পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
চিকাৰ কাহিনী

 উঠি আহি শুনিলোঁ, এটা এদঁতীয়া বনৰীয়া হাতী কেম্পলৈকে আহিছে। এটি দুটিকৈ সকলো ওলাল, হাতী গুলীয়াই মৰা সাব্যস্ত হ’ল; কোনে প্ৰথমে গুলী মাৰিব এই বিষয়ে চিঠিখেল কৰা আৰম্ভ কৰোঁতেই হাতীৰ ছৰ্দাৰ চাহাব ( Mr. Ashton ) জনে হাতীটো ধৰাৰ প্ৰস্তাৱ উপস্থিত কৰিলে। সকলোৱে তাতেই মান্তি হ'ল। আমি কিন্তু হাতীটোলৈ চাই প্ৰমাদ গণিলোঁ।

 ৰং চাবৰ মনেৰে সকলোৱে ৰৈ আছিল।

 প্ৰথমতে ছৰ্দাৰে ধুই হাতী এজনী আনিলে। সাধাৰণতে হাতী ধৰাৰ দৰে ফান ঠিক নকৰি হাতীজনীৰ ককালত বান্ধিলে আৰু ফানৰ এটা আগেৰে খোৰোচা সাজি মাটিত পাতিলে। গণেশে নিৰ্ভয় আৰু প্ৰসন্নচিত্তে গজেন্দ্ৰগমনে ধুইৰ ওচৰ চাপিলে; এছটন চাহাবৰ মুখত হাঁহি ওলাল।

 এখোজ দুখোজ কৰি আহি থাকোঁতেই খোৰোচাত ভৰি পৰিল,ফান্দিয়ে সময় বুজি ফান টানিলে। এখন ভৰিত ফান লাগিল—এছটন চাহাবৰ আনন্দে হিয়া নধৰা হ'ল।

 “শুণ্ডা লিয়াও, শুণ্ডা লিয়াও” বুলি চিঞৰিব ধৰিলে। খন্তেকতে আহিল “ইন্দ্ৰজিৎ”—ৰজাৰ প্ৰিয়তম আৰু বৃহত্তম দন্তাল, শোভন,সুন্দৰ ঐৰাৱৎ সদৃশ—ধীৰ, মন্থৰ গতি, নিৰুদ্বেগ চিত্ত; গণেশলৈ ভ্ৰূক্ষেপ মাত্ৰও নাই। ইন্দ্ৰজিতক দেখি কিন্তু গণেশে এখোজ দুখোজকৈ পিছুৱাই যাবলৈ ধৰিলে। গণেশৰ বয়স কম, পূৰ্ণ যৌৱন বুলিব পাৰি। নিখুঁত, নিপোটল; কিন্তু ডাঙৰে দীঘলে ইন্দ্ৰজিততকৈ বহুতো সৰু৷

 ডিঙিত ফান মাৰে মাৰে, এনেতে দুখোজমান আৰু পিছুৱাই গৈ হঠাতে ইন্দ্ৰজিতক আক্ৰমণ কৰিলে আৰু উধাই মুধাই খুচি ইন্দ্ৰজিতে যুঁজ লোৱাৰ আগতে বগৰাই দিলে; বগৰা মাত্ৰকে তীব্ৰ বেগে খুচি খুচি এৰি থৈ হাতীজনী লগতে লৈ পলাই গ'ল।