পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
চিকাৰ কাহিনী


এজনা ৰাজমাও চিত্ৰা হৰিণী ওলালহি। অতি সন্ত্ৰমেৰে এখোজ দুখোজকৈ ৰ'দ পৰা পিনে আহিবলৈ ধৰিলে। দেখিলোঁ, ওলোৱা মাত্ৰেই বান্দৰে তৎক্ষণাৎ ওচৰৰ গছৰপৰা নামি অভিবাদন সহকাৰে দন্তবিকাশ কৰি অভিনন্দন জনালে। ৰাজ-মহিষীয়েও অভিনন্দন গ্ৰহণ কৰি কৰ্তব্য নিৰ্দেশ কৰিলে। ততালিকে বান্দৰসমূহে আহি পাত ছিঙি দিবলৈ আৰম্ভ কৰিলে। চাওঁতে-চাওঁতে বিস্তৃত শৃঙ্গবাহী মৃগৰাজ সপৰিবাৰে উপস্থিত হ'ল। বান্দৰৰ কাৰ্যকুশলতা দেখি বাস্তৱতে মোহিত হলোঁ। নাই কেমেৰা, নাজানো আঁকিবলৈ, সেইবাবে নিজক ধিক্কাৰ দিলোঁ শতবাৰ। এঘণ্টামান চাই ৰলোঁ; বন্দুকেৰে লগ পোৱালৈ বাট চাই ৰলোঁ, ৰজাৰ ৰাজমুকুট হৰণৰ অভিপ্ৰায়ে। বন্দুক তুলি টোঁৱাবলৈ মন কৰোঁতেই মোৰ কাপুৰুষতা ঘোষণা কৰি জাহাজৰ শঙ্কিতমনা বন্ধুসকলে বংশীৰ ধ্বনি কৰিলে। ধ্বনি শুনি বিশ্বস্ত ৰাজানুচৰবোৰে দুৰ্জনৰ আগমন সূচনা কৰি স্থান ত্যাগৰ ইঙ্গিত কৰিলে। ইংগিত পোৱা মাত্ৰকে মায়ামৃগৰ দৰে নিমিষতে অন্তৰ্ধান হ'ল।

 দুখে-ভাগৰে, ক্ষোভে-অপমানে জাহাজলৈ উলটি আহিলোঁ। পিছে পহু পায়ো বন্দুক টোঁৱাবৰ নহল।

 পিচদিনা পুৱা আনকেইজন চিকাৰী ওলায় মানে মই আৰু কুঁহিৰাম জাহাজৰ আগলৈ ওলালোঁ। বন্দুক লৈ অপেক্ষা কৰিলোঁ। দূৰৈত দেখিলোঁ এটা শিঙাল; বন্দুক ললোঁ, তুলি লৈয়েই মাৰিলোঁ গুলী। লাজ নিবাৰণ হ'ল, ঠাইতে পৰিল। সমাৰোহেৰে তুলিলৈ আকৌ জাহাজ চলোৱা হ'ল। বন্দুক লৈ লৈ শাৰী হৈ জাহাজৰ আগত থিয় দিলোহি চিকাৰীৰ দল। আকৌ গুলী চলিল, মোৰ হাতত পৰিল আৰু দুটি। পৰম আগ্ৰহেৰে কুঁহিৰামে বন্দুকটো হাতত লৈ চাই ৰ'ল মোৰ পিনে ‘মাৰ যদি নামি গৈ মাৰ, কিন্তু সাৱধানে মাৰিবি আৰু সৰহদূৰ ভিতৰলৈ নাযাবি।” সি হাততে স্বৰ্গ ঢুকি পালে; জাপমাৰি নামিয়েই হাবিৰ ভিতৰ সোমাল। অলপ পিচতেই