পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
চিকাৰ কাহিনী

চাই হাঁহিৰে খলক লগালে। ৰজাই আশ্বাস দিবলৈ এৰি আৰু ভয়হে খুৱালে, আজি প্ৰলয় হব পাৰে বুলি কৈ। এনেতে মাৰিলে ভয়ঙ্কৰ ঢেৰেকনি এট৷; যেয়ে য'তে আছিল আৰু যাকে য'তে পালে সাৱটি ধৰিলে, ভদ্ৰমহিলাসকলৰ দুগৰাকীয়ে চিঞৰ মাৰি মূৰ্চ্ছা গ'ল।

 আধাঘণ্টামানৰ পিচত বতাহ-বৰষুণ কমিল; এটি দুটিকৈ তম্বু উঠিব ধৰিলে। ৰাতি কিন্তু শোৱা নহল।

 কাঁচৰ বাচন, থাল-পিয়লা, চকী-মেজ সকলো ভাগি গুৰি হ'ল। কিন্তু পুৱাতে ৰজাৰ আদেশ হ’ল—“পোৱা যদি কিবাকিবি খাই লোৱা আৰু নাপালেও ৮ বজাত চিকাৰলৈ যাব লাগিব।” এই ঘটনাৰ পিচতো ৮ বজাৰপৰ৷ গধূলিলৈ চিকাৰ। এনে কথাত কাৰ বিকাৰ নালাগি পাৰে।

 ৰাতি টোপনি নাই, দুখে-ভাগৰে উভতি আহি এমুঠি ভালকৈ খাম, তাৰো আগন্তুক নাই, ইয়াকে বোলে চিকাৰ। ইয়াৰে নাম নিকাৰ।

 আহি দেখোঁ, চাকি-চুকা জ্বলিছে আগৰ দৰেই, নামি দেখোঁ,খোৱা-বোৱাৰ আয়োজন আগতকৈ ভালহে! ই সপোন নে সচিত!অলপ খবৰ কৰি জানিলোঁ যে টেলিগ্ৰাম কৰি স্পেচিয়েল ট্ৰেইনেদি বস্তু-বাহানি কলিকতাৰপৰা দুজন চাহাব দোকানীৰ হতুৱাই অনাইছে। ইয়াৰে নাম ৰাজ-সম্পদ অৰ্থাৎ অৰ্থ-বল। কেদিনমান তাতে থাকি আন কেম্পলৈ যোৱা হ'ল। তাতো এখন ন নগৰ পাতি থোৱা হৈছিল। আকৌ চিকাৰ আৰম্ভ হ'ল; আকৌ বাঘ-পহু, মহ-মেঠোন মৰা হ'ল। একৈশ দিনৰ মূৰত চিকাৰ শেষ হ'ল। চিকাৰ চলি থাকোঁতেই এটা ঘটনা ঘটিছিল যাক নকলে চিকাৰ কাহিনী অসম্পূৰ্ণ হব।

 এদিন ৰাতি। সেইদিনা পূৰ্ণিমা নহলেও তাৰে এদিন বা দুদিন আগ-পিচ হব। খাই-বৈ শুইছোঁ, চকু লাগিছে, শুনা-নুশুনাকৈ ৰজাৰ মাত শুনা যেন লাগিল।