পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
চিকাৰ কাহিনী


বাঢ়িও নাহে, নাযায়ো। য’ৰে হাতী ত’তেই থাকিল, ময়ো ঠাইতে ৰৈ থাকিলোঁ। কিছুবেলি যোৱাৰ পিচত মাউতক হাতী আগবঢ়াবলৈ কলোঁ। সি ভয়ত কঁপিবলৈ ধৰিলে। হাতী আগবঢ়াবলৈ অমান্তি হল আৰু কলে, “আৰু আগবঢ়ালেই হেঁচা মাৰি ধৰিবহি,মই আগবঢ়াবলৈ নোৱাৰোঁ।” ভালদৰে ডাবি সোধোৱাত দুখোজমান আমাৰ হাতী আগলৈ দিয়া মাত্ৰকে হাবি দুফাল কৰি সৰু-সুৰা গছ ভাঙি-মুছৰি আমাৰ পিনে আহিল। প্ৰমাদ গণি অলপ ফালৰি কাটি ৰলোঁ, চকুৰ পচাৰতে আমি থকা ঠাইৰ পিনে লক্ষ্য কৰি অহা দেখিলোঁ—এটাৰ দাঁত নাই, দ্বিতীয়টোৰ দাঁত আছে বুলি কুঁহিৰামে কলে, সেই মুহূৰ্ততেই মাৰিলোঁ গুলী—মূৰত মাৰিব নোৱাৰিলো; কাৰণ, হাতী আগবাঢ়ি গ'ল আৰু লৰি যাওঁতে মূৰ যিদৰে লৰাই গৈছিল, তাতে লক্ষ্য স্থিৰ কৰি মগজু পোৱাকৈ মুৰত মাৰা অসম্ভৱ আছিল।

 গুলী লাগিল নে নাই কবই নোৱাৰিলোঁ। যোৱা হাতী গৈয়েই থাকিল, নিমিষতে নাইকিয়া হ'ল। আশা-নিৰাশাৰ সন্ধিস্থল, হাতী চলাবলৈ মাউতক কলোঁ। অলপদূৰ গৈয়েই মাউতে হাতী ৰখালে আৰু এটা শব্দলৈ কাণ কৰি মোকো শুনিবলৈ কলে। হাতীয়ে গোৰগোৰোৱা শব্দ হয় ওচৰতে। অতি সাৱধানে হাতী চলাবলৈ কলোঁ আৰু শব্দ বাওঁহাতে জানি সোঁফালে চক্ৰাকাৰে ঘূৰি শব্দৰ পিনে চালোঁ। দেখিলো বৃহৎকায় মায়া-হস্তী পৰি আছে, কিন্তু দাঁত নাই। গা চিৰিঙাই গ'ল—জানোবা মাইকীয়ে মাৰিলোঁ বুলি ভাবি কুঁহিৰামক নমাই দিলোঁ ভালদৰে চাবলৈ, সি চাওঁতে মুখত হাঁহি দেখি আশ্বস্ত হলোঁ। যিয়েই হওক, মাইকী নহয়। আৰু ভাল পালোঁ আৰু এটা মখনা জমাৰ ঘৰলৈ আহিল। দুটা দঁতাল মাৰিলে দুযোৰ দাঁত পাম। হাঁহি মাৰি থাকোতেই কুঁহিৰামে মৰা হাতীৰ ওপৰত নাচিবলৈ ধৰিলে। মই হাতীৰ ক্ষেত্ৰই পোৱা বুলি তাক ডাবি দিয়াত সি কলে, “মখনা নহয়, গণেশ।” পৰা পিনে