পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
চিকাৰ কাহিনী


বলবাহাদুৰ, মাধৱ, এজন মিকিৰ আৰু মই দুৰ্গা শ্ৰীহৰি বুলি খোজ ললোঁ। দুপৰীয়া ৰ’দত চাৰিমাইল খোজকাঢ়ি গোৰোৱাইদি ঘাম বৈ গ'ল। তাৰ পিচত পৰ্বতৰ পিনে বাট দেখুৱালে, আমিও চিকাৰীৰ পাছ ললোঁ। থিয় পৰ্বত, বাট নাই; বাঁহ আৰু বেতৰ মাজেদি বাট উলিয়াই যাব লাগে। তদুপৰি বাঁহৰ শুকান পাত পৰি ঠাই অতি পিছল হৈ আছিল, এঠাইত খোজ দিলে ছিটিকি আন ঠাইত পৰেগৈ।
 মৰণত শৰণ দি দণ্ডি ধৰি লাহে লাহে পৰ্বত বগাবলৈ ধৰিলোঁ। মাজে মাজে ৰৈ ৰৈ হাতীয়ে বাঁহ ভঙা শব্দলৈ কাণ কৰিবলগীয়া হৈছিল।
 এইদৰে দুমাইলমান যোৱাৰ পিচত মটৰ কৰে বাঁহ ভঙাৰ শব্দ শুনিলোঁ। আমি যোৱ৷ বাটেই হাতী অহাৰ উমান পাই ঠাইতে গছৰ আঁৰ লৈ খাপ ললেঁ৷। দুই মিনিটমান যোৱাৰ পিচতে ৫ হাতমান দূৰত এটা হাতী দেখিলোঁ৷ আকাৰহে দেখিলোঁ, প্ৰকাৰ দেখা নাপালোঁ। মৰাৰ ঠিক কৰি কপাল, কুম আদি আচল মৰাৰ ঠাই বিচাৰোঁতেই দেখিলোঁ নিপোটল লোদোৰ পোদোৰ পোৱালি হাতী এটা; দেখি তাতেই তাপ মাৰি ৰলোঁ। কিন্তু পোৱালিৰ পাছতেই ডাঙৰ মাকজনীক দেখি বুকু চিৰিংকৈ গ'ল। অতি সাৱধানে চুচৰি আঁতৰ হৈ বাট এৰি দিলোঁ। মাকে-পোৱালিয়ে আমাক ওচৰতে দেখিও আমালৈ আওকাণ কৰি যাবলৈ ধৰিলে। এখন্তেক পিচতে দেখিলোঁ, আমি থকা ঠাইত চাৰিওপিনে সৰুৱে-ডাঙৰে, মাইকীয়ে-পোৱালিয়ে ১৫টামান হাতী—আমি মাজতে পৰিলোঁ। খেদি নামাৰিলেও গছকত প্ৰাণ যাব, এই আশঙ্কাতে গা কঁপিবলৈ ধৰিলে; ইষ্ট দেৱতাৰ নাম স্মৰণ কৰি বগুৱাবাই কোনোমতে এজোপা ডাঙৰ কাকবাঁহৰ ভিতৰত সোমালোঁগৈ। সম্ভৱতঃ আমাক দেখা নাপালে আৰু দেখিছিল যদিও নিঃশঙ্কমনে আমাক আওকাণ কৰি ওপৰৰ সমান ঠাইলৈ গ'ল, আমাৰো কণ্ঠত ধাতু আহিল। লাহে লাহে