পৰিষ্কাৰ কৰি তাতে এবছৰ বা দুবছৰ খেতি কৰে। খেতিৰ বাবে
বস্তুৰ কাৰণে এটকা আৰু খেতিৰ কাৰণে ঘৰেপতি এটকা চৰকাৰী
খাজনা দিয়ে। কপাহ, কচু, লাও, কোমোৰা আৰু বিশেষকৈ ধানৰ
খেতি কৰে ৷ আহু, শালি, দুয়োবিধ খেতি কৰে। “ঘনকৈ দিবা
আলি, পর্বততো ৰুবা শালি”—ডাকৰ এই সাৰুৱা বচনকো আওকাণ
কৰি আলি নিদিয়াকৈ পৰ্বতত শালি ৰোৱা দেখিলোঁ মিকিৰে ৷
বাখ্যু বা সৰু কোদালেৰে সকলো খেতি চলায়। কেতিয়াব৷ এটা
দুটা পহু মাৰি খায় । ভৈয়ামৰপৰা শুকান মাছ নিয়ে, তাত মাছ
পাবলৈ নাই ৷ সুধি-পুছি জানিলে৷ যে সিহঁতে সাধাৰণতে নিৰামিষ
খায় ৷ পূজা দিলে গাহৰি বা কুকুৰ৷ উছৰ্গ৷ কৰি প্ৰসাদ লয়।
মিকিৰে গছত উঠাত বান্দৰকো চেৰ পেলায়। হাতীৰ ঘাঁহ নাপাই
এডাল সৰু পাকৰী গছৰ ঠানি কাটিবলৈ এটা মিকিৰক কলোঁ। সি
পাত-ঠানি বগোৱা দেখি মই চাই থাকিব নোৱাৰা হলো। এই
সময়ত অৰ্থাৎ ধান কটাৰ পিচত খেতিৰ নাম নাই ৷ তেতিয়া ন পর্বত
জুৰি মুনিহ আৰু তিৰোতাই বাঁহখৰি আনে। শাৰী শাৰীকৈ গোটা
বাঁহ পৰ্বত সমানকৈ থৈছে, কেৱল জুই ধৰিবৰ কাৰণে। কাঠখৰি
যথেষ্ট পৰিমাণে পালেও নানে, বাঁহেৰেই চলায় ; কাৰণ, বাঁহ অনা
তিৰোতাৰ পক্ষে সহজ। ঘৰ-দুৱাৰ অতিশয় পৰিষ্কাৰ কৰি ৰাখে।
চোতালত ফু মাৰি ভাত খাব পাৰি । ঘৰৰ ভিতৰত সোমাই চাই
এটি বিশেষত্ব দেখিলোঁ, সিহঁতে শুবৰ কাৰণে আন আন পৰ্বতীয়৷
জাতিৰ দৰে চাং পাতি নলয় । মজিয়াত ঢাৰি পাৰি শোৱে, দিনত
তুলি থয় ।
মুনিহ, তিৰোতা সমানে দীঘল ডাঙৰ আৰু শকত-আৱত । ভৈয়ামৰ মানুহৰ দৰে দুখৰ কথা প্ৰচাৰ নকৰে ৷ যি আছে, যি নাই, তাতেই সন্তুষ্ট হৈ চলা দেখিলোঁ ৷ হাতী দেখি তিৰোতাবিলাকৰ আনন্দৰ সীম৷ নাই ৷ মই আশ্বাস দি মাতিলত ওচৰ চাপি বেঢ়ি ধৰিলেহি ।'হাতীত' উঠিবলৈ কোৱাত মুখত কাপোৰ ‘দি হাঁহি