পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
চিকাৰ কাহিনী


অকাতৰ চিত্ত।” তেওঁ সেই প্ৰকৃতিৰ মানুহ। বয়স ৪৫ মান হব,আজিও কুমাৰ; বিয়াৰ কথা কলেই কয়, “দাদা, পাত্ৰী খুজে পাচ্ছি না আৰ পেলেও ৰাজী হয় না। বৰাতে থাক্ লে এখনও হতে পাৰে। আপনি একটু চেষ্টা কৰ্ বেন।”

 অসহযোগ আন্দোলনত যোগ দি বহু যাতনা ভুঞ্জিও সৰ্ব বিষয়তে সদায় সুপ্ৰসন্ন ভাব ৰাখি চলিব পৰাৰ ভিতৰৰ এৱোঁ এজন অগ্ৰণী। তদুপৰি এজন ভাল চিকাৰী। স্বনামধন্য মহাকবি বলমা বাগিছাৰ স্বত্বাধিকাৰী বেজবৰুৱা ডাঙৰীয়াৰ কলিকতাৰ চৌতলা ঘৰেই মোৰ সচৰাচৰ থকা ঠাই।

 বিনয়ে ৱাৰেণ্ট দেখুৱাই গ্ৰেপ্তাৰ কৰি মাল-বস্তু সমন্বিতে কুঁহিৰাম আৰু মোক উপস্থিত কৰালে ৪২ নং চৌৰঙ্গী ৰোডত। জানিলোঁ,কলিকতা কৰ্পোৰেশ্যনৰ প্ৰধান ইঞ্জিনিয়াৰ মিঃ বি. এন. দেৰ ঘৰ। ধীমন্ত, প্ৰিয়দৰ্শন দে মহাশয়ে বহুত দিনৰেপৰা চিনা মানুহৰ দৰে সাদৰ-সম্ভাষণ জনাই ক্ষন্তেকতে আপোনাৰ দৰে কৰি ললে আৰু ঘৰখন গটাই দি তাতে থাকিবলৈ অনুৰোধ কৰিলে। গধূলিলৈকে তাতে থাকিলোঁ। গুলী-বাৰুদ সংগ্ৰহ কৰি সাজু হলোঁ যাত্ৰা কৰিবলৈ। লগত ওলাল শ্ৰীযুত নগেন্দ্ৰনাথ বিড, বিশিষ্ট চিকাৰী আৰু বিচক্ষণ ব্যৱসায়ী, কলিকতাৰ বুনিয়াদী ঘৰৰ লোক, নেপিয়াৰ পেইণ্ট কাৰখানাৰ স্বত্বাধিকাৰী আৰু শ্ৰীযুত বিনয়কৃষ্ণ বোস,সৰ্বজনপ্ৰিয় অসহযোগকৰ্মী, সম্প্ৰতি নিবনুৱা শ্ৰীযুত ধীৰেন্দ্ৰনাথ দে আৰু মই।

 আউট কল’ ইঞ্জিনিয়াৰ শ্ৰীযুত অনাদি বন্দ্যোপাধ্যায় আমাৰ কৰ্ণধাৰ হ’ল। তেওঁ সংস্কৃতজ্ঞ, পৰম বৈষ্ণৱ—মাংসাদি ভোজন ৰহিত; কিন্তু “মৃগয়ামিদৃক বিনোদঃ কুতঃ” এই শাস্ত্ৰীয় বচন মানি চলে। যাত্ৰা কৰোঁতে ৰাতি ৯ মান বাজিল। মাণিকতলাৰ ওচৰত গঙ্গাৰ ঘাটত মটৰবোটত উঠা হ'ল। বোট দুখন—এখনত আমি, আন-খনত অনাদি বাবু আৰু অনুচৰবৰ্গ। বস্তু-বাহানি সৰহকৈ আৱশ্যক