পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
চিকাৰ কাহিনী


খঙে চুলিৰ আগ পালেগৈ। হাতী বিচাৰি যাওঁ বুলি কৈ গাড়ী চলাবলৈ কলোঁ। মানুহজনে গাড়ীত ধৰি বিশেষ অনুৰোধ জনাই কলে, “হাতী বিচাৰি দুখ খাই দুঢ়ৈক লগি যাবা নাল্‌গেই দেউতা;ইয়াতে ৰাতি থাক্‌লি সাজবেলিয়াতেই হাতী আইহ্বুই আইহ্ববু;আপুনি চিন্তা নকৰবু।” ইত্যাদি ইত্যাদি। উপস্থিত থকা আন আন মানুহেও মহাজনক সমৰ্থন কৰি দঢ়াই দঢ়াই কলে, চকা ডুবিলেই হাতী আহিব বুলি।

 সেই মহাজনৰ ঘৰতেই থকা স্থিৰ কৰি, বস্তু-বাহানি নমাবলৈ কলোঁ। দোকানৰ বস্তুৰ গোন্ধত ভিতৰত শোৱা অসম্ভৱ দেখিলোঁ। চোতালতেই শুবৰ মন কৰিছিলোঁ কিন্তু বৰষুণ দিয়াৰ আশঙ্কাত পিৰালিলৈ খাট নিলোঁ। তিমানতে হাতী আহি পালে।

 আমাৰ ৰান্ধনি শ্ৰীমান মহেন্দ্ৰক যি হয় ৰান্ধিবলৈ কৈ, ক’ত ঘৰ ভাঙিছে, ক'ত ধান খাইছে, চাবলৈ ওলাই গলোঁ। দেখিলোঁ,সিহঁতে কোৱা কথা সঁচা। হাতী ওলালেই টং ৰখীয়াক খবৰ দিবলৈ বিশেষকৈ কৈ ঘৰলৈ উভতি আহিলোঁ আৰু হাতীক কলগছ দি আমিও খাই-বৈ ১০ মান বজাত শুলোঁ। এঘণ্টামান পিচতে মৈমন-চিঙীয়া মানুহ তিনিজনমান হাতত জোৰ লৈ দৌৰি আহি কলে,“হাতী ধান খাবাৰ ধৰ্ ছে; হাতী দুইটা, একটাৰ দাঁত নাই, একটা মাইকী।” হাতী উলিয়াই গাদী বন্ধাই লৰালৰিকৈ মই আৰু কুঁহিৰাম ওলালোঁ। গৈ গৈ প্ৰথমখন টং পালোঁ। টং-ৰখীয়াক সুধিলত কলে,“এইমাত্ৰ সৌৱা পুখুৰীলৈ (অৰ্থাৎ সৰু বিল এটালৈ ) গৈছে; তাতেই পাবগৈ।” ‘চুঙাচাকিৰে খোজ চাই বিলমুখে গলোঁ। দেখিলোঁ, বিলত থকা সঁচা; কিন্তু আমাৰ সঁহাৰি পাই আমাৰ আগে আগে যোৱা যেন পালো। খোজ চাই চাই অলপদূৰ গৈ দেখিলোঁ,আলিত ধুলি মাৰি আছে; কিন্তু গা-মুৰ ঠিকমতে ধৰিব নোৱাৰি। মাউতক ঠিকমতে চুঙা-চাকি ( টৰ্চ ) দিবলৈ কলোঁ, সি দিব নাজানিলে, পোহৰ পৰা মাত্ৰেই নেজ তুলি দৌৰ মাৰিলে; কিন্তু হাবিলৈ