পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
চিকাৰ কাহিনী

বিলত হাতী মৰা এনেয়ে টান, তদুপৰি টৰ্চ দিলে হঠাতে চক খাই কোনোবা এপিনে লৰ মাৰিলে আৰু আন্ধাৰত মৰা অসম্ভৱ। ৰাতি দুইমান বজাত খবৰ দিলে হাতী নামিছে বুলি। লগে লগে হাতীৰ চিঞৰ-বাখৰো শুনিবলৈ পোৱা গ'ল। কৰিবলৈ একোৱেই নাই,কাতি হৈ আকৌ বাগৰ দিলো। টোপনি ততালিকে আহিল। ৪ বজাত আকৌ সাৰ পালো। কাপোৰ-কানি পিন্ধি-উৰি চাহ-জলপান খাই-মেলি গুলী-বন্দুক লৈ দুৰ্গা দুৰ্গা বুলি যাত্ৰা কৰিলেঁ৷ ৪॥ মান বজাত। লগত ওলাল মোৰ সদায় লগত ফুৰা শ্ৰীমান কুঁহিৰাম। হাতী মৰা বিষয়ত তাৰ বৰ আগ্ৰহ। কেবাবাৰে৷ হাতী বিচাৰি যোৱাত হাতীৰ খোজ চাই দণ্ডি ধৰি যোৱাত সি পাৰ্গত হৈ উঠিছে। মনত অলপ আশঙ্কা আহিলেও ডবিয়ালে সাহ কৰি পৰ্বতে-ভৈয়ামে হাতী চান্দি আগবাঢ়ি যায়। ধুতি এৰি সিয়ো চুটি পট্‌লুং পিন্ধিলে, কিন্তু বনিয়নটো পিন্ধিলে বগা, অলপ দূৰৈত গৈহে দেখিলোঁ। ঘোচা এটা শোধাবৰ মন আছিল; কিন্তু যাত্ৰা অসিদ্ধ হব বুলি মৰা নহল। বগা কাপোৰ দেখি হাতীয়ে খেদিলে সিহে মৰিব।তাক মই আগেয়ে কেবাবাৰো চিকাৰত বগা কাপোৰ নিপিন্ধিবলৈ কৈছিলোঁ।

 শ্ৰীমান টাবাক মিকিৰ আৰু ছৰ্দাৰ বলবাহাদুৰ নেপালীও আমাৰ লগত ওলাইছিল। মোৰ ভতিজা শ্ৰীমান বীৰেনে৷ মোৰ লগতে আছিল। তেওঁৰ বয়স কম হলেও চিকাৰী ভাল। পৰ্বতৰ কানে কানে গৈ বিলৰ পাৰ পালোগৈ। তাৰপৰা দেখিলে৷ ২০।২৫টামান হাতী পোৱালিয়ে পানীযু’ৱলিত আনন্দমনে ঘাঁহ খাই আছে। আৰু দেখিলোঁ চাহান এৰি অকলশৰে ধাহ খাই থকা দুটা ডাঙৰ হাতী সেই দুটাৰ ওপৰত লক্ষ্য ৰাখি আগবাঢ়িলোঁ। আমাক দেখি হাতী-বোৰ পৰ্বতমুৱা হ'ল। আমিও — মই, বলবাহাদুৰ আৰু কুহিৰাম-পৰ্বতত উঠিলো। এজোপা ডাঙৰ গছৰ আঁৰ লৈ তিনিও ৰলো। ১০।১৫ মিনিট যোৱাৰ পিচতেই চাহানৰ হাতী এটি-দুটিকৈ আমাৰ