিঙত, এডাল তৃণ নোহোৱাকৈ পৰিষ্কাৰ কৰি ৰাখে, তাত বা ওচৰত খেতি নকৰে। কিছু দূৰৈত সৰু সৰু পৰ্বত [ ৬২ ] পৰিষ্কাৰ কৰি তাতে এবছৰ বা দুবছৰ খেতি কৰে। খেতিৰ বাবে বস্তুৰ কাৰণে এটকা আৰু খেতিৰ কাৰণে ঘৰেপতি এটকা চৰকাৰী খাজনা দিয়ে। কপাহ, কচু, লাও, কোমোৰা আৰু বিশেষকৈ ধানৰ খেতি কৰে ৷ আহু, শালি, দুয়োবিধ খেতি কৰে। “ঘনকৈ দিবা আলি, পর্বততো ৰুবা শালি”—ডাকৰ এই সাৰুৱা বচনকো আওকাণ কৰি আলি নিদিয়াকৈ পৰ্বতত শালি ৰোৱা দেখিলোঁ মিকিৰে ৷ বাখ্যু বা সৰু কোদালেৰে সকলো খেতি চলায়। কেতিয়াব৷ এটা দুটা পহু মাৰি খায় । ভৈয়ামৰপৰা শুকান মাছ নিয়ে, তাত মাছ পাবলৈ নাই ৷ সুধি-পুছি জানিলে৷ যে সিহঁতে সাধাৰণতে নিৰামিষ খায় ৷ পূজা দিলে গাহৰি বা কুকুৰ৷ উছৰ্গ৷ কৰি প্ৰসাদ লয়। মিকিৰে গছত উঠাত বান্দৰকো চেৰ পেলায়। হাতীৰ ঘাঁহ নাপাই এডাল সৰু পাকৰী গছৰ ঠানি কাটিবলৈ এটা মিকিৰক কলোঁ। সি পাত-ঠানি বগোৱা দেখি মই চাই থাকিব নোৱাৰা হলো। এই সময়ত অৰ্থাৎ ধান কটাৰ পিচত খেতিৰ নাম নাই ৷ তেতিয়া ন পর্বত জুৰি মুনিহ আৰু তিৰোতাই বাঁহখৰি আনে। শাৰী শাৰীকৈ গোটা বাঁহ পৰ্বত সমানকৈ থৈছে, কেৱল জুই ধৰিবৰ কাৰণে। কাঠখৰি যথেষ্ট পৰিমাণে পালেও নানে, বাঁহেৰেই চলায় ; কাৰণ, বাঁহ অনা তিৰোতাৰ পক্ষে সহজ। ঘৰ-দুৱাৰ অতিশয় পৰিষ্কাৰ কৰি ৰাখে। চোতালত ফু মাৰি ভাত খাব পাৰি । ঘৰৰ ভিতৰত সোমাই চাই এটি বিশেষত্ব দেখিলোঁ, সিহঁতে শুবৰ কাৰণে আন আন পৰ্বতীয়৷ জাতিৰ দৰে চাং পাতি নলয় । মজিয়াত ঢাৰি পাৰি শোৱে, দিনত তুলি থয় ।
মুনিহ, তিৰোতা সমানে দীঘল ডাঙৰ আৰু শকত-আৱত । ভৈয়ামৰ মানুহৰ দৰে দুখৰ কথা প্ৰচাৰ নকৰে ৷ যি আছে, যি নাই, তাতেই সন্তুষ্ট হৈ চলা দেখিলোঁ ৷ হাতী দেখি তিৰোতাবিলাকৰ আনন্দৰ সীম৷ নাই ৷ মই আশ্বাস দি মাতিলত ওচৰ চাপি বেঢ়ি ধৰিলেহি ।'হাতীত' উঠিবলৈ কোৱাত মুখত কাপোৰ ‘দি হাঁহি [ ৬৩ ] পলাল । সন্তোষেই যদি সুখ হয়, সিহঁতৰ সুখৰ অভাৱ নাই ৷ সুস্থ শৰীৰ, নিৰুদ্বেগ মন, অতি অকাতৰ চিত্ত। ল'ৰা পিঠিত লৈ ওৰে দিনটে৷ পৰ্বতে-ভৈয়ামে কাম কৰি ফুৰে। অৱসৰ সময়ত সমনীয়াৰ লগত হাঁহি-খিকিন্দালি কৰি আনন্দ উৎসৱ কৰে । সময়ে সময়ে ঘৰতে মদ কৰি খায় আৰু নাচ-বাগ কৰে; কিন্তু গৃহ-কার্য অৱহেলা কৰা দেখা নাযায়। নৰিয়া হলে পূজা দিয়ে, জৰা-ফুক৷ কৰে আৰু গছপাতেৰে দৰবো দিয়ে। বেমাৰত সহৰকৈ মৰিলে ঘৰ-দুৱাৰ এৰি ঠাই সলায় ৷ নিঝৰাৰ পৰিষ্কাৰ পানী খায় আৰু খায় খেতিৰ ন ন শাক, কচু ; থাকে সৰহভাগ মুকলি পথাৰত । সেইবাবেই বেমাৰ কম আৰু দীর্ঘজীৱী হয় সিহঁত; কিন্তু সভ্যতাৰ কোবত আমি যি দুদিন জীয়াই থাকেঁ৷ তাতো যম-যন্ত্রণা ভুঞ্জি মৰে৷ ; শিক্ষাভিমানী ডাক্তৰ-কবিৰাজে ৰোগ নিৰ্ণয় কৰি, চিকিৎসা কৰি ৰক্ষাৰ হেতু উলিয়াব নোৱাৰে৷ বৰ্তমান শিক্ষাই প্রকৃত সত্যৰ স্বৰূপ কিমানদূৰ প্ৰকাশ কৰিব পাৰিছে তাক নিঃসন্দেহে কোৱ৷ টান । মোব বিশ্বাস, শিক্ষাই অশিক্ষাই এয়েই জীৱন ৷ দিনৰ পিচত দিন যাব, যুগৰ পিচত যুগ যাব—সুখ-দুখৰ সমাবেশত জীৱন চলিয়েই থাকিব। মনৰ গতিয়েই সুখ-দুখ নিৰাকৰণ কৰে, সুখ দুখৰ স্ৰজন, পালন আৰু সংহৰণ কৰে ৷ সেই চঞ্চল মনক সংযত কৰাৰ উপায় অর্জুনে সোধাত শ্রীকৃষ্ণই গীতাত অলপ কথাতে উত্তৰ দিছিল—
“অসংশয়ং মহাবাহে৷ মনোদুর্নি গ্রহং চলম্ ;
অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেন চ সৃহ্যতে।”
মন অতি চঞ্চল, তাক বান্ধিবৰ দুটা প্ৰকৃত উপায় আছে। এটা হৈছে অভ্যাস পৰমযোগ আৰু দ্বিতীয় হৈছে বৈৰাগ্য, অর্থাৎ নিত্যা- নিত্যজ্ঞান, প্রকৃষ্ট জ্ঞান । পৰম জ্ঞানী আছিল ব্যাসদেৱ ; কিন্তু সুখ- দুখৰ অতীত পৰম আনন্দময় বৈৰাগ্য যোগসিদ্ধ জ্ঞানী মহাপুৰুষ আছিল শুকদেৱ ৷ [ ৬৪ ] হাতী চিকাৰৰপৰা তত্ত্বজ্ঞানৰ আলোচনাত পৰিলোহি, মনৰ বেগত । মনৰ গতি কেনি যায় আৰু কি কাৰ্যত প্ৰবৃত্ত কৰায় তাক অনুমান কৰা টান । সেইদেখিয়েই অৰ্জুনে কৈছিলঃ
“তৎ কিং কর্মণি ঘোৰে মাং নিয়োজয়সি কেশৱ !”
প্রকৃতিক সংযত কৰি নিবৃত্তি মাৰ্গেৰে চলোৱা সাধনাৰ কাৰ্য,
সিও এটা কঠিন যোগ । “অভ্যাসযোগযুক্তেন চেতসা নান্য গামিনা”
বুলি গীতাত কৈছে ।
ভালুকমৰা, ভালুকপাম, মাতাংপুং, গড়ভাঙা, লখৰা, বেতকুছি আদি পৰ্বত-ভৈয়াম পাৰ হৈ হৈ ঘৰ পাই প্ৰমাণ কৰিলোঁ, পৃথিৱী ঘুৰণীয়া। মাতাংপুঙত হাতী ওচৰতে থকা খবৰ পালো, কিন্তু কেতিয়াব৷ দাতাই দিলেও বিধাতাই নিদিয়ে। এটা মিকিৰ লৰি- ঢাপৰি হঠাতে ওলালহি। তাক দেখা পাই ভাবিলোঁ, হাতী ওলালেই ; কিন্তু ক্ষন্তেক ৰৈ জেপত হাত দি এখন কাগজ উলিয়াই দিলত ভাবিলোঁ, লোকেলবোৰ্ডৰ দানবে পালে। চাওঁ বিজনী ৰজাৰ গ্ৰেপ্তাৰী পৰোৱানা ৷ য'ৰে হাতী ত’তে এৰি সুৰ সুৰ কৰে ঘৰৰ পিনে বাট ললোঁ। হাতীক মনে মনে আশীৰ্বাদ কৰিলো— ভগবন্তে তহঁতক শক্তিমন্ত কৰি নিৰ্ভয়চিত্তে বিচৰণ কৰিবৰ প্রবৃত্তি দিয়ক—কেতিয়াবা সাক্ষাৎ পাম। সম্প্রতি আমিও অন্ন-বস্ত্ৰ সংগ্ৰহলৈ মন মেলিলোঁ । [ ৬৫ ]
চকৰদ বা চিকাৰীৰ স্বৰ্গ
প্রথম অধ্যায়
দক্ষিণ কামৰূপৰ অন্তৰ্গত খাচীয়৷ পৰ্বতত লগা শুধ মিকিৰৰ বসতি চকৰদ এখনি সৰু গাঁও। গাঁওখন ভৈয়ামত যদিও পৰ্বতৰ গাতে লগা আৰু নিচেই ঠেক, কিন্তু দীঘল।
এই পৰ্বতীয়া মিকিৰবিলাক স্বভাৱতে সৰল আৰু অলপ ভয়াতুৰ৷ গুৱাহাটীৰ দহমাইল দূৰৈত থাকি এই মিকিৰকেইঘৰ আজিও হোজা হৈয়েই থাকিল—ই দুখৰো কথা, সন্তোষৰো কথা। সকলোৱে ধানৰ খেতি কৰে ৷ দুই-চাৰিজনে আকৌ পৰ্বতৰপৰা কাঠ কাটি আনি বেপাৰীত বেচে। ধানৰ খেতিত বাহিৰে তাত অইন খেতি নাই; তাকো হাতী আৰু পহুৰপৰা ৰক্ষা কৰা টান ।
মিকিৰবিলাকে বিলৰপৰা মাছ মাৰি খায়। কেইজনমানৰ (মই জনাৰ ভিতৰত শ্ৰীমান টাবাক আৰু ঘলটঙ্গৰ) খাজি মৰা বন্দুকো আছে। সিহঁতে তাৰ মাজে মাজে দুটা-এটা গাহৰি আৰু পহু মাৰি খায়৷ এইদৰে পোৱা মঙহ সকলোৱে ভাগবাটি খায় আৰু সৰহীয়া হলে শুকায়ো থয়।
ঠাইখনৰ দক্ষিণ-পশ্চিমে খাচীয়া আৰু গাৰোপাহাৰ, উত্তৰে যোজনবিস্তৃত বিল—নাম দীপৰ । কামৰূপৰ ভিতৰত এইখনেই সবাতোকৈ ডাঙৰ বিল। পানীমেটেকা পৰি বিলখন এতিয়া বহুতো বেয়া হ’ল । আগেয়ে মণিব পৰালৈকে ইয়াৰ কলীয়াপানী বতাহত থৌকিবাথৌ কৰি আছিল ৷ বিবিধ বিধৰ মাছমৰা নাও আৰু মানুহে বিলখন শোভন কৰি ৰাখে ৷ মূৰ-ফুলা, খেদেলী হাঁহ, তেল-গাজ, কলী-হাঁহ, বাটলুগুটীয়া শৰালী, নাক খেচখেচীয়া, চাকৈ-চকোৱা আদি [ ৬৬ ] চৰায়ে বিলখনত কোহাল লগাই থাকে। মাজে মাজে উচপ খাই এই চৰাইবিলাক জাকে জাকে উৰি গলে আকাশীজাহাজ যোৱা যেন বোধ হয় ।
কাতিমাহৰপৰা জাকে জাকে ৰাজহাঁহ সশব্দে বিললৈ উৰি যোৱা গুৱাহাটীৰ ঘৰত বহিয়েই দেখোঁ আৰু সেই অনুসৰি খাৰ-বাৰুদ সংগ্ৰহ কৰি ধ্বংসলীলাৰ আয়োজন কৰোঁ ৷ চিকাৰে দয়া-মৰম মনৰ দুৰ্বলতাহে বুলি চিকাৰীক অনুভৱ কৰায়। হাঁহত বাজেও কোঢ়া, কাইঠা, দলমৰা, দলপুঙা, পানী-কাউৰী, চেঁচা-বগ, ওৱাক, কৰ্চন, ঘোগ বা দৈ-কলা, হাড়-গিলা, শামুক-খোলা, তেলীয়াসাৰেং, কনোৱা আদি অসংখ্য চৰাই দেখা যায়। এইবিলাক বিলৰ চৰাই। পর্বতত পোৱা যায় ডৰিক, দেও-ডৰিক, কইৰা, তিতৰ, হাইঠা ইত্যাদি চৰাই ৷ মাজে মাজে জাক বান্ধি বিলৰ ওপৰত ভেলা পৰে, দূৰৈৰ- পৰ৷ পালতৰ৷ নাৱৰ দৰে দেখা যায়। ভেলাই পলো বোৱা চাবলৈ ভাল লাগে ৷ সিহঁতে শাৰী বান্ধি পলোৰ দৰে বৰ বৰ ঠোটেৰে এফালৰপৰ৷ চবিয়াই যায় ৷ ৰৌ-বৰালী আদি ডাঙৰ মাছ পালে সিহঁতে ডিঙিৰ মোনাত সুমাই থয়—গলত দুখ পালে বা কিবা কাৰণত দিগদাৰি অনুভৱ কৰিলে উলিয়াই দিয়ে। খন্তেক পিচতে উলিয়াই দিয়া মাছৰে৷ বাকলি নোহোৱা হয়। সেই মাছৰ লোভাত অলপ দূৰৈত থাকি পাছে পাছে বহুতো মানুহ যায়, আৰু মাছো পায়।
বিলত ৰৌ, বৰালী, বাহু, বাহ, কুঢ়ি, চেনিপুঠি, পাভ, কৰত, শাল, শ’ল, এলেং, ভাঙন, কান্ধুলি, কাৱৈ, মাগুৰ, শিঙি, পুঠি, খলিহনা, মোৱা, দৰিকণা, ককিলা আদি অলেখ প্ৰকাৰৰ মাছ পোৱা যায় ৷ বেৰ-জাল, পৰঙী-জাল, খোৱালি-জাল, ঘাট-জাল, চেপা, ডিঙৰি, পলো, আদিৰে বিলত মাছ ধৰা হয় ৷ বেং গাঠি দি বৰশীৰে শাল, শ’ল আদি মাছ মৰা প্ৰায়েই দেখা যায়। বিলত নিকৰি, শিঙৰি আৰু শেলুক যথেষ্ট পৰিমাণে পোৱা যায়। সেইবোৰৰ লোভতে জাকে জাকে হাঁহ আৰু পালে পালে বনৰীয়া হাতী গোটেই [ ৬৭ ] ৰাতি বিলত পৰি থাকে। ই সাধুকথা বা মনেগঢ়া গল্প নহয়।এই দীপৰ বিলতেই মাত্ৰ সিদিনা ৰাতিপুৱা ৫ বজাত দুকুৰি হাতী বিলত দেখা গৈছিল। তাৰে ভিতৰত দুটা হাতী গুলীত মৰা পৰিল। তলত সেই বিষয়ে বহলাই লিখা হ’ল।
কুমলীয়া ঘাঁহ বিচাৰি জাকে জাকে পহু ৰাতি বিলৰ পাৰলৈ আহে। হাতে হাতে চুঙা-চাকি (টৰ্চ) লৈ অসংখ্য চিকাৰী বিলৰ কানত পহু বিচাৰি ফুৰা দেখা যায়। এই পোহৰবোৰ হঠাতে দেখিলে বৰ বৰ জোনাকী পৰুৱা উৰি ফুৰা বুলি অনুমান হয়।
হাতী, হৰিণা, শৰ, গাহৰি, শহা আদি জন্তুৰে পৰ্বত ভৰা। পহু, গাহৰি আৰু বিশেষকৈ গৰুৰ লোভত বাঘ তাৰপৰা প্ৰায়েই নুগুচে। দিন দুপৰতে গৰখীয়াৰ প্ৰতিবাদ, বুকু ঢাকুৰণি আওকাণ কৰি ভালৰো ভাল হালোৱা, গাই বা চেউৰি বাঘে টানি লৈ যোৱা দেখা যায়। ভালুক আগেয়ে বহুতো আছিল, এতিয়া কমিছে; কিন্তু সময়ে সময়ে পৰ্বতত এটা দুটা লগ পোৱা যায়। জন্তুৰ ভিতৰত নাই কেৱল ম'হ আৰু মেথোন।
জাৰৰ কেমাহ তাত থাকিবলৈ বৰ ভাল, বোকা-পানী নাই। পৰ্বতে-ভৈয়ামে বাঘ, পহু, চৰাই আদি বিচাৰি লুংলুঙাই ফুৰিব পৰা যায়।
বাৰিষাৰ কেইমাহ কিন্তু ঠাইখন বৰ দুৰ্গম হয়, বোকা-পানীৰে চাৰিওফাল ভৰি পৰে, ঠায়ে ঠায়ে না জল না স্থল, নাও নচলে,বামেৰে যাব নোৱাৰি। সাঁজ লগাৰ লগে লগেই মহে নগাধিৰাজৰ বন্দনা আৰম্ভ কৰে। দিনত ডাঁহ, খৰকণা আৰু মাখিয়ে জীৱন দুঃসহ কৰি তোলে।বাৰিষাৰ কথা ভাবিলে অযোধ্যা কাণ্ডৰ পদ এফাকি মনত পৰে—
“জোক পোক মশ ডাশ
দেখি তুমি হৈবা ত্ৰাস
স্বভাৱতে ডৰুক নাগৰ।”
নাইকিয়া কৰিলে মনত পৰে দীপৰলৈ, মনত পৰে চকৰদৰ পৰ্বতলৈ,মনত পৰে শ্ৰীমান টাবাক মিকিৰৰ ভঙা পঁজালৈ আৰু মনলৈ আহে কুৰুৱাৰ ডাকে কলা ঘুমটিত জগাই দিয়া চিকাৰৰ বাতৰি, হাতীৰ চিঞৰ আৰু বাঘৰ হাওৰণি। সকলোকে পাছ পেলাই আৰু মনত পৰে দুখীয়া হোজা মিকিৰৰ হিয়াভৰা অকৃত্ৰিম প্ৰীতিলৈ।
চিকাৰলৈ আহিলে পুৱতি নিশা তিনি-চাৰি বজাৰ ভিতৰত উঠিবই লাগিব, নহলে চিকাৰ মিছা। এবাৰ ঘড়ীটো পাহৰি এৰি থৈ আহিছিলোঁ; খঙে, ক্ষোভে চিকাৰৰ উৎসাহ দমাই দিয়াত বৃদ্ধ মিকিৰ স্বৰ্গীয় কাতিৰাম ওৰফে কাতি চৌকিদাৰে দুখভৰা হাঁহি লৈ আশ্বাস দি কলে,—“মোৰ এটা ঘড়ী আছে, আনি দিম। তই একো চিন্তা নকৰিবি।” তাৰ ঘড়ী থকা শুনি অলপ আচৰিত হলোঁ। তথাপিও আশীবছৰীয়া বৃদ্ধ মিকিৰৰ কথা মানি ললোঁ। নিজে বন্দুক মৰা দেখা নাই, কিন্তু তথাপি তাৰ দৰে চিকাৰৰ আওভাও জনা মানুহ খুব কমহে লগ পাইছোঁ। অলপ পিচতে সি এটা বৰ ৰাৱাল কুকুৰা আনি দি কলে, “নে ঘড়ী। চাবি দিব নালাগে। ৰাতি চাকি লগাই চাবও নালাগে। তিনি বাজি আধা ঘণ্টাত এবাৰ দুবাৰ মাতিব। উঠিলে উঠিবি নুঠিলে আকৌ পাঁচ বজাত মাতিব। কেতিয়াবা ঘড়ীৰ লগত মিলাই চাবি, ঠিক পাবি।” বুঢ়া মিকিৰে কোৱা কথা সত্য যে তাত আমাৰ সন্দেহ নাই। ৰাৱাল কুকুৰাৰ মাত এলাৰ্মৰ চৈধ্য পুৰুষ।
আমাৰ চিকাৰৰ আন এজন লগৰীয়৷ আছিল—পূৰ্ণৰাম। তেওঁ বন্দুক ধৰিব নাজানিছিল; কিন্তু সৰুৰেপৰা আমাৰ লগ। চিকাৰৰ [ ৬৯ ] নামত তেওঁ পগলা আৰু সবাতোকৈ আগেয়ে তেওঁ সাজু হৈ ওলায়। জাৰকালি চিকাৰলৈ গলে পূৰ্ণৰামে বাহিৰতে জুইৰ ওচৰত শোৱে আৰু তিনিমান বজাৰপৰা গীত আৰম্ভ কৰে—স্পষ্ট, গম্ভীৰ, সুৱলা সুৰত। আজিও কাণত বাজি আছে সেই মাত, সেই গীত; আজিও কেম্পত থাকি কলাঘুমটিত শুনো পূৰ্ণৰামে গোৱা গীত—“ৰজনী বিদুৰ দিশ ধৱলী ই-ই-ই ব-ৰ-অ-অ-ণ (হাঁ ) তিমিৰ ফেৰি-ই-ই-য়া আইছে ৰবিৰ অ-অ কিৰণ অবে।”
“শঙ্কৰ জাগো দিগাম্বৰ ৰাই,
বনৰ হৰিণা বনতে লুকাইলা
পশু দশ দিশি গৈলাহে শঙ্কৰ
জাগো দিগাম্বৰ ৰাই।”
“গোপাল, কিনো দুষ্ট ভৈলি তই
তোৰ অপযশ কতেনো শুনিবো-”
“ওহে মুৰুগা মুচৰি মাৰিম মই তোক;
ৰাতি নৌপুহাতে তই কেনে ডাকিলি
হৰি এৰি গৈলা মোক হে
মুৰুগা মুচৰি মাৰিম মই তোক।”
আৰু যে কত গীত!আজিকালি ৰেকৰ্ডত চিঁচিঁওৱা তিৰোতাৰ গীত শুনিলে ডিঙিত টেপা মাৰি ধৰিবৰ মন যায়।
বহু ঠাইতেই চিকাৰ কৰিছোঁ, বহু ঠাইত চিকাৰৰ কথা পঢ়িছোঁ;কিন্তু কেম্পত বহি বহি হাতী, বাঘ আৰু পহু মাৰিব পৰা ঠাই চকৰদৰ দৰে আৰু নাই। খোৱা-বোৱা, থকা-মেলা, অহা-যোৱা, নাও-মৰা,পহু কঢ়িওৱা আৰু হাতীৰ দাঁত উলিওৱা মানুহক অলপ-অচৰপ দিয়৷ আদি সমুদায় খৰচ হিচাপ কৰিলে পাওঁ যে কুৰি টকামানৰ ভিতৰতে গুৱাহাটীৰপৰা আহি ইয়াত এসপ্তাহমান থাকিব পৰা যায়। [ ৭০ ] আজিও এই চকৰদক ঋষিৰ আশ্ৰম, মৃগয়াৰ ইন্দ্ৰপুৰী, চিকাৰীৰ স্বৰ্গ বুলি কলেও বঢ়াই কোৱা নহব। চিকাৰ বুলিলে মনত পৰে ঋষি বাক্য—
“একস্য ক্ষণিকা প্ৰীতিঃ
অন্যৈ প্ৰাণা: বিমুষ্যতে।”
অৰ্থাৎ,এজনৰ ক্ষন্তেকীয়া প্ৰীতি অন্ত কৰে আনৰ প্ৰাণৰ।
মনক আকৌ প্ৰবোধ দিয়া যায় কবি বাক্যেৰে—
“মিথ্যৈব ব্যসনং বদন্তি
মৃগয়ামী দৃগ্বিনোদঃ কুতঃ।”
অৰ্থাৎ, অতুল আনন্দৰ অনন্ত আধাৰ মৃগয়া, মিছাতে ব্যসন বোলে তাক।
দ্বিতীয় অধ্যায়
চকৰদত চিকাৰ বিষয়ে এই প্ৰবন্ধত যে বঢ়াই কোৱা নাই তাৰ প্ৰমাণ স্বৰূপে পৰহিদিনাৰ (২-৭-৩৭ ) চিকাৰৰ বিৱৰণ তলত দিলোঁ।
গোৱালপাৰাৰ অন্তৰ্গত লক্ষ্মীপুৰৰপৰা মটৰেৰে গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ পুৱা ১০ বজাত—দূৰ এশ এমাইল। বৰষুণৰ বাবে বাট বোকাময় হোৱা দেখি সোনকালে ওলালোঁ। খৰালি কালত তিনি ঘণ্টাতেই পোৱা যায়। দুধনৈৰ দলংখন ভগা, মাৰনাৱেৰে মটৰ পাৰ কৰে। নৈৰ পানী তেনেই কমি যোৱাত কোনোমতে ঠেলি-মেলি এঘণ্টামানৰ মুৰত পাৰ হলোঁ। তাৰ পিচৰপৰাই ধাৰাসাৰে বৰষুণ। বাট পিছল, সময়ে সময়ে মটৰখন বাটৰপৰা উফৰি গৈ পথাৰত পৰিব খোজে; কিন্তু জংছন ( ৰাভাৰ ল'ৰ৷ ) ড্ৰাইভাৰে গাড়ী ভাল চলায়। কোনো দুৰ্ঘটনা নোহোৱাকৈ ঘৰ পালোঁ। তিনিঘণ্টাৰ ঠাইত পাঁচ [ ৭১ ] ঘণ্টাই লাগিল। জোকাৰণিত সৰ্বাঙ্গ বিষাই গৈছিল, ভাবিলোঁ,তিনিদিনমান বিছনাৰপৰা নুঠোঁ।
ঘৰ পোৱাৰ অলপ পিচতেই খবৰ পালোঁ দীপৰত হাতী নামিছে আৰু দঁতাল এটাই ‘ফৰেষ্ট’ৰ ঘৰ ভাঙিছে আৰু মানুহো খেদি ফুৰিছে। খবৰ শুনিয়েই দুখ-ভাগৰ বহুত কমা যেন লাগিল। লগুৱা শ্ৰীমান কুঁহিৰামক ন-কাপোৰ দিবলৈ কলোঁ, কাৰণ, পিন্ধি অহা কাপোৰেৰে বাজলৈ যোৱা টান।
জয়জয়তেই গলোঁ ডিভিজনেল ফৰেষ্ট অফিচাৰ মিঃ ভদ্ৰনৰ তালৈ। দঁতাল হাতীটো মাৰিবৰ কাৰণে অনুমতি দিবলৈ ডেপুটী কমিশ্যনাৰ চাহাবক অনুৰোধ কৰিবলৈ তেওঁক কলোঁ, কাৰণ, সেই যোগত চকৰদ অফিচ ঘৰ ভাঙিছে।এখন্তেক পলম হোৱা হলে তেওঁক লগ নাপালোঁহেঁতেন—ক’ৰবালৈ যাবলৈ ওলাইছিল। লৰা- লৰিকৈ মই ডি-চিলৈ দিয়া দৰখাস্তৰ এচুকতে অনুমতি দিবলৈ অনুৰোধ কৰি লিখি দিলে। সেইখন লৈ গৈ ডি-চিক অনুমতিৰ কাৰণে ধৰিলোঁ। তেওঁ ভাবি-চিন্তি চাই তাৰ পিচদিনা অফিচত হুকুম দিব বুলি কলে। কিন্তু তেনে কৰিলে মোৰ পলম হয়, হাতী লগ পোৱাৰ সম্ভাৱনা নাথাকে। এই বিষয়ে ভালদৰে বুজাই কোৱাত তেওঁ মুখেৰেই মাৰিবলৈ অনুমতি দি লিখিত হুকুম পিচদিনাখন দিব বুলি কলে। হুকুম পাওঁতে ৰাতি হ'ল। যোগাৰ-যন্ত্ৰ কৰি ওলাওঁতে মিলোতে পুৱ৷ ৮ বাজিল। বিল পাৰ হৈ কেম্প পাওঁতে ১০॥ মান বাজিল।
বিল পাৰ হওঁতেই শুনিলোঁ, অলপ আগতে বিলৰপৰা হাতী গৈ পৰ্বতত উঠিল। ইমান পৰলৈ হাতী বিলত নাথাকে বুলি জানো,কিন্তু সিদিনা ৰ'দ উঠালৈকে থকা কথা সকলোৱে কলে৷
কথা-বতৰা কৈ নানা কল্পনা-জল্পনা কৰি দিনৰ সৰহপৰ বিছনাতে পৰি কটোৱা হ'ল। হাতী নমা খবৰ পালেও ৰাতি আৰু টৰ্চ দি মাৰিবৰ চেষ্টা নকৰাকেই স্থিৰ কৰি ১০মান বজাত শোৱা গ'ল। [ ৭২ ] বিলত হাতী মৰা এনেয়ে টান, তদুপৰি টৰ্চ দিলে হঠাতে চক খাই কোনোবা এপিনে লৰ মাৰিলে আৰু আন্ধাৰত মৰা অসম্ভৱ। ৰাতি দুইমান বজাত খবৰ দিলে হাতী নামিছে বুলি। লগে লগে হাতীৰ চিঞৰ-বাখৰো শুনিবলৈ পোৱা গ'ল। কৰিবলৈ একোৱেই নাই,কাতি হৈ আকৌ বাগৰ দিলো। টোপনি ততালিকে আহিল। ৪ বজাত আকৌ সাৰ পালো। কাপোৰ-কানি পিন্ধি-উৰি চাহ-জলপান খাই-মেলি গুলী-বন্দুক লৈ দুৰ্গা দুৰ্গা বুলি যাত্ৰা কৰিলেঁ৷ ৪॥ মান বজাত। লগত ওলাল মোৰ সদায় লগত ফুৰা শ্ৰীমান কুঁহিৰাম। হাতী মৰা বিষয়ত তাৰ বৰ আগ্ৰহ। কেবাবাৰে৷ হাতী বিচাৰি যোৱাত হাতীৰ খোজ চাই দণ্ডি ধৰি যোৱাত সি পাৰ্গত হৈ উঠিছে। মনত অলপ আশঙ্কা আহিলেও ডবিয়ালে সাহ কৰি পৰ্বতে-ভৈয়ামে হাতী চান্দি আগবাঢ়ি যায়। ধুতি এৰি সিয়ো চুটি পট্লুং পিন্ধিলে, কিন্তু বনিয়নটো পিন্ধিলে বগা, অলপ দূৰৈত গৈহে দেখিলোঁ। ঘোচা এটা শোধাবৰ মন আছিল; কিন্তু যাত্ৰা অসিদ্ধ হব বুলি মৰা নহল। বগা কাপোৰ দেখি হাতীয়ে খেদিলে সিহে মৰিব।তাক মই আগেয়ে কেবাবাৰো চিকাৰত বগা কাপোৰ নিপিন্ধিবলৈ কৈছিলোঁ।
শ্ৰীমান টাবাক মিকিৰ আৰু ছৰ্দাৰ বলবাহাদুৰ নেপালীও আমাৰ লগত ওলাইছিল। মোৰ ভতিজা শ্ৰীমান বীৰেনে৷ মোৰ লগতে আছিল। তেওঁৰ বয়স কম হলেও চিকাৰী ভাল। পৰ্বতৰ কানে কানে গৈ বিলৰ পাৰ পালোগৈ। তাৰপৰা দেখিলে৷ ২০।২৫টামান হাতী পোৱালিয়ে পানীযু’ৱলিত আনন্দমনে ঘাঁহ খাই আছে। আৰু দেখিলোঁ চাহান এৰি অকলশৰে ধাহ খাই থকা দুটা ডাঙৰ হাতী সেই দুটাৰ ওপৰত লক্ষ্য ৰাখি আগবাঢ়িলোঁ। আমাক দেখি হাতী-বোৰ পৰ্বতমুৱা হ'ল। আমিও — মই, বলবাহাদুৰ আৰু কুহিৰাম-পৰ্বতত উঠিলো। এজোপা ডাঙৰ গছৰ আঁৰ লৈ তিনিও ৰলো। ১০।১৫ মিনিট যোৱাৰ পিচতেই চাহানৰ হাতী এটি-দুটিকৈ আমাৰ [ ৭৩ ] কাষেদি যাবলৈ ধৰিলে। আমি থকা ঠাইৰপৰা হাতী যোৱা ঠাইৰ ব্যৱধান পোন্ধৰ হাততকৈ বেছি নহয়। দেখিলোঁ, হাতীৰ মন সন্তোষপুৰ্ণ, চিত্ত নিৰুদ্বেগ। আগত ডাঙৰ মাখুন্দি এটা-দুটা-তিনিটা গজেন্দ্ৰ গমনে চলিছে। তাৰ পিচত পোৱালি দহ-পোন্ধৰটিমান চঞ্চল গতি আৰু অস্থিৰ মতি লৈ অগ্ৰসৰ হৈছে। তাৰ পিচত ওলাল দঁতাল তিনিটামান, নিচেই পোৱালি নহয়; দহৰপৰা ১৫/২০ বছৰমান হব। পিচত আকৌ কেইটামান মাথুন্দি। এইদৰে ২৫।৩০টামান হাতী কাষেৰে গ'ল। সৰ্বশেষত আহিল এটা দলৰ মখনা। সি মাৰিবৰ যোগ্য হলেও দলৰ মখনা বুলি নামাৰিলোঁ। চাহান গৈ শেষ হ'ল। কিন্তু বাকী দুটা হাতীৰ একো খা-খবৰ নাই। অলপ সময় সেই ঠাইতেই থাকি ওপৰলৈ গৈ আকৌ এডাল গছৰ আশ্ৰয় ললোগৈ। অলপ পৰৰ পিচত এটি সৰু শব্দ কাণত পৰা যেন লাগিল। শব্দ অহা ফাললৈ একান্তে চাই ৰলোঁ। ক্ষন্তেক পিচতেই অতি ধীৰে, গজেন্দ্ৰগমনে যাব ধৰা দেখিলোঁ এটা দঁতাল। মাৰিবৰ মন কপালত'। কিন্তু ভালকৈ দেখোঁ মানে মুৰটো অলপ আগবাঢ়িল। সি আমাৰ নিচেই ওচৰতে প্ৰায় কুৰি হাতমান নিলগত। ঠিক মূৰ বা কপাল নাপাই কাণৰ পাছেদি মগজু পোৱাৰ আন্দাজ কৰি মাৰিলোঁ গুলী। গুলী খাই সি বাওঁহাতলৈ ঘূৰিব ধৰোঁতেই কাষত মাৰিলোঁ দ্বিতীয় গুলী। সেই গুলী খায়েই সি নেদেখা হ'ল।
বন্দুকত পুনৰ গুলী ভৰাই লৈ শব্দ আন্দাজ কৰি ক্ষন্তেক কাণ-পাতি ৰলোঁ। ওচৰতে ঘৰ ঘৰ কৰা যেন শব্দ শুনি অতি সাৱধানে আৰু সন্তৰ্পণে এখোজ দুখোজকৈ আগবাঢ়িলোঁ। গুলী খোৱা হাতী নপৰিলে সি খঙত উগ্ৰমূৰ্তি হয় আৰু কাণ মৰা বন্ধ কৰি নিতাল মাৰি থাকে—চিকাৰীয়ে দেখা নেদেখাতেই হেঁচা মাৰি ধৰে। এখোজ-দুখোজকৈ আগবাঢ়ি দেখোঁ—বাওঁফালে এটা শিলৰ কুৰুঙত থিয়ই বহাৰ দৰে সি পৰি আছে। আমাক দেখি সি উঠিবলৈ চেষ্টা [ ৭৪ ] কৰিছিল; কিন্তু চেষ্টা ব্যৰ্থ যেন পাই শুৰেৰে ধৰিবলৈ চালে। বুজিলোঁ, তাৰ পক্ষে উঠা অসম্ভৱ। নিশ্চিন্ত হৈ আৰু আগবাঢ়িলোঁ।
মত্ত গজহস্তীৰ এনে অৱস্থা দেখি অলপ বেয়া লাগিল। তাৰ পিচত আন এটা গুলীৰে গজেন্দ্ৰৰ মুক্তিসাধন কৰা হ'ল।
অলপ চাই-চিতি দা-কুঠাৰ আনিবৰ মনেৰে ঘৰমুৱা হৈ খোজ লওঁতেই দূৰৈত কোনোবাই ডাঙৰ মখনা এটা অহা বুলি চিঞৰা শুনিবলৈ পালোঁ। আকৌ আগবাঢ়ি পৰ্বতত উঠিলোগৈ। গছৰ আঁৰ লৈ ৰথ দিলোঁ। কুঁহিৰামক আগবাঢ়ি চাবলৈ কালোঁ। সি এখোজ দুখোজ গৈ ভয়তে আৰু আগ নাবাঢ়ে। অলপ ধমক দিয়াত আগবাঢ়ি গ'ল। ক্ষন্তেক পিচতে সি চুলি মেলি দৌৰি আহি কলে,“মখনা হাতী এটা আহিব লাগিছে।” কওঁতে কওঁতে তেওঁ আহি ওলালহিয়েই। অলপ দূৰৈ বুলি গুলী মাৰো নামাৰো কৰি থাকোতেই আমাক দেখি তেওঁ হাবিত লুকাল। মনটো কেনেবা লাগিল। লৰালৰিকৈ শব্দ অনুসৰণ কৰি পূবৰ পিনে আগবাঢ়ি গছ এজোপাৰ আঁৰত ৰলোঁ। শব্দ নোহোৱা হ'ল।
কিন্তু চকুৰ পলকতে দেখিলোঁ, গছ এডালৰ আঁৰ লৈ কাণ থিয় কৰি আমাৰ পিনে তেওঁৰ লাগি চাই আছে, অৰ্থাৎ খেদিবৰ মন। চকুৰ পচাৰতে গছৰ গুৰি এৰি দুখোজ আগবাঢ়িলোঁ। হাতীয়েও আমাক লক্ষ্য কৰি খোজ ললে। তিলমানো পলম নকৰি সেই মুহূৰ্ততে ভুচুং চাই মাৰিলোঁ গুলী। গুলী খাই এখোজো নিদিয়া-কৈয়েই বাগৰ ললে গজৰাজে। বাগৰ লোৱাৰ আগতেই জীৱ বাজ হোৱা যেন লাগিল, কাৰণ, কাণ-শুৰ একো লৰোৱা দেখা নগল। গুলী মৰা ঠাইৰপৰা হাতী থকা ঠাইলৈ ১৫ গজৰ বেছি নহব।
এঘণ্টাৰ ভিতৰতে দুটা হাতী পৰিল, চকৰদৰ পূৰ্ব সুনাম আকৌ উজ্জ্বল হৈ উঠিল। হাতী পৰা শুনি চাৰিওপিনে কোহাল লাগিল। গছৰপৰ৷ মিকিৰৰ ল'ৰাবোৰে বান্দৰৰ দৰে নামিবলৈ ধৰিলে। ডেকা-বুঢ়া সকলোৱে য’ৰে বস্তু ত’তে এৰি হাতীৰ চাৰিওফালে জুম [ ৭৫ ] বান্ধিলে। দিনৰ দিনটো হাতী চোৱা মানুহৰ অন্ত নাই। হাতী প্ৰায়েই দূৰৈৰ পৰ্বতত বা অটব্য বননিতহে মৰা পৰে। গাঁৱৰ ইমান ওচৰত হাতী মৰা চকৰদত বাহিৰে শুনা নাযায়। ই মাত্ৰ পৰহি দিনাৰ পুৱা ৫ বজাৰ ঘটনা।
কেম্পলৈ আহি শুনিবলৈ পালো যে আমি হাতী মাৰি থকা সময়ত কেম্পৰ ওচৰতে বাঘ এটাই হাঁউৰিয়াই আছিল। খোজ চাই অনুমান কৰিলোঁ, বাঘ ডাঙৰ, ঢেকীয়াপতীয়া।
দাঁত কাটি লৈ ঘৰলৈ যাওঁ বুলি ওলাইছোঁ, এনেতে খবৰ আহিল যে বিলত এটা দঁতাল হাতী পৰি আছে। সাজি-কাছি গৈ দেখিলোঁযে বিলৰ মাজত সি নিশ্চিন্ত মনে ঘাঁহ খাই আছে—আমালৈ ভ্ৰূক্ষেপেই নাই। দুখৰ বিষয় তাত নাও নাছিল। য'ত হাতীটো আছিল তালৈকে বন্দুকৰ গুলীয়ে ঢুকি নাপায়। তথাপি ঘৰলৈ অহাৰ ইচ্ছা এৰি দি হাতীটো লগ পোৱাৰ আশাত কেম্পলৈয়ে উভতিলোঁ। কিন্তু আশ৷ নফলিল।
ইমানতো বিশ্বাস নহয় নে যে চকৰদ চিকাৰীৰ স্বৰ্গ? [ ৭৬ ]
কোচবিহাৰৰ মহাৰজা স্বৰ্গীয় নৃপেন্দ্ৰনাৰায়ণ
ভূপ বাহাদুৰৰ লগত চিকাৰ
মহাৰজা স্বৰ্গীয় নৃপেন্দ্ৰনাৰায়ণে আমি জনাৰেপৰা বছৰি একোবাৰ অসমলৈ চিকাৰ কৰিবলৈ আহিছিল।
নিজৰ ল'ৰা-ছোৱালী আৰু দুই-চাৰিজন বন্ধু-বান্ধৱৰ বাহিৰে প্ৰায়ভাগ চিকাৰী বিলাতৰপৰা আহে। প্ৰত্যেক চিকাৰৰ খৰচ প্ৰায়েই লাখ টকামান পৰে। অসমৰ বিখ্যাত চিকাৰী স্বৰ্গীয় নবীনৰাম ফুকনদেৱে প্ৰায়েই তেখেতৰ চিকাৰলৈ নিমন্ত্ৰণ পায়। এবাৰ ময়ো পালোঁ।
মেছপাৰাৰ জমিদাৰ শ্ৰীযুত ভোলানাথ চৌধুৰী ডাঙৰীয়াই গোৱালপাৰাত চিকাৰৰ নিমন্ত্ৰণ জনালে ৰজাক। নিমন্ত্ৰণ দিয়া প্ৰস্তাৱ ওলাওতেই বহুতে জমিদাৰক ভয় দেখুৱাব ধৰিলে। “এই-বেলি ফুকনৰ বুদ্ধিত পৰি জমিদাৰীৰ তলি উদং হব। ৰজাক নিমন্ত্ৰণ দি বাহাদুৰি লোৱাৰ মজা পাব।” ইত্যাদি ইত্যাদি।
হওঁতে ময়েই মাতিবলৈ উদগাই দিয়৷ সঁচা; কিন্তু মই ভালদৰে জানিছিলোঁ যে জমিদাৰে নিমন্ত্ৰণ দিয়াৰ গৌৰৱ পাব, কিন্তু বিশেষ একো খৰচ নহয়, ৰজাই নিজেই সমুদায় খৰচ যোগাব।
নিমন্ত্ৰণ জনোৱাৰ ভাৰ মোৰ ওপৰতেই পৰিল। নিমন্ত্ৰণ পাই ৰজাই বৰ সন্তোষ পালে আৰু আগ্ৰহেৰে গ্ৰহণ কৰিলে; ময়ো লগতে নিমন্ত্ৰণ পালো ৰজাৰ পক্ষৰপৰাও।
জয়জয়তে ৰজাই তেখেতৰ দেৱানৰ লগত পৰিচয় কৰাই দিলে! তেওঁ কলে যে সম্প্ৰতি আমাৰ ইঞ্জিনিয়াৰে আপোনাৰ লগত দেখা কৰি কোন ঠাইত কেম্প কৰিলে সুবিধা হয়। সেই বিষয়ে পৰামৰ্শ কৰিব আৰু আপুনি লগত মানুহ দিলে তেওঁ ঠাই বিচাৰি লব। [ ৭৭ ] কেইদিনমান পিচত ইঞ্জিনিয়াৰ চাহাবে আহি মোৰ লগত দেখা কৰিলে আৰু কলে যে ৰেল-জাহাজৰপৰা ওচৰ হোৱা ঠাই পালে ভাল হয়; ১০।১৫ মাইল দূৰৈ হলেও বাট উলিয়াই লব পাৰিব।
লগত জনা-বুজা মানুহ দিলোঁ। তেওঁ লোকজন লগত লৈ নিজে চাই-চিতি আলি-পদূলি বান্ধিলে আৰু ডাকঘৰ আৰু টেলিগ্ৰাফ অফিচ বহুৱালে।
যিমানলৈকে পাৰে মটৰেৰে আৰু নোৱাৰা ঠাইত ঘোঁৰাৰে ডাক অনা-নিয়া কৰাৰ দিহা হ'ল। ডাক-বাকচো বহিল আৰু দিনত তিনিবাৰকৈ ডাক নিয়াৰ বন্দৱস্ত কৰা হ'ল। ন-কৈ জাহাজঘাটো কৰোৱা হ'ল আৰু বন্দৱস্ত কৰা হ’ল, কলিকতাৰপৰা মাছ,আঞ্জা-পাচলি, বৰফ আদি বস্তু নিতৌ অনাৰ।
ওখ মুকলি ঠাই লোৱা হ'ল। মিউনিচিপেলিটীত লগোৱাৰ দৰে শাৰী শাৰীকৈ চাকি দিয়াৰ ব্যৱস্থা হ'ল; খেল-মাটি কৰা হ'ল, নলীনাদ বহুৱাই পানীৰ যোগাৰ কৰা হ'ল। থকা তম্বু ১৪ টা। তাৰ উপৰিও অলেখ তম্বু। তাৰ ভিতৰতে প্ৰধান হৈছে, বহা তম্বু,( ৰুম টেণ্ট )। খোৱা তম্বু ( ডাইনিং ৰুম টেণ্ট ), খেলাৰ তম্বু,( স্পোৰ্টিং ৰুম বা কলাৰ টেণ্ট ), খাৰ-বাৰুদ থোৱা তম্বু, বন্দুক থোৱা তম্বু, চাকৰ-বাকৰ থকা, ৰন্ধা-বঢ়া কৰা ইত্যাদি তম্বু আছেই। দুই-চাৰিটা খেৰৰ জুপুৰি ঘৰো সজা হৈছিল। এইবিলাক হোৱাৰ পিচত থাকিল হাতী আঢ়ৈকুৰিমান। লগতে আহিল ৰজাৰ খাচ চিকাৰী হাতাশু আৰু এজনৰ নাম পাহৰিলোঁ; ৰজাৰ লগত ফুৰি ফুৰি বুঢ়া হৈছে; কিন্তু উৎসাহ কমা নাই। ৰজাই তেওঁবিলাকৰ লগত কোচ-বিহাৰৰ কথিত ভাষাৰে কথা কয়। চিকাৰৰ আওভাও ৰজাতকৈও সিবিলাকে অলপ সৰহ জানে যেন লাগিল।
হাতীৰ দুভাগ কৰা হয়। এভাগত হাউদা দিয়া হয় আৰু এভাগত কেৱল গাদী দিয়ে। হাউদাৰ হাতী প্ৰত্যেক চিকাৰীকে [ ৭৮ ] একোটা দিয়া হয় আৰু সেই হাতী চিকাৰৰ ঠাইত আগেয়ে গৈ ৰৈ থাকে। পিচত গাদীৰ হাতীত উঠি চিকাৰৰ ঠাইলৈ যায়।
কোন কোন হাউদাৰ হাতীত উঠি চিকাৰ কৰিব, তাৰবাবে চিঠি-খেল হয় আগদিনা গধূলি। তাত হাতীৰ নাম আৰু নম্বৰ উঠে, সেই অনুসৰি চিকাৰৰ ঠাইত নিজৰ হাতী বিচাৰি লব লাগিব। হাতীৰ দানা, মাউতৰ চাউল-দালিৰ কাৰণে বজাৰো বহুৱা হয়। মুঠতে চিকাৰৰ কেইদিন সৰু-সুৰা এখন নগৰ পতা হয়।
সকলো ঠিকঠাক হোৱা সংবাদ দিলত অভ্যাগতসকলক লগত লৈ ৰজা উপস্থিত হ'ল।
তম্বুত আগেয়ে নাম লিখি থোৱা হৈছিল। গৈ পাই নিজ নিজ তম্বু বিচাৰি লৈ হাত-মুখ ধুই, কাপোৰ-কানি সলাই বহা তম্বুলৈ আহিল।
ঘড়ী-ঘণ্টা হিচাপে খোৱা-বোৱা চলে। ৰাতি খোৱাৰ পিচত তাচৰ খেল, নাচ-বাগ, গীত-বাজনা, কথা-গল্প চলে দুপৰ নিশালৈকে।
পুৱা ৭ বজাত প্ৰথম ঘণ্টা পৰে, সাজু হবৰ কাৰণে। দ্বিতীয় ঘণ্টা পৰে ৭॥ বজাত। তেতিয়া খাই-বৈ দিনটোলৈ ওলাব লাগে। ৮ বাজিলে নিজ নিজ হাতীত উঠি গধূলিলৈকে চলিব লাগে।
চিকাৰীয়ে নিজা বন্দুক আনে, কিন্তু লাগিলে ৰজাৰ বন্দুকো পায়। কাৰণ, ৰজাই নানাবিধৰ বন্দুক যথেষ্ট পৰিমাণে আনে।
চকী-মেজ আৰু চব্য-চোষ্য-লেহ্য-পেয় আদি লৈ দুটা বা তিনিটা হাতী লগে লগে ফুৰে, ১॥ বজা মাত্ৰকে খোৱাৰ যোগাৰ হয়। খাই-মেলি আকৌ চিকাৰ আৰম্ভ হয় সন্ধিয়া নহয় মানে।
নিতৌ গধূলি চিঠিখেল কৰি কোন ক'ত থাকিব ঠিক কৰা কথা আগেয়ে লিখিছোঁ। হাউদাৰ হাতী মুকলিত থাকে আৰু বাকী হাতীয়ে হাবিৰপৰা চিকাৰ খেদি আনে, যাৰ ভাগত আৰু কপালত পৰে সেয়ে মাৰে। চিকাৰ মৰিলে তাৰ ছবি তোলা হয়। দুজনৰ গুলী লাগিলে আচলতে কাৰ গুলীত ৰল তাৰ বিচাৰ কৰি ৰজাই [ ৭৯ ] নিজে ৰায় দিয়ে। কেম্পলৈ উভতি মুচিয়াৰে যি যি ৰাখিব লাগে তাৰ ব্যৱস্থা কৰে, অৱশ্যে মুচিয়াৰ ৰজাই লগতে আনে।
কোনদিনা কি চিকাৰ কৰিব তাক আগতে থিৰ কৰা হয়। তাৰ বাহিৰে সেইদিনা আন চিকাৰ পালেও মাৰিব নোৱাৰে। ম'হ মৰা স্থিৰ হলে পহু মাৰিব নোৱাৰিব; কিন্তু বাঘ পালে মাৰিব পাৰিব; বাঘ মৰা স্থিৰ হলে ম'হ, পহু একো মাৰিব নোৱাৰিব। কেতিয়াবা আকৌ পহু মাৰিবলৈ অনুমতি দিয়া হয়। যি পোৱা তাকেই মৰাৰ ব্যৱস্থাও সময়ত হয়।
এদিন দুদিন চিকাৰ বন্ধ কৰি ফুটবল আদি খেল খেলোৱা হয়।
ৰজা অতি ধেমেলীয়া আৰু উদাৰ প্ৰকৃতিৰ লোক আছিল। ছুটীৰ দিনা নানা ৰকমৰ খেল উলিয়ায়। কিন্তু সেইদিনা—
“একস্য ক্ষণিকা প্ৰীতিঃ অৰ্ন্য়ৈ প্ৰাণে বিমুচ্যতে”
অৰ্থ্যাৎ কাৰোবা পৰমা প্ৰীতি কাৰো যায় প্ৰাণ।
কোনোবাই ৰং পাই বঁটা-বকচিচ পায় আকৌ কোনোবাই পৰিহৰি গাৰ ছাল-বাকলি খেদাই নগুৰশাস্তি পায়।
ঘোঁৰাৰ নেজৰ পিনে মুখ দি উঠি দৌৰাব লাগে ঘোঁৰা। নেজেৰে বগাই উঠিব লাগে হাতীত। দেও দি খাল পাৰ হব লাগে। নোৱাৰিলে অপবিত্ৰ খালত পৰি তললৈ যাব লাগে। চকুত কাপোৰ বান্ধি বস্তু বিচাৰি উলিয়াব লাগে। তাকে কৰোঁতে ক’ত হাত পৰে ঠিক নাই, ইত্যাদি প্ৰকাৰৰ ধেমালিৰ অৱতাৰণা কৰা হয়।
হাবিৰ মাজত নগৰৰ সৰ্বপ্ৰকাৰৰ সুখ কোচবিহাৰৰ চিকাৰ কেম্পত পোৱা হয়। ইচ্ছা কৰা মাত্ৰেই ঈপ্সিত বস্তুৰ যোগান ধৰে ৰজাৰ লগুৱাই।
চিকাৰ কৰা আৰু নকৰা ভদ্ৰমহিলাও কেম্পলৈ যায়।
চিকাৰ প্ৰায় এপ্ৰিল, মাৰ্চ মাহত হয় আৰু এমাহমান চলে। ইয়াৰ ভিতৰতেই লক্ষাধিক টকা খৰচ হয়, ইয়াৰপৰাই অনুমান কৰিব পাৰি কি পৰিমাণে আয়োজন হয়।[ ৮০ ] খোৱা-বোৱা, নাচ-বাগ, আনন্দ-উৎসৱেই চিকাৰৰ প্ৰধান অঙ্গ নহয়; ৮ বজাৰপৰা সাঁজ নালাগে মানে অবিৰাম গতি, ৰ’দ-বৰষুণ বোকা-পানী, অটব্য অৰণ্য একো চাবলৈ নাই, চিকাৰ নোপোৱা মানে গৈ থাকা, মাত-বোল কৰিবৰ উপায় নাই, ধপাত, চুৰট খাবৰ সময় নাই, চিকাৰ পলোৱাৰ আশঙ্কাত, নিয়ম ভঙ্গৰ ভয়ত। কেৱল মাত্ৰ হাবিৰ পিনে খৰ দৃষ্টি, বাঘ-ভালুকৰ ধ্যান। চাওঁতে চাওঁতে চকু বিষাই যায়, বহোঁতে বহোঁতে কঁকাল শালি ধৰে, হাতীৰ জোকাৰণিত শৰীৰৰ যোৰা খহি যোৱা যেন লাগে, ৰ’দত দেহা পুৰি ঢৌ ফুটা যেন লাগে। পিয়াহত অণ্ঠকণ্ঠ শুকাই যায়; কিন্তু ক্ষন্তেক জিৰাবৰ উপায় নাই—এমাইল,দুমাইল, দহমাইল, পোন্ধৰ মাইল হাতী গৈয়েই থাকে, বন্দুক হাতত লৈ সকলো আওকাণ কৰি একমনে চিকাৰ চাই থাকিবই লাগিব।
গা বেয়া বুলি এদিন চিকাৰলৈ নহাকৈ থাকিবৰ উপায় নাই,কাৰণ, গা বেয়া বুলি শুনা মাত্ৰেই ডাক্তৰ-কবিৰাজে হেঁচি ধৰেহি। অহুকাণে পহুকাণে শুনিবহে লাগে কাৰোবাৰ গা বেয়৷ বুলি, চিকিৎসাৰ কোবত তেওঁৰ জীৱন দুৰ্বহ কৰি তোলে।
শ্ৰীযুত ভোলানাথ চৌধুৰীয়ে এদিন কেম্পত থাকি জিৰাবৰ মনেৰে গা বেয়া বুলি কলে। শুনা মাত্ৰেই ৰজা-প্ৰজা, অভ্যাগতকে আদি কৰি সকলোৰে হেন্দোলনিয়ে চৌধুৰীক উত্ৰাৱল কৰি তুলিলে।
“Our host Lakhipore is ill” বুলি চিকাৰ বন্ধৰ আদেশ হ’ল। জ্বৰ চোৱা, তেজ আদি পৰীক্ষা কৰা আয়োজন হব ধৰিলে,শুশ্ৰূষাকাৰিণীৰ (ইংৰাজ মহিলাৰ ) তম্বু চৌধুৰী ডাঙৰীয়াৰ তম্বুৰ ওচৰ চপাই তৰা হ’ল, মুঠতে বিপদভঞ্জন শ্ৰীমধুসূদনক মাতিবলগীয়া হ’ল। উপায়ান্তৰ নেদেখি মই চিভিল ছাৰ্জনৰ কাষ চাপি বিশ্বাসতে আচল কথা ভাঙি কলোঁ আৰু তেওঁক সেইদিনাৰ কাৰণে কেম্পত থৈ দুৰ্গা শ্ৰীহৰি বুলি চিকাৰলৈ যাত্ৰা কৰিলোঁ। ৰজাই ব্যৱস্থা কৰিলে, [ ৮১ ] দুদিনমান “লক্ষ্মীপুৰ” অৰ্থাৎ চৌধুৰী ডাঙৰীয়া চিকাৰলৈ যাব নালাগে আৰু চিভিল ছাৰ্জনকে আদি কৰি সকলো লগতে থাকিব। এই কথাত চিভিল চাৰ্জনে প্ৰমাদ গণিলে, কাৰণ, তেওঁ আচলতে ভাল চিকাৰী, তেওঁ এই ব্যৱস্থাৰ কথা শুনি মোৰ শৰণাগত হ'ল। মই তেওঁক ৰক্ষা কৰাৰ আন উপায় নাপাই ৰজাৰ সহায় লবলৈ বাধ্য হলোঁ। আচল কথা ভাঙি কোৱাত ৰজাই মোৰ গাত চপৰিয়াই বৰকৈ হাঁহিলে। চিভিল ছাৰ্জন বপুৰা ৰক্ষা পৰিল আৰু সেইদিনাৰে পৰা মোৰ পৰমভক্ত হল।
ওৰেও দিনটোৰ পৰিশ্ৰমৰ পিচত জিৰাবৰ বিশেষ সময় নাথাকে; কাৰণ, আহি পালেই ৰাতি ভোজনৰ কাৰণে মুখ ধুই, কাপোৰ-কানি পিন্ধি সাজু হবৰ সময় হয়েই। খোৱাৰ পিচত ১২।১ মান বজালৈকে গীত-বাজনা, নাচ-বাগ, খেলা আদি সদায়ে চলে। শোৱা হয় প্ৰায় ১॥ বা ২ মান বজাত। এদিন ৰাতি আমি তাচ খেলি আছোঁ, ৰাতি ১২ বাজি গৈছে। এনেতে আহিল ধুমুহা বতাহ আৰু ধাৰাসাৰ বৰষুণ। চাকি-চুকা নুমাই গ’ল, কাৰো মাত কোনেও নুশুনা হ’ল। লৰ মাৰি সকলো বাজলৈ ওলালোঁ; চাওঁতে চাওঁতে এটা দুটাকৈ গোটেই কেইটা তম্বু পৰি গ'ল।
ৰজা থকা তম্বুটো এটা বঙলা ঘৰৰ সমান। তাত থাকে ৰজা আৰু তেওঁৰ দুজনী ছোৱালী। সেইটো পৰাৰ শব্দ পাই লৰি গৈ দেখোঁ সেইটে৷ পৰিছে হয়, ৰজা বা কুঁৱৰী কাৰো মাত-বোল নাই। আমি প্ৰমাদ গণিলো। চিঞৰ-বাখৰ কৰি তম্বুত ধৰি টনা-আজোৰা লগালো। কোলাহলৰ ভিতৰতো ৰজাৰ গুৰু-গম্ভীৰ মাত তম্বুৰ ভিতৰৰপৰা শুনিলোঁ, “আমি সম্প্ৰতি তিনিও বৰ আৰামেৰে আছোঁ। তোমালোকৰ খবৰ কেনে?” মাত শুনি কণ্ঠত ধাতু আহিল। দুই কুঁৱৰী সমন্বিতে ৰজা ওলাই আহিল আৰু আগেয়ে ভাৰতলৈ নহা খোৰা কাপোৰ পিন্ধা ইংৰাজ চাহাবকেজনৰ মুখলৈ চাই আৰু বান্দৰ ভিজাৰ দৰে ভিজি থকা চাহাবকেজনলৈ [ ৮২ ] চাই হাঁহিৰে খলক লগালে। ৰজাই আশ্বাস দিবলৈ এৰি আৰু ভয়হে খুৱালে, আজি প্ৰলয় হব পাৰে বুলি কৈ। এনেতে মাৰিলে ভয়ঙ্কৰ ঢেৰেকনি এট৷; যেয়ে য'তে আছিল আৰু যাকে য'তে পালে সাৱটি ধৰিলে, ভদ্ৰমহিলাসকলৰ দুগৰাকীয়ে চিঞৰ মাৰি মূৰ্চ্ছা গ'ল।
আধাঘণ্টামানৰ পিচত বতাহ-বৰষুণ কমিল; এটি দুটিকৈ তম্বু উঠিব ধৰিলে। ৰাতি কিন্তু শোৱা নহল।
কাঁচৰ বাচন, থাল-পিয়লা, চকী-মেজ সকলো ভাগি গুৰি হ'ল। কিন্তু পুৱাতে ৰজাৰ আদেশ হ’ল—“পোৱা যদি কিবাকিবি খাই লোৱা আৰু নাপালেও ৮ বজাত চিকাৰলৈ যাব লাগিব।” এই ঘটনাৰ পিচতো ৮ বজাৰপৰ৷ গধূলিলৈ চিকাৰ। এনে কথাত কাৰ বিকাৰ নালাগি পাৰে।
ৰাতি টোপনি নাই, দুখে-ভাগৰে উভতি আহি এমুঠি ভালকৈ খাম, তাৰো আগন্তুক নাই, ইয়াকে বোলে চিকাৰ। ইয়াৰে নাম নিকাৰ।
আহি দেখোঁ, চাকি-চুকা জ্বলিছে আগৰ দৰেই, নামি দেখোঁ,খোৱা-বোৱাৰ আয়োজন আগতকৈ ভালহে! ই সপোন নে সচিত!অলপ খবৰ কৰি জানিলোঁ যে টেলিগ্ৰাম কৰি স্পেচিয়েল ট্ৰেইনেদি বস্তু-বাহানি কলিকতাৰপৰা দুজন চাহাব দোকানীৰ হতুৱাই অনাইছে। ইয়াৰে নাম ৰাজ-সম্পদ অৰ্থাৎ অৰ্থ-বল। কেদিনমান তাতে থাকি আন কেম্পলৈ যোৱা হ'ল। তাতো এখন ন নগৰ পাতি থোৱা হৈছিল। আকৌ চিকাৰ আৰম্ভ হ'ল; আকৌ বাঘ-পহু, মহ-মেঠোন মৰা হ'ল। একৈশ দিনৰ মূৰত চিকাৰ শেষ হ'ল। চিকাৰ চলি থাকোঁতেই এটা ঘটনা ঘটিছিল যাক নকলে চিকাৰ কাহিনী অসম্পূৰ্ণ হব।
এদিন ৰাতি। সেইদিনা পূৰ্ণিমা নহলেও তাৰে এদিন বা দুদিন আগ-পিচ হব। খাই-বৈ শুইছোঁ, চকু লাগিছে, শুনা-নুশুনাকৈ ৰজাৰ মাত শুনা যেন লাগিল। [ ৮৩ ] উঠি আহি শুনিলোঁ, এটা এদঁতীয়া বনৰীয়া হাতী কেম্পলৈকে আহিছে। এটি দুটিকৈ সকলো ওলাল, হাতী গুলীয়াই মৰা সাব্যস্ত হ’ল; কোনে প্ৰথমে গুলী মাৰিব এই বিষয়ে চিঠিখেল কৰা আৰম্ভ কৰোঁতেই হাতীৰ ছৰ্দাৰ চাহাব ( Mr. Ashton ) জনে হাতীটো ধৰাৰ প্ৰস্তাৱ উপস্থিত কৰিলে। সকলোৱে তাতেই মান্তি হ'ল। আমি কিন্তু হাতীটোলৈ চাই প্ৰমাদ গণিলোঁ।
ৰং চাবৰ মনেৰে সকলোৱে ৰৈ আছিল।
প্ৰথমতে ছৰ্দাৰে ধুই হাতী এজনী আনিলে। সাধাৰণতে হাতী ধৰাৰ দৰে ফান ঠিক নকৰি হাতীজনীৰ ককালত বান্ধিলে আৰু ফানৰ এটা আগেৰে খোৰোচা সাজি মাটিত পাতিলে। গণেশে নিৰ্ভয় আৰু প্ৰসন্নচিত্তে গজেন্দ্ৰগমনে ধুইৰ ওচৰ চাপিলে; এছটন চাহাবৰ মুখত হাঁহি ওলাল।
এখোজ দুখোজ কৰি আহি থাকোঁতেই খোৰোচাত ভৰি পৰিল,ফান্দিয়ে সময় বুজি ফান টানিলে। এখন ভৰিত ফান লাগিল—এছটন চাহাবৰ আনন্দে হিয়া নধৰা হ'ল।
“শুণ্ডা লিয়াও, শুণ্ডা লিয়াও” বুলি চিঞৰিব ধৰিলে। খন্তেকতে আহিল “ইন্দ্ৰজিৎ”—ৰজাৰ প্ৰিয়তম আৰু বৃহত্তম দন্তাল, শোভন,সুন্দৰ ঐৰাৱৎ সদৃশ—ধীৰ, মন্থৰ গতি, নিৰুদ্বেগ চিত্ত; গণেশলৈ ভ্ৰূক্ষেপ মাত্ৰও নাই। ইন্দ্ৰজিতক দেখি কিন্তু গণেশে এখোজ দুখোজকৈ পিছুৱাই যাবলৈ ধৰিলে। গণেশৰ বয়স কম, পূৰ্ণ যৌৱন বুলিব পাৰি। নিখুঁত, নিপোটল; কিন্তু ডাঙৰে দীঘলে ইন্দ্ৰজিততকৈ বহুতো সৰু৷
ডিঙিত ফান মাৰে মাৰে, এনেতে দুখোজমান আৰু পিছুৱাই গৈ হঠাতে ইন্দ্ৰজিতক আক্ৰমণ কৰিলে আৰু উধাই মুধাই খুচি ইন্দ্ৰজিতে যুঁজ লোৱাৰ আগতে বগৰাই দিলে; বগৰা মাত্ৰকে তীব্ৰ বেগে খুচি খুচি এৰি থৈ হাতীজনী লগতে লৈ পলাই গ'ল। [ ৮৪ ] এনে হব পাৰে বুলি ইন্দ্ৰজিতে অকণো উমান কৰিব পৰাহেতেন এনে অৱস্থা হবলৈ নাপায়।
আমিও কিংকৰ্তব্যবিমূঢ় হৈ তবধ মানি চাই ৰলোঁ। ইন্দ্ৰজিৎ পৰিয়েই আছিল।
পৰীক্ষা কৰি দেখা গ'ল, এটা চকু সম্পূৰ্ণভাৱে নষ্ট হৈ ওলাই গৈছে, ডিঙিৰে উশাহ ওলাইছে। জীয়াৰ আশা নাই। বহুতো যত্নত হাতীটো ৰক্ষা পৰিল বুলি শুনিছোঁ, কিন্তু ঘূণীয়া আৰু অকামিলাহৈ আছিল। মাইকী হাতীজনী পিচত ফান ছিঙি ধুৰালৈ আহিল।
পিচদিনা ৰাতি হাতীৰ চিঞৰ শুনা গ’ল; খবৰ কৰি জানিলোঁ,মতিলাল নামেৰে দন্তাল এটাক খুচি খুচি এমাইলমানলৈ খেদি নিছে—তাৰ চিঞৰ সিমান দূৰৈৰপৰা শুনা গৈছিল।
চাহাবে বিবুধি হৈ মৰণত শৰণ দি দৌৰি গৈ এগুলী মাৰিলে;গুলী খাই হাতীক এৰি চাহাবক খেদিলত লৰত হাতৰ বন্দুক উফৰি গ’ল, পৰি-হৰি, কাপোৰ-কানি ফাটি-ছিৰি কোনোমতে কেম্প ওলালহি, গণেশক আৰু বিচাৰিও পোৱা নগল।
বাঘ সেই যাত্ৰাত বিচাৰি উলিয়াইছিলোঁ ১১টা, কিন্তু দুখৰ বিষয়,মৰা পৰিল মুঠেই চাৰিটা। তাৰে এটা পৰিল লৰ্ড ষ্টেফৰ্ডৰ ভাগত,এটা পৰিল ছাৰ হেনৰী টিছবৰ্ণৰ ভাগত, এটা পৰিল গৌৰী-পুৰৰ ৰজা শ্ৰীযুত প্ৰভাতচন্দ্ৰ বৰুৱাৰ ভাগত আৰু এটা পৰিল মোৰ ভাগত। ন-চিকাৰী বুলি মোৰো মান ৰক্ষা হ’ল; কিন্তু সেয়ে ৰজাৰ অনুগ্ৰহত, কাৰণ, ৰজাই বন্দুক টোঁৱায়ো মোকেই মাৰিবলৈ দিলে। তেখেতে বন্দুক টোঁৱালে মৃত্যু সুনিশ্চিত বুলি ধৰিবই লাগিব, কিন্তু অভ্যাগতক সুবিধা দিয়া তেওঁৰ প্ৰকৃতি আৰু চিকাৰৰো নিয়ম।
বন্দুক নমাই কলে, “তুমিয়েই মাৰা।” কোৱা মাত্ৰেই মাৰিলোঁ গুলী বুকু চাই। ৰজাই সুধিলে, “লাগিলনে?” উত্তৰ কৰিলোঁ,“লগা যেন পালোঁ, কিন্তু লাগিল নে নাই সঠিককৈ কব নোৱাৰিলোঁ৷” ৰজাই হাঁহি মাৰি কলে, “Hard luck” অৰ্থাৎ দুৰ্কপাল। ইমান [ ৮৫ ] সুন্দৰকৈ দেখিও লগাব নোৱাৰাত নিজৰ গালত নিজেই চৰাবৰ মন গৈছিল। এনেতে শুনিলোঁ, “বাঘ গিৰ্ গিয়া, গিৰ্, গিয়া।” ৰজাই ওচৰ চাপি হাত জোকাৰি কলে, “I am glad you have got it—তুমি পোৱাত ভাল পালোঁ।”
ইমান চিকাৰীৰ ভিতৰত ময়ো এটা মাৰিব পৰাত অতিশয় আনন্দ পালোঁ।
চিকাৰৰ অন্তত ৰজাৰ সাদৰ নিমন্ত্ৰণ পালো, কোচবিহাৰলৈ ৰজাৰ লগতে যাবলৈ। কুঁৱৰী দুগৰাকীয়েও আগ্ৰহ দেখুৱালে—–যোৱাকে স্থিৰ কৰিলোঁ।
লগে-ভাগে ধুবুৰী পালোগৈ। বাটতে নিমন্ত্ৰণ পালো গৌৰীপুৰৰ ৰজাৰ চাহ-জলপানৰ।
স্পেচিয়েল ট্ৰেইন আহোঁতে অলপ পলম হ’ল। থাকোঁতে থাকোঁতে গৌৰীপুৰৰ আৰু মোৰ অসুখ হ'ল—নিশ্চয় সেই জলপানৰ ফলত। অসুখ লৈ ৰজাৰ লগত যাবলৈ মন নগল। বিশেষ অনুৰোধ জনাই তাতেই থাকিলোঁ। চিভিল ছাৰ্জনজনক কিন্তু থৈ গ'ল মোৰ লগত। মই নালাগে বুলি প্ৰতিবাদ কৰাতো ৰজাই নুশুনিলে আৰু ভকতেও আগ্ৰহ দেখুৱাই থাকিল।
পিচদিনা ভাল পালোঁ আৰু ভকতক বিদায় দি ঘৰলৈ উভতি আহিলোঁ। ৰজাৰ নিমন্ত্ৰণ ৰক্ষা কৰা হ’ল “উডলেণ্ড” ৰাজভৱন কলিকতাত—সিও সৰু-সুৰা কাহিনী। [ ৮৬ ]
সুন্দৰবনত তিনিদিন—চিকাৰ উপলক্ষে
মোৰ মক্কেল বন্ধু প্ৰীতিভাজন মিঃ পি মুখাৰ্জী কলিকতাৰ এজন বিশিষ্ট ব্যৱসায়ী লোক; চতুৰ, কিন্তু উদাৰমনা। কাৰ্যোপলক্ষে জাৰ্মাণী আদি বহু ঠাই ঘূৰি ঘূৰি কাৰ্যক্ষেত্ৰৰ পৰিসৰ বঢ়াবৰ মনেৰে প্ৰান্ত প্ৰদেশ অনুপমা অসমৰ নিৰুপমা ৰাজধানী ছিলং পৰ্বত পায়গৈ। তাতেই তেওঁৰ লগত প্ৰথম পৰিচয় হয়; ক্ৰমে সেই পৰিচয়ে মিত্ৰতাত পৰিণত হয়।
চিকাৰ প্ৰসঙ্গত কথাই কথাই এদিন সুন্দৰবনৰ কথা ওলাল। তেওঁৰ মনেৰে সেয়েই কবিৰ স্বপ্নময় কল্পনা ৰাজ্য আৰু চিকাৰীৰ স্বৰ্গ—সুন্দৰবন বোলোতেই পমি যায়। আনৰ মুখত সুন্দৰবনৰ সুখ্যাতি সৰুৰেপৰা শুনি আহিছোঁ। অসমৰপৰ৷ কলিকতালৈ আৰু কলিকতাৰপৰা অসমলৈ জাহাজেৰে যোৱা যাত্ৰীৰ মুখত পহু,বাঘ, মকৰ আদিৰ কথা শুনি শুনি জাহাজেৰে কলিকতালৈ যোৱাৰ ইচ্ছা ক্ৰমেই বলৱতী হৈ আহিল। মধুময়ী ইচ্ছাক দৃঢ় সংকল্পত পৰিণত কৰা হ'ল; কিন্তু সময় আৰু সমভাবাপন্ন সহযাত্ৰীৰ অভাৱত সেই আশা অপূৰ্ণ হৈয়েই আছিল ইমানদিনে। বন্ধু মুখাৰ্জীৰ উৎসাহ আৰু অত্যুগ্ৰ আগ্ৰহ নোহোৱা হলে সুন্দৰবন পৰিদৰ্শনৰ কল্পনা আশা-নিৰাশাৰ সন্ধিস্থলতেই উদ্ভৱ আৰু লয় হবলগীয়া হলহেঁতেন।
হঠাতে এদিন মুখাৰ্জীয়ে সুধিলে, “দাদা, সোঁদৰবন যাওয়াৰ কি হলো?” উত্তৰত মই কলোঁ, “নিয়াৰ গৰাকী যেতিয়া তুমিয়েই তেতিয়া আৰু মোক সোধাৰ অৰ্থ কি?”
“দাদা, পাপীয়া তাৰাৰ মতো যে ভাবে তুমি ছুটে বেড়াও, তাতে তোমায় দূৰে নিয়ে যাওয়া দুৰেৰ কথা, ক্ষণেকেৰ তৰেও ধৰে ৰাখতে [ ৮৭ ] পাৰবো বলে মনে হয় না। চোখেৰ আড়াল হলেই আলোয় আঁধাৰে মিশে যাও। তাই বলছি—নিমিষেৰ তৰে ধৰা দাও, আমি সব ঠিক কৰ্ছি।”
“কবিতা এৰা, তোমাৰ সুবিধামতেই ঠিক কৰা; মই তাতেই ৰাজী আছোঁ। তোমাৰ ওচৰত ধৰা দিছোঁ যেতিয়৷ এতিয়া পলোৱাৰ চেষ্টা মিছা।”
ভাবপ্ৰবণ বঙালীৰ কথা গঙ্গাৰ জোৱাৰ-ভাটাৰ দৰে আহে যায়—আঁউসী-পূৰ্ণিমাত উপচি পৰে; গুৰি ধৰিব নজনা অজানা নাৱৰীয়াই কেতিয়াবা সেই হো হোৱা সোঁতত পৰিলে উটি যায়; কেতিয়াবা শুকান বালিত পৰি ৰৈ থাকে। মুখাৰ্জীৰ কথা শুনি মোৰো সেয়ে হব যেন লাগিছিল; কিন্তু তেতিয়াই ঠিক হল, অহা শুকুৰবাৰে গধূলি যাত্ৰা কৰা হব। ময়ো মত দি কলোঁ, “আজি বুধবাৰে ঘৰলৈ গৈ বৃহস্পতিবাৰে গধুলি গুৱাহাটী এৰি শুকুৰবাৰে ডেৰ বজাত পাই গধূলি কোৱামতে যাত্ৰা কৰিম।”
“আমি কিন্তু সব ঠিক কৰে ৰাখছি, দোহায় দাদা, বিমুখ কৰো না।” ইত্যাদি জল্পনা-কল্পনা কৰি ঘৰলৈ আহিলোঁ। পুৱা ৭ বজাত ঘৰ পালোগৈ। পায়েই দেখোঁ, এখন টেলিগ্ৰাম; খুলি চাওঁ, মুখাৰ্জীৰপৰা আহিছে।
“অনুগ্ৰহ কৰি আজিয়েই আহিব, কাইলৈ কলিকতা এৰিবই লাগিব—সকলে৷ ঠিক, পিছুৱা টান।” টেলিগ্ৰাম পঢ়ি বৰ খং উঠিল। এই পালোহি, আজিয়েই যোৱা কেনেকৈ হয়। যোৱা অসম্ভৱ বুলি টেলিগ্ৰাম লিখিলোঁ; কিন্তু বন-সুন্দৰী সুন্দৰবন দেৱীয়ে মোহিনী মূৰ্তি ধৰি মুখাৰ্জীৰ তৰফে ওকালতি আৰম্ভ কৰিলে। বন-সুন্দৰীয়ে মোকৰ্দমাত জিকিল; মুখাৰ্জীৰ পক্ষে ৰায় দিয়ে টেলিগ্ৰাম কৰা হ'ল। সময়মতে শিয়ালদহ পালোগৈ। নামিয়েই দেখোঁ মুখাৰ্জীৰ সহচৰ, আমাৰ প্ৰিয় বন্ধু বিনয় হাজিৰ। দেখিয়েই মনত পৰিল কবিতা এফাকি—“প্ৰসন্ন মুখ, নাহি কোনো দুখ, অতি [ ৮৮ ] অকাতৰ চিত্ত।” তেওঁ সেই প্ৰকৃতিৰ মানুহ। বয়স ৪৫ মান হব,আজিও কুমাৰ; বিয়াৰ কথা কলেই কয়, “দাদা, পাত্ৰী খুজে পাচ্ছি না আৰ পেলেও ৰাজী হয় না। বৰাতে থাক্ লে এখনও হতে পাৰে। আপনি একটু চেষ্টা কৰ্ বেন।”
অসহযোগ আন্দোলনত যোগ দি বহু যাতনা ভুঞ্জিও সৰ্ব বিষয়তে সদায় সুপ্ৰসন্ন ভাব ৰাখি চলিব পৰাৰ ভিতৰৰ এৱোঁ এজন অগ্ৰণী। তদুপৰি এজন ভাল চিকাৰী। স্বনামধন্য মহাকবি বলমা বাগিছাৰ স্বত্বাধিকাৰী বেজবৰুৱা ডাঙৰীয়াৰ কলিকতাৰ চৌতলা ঘৰেই মোৰ সচৰাচৰ থকা ঠাই।
বিনয়ে ৱাৰেণ্ট দেখুৱাই গ্ৰেপ্তাৰ কৰি মাল-বস্তু সমন্বিতে কুঁহিৰাম আৰু মোক উপস্থিত কৰালে ৪২ নং চৌৰঙ্গী ৰোডত। জানিলোঁ,কলিকতা কৰ্পোৰেশ্যনৰ প্ৰধান ইঞ্জিনিয়াৰ মিঃ বি. এন. দেৰ ঘৰ। ধীমন্ত, প্ৰিয়দৰ্শন দে মহাশয়ে বহুত দিনৰেপৰা চিনা মানুহৰ দৰে সাদৰ-সম্ভাষণ জনাই ক্ষন্তেকতে আপোনাৰ দৰে কৰি ললে আৰু ঘৰখন গটাই দি তাতে থাকিবলৈ অনুৰোধ কৰিলে। গধূলিলৈকে তাতে থাকিলোঁ। গুলী-বাৰুদ সংগ্ৰহ কৰি সাজু হলোঁ যাত্ৰা কৰিবলৈ। লগত ওলাল শ্ৰীযুত নগেন্দ্ৰনাথ বিড, বিশিষ্ট চিকাৰী আৰু বিচক্ষণ ব্যৱসায়ী, কলিকতাৰ বুনিয়াদী ঘৰৰ লোক, নেপিয়াৰ পেইণ্ট কাৰখানাৰ স্বত্বাধিকাৰী আৰু শ্ৰীযুত বিনয়কৃষ্ণ বোস,সৰ্বজনপ্ৰিয় অসহযোগকৰ্মী, সম্প্ৰতি নিবনুৱা শ্ৰীযুত ধীৰেন্দ্ৰনাথ দে আৰু মই।
আউট কল’ ইঞ্জিনিয়াৰ শ্ৰীযুত অনাদি বন্দ্যোপাধ্যায় আমাৰ কৰ্ণধাৰ হ’ল। তেওঁ সংস্কৃতজ্ঞ, পৰম বৈষ্ণৱ—মাংসাদি ভোজন ৰহিত; কিন্তু “মৃগয়ামিদৃক বিনোদঃ কুতঃ” এই শাস্ত্ৰীয় বচন মানি চলে। যাত্ৰা কৰোঁতে ৰাতি ৯ মান বাজিল। মাণিকতলাৰ ওচৰত গঙ্গাৰ ঘাটত মটৰবোটত উঠা হ'ল। বোট দুখন—এখনত আমি, আন-খনত অনাদি বাবু আৰু অনুচৰবৰ্গ। বস্তু-বাহানি সৰহকৈ আৱশ্যক [ ৮৯ ] নহলেও মোৰ লগত কিছু থাকে। মুখাৰ্জী মহাশয়ে বস্তু দেখিয়েই বিস্ময় মানিলে। অকণমান মটৰ বোটখনত ইমান বস্তু থবৰ ঠাই নহব বুলি যিমান পাৰে বস্তু নিজ হাতেৰে বাহিৰ কৰি থলে। কুঁহিৰামে বহুতো কাকূতি কৰাত কোনোমতে সৰু এটা বাকচ আৰু বিছনাখন (তেওঁৰ মনেৰে অতিকায় ) নিয়াত সন্মতি দিলে। গৈ দেখোঁ, দুখন মটৰত আৰু এখন সৰু গাঁৱৰ মানুহ যাব পাৰিলেহেঁতেন। শোৱা কোঠালিত দুখন খাট, জাহাজৰ কেবিনৰ দৰে। গা ধোৱা আৰু মুখ-হাত ধোৱা সুকীয়া দুটা খোটালি। খোৱা কোঠালিও বেলেগ; লগতে ৰন্ধাৰো বন্দৱস্ত আছে। আগত ওলাই বহিব পাৰি আৰু ওপৰত চকী-মেজ পাতি বহিবৰ ঠাই।
পোৱা মাত্ৰকে বোট এৰি দিলে, যাওঁতে যাওঁতে খোৱা চলিল। ৰাতিতে ‘লকগেট’ পাৰ হৈ থাকিলোঁ; পুৱা ৫ বজাত আকৌ জাহাজ চলিল। ভালদৰে আধাঘণ্টামান বৰষুণ দিলে কলিকতাত ঠায়ে ঠায়ে নাও চলাব পৰা হয়—পানী ওলাই যোৱাৰ ভাল বন্দৱস্ত নোহোৱাৰ কাৰণে। তাৰে সুবিধা কৰিবৰ কাৰণে কৰ্পোৰেশ্যনৰপৰা সুকীয়াকৈ এট৷ ‘কেনেল’ খনোৱাৰ বন্দৱস্ত কৰিছে আৰু সেইবাবে দিনে ১২০০ টকা দি চৰকাৰৰপৰা এখন মাটি খন্দা জাহাজ (dredger) ভাৰা কৰিছে। নাম ৰণাগুছে। আমাৰ জাহাজ এৰি আৰু এখন মটৰ-বোটত উঠি খনা চাবলৈ গলোঁ; সি এটা বৃহৎ কাৰবাৰ। শুকান মাটি খান্দি পাম্পৰ মুখত পেলাই দিয়ে; পানী-মাটি লগ লগাই পাম্পৰ বলত ডাঙৰ নলাৰে নি খালৰ কানত পাৰ বন্ধাকৈ মাটি-পানী ছটিয়াই দিয়ে—পানী বৈ যায়, মাটি ৰৈ যায় আৰু পাৰ বন্ধোৱাও লগে লগে হয়। খাল কটা শেষ হলে দুয়োপাৰে দুটা ডাঙৰ আলি হব মটৰ চলিব পৰাকৈ। সম্প্ৰতি খালেৰে নাও বা জাহাজেৰে নগলে এশ মাইলমান বাট যাবৰ উপায় নাই।
বৰ্তমান চৰকাৰী খাল নিচেই ঠেক আৰু বে-মেৰামত। এখন জাহাজ লাগিলে বাট বন্ধ হয়। টেক্স লয়, কিন্তু হেজাৰ হেজাৰ [ ৯০ ] মোনী সৰু-ডাঙৰ অলেখ বোজাই নাও ১০।১২ দিনলৈ ৰৈ থাকে,কাৰো খবৰ নাই, ইচ্ছামতে ‘লক’ খুলি দিলেহে যোৱা-অহা কৰিব পাৰিব। কলিকতাৰ নিচেই ওচৰত এনেকুৱা চলাচলৰ দুৰৱস্থ৷ দেখিলে মন্ত্ৰীসকলৰ আৰু আমাৰ কাৰ্য-প্ৰণালীত ধিক্কাৰ নজন্মি নোৱাৰে। আহিবৰ সময়ত কলিকতাৰ ওচৰ পাওঁতে এখন জাহাজ পথালি হৈ লাগিল, বহু চেষ্টা কৰিও তাক লৰাব পৰা নগল। আমাৰখন পাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিও নিষ্ফল মনোৰথ হৈ ৰাতি খপিবলগীয়া হ'ল। ভাগ্যে এখন বোট সৰকি গৈছিল; সেইখনতে বস্তু-বাহানি ভৰাই ১০ মান বজাত কলিকতা পালোঁ। বুজিলোঁ, তিনি-চাৰিদিনৰ আগতে লগা জাহাজখন এৰুৱাব পৰা টান হব। সেইকেইদিন নাও-জাহাজৰ চলাচল আৰু বেপাৰ-বণিজ বন্ধ; ইয়াৰ নাম স্বায়ত্তশাসন। স্বৰাজেই হওক বা বিৰাজেই হওক,দুখীয়াৰ দুখ সৰ্বতিকালে। কুলটিৰ খাল এৰি একেবাৰে সুন্দৰবন মুখে জাহাজ চলোৱা হ'ল অতি বেগেৰে।
ৰাইমঙ্গল এখন ডাঙৰ নৈ, ঠায় ঠায়ে প্ৰায় ব্ৰহ্মপুত্ৰৰ সমানেই হব। তাৰেপৰাই সুন্দৰবনৰ শোভা আৰম্ভ; কিন্তু চিকাৰ আৰম্ভ হয় ‘আঠাৰোবাকি’ পালে। সেইখন নৈয়ো নিচেই সৰু নহয়; বৰ অকাই-পকাই গৈছে।
দুয়োপাৰে এবিধ সৰু গছ। কোনোবাই অতি যত্নেৰে আৰু সাৱধানে শাৰী শাৰীকৈ ৰুই থোৱা যেন দেখি। পাৰবোৰ ২॥ হাত ৩ হাতমান ওখ হব। গোটেইবোৰ একেবিধৰে গছ আৰু চাহগছৰ দৰে নিয়মমতে কলম দি সমানকৈ ৰখা যেন দেখি, এডালো ওখ-চাপৰ নাই। পাতবোৰ আকণৰ পাতৰ দৰে দেখি। পহুৱে নাখায়। গছবোৰ ঘন, দুৰ্গম; মানুহ সোমোৱা টান। কাণে কাণে গুৰি নোহোৱা নাৰিকলৰ গছ —মাটিৰ পৰা পাত ওলায়। তাক বঙালীয়ে ‘গোলপাতা’ বোলে; তাৰে ঘৰ ছোৱায়। দুখীয়া মানুহে আৰু পাছ লৈ কাটি আনে কলিকতালৈ। মাজে মাজে এবিধ [ ৯১ ] ডাঙৰ গছ আছে, কৃষ্ণচূড়া গছৰ দৰে।তলত হাবি নাই, তাতেই পালে পালে পহু চৰে আৰু ৰ'দ লয়। প্ৰশস্ত বননিখণ্ড ভাগ কৰি অলেখ খাল আছে, দেখিলে মনত হয় যেন কাৰোবাৰ আদেশ আৰু উপদেশ মতে কোনোবাই সীমা নিৰ্দেশৰ কাৰণে অতি সাৱধানে সেই খাল খান্দি থৈছে। গছৰ গুৰি নিতৌ দুবাৰকৈ জোৱাৰৰ পানীত তল যায়। তলত অতি ক্ষুদ্ৰ তৃণ বুলিবলৈ এগছো নাই। ঢুকি-পোৱা গছৰ পাত পহুৱে নাখায়; তলত চিকুটি ধৰিবলৈ এডাল দুবৰিও নাই। ডাঙৰ গছৰ পাতৰ ওপৰতেই পহুৰ জীৱন নিৰ্ভৰ কৰে। দুখন ভৰিৰে থিয় হৈ কোনোমতে কেতিয়াবা যি পাৰে খায়—নহলে মলয়াৰ বা ধুমুহা-ধুপালনিয়ে পাত সৰোৱালৈ আশা কৰি থাকে। কিন্তু আচল জীৱন-মৰণৰ চাবি-কাঠী থাকে বনবিহাৰী বান্দৰৰ হাততেই। বান্দৰ নাথাকিলে তাত পহু নাই বুলি জানিবই লাগিব। সঙ্গৰ আনন্দত নহব পাৰে, কিন্তু পাতৰ লোভত আৰু পেটৰ দায়ত বান্দৰৰ সঙ্গ লৈ চলে হৰিণা পহু। বান্দৰেও পাত ছিঙি দি দি ইঙ্গিততে পহুবিলাকক লৈ ফুৰায়। ইডালৰপৰা সিডাললৈ যাওঁতে সৰাপাত বুটলি খাই ফুৰে পহুবিলাকে আৰু বান্দৰবিলাকেও নিজৰ কৃতিত্বত আনন্দিত হৈ নিতৌ পাত ছিঙি ছিঙি পহুক দিয়ে আৰু পোহা জন্তুৰ দৰে অনুগত কৰে। অযাচিত এই উপকাৰ নোপোৱা হলে সুন্দৰবনৰ পহুকুল নিশ্চয় নিৰ্মূল হলহেঁতেন। সৃষ্টিৰ পালন-নীতিৰ ইয়ো এটা উৎকৃষ্ট উদাহৰণ। যিপিনে ৰ'দ পৰে, সেইপিনেই পহু ওলায়; ৰ'দ লয় আৰু পাত বিচাৰি ফুৰে। যিপিনে ৰ'দ নোলায় সেইপিনে পহু নোলায়। ইয়ো এটা প্ৰকৃতিৰ নিয়ম। নিয়মানুগত আৰু প্ৰকৃতিগত মালাকৰৰ সহজ নিপুণতাৰে অতি যতনেৰে ৰখা যোজন বিস্তৃত এই বননি ৰাজচক্ৰৱৰ্তী ৰজাৰ ৰাজোদ্যান যেন অনুমান হয়। এই বনোদ্যান ৰক্ষাৰ কাৰণে পানীত অতিকায় কুম্ভীৰ আৰু যমোপম বাঘ শ শ নিয়োজিত আছে। জাহাজ দেখিলে ভয় নকৰে, নিৰ্ভয়চিত্তে [ ৯২ ] চিত্ৰাঙ্কিতৰ দৰে ৰ' লাগি চাই থাকে; কিন্তু বামত নামিলেই চকিত হৰিণী উৰ্ধশ্বাসে পলায়ন কৰে আৰু অনধিকাৰ প্ৰৱেশ অপৰাধৰ কাৰণে বাঘ প্ৰহৰীয়ে পলকতে গ্ৰেপ্তাৰ কৰি মৃত্যুৰাজৰ ওচৰত উপস্থিত কৰে। জাহাজ চলি থাকোঁতেই ইচ্ছামতে পহু মাৰিব পাৰি; কিন্তু ছবি তোলাৰ আনন্দহে অধিক।
তাত জীৱ-জন্তু বান্ধি বাঘ মাৰিবৰ চেষ্টা কৰা মিছা। অচিনা জন্তু দেখিলে বাঘ ওচৰ নাচাপে। কাৰণ, চিৰপৰিচিত চিত্ৰ-হৰিণীৰ অভাৱ নাই আৰু ইচ্ছা মাত্ৰেই অনায়াসে পায়। মৃদু-মধুৰ গন্ধ সম্বলিত বন-হৰিণীৰ মৃতদেহ থৈ দি লুকাই থাকিলে গন্ধবাহী মলয়াৰ সহায়ত বাঘে সেই শ বিচাৰি অহা অতি নিশ্চিত বুলি ধৰিব পাৰি; কিন্তু পশুৰাজ নিধনৰ চেষ্টাৰ আগেয়ে আত্মৰক্ষাৰ প্ৰকৃষ্ট উপায় চিন্তিব লাগিব। পহুৰ গোন্ধ পাই আহোতে মানুহৰ গোন্ধ পালে পহু এৰি মানুহৰ প্ৰতি আকৃষ্ট হোৱাটো অতি নিশ্চিত। কাৰণ,কাঠ কটা, গোলপাত কটা, পহু বিচৰা মানুহো সুন্দৰবনবাসী বাঘৰ সুপৰিচিত। ডাঙৰ গছ নাই, হাতী নাযায়, বোকা-পানী অসমতল ঠাই, মহৰ প্ৰবল প্ৰতাপ ইত্যাদি কাৰণে সুন্দৰবনত চিকাৰৰ আনন্দতকৈ কষ্ট আৰু প্ৰাণনাশৰ সম্ভাৱনা অতিমাত্ৰাই অধিক। প্ৰাণী সংহাৰতকৈ প্ৰাণনাশৰ আশংকা অত্যধিক। কিন্তু য'ত আশংকা আৰু অনিশ্চয়তা সৰহ, মৃগয়াৰ কৃতিত্ব আৰু চিকাৰৰ আনন্দ তাতেইহে। সুন্দৰবনত বাঘ লগ পায় কম আৰু লগ পোৱা মানুহৰ সংখ্যাও কম। গতিকে সুন্দৰবনৰ বাঘ অতি ভয়ংকৰ বুলি প্ৰখ্যাত। কিন্তু আচলতে অসমৰ বাঘতকৈ ডাঙৰো নহয় আৰু উগ্ৰ প্ৰকৃতিৰো নহয়। সৰু ডাঙৰ প্ৰকৃতিগত বিভিন্নতা সকলো বাঘৰে সকলো দেশতে আছে। তুষাৰমণ্ডিত গগনস্পৰ্শী পৰ্বতমালা পৰিশোভিতা, বিলোল- বীচি-বল্লৰী-বিৰাজমানা, বিশাল ব্ৰহ্মপুত্ৰবিধৌতচৰণা, অনুপমা অসমা জননীৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যক অতিক্ৰম কৰিব পৰা দেশ ভাৰতত নাই বুলি মোৰ বিশ্বাস; কিন্তু সুন্দৰবনৰ [ ৯৩ ] সৌন্দৰ্যয়ো হিয়া আকৰ্ষণ কৰিব নোৱাৰা লোকৰ সংখ্যা অতি কম হব।
চিকাৰ কৰা বা দেখা আৰম্ভ হ'ল; ৰাইমঙ্গল এৰি ‘বাৰবাঙিক’ নদীত সোমোৱাৰপৰা। ইপাৰ সিপাৰকৈ ‘বাৰবাঙিক’ এৰি যমুনাত পৰি যমুনাৰপৰা ইখালেৰে সোমাই, সিখালেৰে ওলাই 'মালঞ্চ'পালোগৈ। নৈৰ দুয়োকাষে পহু দেখিলোঁ বহুতো, ওচৰত পাই গুলীও মৰা হ'ল কেবাজায়ো। কিন্তু অতি আচৰিত কথা, এটিও নপৰিল। অভিমানী চিকাৰীক চকিত নয়নেৰে কটাক্ষপাত কৰি ধীৰে ধীৰে চলি গ'ল, চিত্ৰা হৰিণীৰ দল। মাংসলোভী চাৰেং,খালাচী আদিয়ে কিছু বেলি নিমাত হৈ থাকি আমাৰ অক্ষমতা প্ৰকাশ্যে জ্ঞাপন কৰি উদাসীন হৈ জাহাজ চলাব ধৰিলেই। এটা নহয়, দুটা নহয়, তিনিটামান গুলী মাৰিও লগাব নোৱাৰাত নিজৰে আত্মগ্লানি উপস্থিত হ'ল। ব্যৰ্থতাৰ অপমান গুচাবৰ মনেৰে হকা-বধা নামানি জাহাজৰপৰা নামিলো কুঁহিৰামক লগত লৈ। নামি দেখোঁ স্থান ভয়ংকৰ। বোকাত জোতা আঁট খাই ধৰে, খোজ দি গাৰ বলেৰে টানি তুলিব লাগে। তদুপৰি সমুদায় মুকলি ঠাই জুৰি আগলৈ সৰু গুৰিৰ পিনে ক্ৰমে ডাঙৰ এহাত এমুঠনমান দীঘল এবিধ উদ্ভিদ ওলায়। কাইটীয়া তাঁৰ দি সেনানিবাস বেঢ়ি থোৱাৰ দৰে হাবিত সোমাব নোৱাৰাকৈ কোনোবাই লো-শাল মাৰি থৈছে যেন লাগে। পাত-চাত একো নাই, কিন্তু বলেৰে ভাঙি চালে দেখা যায় কেচাঁ। কেনেবাকৈ উজুটি খাই পৰিলে ভীষ্মৰ শৰশয়্যাত-কৈও চৰা হব।
অতি কষ্টে, অতি সাৱধানে কিছুদূৰ গৈ এখন মুকলি পথাৰ পালোঁ। এডাল গছৰ তলত বহাৰ ঠাই ঠিক কৰি গছৰ ঠানি আনি চাৰিওপিনে বেঢ়ি লৈ আমাক নেদেখাকৈ মই আৰু কুঁহিৰাম দুয়ো বহি ৰলোঁ। পাছৰপৰা বাঘ ককায়ে আহি সাৱটি ধৰে বুলি দুয়ো দুপিনে মুখ কৰি থাকিলোঁ। আধাঘণ্টামান বহাৰ পিচত দেখিলোঁ, [ ৯৪ ] এজনা ৰাজমাও চিত্ৰা হৰিণী ওলালহি। অতি সন্ত্ৰমেৰে এখোজ দুখোজকৈ ৰ'দ পৰা পিনে আহিবলৈ ধৰিলে। দেখিলোঁ, ওলোৱা মাত্ৰেই বান্দৰে তৎক্ষণাৎ ওচৰৰ গছৰপৰা নামি অভিবাদন সহকাৰে দন্তবিকাশ কৰি অভিনন্দন জনালে। ৰাজ-মহিষীয়েও অভিনন্দন গ্ৰহণ কৰি কৰ্তব্য নিৰ্দেশ কৰিলে। ততালিকে বান্দৰসমূহে আহি পাত ছিঙি দিবলৈ আৰম্ভ কৰিলে। চাওঁতে-চাওঁতে বিস্তৃত শৃঙ্গবাহী মৃগৰাজ সপৰিবাৰে উপস্থিত হ'ল। বান্দৰৰ কাৰ্যকুশলতা দেখি বাস্তৱতে মোহিত হলোঁ। নাই কেমেৰা, নাজানো আঁকিবলৈ, সেইবাবে নিজক ধিক্কাৰ দিলোঁ শতবাৰ। এঘণ্টামান চাই ৰলোঁ; বন্দুকেৰে লগ পোৱালৈ বাট চাই ৰলোঁ, ৰজাৰ ৰাজমুকুট হৰণৰ অভিপ্ৰায়ে। বন্দুক তুলি টোঁৱাবলৈ মন কৰোঁতেই মোৰ কাপুৰুষতা ঘোষণা কৰি জাহাজৰ শঙ্কিতমনা বন্ধুসকলে বংশীৰ ধ্বনি কৰিলে। ধ্বনি শুনি বিশ্বস্ত ৰাজানুচৰবোৰে দুৰ্জনৰ আগমন সূচনা কৰি স্থান ত্যাগৰ ইঙ্গিত কৰিলে। ইংগিত পোৱা মাত্ৰকে মায়ামৃগৰ দৰে নিমিষতে অন্তৰ্ধান হ'ল।
দুখে-ভাগৰে, ক্ষোভে-অপমানে জাহাজলৈ উলটি আহিলোঁ। পিছে পহু পায়ো বন্দুক টোঁৱাবৰ নহল।
পিচদিনা পুৱা আনকেইজন চিকাৰী ওলায় মানে মই আৰু কুঁহিৰাম জাহাজৰ আগলৈ ওলালোঁ। বন্দুক লৈ অপেক্ষা কৰিলোঁ। দূৰৈত দেখিলোঁ এটা শিঙাল; বন্দুক ললোঁ, তুলি লৈয়েই মাৰিলোঁ গুলী। লাজ নিবাৰণ হ'ল, ঠাইতে পৰিল। সমাৰোহেৰে তুলিলৈ আকৌ জাহাজ চলোৱা হ'ল। বন্দুক লৈ লৈ শাৰী হৈ জাহাজৰ আগত থিয় দিলোহি চিকাৰীৰ দল। আকৌ গুলী চলিল, মোৰ হাতত পৰিল আৰু দুটি। পৰম আগ্ৰহেৰে কুঁহিৰামে বন্দুকটো হাতত লৈ চাই ৰ'ল মোৰ পিনে ‘মাৰ যদি নামি গৈ মাৰ, কিন্তু সাৱধানে মাৰিবি আৰু সৰহদূৰ ভিতৰলৈ নাযাবি।” সি হাততে স্বৰ্গ ঢুকি পালে; জাপমাৰি নামিয়েই হাবিৰ ভিতৰ সোমাল। অলপ পিচতেই [ ৯৫ ] গুলীৰ শব্দ পালোঁ, দৌৰি আহি জনালে পশু পৰিল। সি নিশ্চয় গাতে লগাই মাৰিছিল; কাৰণ, এয়ে তাৰ প্ৰথম বন্দুক ধৰা। গতিকেই তাৰ আনন্দ সবাতোকৈ অধিক।
পহু মৰা বন্ধ হ'ল; কাৰী, কাটলেট, কালিয়া কোৰ্মা চলিল জাহাজ চলাৰ লগে লগে। ইঞ্জিনিয়াৰ দে চাহাবে হুকুম কৰিলে, “আৰু পহু নালাগে; কিন্তু ফুকন চাহাবক সুন্দৰবনৰ ডাঙৰ মগৰ দেখুৱাব লাগিব।” বিচাৰি চাই মগৰ পোৱাৰ আশা এৰি ঘৰমুখে জাহাজ চলাওঁতে চলাওঁতে বাহিৰত গোলমাল শুনি গলোঁ ওলাই, শুনো প্ৰকাণ্ড আৰু বিখ্যাত সুন্দৰবনৰ মানুহ খোৱা মগৰ। চাৰেঙে আঙুলি টোৱাই দেখুৱালে, “সৌৱা।” সাৱধানে চায়ো দেখা নাপাওঁ,কিন্তু চাৰেঙৰ গাত গোসাঁই নাই, “সৌৱা, মাৰক মাৰক, খাব, যায়,গ’ল” ইত্যাদি। সি দেখুওৱা বস্তুটো মই দেখিছোঁ, কিন্তু সেইটো যে মগৰ হব পাৰে সেই ভাব মোৰ মনলৈ অহা নাছিল; হঠাতে দেখোঁ,হয় মগৰেই, কিন্তু ইমান অতিকায় মগৰ মোৰ জীৱনত দেখা নাই। হওঁতে ঘৰিয়াল মাৰিছোঁ কমপক্ষেও এহেজাৰ। তথাপিও দেখি বিস্ময় মানিলোঁ, কাৰণ, সেইবিলাক এই মগৰৰ লগত তুলনা নহয়। দেখা মাত্ৰকেই মাৰিলোঁ গুলী, ঠিক মুৰত নালাগি অলপ তললৈ লাগিল। জাহাজ চলি আছে, তদুপৰি চাৰেঙৰ আৰ্তনাদ—য'ত মাৰিবলৈ বুলি টোঁৱাইছিলোঁ তাত লগাহেঁতেন ৰলহেঁতেন। তথাপিও গুলী খাই জাহাজ সমন্বিতে গ্ৰাস কৰোঁ বুলি মুখ মেলিলে,অতি ভয়ংকৰ।
মনত পৰিল, “গ্ৰাস-গজেন্দ্ৰৰ যুদ্ধৰ কথা! গ্ৰাসৰ বাঢ়িলা বল,পিয়ে জল-পানী” ভালদৰে গুলী লগাৰ বিশিষ্ট প্ৰমাণ দি। প্ৰবল প্ৰচেষ্টা কৰি পানীত পৰিল, তেজেৰে ঠাইডোখৰ ৰাঙলী হ'ল। গৃহাভিমুখী অৰ্ণৱপোতে নৈৰ হিয়া দুফাল কৰি অতি বেগে চলিবলৈ ধৰিলে। আমি আহাৰাদিত মনোনিবেশ কৰিলোঁ। [ ৯৬ ]
পুৰণি স্মৃতি
[বকোৰ চিকাৰ]
তেতিয়া গুৱাহাটীত মটৰগাড়ী নাছিল আৰু থাকিলেও বাটৰ অৱস্থালৈ চাই সেই সময়ত বাটেৰে মটৰ নিয়া অসম্ভৱ। আজিকালি এঘণ্টাত যাব পাৰি। ১৪টা হাতী লৈ মোৰ ককাইদেউ স্বৰ্গীয় নবীনৰাম ফুকনৰ লগত বকোলৈ চিকাৰ কৰিবলৈ যাত্ৰা কৰিলোঁ। লগত ওলাল শ্ৰীমান জ্ঞানদাভিৰাম বৰুৱা, শ্ৰীমান কামাখ্যাৰাম বৰুৱা আৰু শ্ৰীমান দেবেন্দ্ৰৰাম ফুকন। শ্ৰীমান জ্ঞান তেতিয়া বহুত দিন বিলাতত থকাৰ পিচত অসমলৈ উভতি আহিছে। তেওঁ সৰুৰেপৰা অলপ ভয়াতুৰ প্ৰকৃতিৰ (nervous ) মানুহ। কলিকতাত লগ ধৰি অসমলৈ অহাৰ কথা উলিওৱাত পোন প্ৰথমেই ডাক্তৰ থকা নথকাৰ খবৰ কৰিলে। মহে খালে মেলেৰিয়া হয় নে নহয়, ভাল ভাল কুইনাইন পোৱা যায় নে নাযায়৷ খোৱাপানীৰ কি ব্যৱস্থা,সাপসুপৰেইবা কেনে গতি-বিধি ইত্যাদি বহুবিধ প্ৰশ্নৰ সঁচাই-মিছাই উত্তৰ দি, কৈ-মেলি কোনোমতে গুৱাহাটী পোৱালোহি, লগত সৰু-সুৰা এটা ডাক্তৰখানা আহিল। গুৱাহাটী পোৱাৰ পিচতেই বকোত চিকাৰ কৰাৰ প্ৰস্তাৱ ওলাল।
চিকাৰ যদিও ভাল তথাপি প্ৰাণীবধ কৰা অন্যায়, এই কথা লৈ কিছু যুক্তি-তৰ্কৰ পিচত চিকাৰলৈ যোৱাৰ স্থিৰ হল; কিন্তু তেনে দুৰ্গম ঠাইলৈ যোৱা উচিত নে অনুচিত সেই লৈয়ো কিছু তৰ্ক-বিতৰ্ক চলিল। তেওঁ নগলেও আমি যোৱা যেতিয়া সাব্যস্ত হ'ল, তেতিয়া তেওঁ কলে, “তোমালোকৰ যদি কিবা হয় আৰু মই নাযাওঁ, তেতিয়া মোৰ অন্যায় হব আৰু মনত ক্ষোভ থাকিব গতিকেই যি হয় [ ৯৭ ] সকলোৰে হব” বুলি যোৱাকে স্থিৰ কৰিলে। বকো গুৱাহাটীৰপৰা ৩৭ মাইল। দিনে ১০।১২ মাইলকৈ তিনদিনমানে যোৱাৰ ঠিক হল। প্ৰথম দিনা পলাশবাৰীত আছিলোঁ। শ্ৰীমান কামাখ্যাই ন-কৈ হাৰ্মনিয়ম শিকিবলৈ আৰম্ভ কৰিছে; লগতে হাৰ্মনিয়ম এটা নিছিল। নতুনকৈ শিকিবলৈ আৰম্ভ কৰা লোকৰ স্বভাৱ হৈছে, সময় নাই, অসময় নাই, শিকিবৰ চেষ্টা কৰা। ভেঁপো ভেঁপো শব্দত আমি সকলোৱে ত্যক্ত-বিৰক্ত হৈ উঠিলোঁ। কিন্তু বাজনা নেৰে কামাখ্যাৰামে। শেষত শান্তি ভঙ্গৰ আশঙ্কা দেখি তেওঁ বাথৰুমৰ আশ্ৰয় ললে। আমিও ৰক্ষা পৰিলোঁ।
হাতীৰে খোজকাঢ়ি দ্বিতীয় দিনা পালোঁ ছয়গাওঁ। নৈৰ কাষতে চৰকাৰী বঙলা। গা ধুই, নাও খেলি, গান-বাজনা আদি ধেমালিৰে তাতে এদিন কটোৱা হ'ল। তিনিদিনৰ দিনা পালোঁগৈ বকো। দেখোঁ যে পুলিচৰ চাহাব এজনে এটা খোটালি দখল কৰি মহাসুখেৰে বহি আছে। ইমানবিলাক মানুহ এটা কোঠাত নধৰে, গতিকেই আমি ছাব-অৰ্ডিনেট অফিচাৰ থকা বহাত আশ্ৰয় ললোঁ। তাতো নৈৰ কান। চিন্তা নাই, ভাবনা নাই — পৰম আনন্দ! আমাৰ আনন্দ দেখি চাহাবেও গম্ভীৰ মূৰ্তি এৰি আমাৰ লগত যোগ দিলে। শ্ৰীমান জ্ঞানৰ নিতৌ কুইনাইন খোৱা নিয়ম অলপ শিথিল হ'ল; চৰাই-চিৰিকতি বিচাৰি ফুৰোঁতে সাপৰ ভয়ো অলপ কমিল। মাৰো নামাৰোকৈ বহুপৰৰ মূৰত বন্দুক পোন কৰে মানে চৰাই উৰি যায়েই; এইদৰে বহু চেষ্টা আৰু পৰিশ্ৰমৰ পিচত এজাই বন্দুক মৰা হ'ল। জীৱন-মৰণ বিধাতাৰ লিখন নুবুলি নোৱাৰি; বহু ৰকমে হাই-উৰুমি কৰাতো বগলীটো নলৰিল। তিনিবাৰ পোন কৰাৰ পিচত এজাই দিয়া হ'ল, য'ৰে বগলী ত’তেই ৰ’ল, কিন্তু মৰিল এটা — অলপ দূৰৈত পৰি থকা জিকৰ এটা। আনন্দতকৈ জীৱহীন চৰাইৰ প্ৰতি সহানুভূতিৰ মাত্ৰা সৰহ হ’ল আৰু তেতিয়াই স্থিৰ হ'ল, চৰাই মৰা অতি সহজ; গতিকে চৰাই মৰাত পুৰুষালি নাই, বাঘহে মৰা [ ৯৮ ]
উচিত। চৰাইকুল ৰক্ষা পৰিল—বাঘৰ ত্ৰাস লাগিল। শ্ৰীমান দেবেনে এবেলি এটা কপৌ মাৰিছিল, প্ৰথম গুলীতে। সেইদিনাৰপৰা তেওঁ গুলী নামাৰে, তেওঁৰ 'চেণ্ট পাৰচেণ্ট ৰেকৰ্ড’ অৰ্থাৎ গুলীয়ে প্ৰতি এটা মাৰা সুনাম নষ্ট হয় বুলি। শেষদিনালৈকে তেওঁক আৰু বন্দুক মৰা নেদেখিলোঁ। এদিন মাথোন বন্দুক লৈছিল, এটা পগলা কুকুৰ ওলাওঁতে। কিন্তু কুকুৰে খেদা মাৰিলত বন্দুক থৈ লৰ মাৰিলে। সেই কথা কলে তেওঁ উত্তৰত কয় যে পগলা কুকুৰ মাৰিবলৈ গৈ কুকুৰৰ কামোৰত পগলা হৈ প্ৰাণ হেৰুৱাতকৈ পলাই আত্মৰক্ষা কৰা ভাল।
ঈশ্বৰে তাৰপৰা ৰক্ষা কৰিলে আৰু মোৰ চিকাৰী হিচাপে গুলীয়ে প্ৰতি মৰাৰ সুনামো ৰ'ল। সেইবাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। চিকাৰ বুলিলে দেবেন ওলাবয়ে আৰু নিজে বিন্দুক নধৰিলেও চিকাৰৰ নিয়ম ৰক্ষা কৰি চলিব; কিন্তু চিকাৰ নোপোৱা দেখিলে এঘণ্টাৰ ওপৰ কেতিয়াও মনে মনে থাকিব নোৱাৰিছিল—তেহেলৈ চিকাৰ যাওকেই বা থাওকেই, তুমি ভালেই পোৱা বা বেয়াই পোৱা।
পুৱাতে চাহ-জলপান খাই চিকাৰলৈ যাত্ৰা কৰিলোঁ। বাট ওলোৱাৰ আগডোখৰ ভালেৰেই গ'ল। হাবিৰ অন্ত নাই; হাতীৰ ওপৰত মানুহ নেদেখি। গৈয়েই আছোঁ, গৈয়েই আছোঁ—নাই বাঘ,নাই পহু। হঠাতে খবৰ পালোঁ ম'হ থকাৰ। নিজ নিজ বন্দুক ললোঁ আৰু সাৱধানে হাতী চলাবলৈ দিলোঁ। অলপ পৰতে এগুলী মৰাৰ শব্দ পালোঁ; আকৌ নিস্তব্ধ। শব্দ অনুসৰি গৈ দেখোঁ,এটা প্ৰকাণ্ড মতা ম'হ পৰি আছে। দাদাৰ গুলীত মৰিল—একে গুলীতে। নিজে নোপোৱাৰ ক্ষোভ থকা সত্ত্বেও আনন্দৰ কোলাহল উঠিল।
মূৰ কাটিবলৈ গাঁৱৰ মানুহ আনিবলৈ হাতীৰে মানুহ পঠিওৱা হ’ল; খবৰ পাই ততালিকে কছাৰী গাঁও ভাঙি ডেকা-বুঢ়৷, ল'ৰা[ ৯৯ ] ছোৱালীয়ে আহি বেঢ়ি ধৰিলে। সবাতোকৈ আনন্দ দেখা গ'ল জ্ঞানৰ। ওচৰতে বিলৰ পানী দেখি তেওঁৰ কবিত্ব জাগি উঠিল আৰু আমাৰ হকা-বাধা নামানি বিলৰ দল-পঁছা পানীকে নিৰ্মল নিজৰাৰ পানী বুলি আজলি আজলিকৈ পাৰেমানে খালে আৰু মূৰত ললে। আচল কথা, পিয়াহত আৰু গৰমত ধাতু নাই।
নিমিষতে কাটি-কুটি ম'হৰ সৎকাৰ কৰিলে। শিংযোৰ বঙলালৈ পঠাই দিলোঁ। পহু, গাহৰি ভালেমান মৰা পৰিল, কিন্তু সেই যাত্ৰাত বাঘ নাপালোঁ। বাটে বাটে অলপ-অচৰপ চিকাৰ কৰি আনন্দ-উৎসৱত, কোলাহলত সংসাৰৰ দুখ-দুৰ্গতি পাহৰি জীৱ হিংসাৰ মহাপাপৰ আশঙ্কা মনৰপৰা দূৰ কৰি কিঞ্চিৎ অৰ্থদান কৰি আৰু যথেষ্ট পৰিমাণে প্ৰীতি-সম্ভাষণ কৰি মাউতসকলক আৰু চিকাৰত সহায় কৰা লোকসকলক বিদায় দি পুনৰ চহৰৰ মায়াময় সংসাৰত প্ৰৱেশ কৰিলোঁহি।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )