পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
চিকাৰ কাহিনী


দাৰ্শনিক পণ্ডিত। “বিনাজ্ঞানং বিৰাগতা” বাদ দি যদি “বৰাগ্যমেবাভয়ম’ ইয়াকে সনাতন সত্য বুলি ধৰা হয় তেন্তে গাৰো বিৰাগী ‘সনাতনিষ্ট’ বুলি কবই লাগিব, কাৰণ, পাৰ্থিব সম্পদত গাৰো সৰ্বতোভাৱে উদাসীন; জন্ম-মৃত্যুত আনন্দ-বিষাদৰহিত সিহঁত কাম-ক্ৰোধ লোভ-মোহ বৰ্জিত নহবও পাৰে কিন্তু সভ্যতাভিমানী নগৰবাসীৰ তুলনাত সিহঁতৰ স্থান বহুতো ওপৰত।


দ্বিতীয় খণ্ড

 গাৰো পৰ্বতৰ ডি-এফ-অ' শ্ৰীযুত অনিল অধিকাৰীৰ নিমন্ত্ৰণত হাতী মাৰিবলৈ ওলাইছিলোঁ; লগতে হাতী ধৰাৰ অনুমতিও পাইছিলোঁ। অনুমতি নহলে হাতী ধৰিব বা মাৰিব নোৱাৰি।

 থজং লস্কৰৰ এলাকাধীন দেলবাংগিৰি গাঁৱত এজন নোক্‌মাক মৰাত সেই হাতী মাৰিবলৈ গেজেটত জাননী দিয়ে আৰু তাৰে নকল আমালৈ পঠাইছিল। সেই জাননীত হাতীৰ ভৰিৰ খোজৰ বেৰ,দাঁতৰ মাফ আৰু হাতী কিমান ওখ তাক দিছিল; অৱশ্যে এইবিলাক জোখ আনুমানিক। আমি লক্ষ্মীপুৰৰপৰা আবেলি যাত্ৰা কৰিলোঁ; সেইদিনা মেছপাৰাৰ অন্তৰ্ভুক্ত ফোটামাটি নামে ঠাইত ধুৰা পেলালোঁ। দোভাষী নহলে গাৰো পৰ্বতত চলা টান। গাৰোবিলাকে কথাও নুবুজে আৰু ওচৰো নাচাপে, সেইকাৰণেই পানীশালী নামে এখন গাঁৱৰপৰা ৰেং ফাং নামে এজন দোভাষী ললোঁ। গাৰো পৰ্বতৰ ঠাই আৰু মানুহৰ নামত অনুস্বৰৰ আধিক্য দেখা যায়।

 আমি পুৱা ৫ বজাৰ আগতে উঠি অলপ চাহ-জলপান খাই বস্তু-বাহানি বান্ধি-ছাতি ওলাওঁতে ৮মান বাজে। মাউত ফান্দীকবোপাককা বুলি, কাবৌ-কোকালি কৰি আৰু শেহত তালব্য শত আকাৰ আৰু লত আকাৰ দি গালি-শপনি পাৰিও ৮টাৰ আগেয়ে সাজু কৰাব পৰা নগল। ৮টাৰপৰা আবেলি ৪ বজালৈকে অবিশ্ৰাম