চিকাৰ কাহিনী/মায়া হস্তী

[ ৩১ ]

মায়া-হস্তী

 সেইদিনা গাটে৷ অলপ বেয়া আছিল।তিনিদিনমান নিষ্কৰ্মা হৈ বহি থাকি মনটো উচ্ পিচ্ কৰি আছিল। ক’লে যাওঁ, কি কৰোঁ,এইদৰে ভাবি-চিন্তি হাতীৰ কাৰণে গিৰিহঁতলৈ দুখনমান চিঠি লিখিলোঁ।

 এজনে পত্ৰবাহকৰ হাততেই উত্তৰ দিলে—হাতী দিম বুলি। খবৰ পাই মনটে৷ ভাল লাগিল; লগে লগে গাটোও ভাল লগা যেন পালোঁ। স্থিৰ কৰিলোঁ—পাওঁ নাপাওঁ, হাতীকে এটা বিচাৰি আহোঁ। খোৱা-বোৱাৰ বস্তু, চিকাৰৰ আহিলা-পাতি, বন্দুক, গুলী আদি লৈ শ্ৰীমান কুঁহিৰাম আৰু ৰান্ধনি শ্ৰীমান মহেন্দ্ৰক লগত লৈ হাৱাগাড়ীৰে ( মটৰেৰে ) যাত্ৰা কৰিলোঁ।

 ৰঙিয়া পায়েই শুনিলোঁ, দঁতাল এটাই মানুহ মাৰিছে, ঘৰ ভাঙিছে আৰু ভঁৰাল ভাঙি ধান খাইছে। কুন্‌কী হাতী তাতেই আছিল। হাতী ওলোৱা ঠাইলৈ হাতী পঠিয়াই দি হাৱাগাড়ীৰে কেম্পলৈ যোৱা স্থিৰ কৰিলোঁ। সেই ঠাই ৰঙিয়াৰপৰ৷ আঠমাইলমান হব। হাতী পঠিয়াই দি মাল-বস্তু লৈ আমি ৰঙিয়৷ এৰি ডেফেলী ( ডেকেলী ) লৈ যাত্ৰা কৰিলোঁ।

 ভালেমান পৰৰ পিচত তাৰপৰা অলপদূৰ গৈয়েই হাতী গজেন্দ্ৰ গমনে গৈ থকা দেখিলোঁ। বেগাই যাবলৈ কৈ আমি গাড়ী চলালোঁ। তিনিমাইলমান গৈছোঁ, এনেতে তৰণী বুলি এডোখৰ ঠাইত এখন দোকানৰপৰা এজন বয়সস্থ মানুহে গাড়ীৰ পাছে পাছে দৌৰা গম পালোঁ, কাৰণ, ধূলিৰ কোবত মানুহজন প্ৰায় দেখা নোপোৱা হৈছিল। মানুহজনৰ আগ্ৰহ দেখি কিবা জৰুৰী কাম থক৷ ভাবি গাড়ী ৰখাবলৈ কলোঁ; গাড়ী ৰ'ল, ধুলিৰে সৰ্বশৰীৰ আবৃত হোৱ৷ দোকানৰ মালিকজন ওলাই মুৰ দোঁৱাই সেৱা জনাই প্ৰশ্ন কৰিলে, “দেউতা! ক’ক যাব?” ইয়াকে সুধিবলৈ গাড়ী ৰখোৱাত [ ৩২ ] খঙে চুলিৰ আগ পালেগৈ। হাতী বিচাৰি যাওঁ বুলি কৈ গাড়ী চলাবলৈ কলোঁ। মানুহজনে গাড়ীত ধৰি বিশেষ অনুৰোধ জনাই কলে, “হাতী বিচাৰি দুখ খাই দুঢ়ৈক লগি যাবা নাল্‌গেই দেউতা;ইয়াতে ৰাতি থাক্‌লি সাজবেলিয়াতেই হাতী আইহ্বুই আইহ্ববু;আপুনি চিন্তা নকৰবু।” ইত্যাদি ইত্যাদি। উপস্থিত থকা আন আন মানুহেও মহাজনক সমৰ্থন কৰি দঢ়াই দঢ়াই কলে, চকা ডুবিলেই হাতী আহিব বুলি।

 সেই মহাজনৰ ঘৰতেই থকা স্থিৰ কৰি, বস্তু-বাহানি নমাবলৈ কলোঁ। দোকানৰ বস্তুৰ গোন্ধত ভিতৰত শোৱা অসম্ভৱ দেখিলোঁ। চোতালতেই শুবৰ মন কৰিছিলোঁ কিন্তু বৰষুণ দিয়াৰ আশঙ্কাত পিৰালিলৈ খাট নিলোঁ। তিমানতে হাতী আহি পালে।

 আমাৰ ৰান্ধনি শ্ৰীমান মহেন্দ্ৰক যি হয় ৰান্ধিবলৈ কৈ, ক’ত ঘৰ ভাঙিছে, ক'ত ধান খাইছে, চাবলৈ ওলাই গলোঁ। দেখিলোঁ,সিহঁতে কোৱা কথা সঁচা। হাতী ওলালেই টং ৰখীয়াক খবৰ দিবলৈ বিশেষকৈ কৈ ঘৰলৈ উভতি আহিলোঁ আৰু হাতীক কলগছ দি আমিও খাই-বৈ ১০ মান বজাত শুলোঁ। এঘণ্টামান পিচতে মৈমন-চিঙীয়া মানুহ তিনিজনমান হাতত জোৰ লৈ দৌৰি আহি কলে,“হাতী ধান খাবাৰ ধৰ্ ছে; হাতী দুইটা, একটাৰ দাঁত নাই, একটা মাইকী।” হাতী উলিয়াই গাদী বন্ধাই লৰালৰিকৈ মই আৰু কুঁহিৰাম ওলালোঁ। গৈ গৈ প্ৰথমখন টং পালোঁ। টং-ৰখীয়াক সুধিলত কলে,“এইমাত্ৰ সৌৱা পুখুৰীলৈ (অৰ্থাৎ সৰু বিল এটালৈ ) গৈছে; তাতেই পাবগৈ।” ‘চুঙাচাকিৰে খোজ চাই বিলমুখে গলোঁ। দেখিলোঁ, বিলত থকা সঁচা; কিন্তু আমাৰ সঁহাৰি পাই আমাৰ আগে আগে যোৱা যেন পালো। খোজ চাই চাই অলপদূৰ গৈ দেখিলোঁ,আলিত ধুলি মাৰি আছে; কিন্তু গা-মুৰ ঠিকমতে ধৰিব নোৱাৰি। মাউতক ঠিকমতে চুঙা-চাকি ( টৰ্চ ) দিবলৈ কলোঁ, সি দিব নাজানিলে, পোহৰ পৰা মাত্ৰেই নেজ তুলি দৌৰ মাৰিলে; কিন্তু হাবিলৈ [ ৩৩ ] নগৈ ৰাজবাটেৰে যোৱা দেখিলোঁ আৰু খোজ পালোঁ। অতি বেগেৰে হাতী চলায়ো, লগ পাওঁ পাওঁ হৈয়ো লগ ধৰিব নোৱাৰিলোঁ। চাতামাতাকৈ দেখোঁ, চুঙাচাকি মাৰিলে নাইকিয়া হয়। ইখন পথাৰ, সিখন পথাৰ, এইদৰে বিচাৰোঁতে বিচাৰোঁতে ৰাতি ২ মান বাজি গল; তথাপিও আশাৰ ছেদ নাই। “এইবাৰ নিশ্চয় পাম, সৌৱা পালোৱেই; এইবেলি চুঙাচাকি দিলেই মাৰিম।” দিলে টৰ্চ--কিন্তু দেখা নেদেখাতেই নাইকিয়া হ'ল। আশাত বন্দী হৈ তিনিমান বজালৈকে বিচাৰি নাপাই দুখে-ভাগৰে-অসন্তোষে বহালৈ উভতি আহিলোঁ। চাহ-মাহ খাওঁ মানে পুবে পোহৰ দিলে। মাল-বস্তু লৈ গাড়ী যাবলৈ কলোঁ। আমি আকৌ খোজ চাই বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। ধান খাই পথাৰ উদি কৰি দিছে, ঘৰ ভাঙি বগৰাই দিছে। পুৱা যোৱাৰ খোজ পাইছোঁ, কিন্তু অকাই-পকাই গৈয়ে আছে। অটব্য অৰণ্যৰ মাজেৰে গৈছে, গছনিৰ ভিতৰেৰে সৰু-সুৰা গছ ভাঙি গৈছে; পথাৰ ওলাই ধান খাইছে—এই পাওঁ, এই পাওঁ, কিন্তু ১০ বাজি গ'ল হাতী নাই। শেহত গৈ ভাবিলোঁ—ই মায়া-হস্তী, ইয়াৰ আশা পৰিত্যাগ কৰাই ভাল। ইয়াকে সাব্যস্ত কৰি ঘৰলৈ উভতিলোঁ। ঘৰ পাওঁতে ১২ উকলি গ'ল।

 হাতীত বহি বহি কঁকাল থৰ মাৰিছে, দেহ অৱশ হৈছে, পিয়াহত অণ্ঠকণ্ঠ শুকাই গৈছে। হাতীৰপৰা নামি ভৰি পোনাবলৈ নৌপাওঁতেই এজনে আহি কলে, “হাতী ওচৰতে আছে।” খঙত গা জ্বলি গ'ল। ওৰেও ৰাতি খপি ৫ বজাৰপৰা ১২ বজালৈকে বিচাৰিও হাতীৰ নেগুৰ দেখা নাপালোঁ, সি ঘপৰাই ওচৰতে হাতী দেখিলে। খঙেৰে সুধিলোঁ, “তই কেনেকৈ জানিলি, ওচৰতে আছে বুলি।” ডাবি খাই কলে, “ওচৰতে শুই আছে, গেলি দেখেই দিবা পাৰিম।” “হেৰ, ঔ, কটাৰ পো বন্দী, তই হাতী শুই থকা কণ৷ চকুৰে দেখিছিলি নেকি?” “দেউতা, মই নিজ চকুই দেখা হলি নাই দে, শুই থাকা শব্দ হলি নিজ কাণে শুনচুং, গেলে [ ৩৪ ] শুই থাকোতে লগ পাব।” খঙৰ উপৰি খং উঠিল, কলোঁ,“দেখুৱাই দিব নোৱাৰ যদি কিলাই হাড় ভাঙিম।” “পাৰিম দে,কিয় নৰিম? শুই থাকোতে লগ পাম।”

 তাৰ কথাত পূৰ্ণমাত্ৰাই অবিশ্বাস কৰিও মই হাতীত উঠিলোঁ। চাহ তৈয়াৰী আছে বুলি কলে, ডাব কাটি দিব খুজিলে, কিন্তু সকলোকে এৰি খবৰ দিয়া মানুহজনক হাতীত উঠিবলৈ কলোঁ,“মই হাতীত উঠিবা নৰং, ভয় লাগে!” তেন্তে হাতী কেনেকৈ দেখুৱাবি? “মই আগে আগে বুলি যাম দে।” হাতীয়ে যদি তোক খেদে আৰু মাৰে, তেন্তে কি হব? “দেখ্ লি দাউৰিম,তই পাৰাহ যদি মাৰ্বি।” মনত অবিশ্বাস লৈ, তাক আগত লৈ,আকৌ গলোঁ। বৰলীয়া নৈৰ কাণে কাণে গৈ থাকোঁতেই হাতী থকাৰ উমান পাই কুঁহিৰামে সেইফালে দেখুৱালে। আঙুলি পোনোৱাৰ ফালে চাই নৈৰ কাণতে দুট৷ হাতী থিয় দি থকা দেখিলোঁ। এটাৰ দেখিলোঁ দাঁত নাই, মাখুন্দী নে মখনা সঠিককৈ কব নোৱাৰাত গুলী মাৰিবলৈ নহল যদিও গুলী মাৰিলে মৰাৰ সম্ভাৱনা যথেষ্ট আছিল। আনটো পাছ দি আছিল; ৫।৬ মিনিট ভালদৰে চায়ো মখনা নে দঁতাল একো নিৰ্ণয় কৰিব নোৱাৰিলোঁ। ইপিনে দুপৰীয়াৰ ৰ’দত মুৰ ফাটি যোৱা যেন লাগিছিল, কুঁহিৰামক ছাতিটো মেলিবলৈ কলোঁ। সি ছাতিটো মেলা মাত্ৰেই হাতী লৰ মাৰিলে—চকুৰ পচাৰতে অন্তৰ্ধান হ'ল। বিচাৰি যাবৰ মনেৰে গৈ নৈ পাৰ হবৰ চেষ্টা কৰিলোঁ, বৰ গৰা, হাতী পাৰ কৰা অসম্ভৱ। পুনৰ কেম্পৰ ঘাটলৈ আহি সেইপিনেৰে পাৰ হৈ হাতী যোৱাৰ দিক্ অনুমান কৰি কৰি হাতী চলাবলৈ দিলোঁ। গৈ গৈ হাতী থকাৰ উমান পালোঁ। কিন্তু হাবি ওখ আৰু ঘন, গছ-গছনিৰে ভৰা, এহাত মানলৈও দেখা নাযাব। লাহে লাহে আগবাঢ়ি ওচৰ চাপিলোঁ। গছ লৰোৱা, কাণ মৰা, ধূলি লোৱাৰ শব্দ নিচেই ওচৰতে শুনো কিন্তু দেখা হলে নাপাওঁ। সেইদৰে আধাঘণ্টামান ৰ'লো; আগ[ ৩৫ ] বাঢ়িও নাহে, নাযায়ো। য’ৰে হাতী ত’তেই থাকিল, ময়ো ঠাইতে ৰৈ থাকিলোঁ। কিছুবেলি যোৱাৰ পিচত মাউতক হাতী আগবঢ়াবলৈ কলোঁ। সি ভয়ত কঁপিবলৈ ধৰিলে। হাতী আগবঢ়াবলৈ অমান্তি হল আৰু কলে, “আৰু আগবঢ়ালেই হেঁচা মাৰি ধৰিবহি,মই আগবঢ়াবলৈ নোৱাৰোঁ।” ভালদৰে ডাবি সোধোৱাত দুখোজমান আমাৰ হাতী আগলৈ দিয়া মাত্ৰকে হাবি দুফাল কৰি সৰু-সুৰা গছ ভাঙি-মুছৰি আমাৰ পিনে আহিল। প্ৰমাদ গণি অলপ ফালৰি কাটি ৰলোঁ, চকুৰ পচাৰতে আমি থকা ঠাইৰ পিনে লক্ষ্য কৰি অহা দেখিলোঁ—এটাৰ দাঁত নাই, দ্বিতীয়টোৰ দাঁত আছে বুলি কুঁহিৰামে কলে, সেই মুহূৰ্ততেই মাৰিলোঁ গুলী—মূৰত মাৰিব নোৱাৰিলো; কাৰণ, হাতী আগবাঢ়ি গ'ল আৰু লৰি যাওঁতে মূৰ যিদৰে লৰাই গৈছিল, তাতে লক্ষ্য স্থিৰ কৰি মগজু পোৱাকৈ মুৰত মাৰা অসম্ভৱ আছিল।

 গুলী লাগিল নে নাই কবই নোৱাৰিলোঁ। যোৱা হাতী গৈয়েই থাকিল, নিমিষতে নাইকিয়া হ'ল। আশা-নিৰাশাৰ সন্ধিস্থল, হাতী চলাবলৈ মাউতক কলোঁ। অলপদূৰ গৈয়েই মাউতে হাতী ৰখালে আৰু এটা শব্দলৈ কাণ কৰি মোকো শুনিবলৈ কলে। হাতীয়ে গোৰগোৰোৱা শব্দ হয় ওচৰতে। অতি সাৱধানে হাতী চলাবলৈ কলোঁ আৰু শব্দ বাওঁহাতে জানি সোঁফালে চক্ৰাকাৰে ঘূৰি শব্দৰ পিনে চালোঁ। দেখিলো বৃহৎকায় মায়া-হস্তী পৰি আছে, কিন্তু দাঁত নাই। গা চিৰিঙাই গ'ল—জানোবা মাইকীয়ে মাৰিলোঁ বুলি ভাবি কুঁহিৰামক নমাই দিলোঁ ভালদৰে চাবলৈ, সি চাওঁতে মুখত হাঁহি দেখি আশ্বস্ত হলোঁ। যিয়েই হওক, মাইকী নহয়। আৰু ভাল পালোঁ আৰু এটা মখনা জমাৰ ঘৰলৈ আহিল। দুটা দঁতাল মাৰিলে দুযোৰ দাঁত পাম। হাঁহি মাৰি থাকোতেই কুঁহিৰামে মৰা হাতীৰ ওপৰত নাচিবলৈ ধৰিলে। মই হাতীৰ ক্ষেত্ৰই পোৱা বুলি তাক ডাবি দিয়াত সি কলে, “মখনা নহয়, গণেশ।” পৰা পিনে [ ৩৬ ] থকা দাঁতটো মাটিত পোত গৈছিল। অলপ পৰৰ পিচত দাঁত কটা অভিনয় আৰম্ভ হ'ল। অনেকদিন দাঁত কাটোতে দুই-চাৰিজন লগ পাইছিলোঁ, কিন্তু সেইদিনা কোনেও হাতী নোচোৱা হ'ল—বিশেষতঃ এইটে৷ দেওলগা হাতী বুলি প্ৰবাদ থকাত। মৈমনছিঙীয়া, কছাৰী,ল’ৰাই, তিৰোতাই চাবলৈ লোকে লোকাৰণ্য হ’ল। ই বোলে মোৰ ধান খাইছিল, সি বোলে মোৰ ঘৰ ভাঙিছিল এইজনাই। এদিন গোকুলত নামৰ ধ্বনি উঠিছিল; “ভাল হ’ল মৰি গ'ল গোকুলৰ বৈৰী পুতনা। মৰি গ'ল কোনে দিব খৰি।” ইত্যাদি।

 সেইদিনা সেইদৰে গজেন্দ্ৰৰ মৃত্যুতে৷ কীৰ্তন-ঘোষ৷ চলিছিল;কিন্তু দাঁত কটাৰ প্ৰসঙ্গ হোৱা মাত্ৰেই এটি দুটিকৈ খোজ লবলৈ ধৰিলে। কুঁহিৰামে হাতীৰ তেজেৰে ৰাঙলী হৈ দাঁত কাটিবলৈ ধৰিলে। কাটি কাটি সি ভাগৰি গ'লত ড্ৰাইভাৰজনে অনিচ্ছা সত্ত্বেও কুঠাৰ ধৰিলে আৰু বহুতো পৰিমাণে সহায় কৰিলে, কিন্তু দুৰ্কপলীয়াৰ কপাল! এখন ভূটিয়া দাৰে মঙহ কাটিব ধৰোঁতে তাৰ আঙুলিটে৷ কাটি তেজৰ ধাৰ ব’বলৈ ধৰিলে। আন্ধাৰ হ’লত চাকি লগাই কাম কৰিবলগীয়া হ'ল। মহে চাৰিওফালে বেঢ়ি ধৰি সশব্দে আক্ৰমণ কৰিলে। অতি কষ্টেৰে এপৰমান ৰাতি যোৱাত দাঁত উলিয়াই কেম্পলৈ উভতি আহিলো।

 হাতী মৰা অতি টান কাম, কিন্তু একেদিনাই দাঁত উলিওৱা তাতোকৈ টান কাম যেন লাগে। মৰাৰ লগে লগে দাঁত নুলিয়ালে ৬ মাহলৈ উলিওৱা অসম্ভৱ হব বুলি কলে বঢ়াই কোৱা নহব। মৰা মাত্ৰেই লাখে লাখে মাথি উপস্থিত হয় আৰু পিচদিন৷ কোটি কোটি পোকৰ সৃষ্টি হয়। গোন্ধত মূৰ ঘূৰাই যায়, নাড়ী-ভুৰি ওলাই অহাৰ উপক্ৰম হয়। হাতী এৰি আহিলেই ওলাই থকা 'ভাগ কৰতেৰে অতি সহজে কাটি লৈ যায়। তথাপিও চৰকাৰে দুখীয়া খেতিয়কৰ পৰম শত্ৰু নিধনৰ কাৰণে অলপো টকা দি চিকাৰীক সহায় নকৰে। মনত পৰিল—

[ ৩৭ ]

মায়৷ মৃগং দয়িতয়ে স্পিত মন্বধাৱৎ
বন্দে মহাপুৰুষ তে চৰণাৰবিন্দম্।

 এদিন ৰামচন্দ্ৰয়ো মায়া-মৃগৰ পিচত অনুধাবন কৰিছিল; সেই মায়াতে বন্দী হৈ আমিও হস্তীৰ অনুধাবন কৰাত দোষৰ ক্ষমা পাম বুলি আশা কৰিলো।