পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
চিকাৰ কাহিনী


চিত্ৰাঙ্কিতৰ দৰে ৰ' লাগি চাই থাকে; কিন্তু বামত নামিলেই চকিত হৰিণী উৰ্ধশ্বাসে পলায়ন কৰে আৰু অনধিকাৰ প্ৰৱেশ অপৰাধৰ কাৰণে বাঘ প্ৰহৰীয়ে পলকতে গ্ৰেপ্তাৰ কৰি মৃত্যুৰাজৰ ওচৰত উপস্থিত কৰে। জাহাজ চলি থাকোঁতেই ইচ্ছামতে পহু মাৰিব পাৰি; কিন্তু ছবি তোলাৰ আনন্দহে অধিক।

 তাত জীৱ-জন্তু বান্ধি বাঘ মাৰিবৰ চেষ্টা কৰা মিছা। অচিনা জন্তু দেখিলে বাঘ ওচৰ নাচাপে। কাৰণ, চিৰপৰিচিত চিত্ৰ-হৰিণীৰ অভাৱ নাই আৰু ইচ্ছা মাত্ৰেই অনায়াসে পায়। মৃদু-মধুৰ গন্ধ সম্বলিত বন-হৰিণীৰ মৃতদেহ থৈ দি লুকাই থাকিলে গন্ধবাহী মলয়াৰ সহায়ত বাঘে সেই শ বিচাৰি অহা অতি নিশ্চিত বুলি ধৰিব পাৰি; কিন্তু পশুৰাজ নিধনৰ চেষ্টাৰ আগেয়ে আত্মৰক্ষাৰ প্ৰকৃষ্ট উপায় চিন্তিব লাগিব। পহুৰ গোন্ধ পাই আহোতে মানুহৰ গোন্ধ পালে পহু এৰি মানুহৰ প্ৰতি আকৃষ্ট হোৱাটো অতি নিশ্চিত। কাৰণ,কাঠ কটা, গোলপাত কটা, পহু বিচৰা মানুহো সুন্দৰবনবাসী বাঘৰ সুপৰিচিত। ডাঙৰ গছ নাই, হাতী নাযায়, বোকা-পানী অসমতল ঠাই, মহৰ প্ৰবল প্ৰতাপ ইত্যাদি কাৰণে সুন্দৰবনত চিকাৰৰ আনন্দতকৈ কষ্ট আৰু প্ৰাণনাশৰ সম্ভাৱনা অতিমাত্ৰাই অধিক। প্ৰাণী সংহাৰতকৈ প্ৰাণনাশৰ আশংকা অত্যধিক। কিন্তু য'ত আশংকা আৰু অনিশ্চয়তা সৰহ, মৃগয়াৰ কৃতিত্ব আৰু চিকাৰৰ আনন্দ তাতেইহে। সুন্দৰবনত বাঘ লগ পায় কম আৰু লগ পোৱা মানুহৰ সংখ্যাও কম। গতিকে সুন্দৰবনৰ বাঘ অতি ভয়ংকৰ বুলি প্ৰখ্যাত। কিন্তু আচলতে অসমৰ বাঘতকৈ ডাঙৰো নহয় আৰু উগ্ৰ প্ৰকৃতিৰো নহয়। সৰু ডাঙৰ প্ৰকৃতিগত বিভিন্নতা সকলো বাঘৰে সকলো দেশতে আছে। তুষাৰমণ্ডিত গগনস্পৰ্শী পৰ্বতমালা পৰিশোভিতা, বিলোল- বীচি-বল্লৰী-বিৰাজমানা, বিশাল ব্ৰহ্মপুত্ৰবিধৌতচৰণা, অনুপমা অসমা জননীৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যক অতিক্ৰম কৰিব পৰা দেশ ভাৰতত নাই বুলি মোৰ বিশ্বাস; কিন্তু সুন্দৰবনৰ