পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
চিকাৰ কাহিনী


নামত তেওঁ পগলা আৰু সবাতোকৈ আগেয়ে তেওঁ সাজু হৈ ওলায়। জাৰকালি চিকাৰলৈ গলে পূৰ্ণৰামে বাহিৰতে জুইৰ ওচৰত শোৱে আৰু তিনিমান বজাৰপৰা গীত আৰম্ভ কৰে—স্পষ্ট, গম্ভীৰ, সুৱলা সুৰত। আজিও কাণত বাজি আছে সেই মাত, সেই গীত; আজিও কেম্পত থাকি কলাঘুমটিত শুনো পূৰ্ণৰামে গোৱা গীত—“ৰজনী বিদুৰ দিশ ধৱলী ই-ই-ই ব-ৰ-অ-অ-ণ (হাঁ ) তিমিৰ ফেৰি-ই-ই-য়া আইছে ৰবিৰ অ-অ কিৰণ অবে।”

 “শঙ্কৰ জাগো দিগাম্বৰ ৰাই,
বনৰ হৰিণা বনতে লুকাইলা
 পশু দশ দিশি গৈলাহে শঙ্কৰ
 জাগো দিগাম্বৰ ৰাই।”

“গোপাল, কিনো দুষ্ট ভৈলি তই
 তোৰ অপযশ কতেনো শুনিবো-”

“ওহে মুৰুগা মুচৰি মাৰিম মই তোক;
ৰাতি নৌপুহাতে তই কেনে ডাকিলি
 হৰি এৰি গৈলা মোক হে
 মুৰুগা মুচৰি মাৰিম মই তোক।”

আৰু যে কত গীত!আজিকালি ৰেকৰ্ডত চিঁচিঁওৱা তিৰোতাৰ গীত শুনিলে ডিঙিত টেপা মাৰি ধৰিবৰ মন যায়।

 বহু ঠাইতেই চিকাৰ কৰিছোঁ, বহু ঠাইত চিকাৰৰ কথা পঢ়িছোঁ;কিন্তু কেম্পত বহি বহি হাতী, বাঘ আৰু পহু মাৰিব পৰা ঠাই চকৰদৰ দৰে আৰু নাই। খোৱা-বোৱা, থকা-মেলা, অহা-যোৱা, নাও-মৰা,পহু কঢ়িওৱা আৰু হাতীৰ দাঁত উলিওৱা মানুহক অলপ-অচৰপ দিয়৷ আদি সমুদায় খৰচ হিচাপ কৰিলে পাওঁ যে কুৰি টকামানৰ ভিতৰতে গুৱাহাটীৰপৰা আহি ইয়াত এসপ্তাহমান থাকিব পৰা যায়।