পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
চিকাৰ কাহিনী


খুলিছে, হেমজুৰ গোন্ধত নাকত কাপোৰ দিব লাগে। হাতীৰ মূৰ্তি দেখি বাট চোৱা বিপজ্জনক ভাবি আৰু পূৰ্ণকাইৰ মুখৰ অৱস্থা দেখি গুলী মাৰিলোঁ। বাঁহপাতে অলপ আঁৰ কৰি আছিল, গুলী লাগিল;কিন্তু একে গুলীতে নপৰিল। দক্ষিণৰপৰা উত্তৰমুখ হ'ল, পুনৰ একাদিক্ৰমে দুই গুলী মাৰিলোঁ, অতি শব্দে হাতী বাগৰি পৰিল। হাতী পৰিলে নুঠে, ভয়ৰ একো কাৰণ নাই, ইত্যাদি প্ৰকাৰে আশ্বাস দি পূৰ্ণ ককাইক নমাই দিলোঁ আৰু ময়ো নামিবৰ দিহা কৰিছোঁ,এনেতে দন্তাল ভায়াই গিৰিসাই উঠিল। মই আচৰিত হলোঁ। পূৰ্ণ-কায়ে কঁপি কঁপি হাতীৰ পিচত আশ্ৰয় ললে। মোৰ বিশ্বাস, কাপোৰ সলাবলগীয়া হৈছিল। পুনৰ গুলী মাৰিলোঁ। দুগুলী খাই ঠাইতে আকৌ বাগৰ ললে। অলপ চাই-চিতি ঘৰলৈ আকৌ বাট ললোঁ। ৯॥ বজাত মৰা শেষ হ'ল।

 ঘৰ পাই খাই-বৈ মানুহ-দুনুহ যোগাৰ কৰি দাঁত কাটিবলৈ যাওঁতে যাওঁতে দুই বাজিল। হাতী পাওঁতে পাওঁতে পাঁচমান বাজিল। মাজতে মৰা হাতী দুটা হেৰাল—ই বোলে উঠি গ'ল, সি বোলে উঠি গল। মোৰ কিন্তু খঙত তৰণি নাই; আচলতে ঠাই হেৰুৱাই এইখন বাৰেভচহু কথা উলিয়াইছে। আধাঘণ্টা বিচাৰি পালোঁগৈ। দাঁত কাটোতে সাত বাজিল। হাতী মৰা টান। তাতোকৈ অতি টান হাতীৰ দাঁত উলিওৱা। ৭ খনমান কুঠাৰ ভাঙি ৭ মান বজাত ঘৰলৈ যাত্ৰা কৰিলোঁ। টৰ্চ লগত নিছিলোঁ আৰু নিছিলোঁ এট৷ লেণ্টাৰ্ণ; কিন্তু অলপ পিচতে দেখা গ'ল তাত তেল নাই। অটব্য অৰণ্য, অন্ধকাৰ ৰাতি, কাকবাঁহে পৰ্বত ঢাকি ধৰি আছে, কি প্ৰকাৰে তিনিখন পৰ্বত পাৰ হৈ বাট লব পাৰোঁ—এই চিন্তাই বিকল কৰিলে। হাতী মৰাৰ আনন্দ কিছুপৰলৈ লয় পালে। পৰ্বতে ৰঘুনন্দন জানি তেওঁক প্ৰাৰ্থনা জনালোঁ উদ্ধাৰৰ কাৰণে। বাঁহৰ জোৰ সাজিবলৈ টৰ্চ ধৰি সহায় কৰিলোঁ। ততালিকে ৬/৭ টা জোৰ সজা হ’ল; কিন্তু জুইশলা কাৰো লগত নাই, কি কৰা যায়