পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
চিকাৰ কাহিনী


হল। অলপ গৈয়েই বাঁহ ভঙাৰ শব্দ পালোঁ। শব্দ শুনি কি উদ্বেগ তাক বৰ্ণোৱা টান। তেতিয়া হাতীৰ পাছত থকা মাউতে অঙ্কুশেৰে হাতীৰ তপিনাত নিৰ্দয়ভাৱে খুচিবলৈ ধৰিলে; হাতীয়েও উদগনি পাই গজেন্দ্ৰগমন এৰি অশ্বৰ গতি ধৰিলে। লতাত লাগি ডিঙি ছিঙাৰ আশঙ্কাত হাতীৰ পিঠিত কাতি হৈ যাব লগীয়া প্ৰায়ে হৈছিল। হঠাতে এজনে সুহুৰি মৰা শুনিলোঁ আৰু সেইপিনে চাওঁতেই আঙুলিয়াই দেখুৱালে। সেইপিনে চায়েই ১০ হাতমান দূৰৈত এটা হাতী দেখিলোঁ। হাতী দেখিলোঁ হয় কিন্তু গছ এডালে আঁৰ কৰি ধৰাত হাতীটো মখনা নে মাখুন্দী গম ধৰিব নোৱাৰি ঘপ্ কৰে মাৰিব নোৱাৰিলোঁ। মাৰোঁ মাৰোঁ কৰোঁতেই হাতী পলাল। কিছু পৰিমাণে নিৰাশ হৈ পুনৰ দণ্ডি ধৰি বিদাৰিবলৈ আৰম্ভ কৰিলোঁ। যাওঁতে যাওঁতে চাহানে বাঁহ ভঙা শব্দ শুনিলোঁ। পৰ্বত দুফাল কৰি সশব্দে বন লৰাই যোৱা দেখিলোঁ। তেতিয়া হাতী মৰাতকৈ ধৰাৰ আশা আৰু আগ্ৰহে মন অস্থিৰ কৰিলে। হাতীয়েও অৱস্থা বুজি গজহস্তী গুচি অশ্বৰূপ ধৰি দৌৰিবলৈ আৰম্ভ কৰিলে। ফান্দ মৰাৰ চিন্তাতেই প্ৰাণৰ মায়া খন্তেকলৈ পাহৰিলোঁ। চাহান লয় পাওঁ পাওঁ, এনেতে টোৰা নামেৰে মাউত এজনে চিঞৰ মাৰি কলে, “বাপৰে, সৌটো ভয়ঙ্কৰ দন্তাল।” দেখুৱামতে চাই যি দৃশ্য দেখিলোঁ তাক আজিও পাহৰা নাই আৰু কিছুদিনলৈ পাহৰা টান হব। আজিও সেই দৃশ্য সপোনত দেখিয়েই আছোঁ। বনৰীয়া হাতী অলেখ দেখিছোঁ, কোচবিহাৰৰ মহাৰজাৰ লগত চিকাৰ কৰোঁতে শোভন,সুন্দৰ বহুতো হাতী দেখিছোঁ, তদুপৰি মানুহ মৰা বনৰীয়া হাতীও ৪টামান মাৰিছোঁ কিন্তু এনে সুন্দৰ, এনেকুৱা হৃষ্ট-পুষ্ট, নিপোটল,ইমান ওখ-ডাঙৰ হাতী এয়েই প্ৰথম দেখিলোঁ। মনত পৰিল ইন্দ্ৰৰ ঐৰাৱতৰ কথা। এটা টিলাৰ দাঁতিত মোৰ হাতী আৰু এটা টিলাৰ দাঁতিত পৰ্বত প্ৰমাণ গজৰাজ। অলপ হাবি আছে কিন্তু গোটেই