পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিকাৰ কাহিনী


 বুকুৰ ধপ্ ধপনিত বাঘ পলোৱা যেন লাগিল। জুমি জুমি চাই একো ঠিক কৰিব নোৱাৰিও পলোৱাৰ আশংকাত মাৰিলোঁ গুলী।গুলী খায়েই সি ধেৰমেৰাই বাগৰি পৰিল। আধামৰা বাঘে ধৰিবহি, এই ভয়ত অতি সাৱধানে হাতী চলাই দেখোঁ যে এটা ডাঙৰ শিঙাল পহু—এটি গুলীতে প্ৰাণত্যাগ কৰি পৰি আছে।সাধাৰণতে তেনে এটা পহু পালে ভাল লাগিলহেঁতেন; কিন্তু সেই অৱস্থাত অৰ্থাৎ বাঘ বিচাৰি গৈ পহু মৰাত বেজাৰহে লাগিল।গুলীৰ শব্দত বাঘ নিশ্চয় পলাল, এই ভাবিয়েই বিশেষ বেয়া লাগিল। পহু বুলি জনা হলে কেতিয়াও নামাৰিলোঁহেতেন।মন্দভাগ্য বুলি ধৰি লৈ য'ৰে পহু ত’তেই এৰি পুনৰ নাৱত গাদী তুলি ময়ো নাৱতে উঠি হাতী লগে লগে নিবলৈ কৈ আকৌ আগবাঢ়িলোঁ। গৈ আছোঁ, গৈ আছোঁ। পোৱামাইলমান এইদৰে যোৱাৰ পিচত ওচৰৰ এডোখৰ ওখ হাবিত বাঘৰ গোজৰণি শুনিলোঁ। ততালিকে গাদী কচাই আকৌ হাতীত উঠিলো।ভালদৰে কাণ পাতিলে কিজানি ১।২ মাইলমান দূৰৈৰপৰাই বুকুৰ ধপ্ ধপনি শুনা গ'লহেঁতেন, যদিও সেইটো মোৰহে মনৰ ধাৰণা।আৰু কিছুদূৰ যোৱাত হাবি লৰোৱা দেখিলোঁ; লৰোৱালৈ চাই অনুমান কৰিলোঁ বাঘেই বুলি; কাৰণ বাঘ হাবিৰে গলে, হাবি অলপ দীঘলীয়াভাৱে লৰে। যি হক, অলপ আগবাঢ়োতেই দেখিলোঁ এটা বাঘ লৰ মৰা; কিন্তু অনুমান হ'ল সেইটো পোৱালি, কাৰণ,আকাৰত সৰু। সেইটোৱে ম'হ মৰা অসম্ভৱ। মনে মনে থাকিলোঁ,গুলী নামাৰিলোঁ৷ চাওঁতে চাওঁতে আৰু এটা পোৱালি লৰ মাৰিলে; কিন্তু পোৱালিটো মাউতৰো চকুত পৰিল। তাক মই দঢ়াই দঢ়াই কৈছিলোঁ, বাঘ দেখিলে মাত নিদিবলৈ আৰু কৈছিলোঁ—“যদি আগেয়ে তোৰ চকুত পৰে, গাত খুচি বাঘৰ পিনে আঙুলিয়াই দেখুৱাই দিবি, কিন্তু মুখেৰে একো নকবি।” সকলো পাহৰি চিঞৰ মাৰাৰ ফলত যি দেখিলোঁ তাৰ চিত্ৰ আজিও স্পষ্টকৈ