পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
চিকাৰ কাহিনী

 এনে হব পাৰে বুলি ইন্দ্ৰজিতে অকণো উমান কৰিব পৰাহেতেন এনে অৱস্থা হবলৈ নাপায়।

 আমিও কিংকৰ্তব্যবিমূঢ় হৈ তবধ মানি চাই ৰলোঁ। ইন্দ্ৰজিৎ পৰিয়েই আছিল।

 পৰীক্ষা কৰি দেখা গ'ল, এটা চকু সম্পূৰ্ণভাৱে নষ্ট হৈ ওলাই গৈছে, ডিঙিৰে উশাহ ওলাইছে। জীয়াৰ আশা নাই। বহুতো যত্নত হাতীটো ৰক্ষা পৰিল বুলি শুনিছোঁ, কিন্তু ঘূণীয়া আৰু অকামিলাহৈ আছিল। মাইকী হাতীজনী পিচত ফান ছিঙি ধুৰালৈ আহিল।

 পিচদিনা ৰাতি হাতীৰ চিঞৰ শুনা গ’ল; খবৰ কৰি জানিলোঁ,মতিলাল নামেৰে দন্তাল এটাক খুচি খুচি এমাইলমানলৈ খেদি নিছে—তাৰ চিঞৰ সিমান দূৰৈৰপৰা শুনা গৈছিল।

 চাহাবে বিবুধি হৈ মৰণত শৰণ দি দৌৰি গৈ এগুলী মাৰিলে;গুলী খাই হাতীক এৰি চাহাবক খেদিলত লৰত হাতৰ বন্দুক উফৰি গ’ল, পৰি-হৰি, কাপোৰ-কানি ফাটি-ছিৰি কোনোমতে কেম্প ওলালহি, গণেশক আৰু বিচাৰিও পোৱা নগল।

 বাঘ সেই যাত্ৰাত বিচাৰি উলিয়াইছিলোঁ ১১টা, কিন্তু দুখৰ বিষয়,মৰা পৰিল মুঠেই চাৰিটা। তাৰে এটা পৰিল লৰ্ড ষ্টেফৰ্ডৰ ভাগত,এটা পৰিল ছাৰ হেনৰী টিছবৰ্ণৰ ভাগত, এটা পৰিল গৌৰী-পুৰৰ ৰজা শ্ৰীযুত প্ৰভাতচন্দ্ৰ বৰুৱাৰ ভাগত আৰু এটা পৰিল মোৰ ভাগত। ন-চিকাৰী বুলি মোৰো মান ৰক্ষা হ’ল; কিন্তু সেয়ে ৰজাৰ অনুগ্ৰহত, কাৰণ, ৰজাই বন্দুক টোঁৱায়ো মোকেই মাৰিবলৈ দিলে। তেখেতে বন্দুক টোঁৱালে মৃত্যু সুনিশ্চিত বুলি ধৰিবই লাগিব, কিন্তু অভ্যাগতক সুবিধা দিয়া তেওঁৰ প্ৰকৃতি আৰু চিকাৰৰো নিয়ম।

 বন্দুক নমাই কলে, “তুমিয়েই মাৰা।” কোৱা মাত্ৰেই মাৰিলোঁ গুলী বুকু চাই। ৰজাই সুধিলে, “লাগিলনে?” উত্তৰ কৰিলোঁ,“লগা যেন পালোঁ, কিন্তু লাগিল নে নাই সঠিককৈ কব নোৱাৰিলোঁ৷” ৰজাই হাঁহি মাৰি কলে, “Hard luck” অৰ্থাৎ দুৰ্কপাল। ইমান