পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
চিকাৰ কাহিনী


মিবিগা বান্ধৰ অলেখ প্ৰকাৰৰ হাতী দেখিছোঁ; কিন্তু এনেকুৱা সুন্দৰ আৰু সৰ্বগুণী হাতী সৰহ দেখা নাই বুলিয়েই তাইৰ বিষয়ে ইমান লিখিলোঁ। মোহনমালা আৰু মোৰ জয়বাহাদুৰ ( মখন৷ ) দুয়োকো আগেয়ে পঠিয়াই দিলোঁ চকৰদলৈ। আজৰালৈ গলো মটৰেৰে, তাতে হাতী ৰৈ আছিল; মাল-বস্তু সমন্বিতে গৈ ৰাতি চকৰদতে থাকিলোঁ। চিকাৰীৰ স্বৰ্গ চকৰদ এই সময়ত চিকাৰ শূন্য। এটি টিপচী চৰায়ো দেখিবলৈ নাই। পুৱা ৬ বজাত লগত আৰু কেজন- মান চকৰদৰে মানুহ লৈ সাজে-সন্ধ্যায় ৰাণী পালোগৈ। ৰাতি তাতে থাকিলোঁ। পিচদিনা পূবে পোহৰ দিওঁতেই তাৰপৰা খোজ ললো, অৰ্থাৎ মই হাতীৰে আৰু লগৰ মানুহক খোজ কঢ়ালো। অলপদূৰ যোৱাৰ পিচতে পৰ্বত পালে৷; বাট থিয় আৰু চেপা ওপৰৰপৰা মহে কাঠ টানে, তাক “জুৱা” টন৷ বোলে। মহ আঁতৰাই অতি সাৱধানে হাতী নিনিলে হাতী, মহ, মানুহ সকলোৰে মৃত্যুৰ সংশয় থাকে।

 ঘণ্টাত এমাইল হিচাপে হাতী চলিছিল। মোৰ হাতীটো পাতল, তাক ধৰাৰ দুবছৰ পূৰ হোৱা নাই, খচমচ কৰি উঠি যায়, কিন্তু মোহনমাল৷ ভাৰী আৰু বুঢ়ী। ইখোজৰপৰা সিখোজলৈ চাই-চিতি অতি সাৱধানে চলিবলগীয়া হৈছিল। ঠায়ে ঠায়ে পৰ্বত বৰ থিয়; মিকিৰে উঠা-নমাৰ কাৰণে সৰু সৰু খটখটীৰ দৰে খাপ কাটি লৈছে, সেই খটখটীৰে এখোজ এখোজকৈ যাব লাগে। নেদেখিলে অনুমান কৰিব নোৱাৰি উঠা কিমান টান আৰু হাতী উঠ৷ নেদেখিলে মানুহে বিশ্বাস কৰিবলৈ টান পাব যে সেই বাটেৰে হাতী উঠিব পাৰে। উঠা-নমা কৰি সেইদৰে ওৰেদিনটে৷ গলো—বনৰীয়া হাতীৰ খবৰ লৈ লৈ। সাজবেলিকা পৰ্বতৰ টিঙত এগিৰি মিকিৰৰ ঘৰত আলহী হলোগৈ। মিকিৰৰ ঘৰ নৌ পাওঁতেই পৰ্বতৰ তলত নৈৰ পাৰত এমখা মানুহ লগ পালোঁ—ল’ৰা, বুঢ়া, ডেকা। ঢোল আৰু পেঁপা বজাই নাচ-বাগ কৰি আছে। নৈৰপৰা অলপ ওপৰত দুখন চাঙিত