পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
চিকাৰ কাহিনী

মোনী সৰু-ডাঙৰ অলেখ বোজাই নাও ১০।১২ দিনলৈ ৰৈ থাকে,কাৰো খবৰ নাই, ইচ্ছামতে ‘লক’ খুলি দিলেহে যোৱা-অহা কৰিব পাৰিব। কলিকতাৰ নিচেই ওচৰত এনেকুৱা চলাচলৰ দুৰৱস্থ৷ দেখিলে মন্ত্ৰীসকলৰ আৰু আমাৰ কাৰ্য-প্ৰণালীত ধিক্কাৰ নজন্মি নোৱাৰে। আহিবৰ সময়ত কলিকতাৰ ওচৰ পাওঁতে এখন জাহাজ পথালি হৈ লাগিল, বহু চেষ্টা কৰিও তাক লৰাব পৰা নগল। আমাৰখন পাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিও নিষ্ফল মনোৰথ হৈ ৰাতি খপিবলগীয়া হ'ল। ভাগ্যে এখন বোট সৰকি গৈছিল; সেইখনতে বস্তু-বাহানি ভৰাই ১০ মান বজাত কলিকতা পালোঁ। বুজিলোঁ, তিনি-চাৰিদিনৰ আগতে লগা জাহাজখন এৰুৱাব পৰা টান হব। সেইকেইদিন নাও-জাহাজৰ চলাচল আৰু বেপাৰ-বণিজ বন্ধ; ইয়াৰ নাম স্বায়ত্তশাসন। স্বৰাজেই হওক বা বিৰাজেই হওক,দুখীয়াৰ দুখ সৰ্বতিকালে। কুলটিৰ খাল এৰি একেবাৰে সুন্দৰবন মুখে জাহাজ চলোৱা হ'ল অতি বেগেৰে।

 ৰাইমঙ্গল এখন ডাঙৰ নৈ, ঠায় ঠায়ে প্ৰায় ব্ৰহ্মপুত্ৰৰ সমানেই হব। তাৰেপৰাই সুন্দৰবনৰ শোভা আৰম্ভ; কিন্তু চিকাৰ আৰম্ভ হয় ‘আঠাৰোবাকি’ পালে। সেইখন নৈয়ো নিচেই সৰু নহয়; বৰ অকাই-পকাই গৈছে।

 দুয়োপাৰে এবিধ সৰু গছ। কোনোবাই অতি যত্নেৰে আৰু সাৱধানে শাৰী শাৰীকৈ ৰুই থোৱা যেন দেখি। পাৰবোৰ ২॥ হাত ৩ হাতমান ওখ হব। গোটেইবোৰ একেবিধৰে গছ আৰু চাহগছৰ দৰে নিয়মমতে কলম দি সমানকৈ ৰখা যেন দেখি, এডালো ওখ-চাপৰ নাই। পাতবোৰ আকণৰ পাতৰ দৰে দেখি। পহুৱে নাখায়। গছবোৰ ঘন, দুৰ্গম; মানুহ সোমোৱা টান। কাণে কাণে গুৰি নোহোৱা নাৰিকলৰ গছ —মাটিৰ পৰা পাত ওলায়। তাক বঙালীয়ে ‘গোলপাতা’ বোলে; তাৰে ঘৰ ছোৱায়। দুখীয়া মানুহে আৰু পাছ লৈ কাটি আনে কলিকতালৈ। মাজে মাজে এবিধ