পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিকাৰ কাহিনী

অসুবিধা আঁতৰিল। কিন্তু তেতিয়াও দাদাই অকলে চিকাৰলৈ যাব নিদিছিল।

 ভাল চিকাৰীৰ লগত থাকিলে চিকাৰৰ বিষয়ে বহুতো শিকিব পাৰি, কিন্তু নিজে চিকাৰ কৰাৰ সুযোগ নঘটে। মোৰো সেয়েই হ'ল। দাদাৰ লগত ফুৰি চিকাৰ সম্বন্ধে জানিলোঁ বহুতো; কিন্তু ভাল চিকাৰী হোৱাৰ সুযোগ তিমান নহল আৰু যি অলপ চিকাৰীৰ গৰ্ব সি জোঁৰৰ আগত বন্তিৰ পোহৰৰ দৰে নিষ্প্ৰভ হৈ ৰ'ল।

 পহু মৰাত বিশেষ উৎসাহ দিলেও বাঘ মৰাত দাদাৰপৰা বিশেষ উৎসাহ পোৱা নাছিলোঁ। তেওঁ নিজেও সাৱধান চিকাৰী আছিল, আনকো আৰু বিশেষতঃ মোৰ প্ৰতি অত্যধিক স্নেহ থকাৰ কাৰণে মোকো অতি সাৱধানে চিকাৰ কৰাৰ ব্যৱস্থা দিছিল। মনত আছে, এদিনৰ কথা। নগাঁৱত বৰ বানপানী; দাদা তেতিয়া তাতেই, ময়ো গৈ লগতে কিছুদিন আছোঁ। পহু মৰাৰ অন্ত নাই।কোবায়েই মাৰে অলেখ। ইয়ে সিয়ে বাঘো দুটা-চাইটা মাৰিছে।বাঘ মৰাৰ ইচ্ছা মোৰ অতি প্ৰবল, কিন্তু তাতোকৈ প্ৰবল দাদাৰ অতি প্ৰিয় লগুৱা শ্ৰীমান দেউকী মাউতৰ। দিন নাই, ৰাতি নাই, কৈ থাকে,—“চাহাবে বাঘ মাৰিলে, আপুনি বাঘ নামাৰে। চাৰিওপিনে ইমান বাঘ, তেও নাযায়। এদিন ওলাওক।” ইত্যাদি ইত্যাদি।

 দিনৰ পিচত দিন যায়, কিন্তু যোৱাৰ উপায় নোলায়,মোৰ ভাগ্যত বাঘ মৰা নঘটে। এনেতে এদিন শ্ৰীযুত নবীনচন্দ্ৰ হাজৰিকাই সন্ধ্যা সময়ত আমাৰ বাহালৈ আহি কথা-প্ৰসঙ্গত মোক কলে, “আজি পহু চিকাৰলৈ যাওঁতে এজনী ভয়ঙ্কৰ, বাঘিনী লগ পাইছিলোঁ৷” কিয় নামাৰিলে বুলি সোধাত কলে, “আও! মুৰ্তি দেখিয়েই চুলিৰ আগে জীৱ গ’ল, কি মাৰিবা! তাৰ উপৰি লগত পোৱালি আছে, কি সাধ্যে জোকাবা।” মই কলো, “আপোনাৰ হাতীটো দিয়ে যদি ময়েই গলোঁহেতেন।” লাগিলে তেওঁৰ হাতীটো দিয়াত সন্মত হ’ল; কিন্তু এটা হাতীৰে সেইজনী বাঘ মৰাৰ চেষ্টা