পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
চিকাৰ কাহিনী


আমাৰ ৰাজা, সেৱা কৰ, খৰি-চাউল দিছাহ না নাই? আমি দুখীয়া মানুহ, কি দিম,হাতী দিম দে, হবনা ভাল? কেইটা লাগ্ ব? মই এটা দিম দে? চাওঁতে চাওঁতে ল'ৰা, বুঢ়া, তিৰোতা, এটি এটিকৈ আহি জমা হ'ল। সম্বৰ্ধনাৰ অন্ত নাই—আনন্দৰ সীমা নাই। ৰাতি দুপৰলৈকে নাচ-বাগ আনন্দ চলিল।

 মাল-বস্তু বোজাই দি সাজু হওঁতে হওঁতে সাত বাজিল। বাঙ-ঠাইক বাট দেখুৱাবলৈ লগত লৈ খোজ চাই হাতী চান্দি চান্দি পৰ্বতে পৰ্বতে তিনি বজালৈকে ফুৰিলোঁ। পৰ্বত অতিশয় থিয়। ডাঙৰ ডাঙৰ কাকবাঁহে বাট ভেটি ধৰে। বনৰীয়া হাতীয়ে মূৰ সুমাই দি কোনোমতে সৰকি যায়, কিন্তু মাল-বস্তু লৈ আমাৰ হাতী নিয়া যে কি কষ্ট তাক নেদেখিলে বৰ্ণোৱা টান। অতি সাৱধানে আৰু অতিশয় লাহে লাহে নগলে প্ৰাণৰ সংশয়। তথাপিও মোৰ দুটা চোলা বাঁহৰ আগত ৰৈ গ'ল। খুন্দা-খাটলিৰ অন্ত নাই। হাতীয়ে মাত্ৰ খোজ দিব পাৰে। এনেকুৱা সংকীৰ্ণ বাটেৰে বনৰীয়া পালহাতী চলি গৈছে। আমাৰ হাতী নিওঁতে বুকু ধপধপাই যায়। পিছলিলে আধামাইল তলতহে ৰবগৈ। আমি হিচাপ কৰি চাই দেখিলো, তিনি ঘণ্টাত এমাইলমানহে যাব পাৰিছিলোঁ। যাত্ৰাৰ আদিৰেপৰা শেহলৈকে বৰষুণ। ছাতি লোৱা অসম্ভৱ। গতিকে দিনটো বৰষুণত ভিজোতেই গৈছে। কিন্তু ওৰে দিনটোতে হাতীৰ লগ ধৰিব নোৱাৰিলোঁ। তিনি বজাত সকলো ক্লান্ত হৈ পৰিলো। বাট অতিশয় সংকটজনক। বাট দেখুৱা বাঙঠায়ে ৰায় দিলে, আজি আৰু যোৱা নহব, ৰাতি ইয়াতে থকাই ভাল। তাৰ উপদেশে আমাৰ প্ৰতি আদেশ। জাৰকালি সেই ঠায়েই মনোৰম হলহেঁতেন, কিন্তু বৰষুণত সেই স্থান অতি ভয়ঙ্কৰ। .জোকে-পোকে, মহে-ডাঁহে, সাপে-সুপে, বাঘে-ভালুকে তদুপৰি অন্তিকায় হস্তী পৰিবাৰে ভৰা, কেতিয়া কি প্ৰকাৰে আক্ৰমণ কৰে তাৰ নিশ্চয়তা নাই। ওখ টিলা আছে, তাত পানীৰ সুবিধা