পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
চিকাৰ কাহিনী


পাৰবো বলে মনে হয় না। চোখেৰ আড়াল হলেই আলোয় আঁধাৰে মিশে যাও। তাই বলছি—নিমিষেৰ তৰে ধৰা দাও, আমি সব ঠিক কৰ্ছি।”

 “কবিতা এৰা, তোমাৰ সুবিধামতেই ঠিক কৰা; মই তাতেই ৰাজী আছোঁ। তোমাৰ ওচৰত ধৰা দিছোঁ যেতিয়৷ এতিয়া পলোৱাৰ চেষ্টা মিছা।”

 ভাবপ্ৰবণ বঙালীৰ কথা গঙ্গাৰ জোৱাৰ-ভাটাৰ দৰে আহে যায়—আঁউসী-পূৰ্ণিমাত উপচি পৰে; গুৰি ধৰিব নজনা অজানা নাৱৰীয়াই কেতিয়াবা সেই হো হোৱা সোঁতত পৰিলে উটি যায়; কেতিয়াবা শুকান বালিত পৰি ৰৈ থাকে। মুখাৰ্জীৰ কথা শুনি মোৰো সেয়ে হব যেন লাগিছিল; কিন্তু তেতিয়াই ঠিক হল, অহা শুকুৰবাৰে গধূলি যাত্ৰা কৰা হব। ময়ো মত দি কলোঁ, “আজি বুধবাৰে ঘৰলৈ গৈ বৃহস্পতিবাৰে গধুলি গুৱাহাটী এৰি শুকুৰবাৰে ডেৰ বজাত পাই গধূলি কোৱামতে যাত্ৰা কৰিম।”

 “আমি কিন্তু সব ঠিক কৰে ৰাখছি, দোহায় দাদা, বিমুখ কৰো না।” ইত্যাদি জল্পনা-কল্পনা কৰি ঘৰলৈ আহিলোঁ। পুৱা ৭ বজাত ঘৰ পালোগৈ। পায়েই দেখোঁ, এখন টেলিগ্ৰাম; খুলি চাওঁ, মুখাৰ্জীৰপৰা আহিছে।

 “অনুগ্ৰহ কৰি আজিয়েই আহিব, কাইলৈ কলিকতা এৰিবই লাগিব—সকলে৷ ঠিক, পিছুৱা টান।” টেলিগ্ৰাম পঢ়ি বৰ খং উঠিল। এই পালোহি, আজিয়েই যোৱা কেনেকৈ হয়। যোৱা অসম্ভৱ বুলি টেলিগ্ৰাম লিখিলোঁ; কিন্তু বন-সুন্দৰী সুন্দৰবন দেৱীয়ে মোহিনী মূৰ্তি ধৰি মুখাৰ্জীৰ তৰফে ওকালতি আৰম্ভ কৰিলে। বন-সুন্দৰীয়ে মোকৰ্দমাত জিকিল; মুখাৰ্জীৰ পক্ষে ৰায় দিয়ে টেলিগ্ৰাম কৰা হ'ল। সময়মতে শিয়ালদহ পালোগৈ। নামিয়েই দেখোঁ মুখাৰ্জীৰ সহচৰ, আমাৰ প্ৰিয় বন্ধু বিনয় হাজিৰ। দেখিয়েই মনত পৰিল কবিতা এফাকি—“প্ৰসন্ন মুখ, নাহি কোনো দুখ, অতি