চিকাৰ কাহিনী/সুন্দৰ বনত তিনিদিন—চিকাৰ উপলক্ষে
[ ৮৬ ]
সুন্দৰবনত তিনিদিন—চিকাৰ উপলক্ষে
মোৰ মক্কেল বন্ধু প্ৰীতিভাজন মিঃ পি মুখাৰ্জী কলিকতাৰ এজন বিশিষ্ট ব্যৱসায়ী লোক; চতুৰ, কিন্তু উদাৰমনা। কাৰ্যোপলক্ষে জাৰ্মাণী আদি বহু ঠাই ঘূৰি ঘূৰি কাৰ্যক্ষেত্ৰৰ পৰিসৰ বঢ়াবৰ মনেৰে প্ৰান্ত প্ৰদেশ অনুপমা অসমৰ নিৰুপমা ৰাজধানী ছিলং পৰ্বত পায়গৈ। তাতেই তেওঁৰ লগত প্ৰথম পৰিচয় হয়; ক্ৰমে সেই পৰিচয়ে মিত্ৰতাত পৰিণত হয়।
চিকাৰ প্ৰসঙ্গত কথাই কথাই এদিন সুন্দৰবনৰ কথা ওলাল। তেওঁৰ মনেৰে সেয়েই কবিৰ স্বপ্নময় কল্পনা ৰাজ্য আৰু চিকাৰীৰ স্বৰ্গ—সুন্দৰবন বোলোতেই পমি যায়। আনৰ মুখত সুন্দৰবনৰ সুখ্যাতি সৰুৰেপৰা শুনি আহিছোঁ। অসমৰপৰ৷ কলিকতালৈ আৰু কলিকতাৰপৰা অসমলৈ জাহাজেৰে যোৱা যাত্ৰীৰ মুখত পহু,বাঘ, মকৰ আদিৰ কথা শুনি শুনি জাহাজেৰে কলিকতালৈ যোৱাৰ ইচ্ছা ক্ৰমেই বলৱতী হৈ আহিল। মধুময়ী ইচ্ছাক দৃঢ় সংকল্পত পৰিণত কৰা হ'ল; কিন্তু সময় আৰু সমভাবাপন্ন সহযাত্ৰীৰ অভাৱত সেই আশা অপূৰ্ণ হৈয়েই আছিল ইমানদিনে। বন্ধু মুখাৰ্জীৰ উৎসাহ আৰু অত্যুগ্ৰ আগ্ৰহ নোহোৱা হলে সুন্দৰবন পৰিদৰ্শনৰ কল্পনা আশা-নিৰাশাৰ সন্ধিস্থলতেই উদ্ভৱ আৰু লয় হবলগীয়া হলহেঁতেন।
হঠাতে এদিন মুখাৰ্জীয়ে সুধিলে, “দাদা, সোঁদৰবন যাওয়াৰ কি হলো?” উত্তৰত মই কলোঁ, “নিয়াৰ গৰাকী যেতিয়া তুমিয়েই তেতিয়া আৰু মোক সোধাৰ অৰ্থ কি?”
“দাদা, পাপীয়া তাৰাৰ মতো যে ভাবে তুমি ছুটে বেড়াও, তাতে তোমায় দূৰে নিয়ে যাওয়া দুৰেৰ কথা, ক্ষণেকেৰ তৰেও ধৰে ৰাখতে [ ৮৭ ] পাৰবো বলে মনে হয় না। চোখেৰ আড়াল হলেই আলোয় আঁধাৰে মিশে যাও। তাই বলছি—নিমিষেৰ তৰে ধৰা দাও, আমি সব ঠিক কৰ্ছি।”
“কবিতা এৰা, তোমাৰ সুবিধামতেই ঠিক কৰা; মই তাতেই ৰাজী আছোঁ। তোমাৰ ওচৰত ধৰা দিছোঁ যেতিয়৷ এতিয়া পলোৱাৰ চেষ্টা মিছা।”
ভাবপ্ৰবণ বঙালীৰ কথা গঙ্গাৰ জোৱাৰ-ভাটাৰ দৰে আহে যায়—আঁউসী-পূৰ্ণিমাত উপচি পৰে; গুৰি ধৰিব নজনা অজানা নাৱৰীয়াই কেতিয়াবা সেই হো হোৱা সোঁতত পৰিলে উটি যায়; কেতিয়াবা শুকান বালিত পৰি ৰৈ থাকে। মুখাৰ্জীৰ কথা শুনি মোৰো সেয়ে হব যেন লাগিছিল; কিন্তু তেতিয়াই ঠিক হল, অহা শুকুৰবাৰে গধূলি যাত্ৰা কৰা হব। ময়ো মত দি কলোঁ, “আজি বুধবাৰে ঘৰলৈ গৈ বৃহস্পতিবাৰে গধুলি গুৱাহাটী এৰি শুকুৰবাৰে ডেৰ বজাত পাই গধূলি কোৱামতে যাত্ৰা কৰিম।”
“আমি কিন্তু সব ঠিক কৰে ৰাখছি, দোহায় দাদা, বিমুখ কৰো না।” ইত্যাদি জল্পনা-কল্পনা কৰি ঘৰলৈ আহিলোঁ। পুৱা ৭ বজাত ঘৰ পালোগৈ। পায়েই দেখোঁ, এখন টেলিগ্ৰাম; খুলি চাওঁ, মুখাৰ্জীৰপৰা আহিছে।
“অনুগ্ৰহ কৰি আজিয়েই আহিব, কাইলৈ কলিকতা এৰিবই লাগিব—সকলে৷ ঠিক, পিছুৱা টান।” টেলিগ্ৰাম পঢ়ি বৰ খং উঠিল। এই পালোহি, আজিয়েই যোৱা কেনেকৈ হয়। যোৱা অসম্ভৱ বুলি টেলিগ্ৰাম লিখিলোঁ; কিন্তু বন-সুন্দৰী সুন্দৰবন দেৱীয়ে মোহিনী মূৰ্তি ধৰি মুখাৰ্জীৰ তৰফে ওকালতি আৰম্ভ কৰিলে। বন-সুন্দৰীয়ে মোকৰ্দমাত জিকিল; মুখাৰ্জীৰ পক্ষে ৰায় দিয়ে টেলিগ্ৰাম কৰা হ'ল। সময়মতে শিয়ালদহ পালোগৈ। নামিয়েই দেখোঁ মুখাৰ্জীৰ সহচৰ, আমাৰ প্ৰিয় বন্ধু বিনয় হাজিৰ। দেখিয়েই মনত পৰিল কবিতা এফাকি—“প্ৰসন্ন মুখ, নাহি কোনো দুখ, অতি [ ৮৮ ] অকাতৰ চিত্ত।” তেওঁ সেই প্ৰকৃতিৰ মানুহ। বয়স ৪৫ মান হব,আজিও কুমাৰ; বিয়াৰ কথা কলেই কয়, “দাদা, পাত্ৰী খুজে পাচ্ছি না আৰ পেলেও ৰাজী হয় না। বৰাতে থাক্ লে এখনও হতে পাৰে। আপনি একটু চেষ্টা কৰ্ বেন।”
অসহযোগ আন্দোলনত যোগ দি বহু যাতনা ভুঞ্জিও সৰ্ব বিষয়তে সদায় সুপ্ৰসন্ন ভাব ৰাখি চলিব পৰাৰ ভিতৰৰ এৱোঁ এজন অগ্ৰণী। তদুপৰি এজন ভাল চিকাৰী। স্বনামধন্য মহাকবি বলমা বাগিছাৰ স্বত্বাধিকাৰী বেজবৰুৱা ডাঙৰীয়াৰ কলিকতাৰ চৌতলা ঘৰেই মোৰ সচৰাচৰ থকা ঠাই।
বিনয়ে ৱাৰেণ্ট দেখুৱাই গ্ৰেপ্তাৰ কৰি মাল-বস্তু সমন্বিতে কুঁহিৰাম আৰু মোক উপস্থিত কৰালে ৪২ নং চৌৰঙ্গী ৰোডত। জানিলোঁ,কলিকতা কৰ্পোৰেশ্যনৰ প্ৰধান ইঞ্জিনিয়াৰ মিঃ বি. এন. দেৰ ঘৰ। ধীমন্ত, প্ৰিয়দৰ্শন দে মহাশয়ে বহুত দিনৰেপৰা চিনা মানুহৰ দৰে সাদৰ-সম্ভাষণ জনাই ক্ষন্তেকতে আপোনাৰ দৰে কৰি ললে আৰু ঘৰখন গটাই দি তাতে থাকিবলৈ অনুৰোধ কৰিলে। গধূলিলৈকে তাতে থাকিলোঁ। গুলী-বাৰুদ সংগ্ৰহ কৰি সাজু হলোঁ যাত্ৰা কৰিবলৈ। লগত ওলাল শ্ৰীযুত নগেন্দ্ৰনাথ বিড, বিশিষ্ট চিকাৰী আৰু বিচক্ষণ ব্যৱসায়ী, কলিকতাৰ বুনিয়াদী ঘৰৰ লোক, নেপিয়াৰ পেইণ্ট কাৰখানাৰ স্বত্বাধিকাৰী আৰু শ্ৰীযুত বিনয়কৃষ্ণ বোস,সৰ্বজনপ্ৰিয় অসহযোগকৰ্মী, সম্প্ৰতি নিবনুৱা শ্ৰীযুত ধীৰেন্দ্ৰনাথ দে আৰু মই।
আউট কল’ ইঞ্জিনিয়াৰ শ্ৰীযুত অনাদি বন্দ্যোপাধ্যায় আমাৰ কৰ্ণধাৰ হ’ল। তেওঁ সংস্কৃতজ্ঞ, পৰম বৈষ্ণৱ—মাংসাদি ভোজন ৰহিত; কিন্তু “মৃগয়ামিদৃক বিনোদঃ কুতঃ” এই শাস্ত্ৰীয় বচন মানি চলে। যাত্ৰা কৰোঁতে ৰাতি ৯ মান বাজিল। মাণিকতলাৰ ওচৰত গঙ্গাৰ ঘাটত মটৰবোটত উঠা হ'ল। বোট দুখন—এখনত আমি, আন-খনত অনাদি বাবু আৰু অনুচৰবৰ্গ। বস্তু-বাহানি সৰহকৈ আৱশ্যক [ ৮৯ ] নহলেও মোৰ লগত কিছু থাকে। মুখাৰ্জী মহাশয়ে বস্তু দেখিয়েই বিস্ময় মানিলে। অকণমান মটৰ বোটখনত ইমান বস্তু থবৰ ঠাই নহব বুলি যিমান পাৰে বস্তু নিজ হাতেৰে বাহিৰ কৰি থলে। কুঁহিৰামে বহুতো কাকূতি কৰাত কোনোমতে সৰু এটা বাকচ আৰু বিছনাখন (তেওঁৰ মনেৰে অতিকায় ) নিয়াত সন্মতি দিলে। গৈ দেখোঁ, দুখন মটৰত আৰু এখন সৰু গাঁৱৰ মানুহ যাব পাৰিলেহেঁতেন। শোৱা কোঠালিত দুখন খাট, জাহাজৰ কেবিনৰ দৰে। গা ধোৱা আৰু মুখ-হাত ধোৱা সুকীয়া দুটা খোটালি। খোৱা কোঠালিও বেলেগ; লগতে ৰন্ধাৰো বন্দৱস্ত আছে। আগত ওলাই বহিব পাৰি আৰু ওপৰত চকী-মেজ পাতি বহিবৰ ঠাই।
পোৱা মাত্ৰকে বোট এৰি দিলে, যাওঁতে যাওঁতে খোৱা চলিল। ৰাতিতে ‘লকগেট’ পাৰ হৈ থাকিলোঁ; পুৱা ৫ বজাত আকৌ জাহাজ চলিল। ভালদৰে আধাঘণ্টামান বৰষুণ দিলে কলিকতাত ঠায়ে ঠায়ে নাও চলাব পৰা হয়—পানী ওলাই যোৱাৰ ভাল বন্দৱস্ত নোহোৱাৰ কাৰণে। তাৰে সুবিধা কৰিবৰ কাৰণে কৰ্পোৰেশ্যনৰপৰা সুকীয়াকৈ এট৷ ‘কেনেল’ খনোৱাৰ বন্দৱস্ত কৰিছে আৰু সেইবাবে দিনে ১২০০ টকা দি চৰকাৰৰপৰা এখন মাটি খন্দা জাহাজ (dredger) ভাৰা কৰিছে। নাম ৰণাগুছে। আমাৰ জাহাজ এৰি আৰু এখন মটৰ-বোটত উঠি খনা চাবলৈ গলোঁ; সি এটা বৃহৎ কাৰবাৰ। শুকান মাটি খান্দি পাম্পৰ মুখত পেলাই দিয়ে; পানী-মাটি লগ লগাই পাম্পৰ বলত ডাঙৰ নলাৰে নি খালৰ কানত পাৰ বন্ধাকৈ মাটি-পানী ছটিয়াই দিয়ে—পানী বৈ যায়, মাটি ৰৈ যায় আৰু পাৰ বন্ধোৱাও লগে লগে হয়। খাল কটা শেষ হলে দুয়োপাৰে দুটা ডাঙৰ আলি হব মটৰ চলিব পৰাকৈ। সম্প্ৰতি খালেৰে নাও বা জাহাজেৰে নগলে এশ মাইলমান বাট যাবৰ উপায় নাই।
বৰ্তমান চৰকাৰী খাল নিচেই ঠেক আৰু বে-মেৰামত। এখন জাহাজ লাগিলে বাট বন্ধ হয়। টেক্স লয়, কিন্তু হেজাৰ হেজাৰ [ ৯০ ] মোনী সৰু-ডাঙৰ অলেখ বোজাই নাও ১০।১২ দিনলৈ ৰৈ থাকে,কাৰো খবৰ নাই, ইচ্ছামতে ‘লক’ খুলি দিলেহে যোৱা-অহা কৰিব পাৰিব। কলিকতাৰ নিচেই ওচৰত এনেকুৱা চলাচলৰ দুৰৱস্থ৷ দেখিলে মন্ত্ৰীসকলৰ আৰু আমাৰ কাৰ্য-প্ৰণালীত ধিক্কাৰ নজন্মি নোৱাৰে। আহিবৰ সময়ত কলিকতাৰ ওচৰ পাওঁতে এখন জাহাজ পথালি হৈ লাগিল, বহু চেষ্টা কৰিও তাক লৰাব পৰা নগল। আমাৰখন পাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিও নিষ্ফল মনোৰথ হৈ ৰাতি খপিবলগীয়া হ'ল। ভাগ্যে এখন বোট সৰকি গৈছিল; সেইখনতে বস্তু-বাহানি ভৰাই ১০ মান বজাত কলিকতা পালোঁ। বুজিলোঁ, তিনি-চাৰিদিনৰ আগতে লগা জাহাজখন এৰুৱাব পৰা টান হব। সেইকেইদিন নাও-জাহাজৰ চলাচল আৰু বেপাৰ-বণিজ বন্ধ; ইয়াৰ নাম স্বায়ত্তশাসন। স্বৰাজেই হওক বা বিৰাজেই হওক,দুখীয়াৰ দুখ সৰ্বতিকালে। কুলটিৰ খাল এৰি একেবাৰে সুন্দৰবন মুখে জাহাজ চলোৱা হ'ল অতি বেগেৰে।
ৰাইমঙ্গল এখন ডাঙৰ নৈ, ঠায় ঠায়ে প্ৰায় ব্ৰহ্মপুত্ৰৰ সমানেই হব। তাৰেপৰাই সুন্দৰবনৰ শোভা আৰম্ভ; কিন্তু চিকাৰ আৰম্ভ হয় ‘আঠাৰোবাকি’ পালে। সেইখন নৈয়ো নিচেই সৰু নহয়; বৰ অকাই-পকাই গৈছে।
দুয়োপাৰে এবিধ সৰু গছ। কোনোবাই অতি যত্নেৰে আৰু সাৱধানে শাৰী শাৰীকৈ ৰুই থোৱা যেন দেখি। পাৰবোৰ ২॥ হাত ৩ হাতমান ওখ হব। গোটেইবোৰ একেবিধৰে গছ আৰু চাহগছৰ দৰে নিয়মমতে কলম দি সমানকৈ ৰখা যেন দেখি, এডালো ওখ-চাপৰ নাই। পাতবোৰ আকণৰ পাতৰ দৰে দেখি। পহুৱে নাখায়। গছবোৰ ঘন, দুৰ্গম; মানুহ সোমোৱা টান। কাণে কাণে গুৰি নোহোৱা নাৰিকলৰ গছ —মাটিৰ পৰা পাত ওলায়। তাক বঙালীয়ে ‘গোলপাতা’ বোলে; তাৰে ঘৰ ছোৱায়। দুখীয়া মানুহে আৰু পাছ লৈ কাটি আনে কলিকতালৈ। মাজে মাজে এবিধ [ ৯১ ] ডাঙৰ গছ আছে, কৃষ্ণচূড়া গছৰ দৰে।তলত হাবি নাই, তাতেই পালে পালে পহু চৰে আৰু ৰ'দ লয়। প্ৰশস্ত বননিখণ্ড ভাগ কৰি অলেখ খাল আছে, দেখিলে মনত হয় যেন কাৰোবাৰ আদেশ আৰু উপদেশ মতে কোনোবাই সীমা নিৰ্দেশৰ কাৰণে অতি সাৱধানে সেই খাল খান্দি থৈছে। গছৰ গুৰি নিতৌ দুবাৰকৈ জোৱাৰৰ পানীত তল যায়। তলত অতি ক্ষুদ্ৰ তৃণ বুলিবলৈ এগছো নাই। ঢুকি-পোৱা গছৰ পাত পহুৱে নাখায়; তলত চিকুটি ধৰিবলৈ এডাল দুবৰিও নাই। ডাঙৰ গছৰ পাতৰ ওপৰতেই পহুৰ জীৱন নিৰ্ভৰ কৰে। দুখন ভৰিৰে থিয় হৈ কোনোমতে কেতিয়াবা যি পাৰে খায়—নহলে মলয়াৰ বা ধুমুহা-ধুপালনিয়ে পাত সৰোৱালৈ আশা কৰি থাকে। কিন্তু আচল জীৱন-মৰণৰ চাবি-কাঠী থাকে বনবিহাৰী বান্দৰৰ হাততেই। বান্দৰ নাথাকিলে তাত পহু নাই বুলি জানিবই লাগিব। সঙ্গৰ আনন্দত নহব পাৰে, কিন্তু পাতৰ লোভত আৰু পেটৰ দায়ত বান্দৰৰ সঙ্গ লৈ চলে হৰিণা পহু। বান্দৰেও পাত ছিঙি দি দি ইঙ্গিততে পহুবিলাকক লৈ ফুৰায়। ইডালৰপৰা সিডাললৈ যাওঁতে সৰাপাত বুটলি খাই ফুৰে পহুবিলাকে আৰু বান্দৰবিলাকেও নিজৰ কৃতিত্বত আনন্দিত হৈ নিতৌ পাত ছিঙি ছিঙি পহুক দিয়ে আৰু পোহা জন্তুৰ দৰে অনুগত কৰে। অযাচিত এই উপকাৰ নোপোৱা হলে সুন্দৰবনৰ পহুকুল নিশ্চয় নিৰ্মূল হলহেঁতেন। সৃষ্টিৰ পালন-নীতিৰ ইয়ো এটা উৎকৃষ্ট উদাহৰণ। যিপিনে ৰ'দ পৰে, সেইপিনেই পহু ওলায়; ৰ'দ লয় আৰু পাত বিচাৰি ফুৰে। যিপিনে ৰ'দ নোলায় সেইপিনে পহু নোলায়। ইয়ো এটা প্ৰকৃতিৰ নিয়ম। নিয়মানুগত আৰু প্ৰকৃতিগত মালাকৰৰ সহজ নিপুণতাৰে অতি যতনেৰে ৰখা যোজন বিস্তৃত এই বননি ৰাজচক্ৰৱৰ্তী ৰজাৰ ৰাজোদ্যান যেন অনুমান হয়। এই বনোদ্যান ৰক্ষাৰ কাৰণে পানীত অতিকায় কুম্ভীৰ আৰু যমোপম বাঘ শ শ নিয়োজিত আছে। জাহাজ দেখিলে ভয় নকৰে, নিৰ্ভয়চিত্তে [ ৯২ ] চিত্ৰাঙ্কিতৰ দৰে ৰ' লাগি চাই থাকে; কিন্তু বামত নামিলেই চকিত হৰিণী উৰ্ধশ্বাসে পলায়ন কৰে আৰু অনধিকাৰ প্ৰৱেশ অপৰাধৰ কাৰণে বাঘ প্ৰহৰীয়ে পলকতে গ্ৰেপ্তাৰ কৰি মৃত্যুৰাজৰ ওচৰত উপস্থিত কৰে। জাহাজ চলি থাকোঁতেই ইচ্ছামতে পহু মাৰিব পাৰি; কিন্তু ছবি তোলাৰ আনন্দহে অধিক।
তাত জীৱ-জন্তু বান্ধি বাঘ মাৰিবৰ চেষ্টা কৰা মিছা। অচিনা জন্তু দেখিলে বাঘ ওচৰ নাচাপে। কাৰণ, চিৰপৰিচিত চিত্ৰ-হৰিণীৰ অভাৱ নাই আৰু ইচ্ছা মাত্ৰেই অনায়াসে পায়। মৃদু-মধুৰ গন্ধ সম্বলিত বন-হৰিণীৰ মৃতদেহ থৈ দি লুকাই থাকিলে গন্ধবাহী মলয়াৰ সহায়ত বাঘে সেই শ বিচাৰি অহা অতি নিশ্চিত বুলি ধৰিব পাৰি; কিন্তু পশুৰাজ নিধনৰ চেষ্টাৰ আগেয়ে আত্মৰক্ষাৰ প্ৰকৃষ্ট উপায় চিন্তিব লাগিব। পহুৰ গোন্ধ পাই আহোতে মানুহৰ গোন্ধ পালে পহু এৰি মানুহৰ প্ৰতি আকৃষ্ট হোৱাটো অতি নিশ্চিত। কাৰণ,কাঠ কটা, গোলপাত কটা, পহু বিচৰা মানুহো সুন্দৰবনবাসী বাঘৰ সুপৰিচিত। ডাঙৰ গছ নাই, হাতী নাযায়, বোকা-পানী অসমতল ঠাই, মহৰ প্ৰবল প্ৰতাপ ইত্যাদি কাৰণে সুন্দৰবনত চিকাৰৰ আনন্দতকৈ কষ্ট আৰু প্ৰাণনাশৰ সম্ভাৱনা অতিমাত্ৰাই অধিক। প্ৰাণী সংহাৰতকৈ প্ৰাণনাশৰ আশংকা অত্যধিক। কিন্তু য'ত আশংকা আৰু অনিশ্চয়তা সৰহ, মৃগয়াৰ কৃতিত্ব আৰু চিকাৰৰ আনন্দ তাতেইহে। সুন্দৰবনত বাঘ লগ পায় কম আৰু লগ পোৱা মানুহৰ সংখ্যাও কম। গতিকে সুন্দৰবনৰ বাঘ অতি ভয়ংকৰ বুলি প্ৰখ্যাত। কিন্তু আচলতে অসমৰ বাঘতকৈ ডাঙৰো নহয় আৰু উগ্ৰ প্ৰকৃতিৰো নহয়। সৰু ডাঙৰ প্ৰকৃতিগত বিভিন্নতা সকলো বাঘৰে সকলো দেশতে আছে। তুষাৰমণ্ডিত গগনস্পৰ্শী পৰ্বতমালা পৰিশোভিতা, বিলোল- বীচি-বল্লৰী-বিৰাজমানা, বিশাল ব্ৰহ্মপুত্ৰবিধৌতচৰণা, অনুপমা অসমা জননীৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যক অতিক্ৰম কৰিব পৰা দেশ ভাৰতত নাই বুলি মোৰ বিশ্বাস; কিন্তু সুন্দৰবনৰ [ ৯৩ ] সৌন্দৰ্যয়ো হিয়া আকৰ্ষণ কৰিব নোৱাৰা লোকৰ সংখ্যা অতি কম হব।
চিকাৰ কৰা বা দেখা আৰম্ভ হ'ল; ৰাইমঙ্গল এৰি ‘বাৰবাঙিক’ নদীত সোমোৱাৰপৰা। ইপাৰ সিপাৰকৈ ‘বাৰবাঙিক’ এৰি যমুনাত পৰি যমুনাৰপৰা ইখালেৰে সোমাই, সিখালেৰে ওলাই 'মালঞ্চ'পালোগৈ। নৈৰ দুয়োকাষে পহু দেখিলোঁ বহুতো, ওচৰত পাই গুলীও মৰা হ'ল কেবাজায়ো। কিন্তু অতি আচৰিত কথা, এটিও নপৰিল। অভিমানী চিকাৰীক চকিত নয়নেৰে কটাক্ষপাত কৰি ধীৰে ধীৰে চলি গ'ল, চিত্ৰা হৰিণীৰ দল। মাংসলোভী চাৰেং,খালাচী আদিয়ে কিছু বেলি নিমাত হৈ থাকি আমাৰ অক্ষমতা প্ৰকাশ্যে জ্ঞাপন কৰি উদাসীন হৈ জাহাজ চলাব ধৰিলেই। এটা নহয়, দুটা নহয়, তিনিটামান গুলী মাৰিও লগাব নোৱাৰাত নিজৰে আত্মগ্লানি উপস্থিত হ'ল। ব্যৰ্থতাৰ অপমান গুচাবৰ মনেৰে হকা-বধা নামানি জাহাজৰপৰা নামিলো কুঁহিৰামক লগত লৈ। নামি দেখোঁ স্থান ভয়ংকৰ। বোকাত জোতা আঁট খাই ধৰে, খোজ দি গাৰ বলেৰে টানি তুলিব লাগে। তদুপৰি সমুদায় মুকলি ঠাই জুৰি আগলৈ সৰু গুৰিৰ পিনে ক্ৰমে ডাঙৰ এহাত এমুঠনমান দীঘল এবিধ উদ্ভিদ ওলায়। কাইটীয়া তাঁৰ দি সেনানিবাস বেঢ়ি থোৱাৰ দৰে হাবিত সোমাব নোৱাৰাকৈ কোনোবাই লো-শাল মাৰি থৈছে যেন লাগে। পাত-চাত একো নাই, কিন্তু বলেৰে ভাঙি চালে দেখা যায় কেচাঁ। কেনেবাকৈ উজুটি খাই পৰিলে ভীষ্মৰ শৰশয়্যাত-কৈও চৰা হব।
অতি কষ্টে, অতি সাৱধানে কিছুদূৰ গৈ এখন মুকলি পথাৰ পালোঁ। এডাল গছৰ তলত বহাৰ ঠাই ঠিক কৰি গছৰ ঠানি আনি চাৰিওপিনে বেঢ়ি লৈ আমাক নেদেখাকৈ মই আৰু কুঁহিৰাম দুয়ো বহি ৰলোঁ। পাছৰপৰা বাঘ ককায়ে আহি সাৱটি ধৰে বুলি দুয়ো দুপিনে মুখ কৰি থাকিলোঁ। আধাঘণ্টামান বহাৰ পিচত দেখিলোঁ, [ ৯৪ ] এজনা ৰাজমাও চিত্ৰা হৰিণী ওলালহি। অতি সন্ত্ৰমেৰে এখোজ দুখোজকৈ ৰ'দ পৰা পিনে আহিবলৈ ধৰিলে। দেখিলোঁ, ওলোৱা মাত্ৰেই বান্দৰে তৎক্ষণাৎ ওচৰৰ গছৰপৰা নামি অভিবাদন সহকাৰে দন্তবিকাশ কৰি অভিনন্দন জনালে। ৰাজ-মহিষীয়েও অভিনন্দন গ্ৰহণ কৰি কৰ্তব্য নিৰ্দেশ কৰিলে। ততালিকে বান্দৰসমূহে আহি পাত ছিঙি দিবলৈ আৰম্ভ কৰিলে। চাওঁতে-চাওঁতে বিস্তৃত শৃঙ্গবাহী মৃগৰাজ সপৰিবাৰে উপস্থিত হ'ল। বান্দৰৰ কাৰ্যকুশলতা দেখি বাস্তৱতে মোহিত হলোঁ। নাই কেমেৰা, নাজানো আঁকিবলৈ, সেইবাবে নিজক ধিক্কাৰ দিলোঁ শতবাৰ। এঘণ্টামান চাই ৰলোঁ; বন্দুকেৰে লগ পোৱালৈ বাট চাই ৰলোঁ, ৰজাৰ ৰাজমুকুট হৰণৰ অভিপ্ৰায়ে। বন্দুক তুলি টোঁৱাবলৈ মন কৰোঁতেই মোৰ কাপুৰুষতা ঘোষণা কৰি জাহাজৰ শঙ্কিতমনা বন্ধুসকলে বংশীৰ ধ্বনি কৰিলে। ধ্বনি শুনি বিশ্বস্ত ৰাজানুচৰবোৰে দুৰ্জনৰ আগমন সূচনা কৰি স্থান ত্যাগৰ ইঙ্গিত কৰিলে। ইংগিত পোৱা মাত্ৰকে মায়ামৃগৰ দৰে নিমিষতে অন্তৰ্ধান হ'ল।
দুখে-ভাগৰে, ক্ষোভে-অপমানে জাহাজলৈ উলটি আহিলোঁ। পিছে পহু পায়ো বন্দুক টোঁৱাবৰ নহল।
পিচদিনা পুৱা আনকেইজন চিকাৰী ওলায় মানে মই আৰু কুঁহিৰাম জাহাজৰ আগলৈ ওলালোঁ। বন্দুক লৈ অপেক্ষা কৰিলোঁ। দূৰৈত দেখিলোঁ এটা শিঙাল; বন্দুক ললোঁ, তুলি লৈয়েই মাৰিলোঁ গুলী। লাজ নিবাৰণ হ'ল, ঠাইতে পৰিল। সমাৰোহেৰে তুলিলৈ আকৌ জাহাজ চলোৱা হ'ল। বন্দুক লৈ লৈ শাৰী হৈ জাহাজৰ আগত থিয় দিলোহি চিকাৰীৰ দল। আকৌ গুলী চলিল, মোৰ হাতত পৰিল আৰু দুটি। পৰম আগ্ৰহেৰে কুঁহিৰামে বন্দুকটো হাতত লৈ চাই ৰ'ল মোৰ পিনে ‘মাৰ যদি নামি গৈ মাৰ, কিন্তু সাৱধানে মাৰিবি আৰু সৰহদূৰ ভিতৰলৈ নাযাবি।” সি হাততে স্বৰ্গ ঢুকি পালে; জাপমাৰি নামিয়েই হাবিৰ ভিতৰ সোমাল। অলপ পিচতেই [ ৯৫ ] গুলীৰ শব্দ পালোঁ, দৌৰি আহি জনালে পশু পৰিল। সি নিশ্চয় গাতে লগাই মাৰিছিল; কাৰণ, এয়ে তাৰ প্ৰথম বন্দুক ধৰা। গতিকেই তাৰ আনন্দ সবাতোকৈ অধিক।
পহু মৰা বন্ধ হ'ল; কাৰী, কাটলেট, কালিয়া কোৰ্মা চলিল জাহাজ চলাৰ লগে লগে। ইঞ্জিনিয়াৰ দে চাহাবে হুকুম কৰিলে, “আৰু পহু নালাগে; কিন্তু ফুকন চাহাবক সুন্দৰবনৰ ডাঙৰ মগৰ দেখুৱাব লাগিব।” বিচাৰি চাই মগৰ পোৱাৰ আশা এৰি ঘৰমুখে জাহাজ চলাওঁতে চলাওঁতে বাহিৰত গোলমাল শুনি গলোঁ ওলাই, শুনো প্ৰকাণ্ড আৰু বিখ্যাত সুন্দৰবনৰ মানুহ খোৱা মগৰ। চাৰেঙে আঙুলি টোৱাই দেখুৱালে, “সৌৱা।” সাৱধানে চায়ো দেখা নাপাওঁ,কিন্তু চাৰেঙৰ গাত গোসাঁই নাই, “সৌৱা, মাৰক মাৰক, খাব, যায়,গ’ল” ইত্যাদি। সি দেখুওৱা বস্তুটো মই দেখিছোঁ, কিন্তু সেইটো যে মগৰ হব পাৰে সেই ভাব মোৰ মনলৈ অহা নাছিল; হঠাতে দেখোঁ,হয় মগৰেই, কিন্তু ইমান অতিকায় মগৰ মোৰ জীৱনত দেখা নাই। হওঁতে ঘৰিয়াল মাৰিছোঁ কমপক্ষেও এহেজাৰ। তথাপিও দেখি বিস্ময় মানিলোঁ, কাৰণ, সেইবিলাক এই মগৰৰ লগত তুলনা নহয়। দেখা মাত্ৰকেই মাৰিলোঁ গুলী, ঠিক মুৰত নালাগি অলপ তললৈ লাগিল। জাহাজ চলি আছে, তদুপৰি চাৰেঙৰ আৰ্তনাদ—য'ত মাৰিবলৈ বুলি টোঁৱাইছিলোঁ তাত লগাহেঁতেন ৰলহেঁতেন। তথাপিও গুলী খাই জাহাজ সমন্বিতে গ্ৰাস কৰোঁ বুলি মুখ মেলিলে,অতি ভয়ংকৰ।
মনত পৰিল, “গ্ৰাস-গজেন্দ্ৰৰ যুদ্ধৰ কথা! গ্ৰাসৰ বাঢ়িলা বল,পিয়ে জল-পানী” ভালদৰে গুলী লগাৰ বিশিষ্ট প্ৰমাণ দি। প্ৰবল প্ৰচেষ্টা কৰি পানীত পৰিল, তেজেৰে ঠাইডোখৰ ৰাঙলী হ'ল। গৃহাভিমুখী অৰ্ণৱপোতে নৈৰ হিয়া দুফাল কৰি অতি বেগে চলিবলৈ ধৰিলে। আমি আহাৰাদিত মনোনিবেশ কৰিলোঁ।