চিকাৰ কাহিনী/মোৰ চিকাৰ আৰম্ভ

[  ]

মোৰ চিকাৰ আৰম্ভ

 মোৰ মাজিউজনা ককাইদেউ স্বৰ্গীয় নবীনৰাম ফুকন বিখ্যাত চিকাৰী আছিল।

 তেতিয়াৰ দিনত পৰীক্ষা দি উপাধি লোৱাৰ ধাউতি নাছিল আৰু সেইবাবেই তেওঁ এণ্ট্ৰেন্স দিবলৈ নহল। কিন্তু আচল লিখা-পঢ়৷ হিচাপে, বিশেষতঃ ইংৰাজীত, তেওঁ বিশিষ্ট পণ্ডিত আছিল বুলিলে দঢ়াই কোৱা নহয়।

 দেউতা ভাল চিকাৰী আছিল; কিন্তু কেৱল চিকাৰতেই মনোনিবেশ কৰা নাছিল। সাহিত্য আৰু সঙ্গীত-চৰ্চা, ধৰ্ম, শিক্ষা-বিস্তাৰ,সমাজ-সংস্কাৰ, হাতী-ম'হ ধৰা, শিল্প-বাণিজ্যৰ উন্নতি সাধন ইত্যাদি কাৰ্যত ব্যাপৃত আছিল, কিন্তু ৺নবীন দাদাই সৰুৰেপৰা চিকাৰতেই মন দিছিল, তেতিয়া টকাৰ অভাৱ নাই, আন কামো নথকাত সময়ৰ অভাৱো নাছিল, হাতী ২০।২৫ টা নিজৰেই আছিল, টকা থাকিলে নিবিচৰাকৈয়ে লগ পোৱা যায়। সৰ্বোপৰি কামৰূপৰ সমান চিকাৰৰ ঠাই ভাৰতত নাই বুলি দঢ়াই কব পাৰি। গতিকে অবাধ গতিৰ চিকাৰী হিচাপে নবীন দাদাৰ চিকাৰত খ্যাতি চন্দ্ৰকলাৰ পোহৰৰ দৰে দিনে দিনে বাঢ়ি যাবলৈ ধৰিলে। কোচবেহাৰৰ মহাৰাজাকে আদি কৰি খ্যাতনামা চিকাৰীয়েও দাদাৰ লগ লৈছিল।স্থানীয় ইংৰাজ কৰ্মচাৰীসকলৰো চিকাৰ শিক্ষাৰ ভাৰ দাদাৰ ওপৰতেই আছিল। নিজৰ চখ, আৰু সুবিধাৰ কাৰণে বহুতো কছাৰী, মিকিৰ আদি অনুন্নত সম্প্ৰদায়ৰ লোকক শিক্ষা দি ভাল চিকাৰী কৰি লৈছিল। তেতিয়াৰ দিনত সৰু-ডাঙৰ চিকাৰৰ অভাৱ নাছিল।চিকাৰলৈ যোৱাত শ‍ই শই হাঁহ মৰা, কুৰি-ডেৰকুৰি [  ] পহু মৰা দেখা লোক এতিয়াও বহুতো আছে, মই নিজেও দেখিছোঁ।

 চিকাৰৰ ভিতৰতেই দলপুঙা (snipe) মৰা বৰ টান, বিশেষ ৰকমৰ শিক্ষা আৰু অভ্যাস নহলে হাতী-বাঘ মৰা চিকাৰীয়েও সেই চৰাই মাৰিব নোৱাৰে; সেই চৰাই দেখা নাযায়, দল আৰু পানী থকা ঠাইত লুকাই থাকে,—ওচৰ চাপিলে ঘপ কৰে উৰি যায়। আৰু উৰোতে অকাই-পকাই উৰে—বন্দুক টোঁৱাই মানে নেদেখা হয়। তাতো তেওঁৰ বিশেষ সুখ্যাতি আছিল। সাধাৰণ ভাল চিকাৰীয়ে শতকৰা ৩০ৰ পৰা ৫০ লৈকে মাৰে, কিন্তু দাদাই শতকৰা ৫০।৭০ লৈকে মাৰা দেখিছোঁ।

 আমি স্কুলত পঢ়া দিনত চিকাৰলৈ মন মেলাৰ অলপো সুবিধা বা সুযোগ পোৱা নাছিলোঁ৷ স্বৰ্গীয় দেবেন্দ্ৰৰাম মোৰ ভতিজা,সমনীয়া সহপাঠী আৰু এখন্তেকো নেৰা লগ। এদিন বুদ্ধি আলচি আন এজন ল'ৰাৰ লগ লৈ দাদ৷ ঘৰত নথকাত মনে মনে কাৰোবাৰ এটা বন্দুক যোগাৰ কৰি চৰাই মাৰিবলৈ ওলালোঁ। মই এটা কোকলোঙ চৰাই মাৰিলোঁ। মোৰ আনন্দৰ সীমা নাই, চেষ্টা কৰিলে ময়ো দাদাৰ দৰে চিকাৰী হব পাৰিম—এই ভাব স্পষ্টকৈ অন্তৰত ফুটি ওলাল। আৰু এদিন যোৱাৰ সংকল্প কৰি ঘৰলৈ উভতিলোঁ। বাটতে মথুৰা নামেৰে লগুৱা এজনে পালে আৰু ধৰি নিবলৈ পঠিওৱা বুলি কলে। শংকিত চিত্তেৰে উপস্থিত হলোঁ;বিশেষ সোধ-পোছ নকৰি কাণ মলি দি আগলৈ তেনে কাম নকৰিবলৈ কলে। শাস্তি সামান্য হলেও অন্তৰত আঘাত লাগিছিল; তেতিয়াই প্ৰতিজ্ঞা কৰিলোঁ, আৰু বন্দুক নোচোওঁ।

 সেই প্ৰতিজ্ঞা ৰক্ষা কৰিছিলোঁ অন্ততঃ ১৫ বছৰলৈ—দাদাই বিশেষ অনুৰোধ কৰি হাতত বন্দুক তুলি নিদিয়ালৈকে। সি অৱশ্যে বিলাতৰপৰা উভতি অহাৰ পিচত।

 এইবিলাক নানা কাৰণে চিকাৰ কৰাৰ সুবিধা তেতিয়া নাপালোঁ৷ বিলাতৰপৰা ১৯০৫ চনত উলটি অহাৰপৰাহে কিছু [  ] অসুবিধা আঁতৰিল। কিন্তু তেতিয়াও দাদাই অকলে চিকাৰলৈ যাব নিদিছিল।

 ভাল চিকাৰীৰ লগত থাকিলে চিকাৰৰ বিষয়ে বহুতো শিকিব পাৰি, কিন্তু নিজে চিকাৰ কৰাৰ সুযোগ নঘটে। মোৰো সেয়েই হ'ল। দাদাৰ লগত ফুৰি চিকাৰ সম্বন্ধে জানিলোঁ বহুতো; কিন্তু ভাল চিকাৰী হোৱাৰ সুযোগ তিমান নহল আৰু যি অলপ চিকাৰীৰ গৰ্ব সি জোঁৰৰ আগত বন্তিৰ পোহৰৰ দৰে নিষ্প্ৰভ হৈ ৰ'ল।

 পহু মৰাত বিশেষ উৎসাহ দিলেও বাঘ মৰাত দাদাৰপৰা বিশেষ উৎসাহ পোৱা নাছিলোঁ। তেওঁ নিজেও সাৱধান চিকাৰী আছিল, আনকো আৰু বিশেষতঃ মোৰ প্ৰতি অত্যধিক স্নেহ থকাৰ কাৰণে মোকো অতি সাৱধানে চিকাৰ কৰাৰ ব্যৱস্থা দিছিল। মনত আছে, এদিনৰ কথা। নগাঁৱত বৰ বানপানী; দাদা তেতিয়া তাতেই, ময়ো গৈ লগতে কিছুদিন আছোঁ। পহু মৰাৰ অন্ত নাই।কোবায়েই মাৰে অলেখ। ইয়ে সিয়ে বাঘো দুটা-চাইটা মাৰিছে।বাঘ মৰাৰ ইচ্ছা মোৰ অতি প্ৰবল, কিন্তু তাতোকৈ প্ৰবল দাদাৰ অতি প্ৰিয় লগুৱা শ্ৰীমান দেউকী মাউতৰ। দিন নাই, ৰাতি নাই, কৈ থাকে,—“চাহাবে বাঘ মাৰিলে, আপুনি বাঘ নামাৰে। চাৰিওপিনে ইমান বাঘ, তেও নাযায়। এদিন ওলাওক।” ইত্যাদি ইত্যাদি।

 দিনৰ পিচত দিন যায়, কিন্তু যোৱাৰ উপায় নোলায়,মোৰ ভাগ্যত বাঘ মৰা নঘটে। এনেতে এদিন শ্ৰীযুত নবীনচন্দ্ৰ হাজৰিকাই সন্ধ্যা সময়ত আমাৰ বাহালৈ আহি কথা-প্ৰসঙ্গত মোক কলে, “আজি পহু চিকাৰলৈ যাওঁতে এজনী ভয়ঙ্কৰ, বাঘিনী লগ পাইছিলোঁ৷” কিয় নামাৰিলে বুলি সোধাত কলে, “আও! মুৰ্তি দেখিয়েই চুলিৰ আগে জীৱ গ’ল, কি মাৰিবা! তাৰ উপৰি লগত পোৱালি আছে, কি সাধ্যে জোকাবা।” মই কলো, “আপোনাৰ হাতীটো দিয়ে যদি ময়েই গলোঁহেতেন।” লাগিলে তেওঁৰ হাতীটো দিয়াত সন্মত হ’ল; কিন্তু এটা হাতীৰে সেইজনী বাঘ মৰাৰ চেষ্টা [  ] কৰা কোনোমতেই উচিত নহব বুলি কলে। দাদাৰ আগত কোৱাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ। নিৰুৎসাহ নকৰি এটা হাতীৰে যোৱা অসঙ্গত হব—হাজৰিকাৰ এই মত সমৰ্থন কৰি আৰু হাতী বিচাৰি দিম বুলি আশ্বাস দি উদাসীনভাৱে কাছাৰীলৈ ওলাই গ'ল।মনটো বেয়া লাগিল; বাঘৰ কথা শুনিবৰেপৰা দেউকীৰ গাত তৎ নাই। “বৰদেউতাইতো যাবলৈ হাক দিয়া নাই, যোৱাই ভাল আৰু গলেই পাব। চাহাবে মাৰিব পাৰে আৰু আপুনি নোৱাৰিব, এই কথা মই কোনোমতেই বিশ্বাস কৰিব নোৱাৰোঁ।”

 “বাৰু যাচোন, হাজৰিকাক হাতীৰ কথা কগৈ; দিয়ে যদি হাতী সোনকালে পঠিয়াই দিব কবি।” কোৱা মাত্ৰেই সি লৰ মাৰিলে আৰু লগতে হাতীটো লৈয়েই আহিল। সেইবেলি বানপানীৰ প্ৰবল প্ৰভাৱ। দুমাইলমান পানীয়ে পানীয়ে নগলে চিকাৰৰ ঠাই পোৱা টান; কেৱল হাতীৰে যোৱা টান—গাদী ভিজে।দেউকীয়ে নাও এখন আৰু বাইচা নিমিষতে ঠিক কৰিলে।

 লৰালৰিকৈ ভাত খাই নাৱত গাদী দি ময়ো নাৱতেই উঠি যাত্ৰা কৰিলোঁ। হাতী দুমাইলমান পানীৰেই গ'ল। দাদাক কিন্তু এই বিষয়ে একো জনোৱা নহল। গৈ গৈ এডোখৰ ওখ ঠাই পালোঁ। তাত নাও লগাই দি, গাদী কচি হাতীত উঠি বাঘ বিচৰা আৰম্ভ কৰিলোঁ৷ মাউতে লগ পোৱা ঠাইমুখে লাহে লাহে গলোঁ।য'ত ম'হ মাৰিছিল আৰু য'ত হাজৰিকাই লগ পাইছিল, সেই ঠাইত গৈ দেখোঁ, ম’হ খোৱা চিন আছে, সৰহভাগ খাইছে; অলপ হাড়-ছালহে আছে, ঠাই মুকলি কৰিছে, কিন্তু বাঘ তাত নাই।

 তাতেই পাম বুলি কৈছিল আৰু ময়ো ভাবিছিলোঁ; কিন্তু নেদেখি মন বেয়া লাগি গ'ল। তথাপি ক্ষীণ আশা বুকুত বান্ধি হাতী আগুৱাবলৈ কলোঁ। কিছুদূৰ গৈ হাবি লৰোৱা গম পালোঁ।অতি সাৱধানে গৈ লৰোৱা ঠাইৰ হাবিৰ ভিতৰেদি এটা জন্তুৰ ৰঙচুৱা এডোখৰ দেখিলোঁ।

[  ]  বুকুৰ ধপ্ ধপনিত বাঘ পলোৱা যেন লাগিল। জুমি জুমি চাই একো ঠিক কৰিব নোৱাৰিও পলোৱাৰ আশংকাত মাৰিলোঁ গুলী।গুলী খায়েই সি ধেৰমেৰাই বাগৰি পৰিল। আধামৰা বাঘে ধৰিবহি, এই ভয়ত অতি সাৱধানে হাতী চলাই দেখোঁ যে এটা ডাঙৰ শিঙাল পহু—এটি গুলীতে প্ৰাণত্যাগ কৰি পৰি আছে।সাধাৰণতে তেনে এটা পহু পালে ভাল লাগিলহেঁতেন; কিন্তু সেই অৱস্থাত অৰ্থাৎ বাঘ বিচাৰি গৈ পহু মৰাত বেজাৰহে লাগিল।গুলীৰ শব্দত বাঘ নিশ্চয় পলাল, এই ভাবিয়েই বিশেষ বেয়া লাগিল। পহু বুলি জনা হলে কেতিয়াও নামাৰিলোঁহেতেন।মন্দভাগ্য বুলি ধৰি লৈ য'ৰে পহু ত’তেই এৰি পুনৰ নাৱত গাদী তুলি ময়ো নাৱতে উঠি হাতী লগে লগে নিবলৈ কৈ আকৌ আগবাঢ়িলোঁ। গৈ আছোঁ, গৈ আছোঁ। পোৱামাইলমান এইদৰে যোৱাৰ পিচত ওচৰৰ এডোখৰ ওখ হাবিত বাঘৰ গোজৰণি শুনিলোঁ। ততালিকে গাদী কচাই আকৌ হাতীত উঠিলো।ভালদৰে কাণ পাতিলে কিজানি ১।২ মাইলমান দূৰৈৰপৰাই বুকুৰ ধপ্ ধপনি শুনা গ'লহেঁতেন, যদিও সেইটো মোৰহে মনৰ ধাৰণা।আৰু কিছুদূৰ যোৱাত হাবি লৰোৱা দেখিলোঁ; লৰোৱালৈ চাই অনুমান কৰিলোঁ বাঘেই বুলি; কাৰণ বাঘ হাবিৰে গলে, হাবি অলপ দীঘলীয়াভাৱে লৰে। যি হক, অলপ আগবাঢ়োতেই দেখিলোঁ এটা বাঘ লৰ মৰা; কিন্তু অনুমান হ'ল সেইটো পোৱালি, কাৰণ,আকাৰত সৰু। সেইটোৱে ম'হ মৰা অসম্ভৱ। মনে মনে থাকিলোঁ,গুলী নামাৰিলোঁ৷ চাওঁতে চাওঁতে আৰু এটা পোৱালি লৰ মাৰিলে; কিন্তু পোৱালিটো মাউতৰো চকুত পৰিল। তাক মই দঢ়াই দঢ়াই কৈছিলোঁ, বাঘ দেখিলে মাত নিদিবলৈ আৰু কৈছিলোঁ—“যদি আগেয়ে তোৰ চকুত পৰে, গাত খুচি বাঘৰ পিনে আঙুলিয়াই দেখুৱাই দিবি, কিন্তু মুখেৰে একো নকবি।” সকলো পাহৰি চিঞৰ মাৰাৰ ফলত যি দেখিলোঁ তাৰ চিত্ৰ আজিও স্পষ্টকৈ [  ] মনত আছে। ব্যাঘ্ৰমূৰ্তি কাক বোলে সেইদিনা সেই মুহূৰ্ততেই উপলব্ধি কৰিলোঁ। কাণ দুখন ডিঙিত লগাকৈ সোঁ সোঁৱাই দাঁত নিকটাই হাও হাও কৰি কাঁড়বেগে খেদি আহি হাতীৰ ওপৰলৈ জাপ মাৰিলে। বন্দুক টোঁৱাবৰ সময়ো নাই, সুবিধাও নাই,বাঘলৈ চাই মাৰিলোঁ গুলী। বাঘ আহি হাতী নাপালে, হাবি ভাঙি থকালৈ যোৱা দেখিলোঁ। বেগাই হাতী চলাবলৈ কলোঁ। অনুমান হ'ল গুলী লাগিল; কাৰণ, নলগা হলে সেই জাপতে হাতীৰ মূৰ নিশ্চয় পালেহেঁতেন। “মাৰ মাৰ” বুলি মাউতক খুচি হাতী বেগাই চলোৱালোঁ।
 হঠাৎ ওখৰপৰা হাতীটে৷ হুৰুম্ কৰে পানীত পৰিল। পানী গাদীৰ সমানলৈ আহিল। বাঘিনী উভতি আমাৰ পিনে আহিব ধৰিলে। গুলী খোৱা বাঘে পানীত ইমান বেগেৰে সাঁতুৰি আহিব পাৰে বুলি মোৰ অনুমানেই নাছিল। নেদেখা মানুহক বুজাই কোৱা আজি সম্ভৱ নহয়। পানী আৰু অলপীয়া হাবি দুফাল কৰি মুখ মেলা, দাঁত ওলোৱা বাঘৰ প্ৰকাণ্ড মূৰ এটা কাঁড় অহাৰ দৰে অহা দেখিলোঁ। পানী তেজেৰে ৰাঙলী হৈছে; কিন্তু বেগ কমা নাই। এটা গুলী মাৰিছোঁ, আনটো গুলী সুমাবৰ সময় পোৱা নাই। মনৰ ভাব, যদিহে সিওটো মাৰোঁ আৰু উখামুখিত কেনেবাকৈ যদি নালাগে, তেন্তে বাঘ আহি পাব আৰু হাতীত উঠি দুটাৰ এটাক নিশ্চয় বধিব আৰু সম্ভৱতঃ দুয়োৰো প্ৰাণ যাব। ইফালে মাউতৰ চিঞৰ-বাখৰ হাওৰণিতকৈও ছাৰ—“মাৰ মাৰ, খালে খালে।”
 বিপদৰ উপৰি বিপদ—হাতী হ'ল “বাওঁহাতে, বাঘ ৰ’ল সোঁহাতে। মনত পৰিল গ্ৰাহগ্ৰস্ত গজেন্দ্ৰৰ উক্তি—“জানিলোঁহো বন্দী হৈলোঁ বিধিৰ পাশে।” মাউতৰ আকুল মিনতি উপেক্ষা কৰি,মৃত্যুক উপেক্ষা কৰি, বাওঁহাতে বন্দুক লৈ সোঁহাতে লিপলিপিত আঙুলি দি যমোপমা বাঘিনীৰ আক্ৰমণ প্ৰতীক্ষা কৰি ৰলোঁ। অনুমান হয়, সন্তানৰ অনিষ্ট আশঙ্কাত ক্ৰোধান্বিতা ক্ষতোন্মত্তা ব্যাঘ্ৰ[  ] জননীৰ আৰু আত্মাভিমানী শস্ত্ৰপাণি চিকাৰীৰ মৃত্যুবাহিনীৰ যুদ্ধৰ কলা চাবৰ কাৰণে গজৰাজ হস্তীয়ে নিশ্চল হৈ ৰৈ আছে। বন্দুকৰ নলত কামোৰ মাৰি ধৰিবৰ উপক্ৰম কৰোঁতেই আঙুলি টানিলোঁ,সশব্দে বন্দুক ছুটিল—মুখৰ ভিতৰেদি গুলী গ'ল। বাঘিনী নিমিষতে পানীত তল গ'ল।
 বন্দুকত আকৌ গুলী ভৰাই বাঘ ডুব মৰা ঠাইলৈ লক্ষ্য কৰি চাই থাকিলোঁ—ওলোৱা মাত্ৰকে মাৰিম। কিন্তু ১০।১৫ মিনিট বাট চোৱাতো হঠিল যেতিয়া তেওঁৰ পিনে হৈছে বুলি ধৰি ললোঁ। নাৱৰ মানুহক পানীত নামি বাঘ উলিয়াবলৈ কোৱাত সিহঁত অমান্তি হ’ল। “আমাক কাটিলেও নোৱাৰোঁ।” বুলি জবাব দিলে। নিৰুপায় হৈ নিজেই পানীত নামিলো। পানী ৬।৭ হাতমান দ’ হব। ডুব মাৰি হাতেৰে ইফালে-সিফালে চাওঁতে গাত হাত লাগিল,গা শিঞৰি উঠিল, “কি জানি কি কৰে” এই অজান ভয়ে উশাহ চুটি কৰিলে। এৰি থৈ ওপৰলৈ আহিলোঁ। মন ডাঠ কৰি আকৌ ডুব মাৰিলোঁ। নেগুৰডাল পাই খপ কৰে ধৰি ওপৰ ওলালোঁ। নাৱৰ মানুহক ধৰিবলৈ কলোঁ। সিহঁতে ধৰো নধৰোঁকৈ ধৰি থাকিল, ময়ো নাৱত উঠিলোঁ। একেলগে বল দি কোনোমতে নাৱত তুলিলোঁ। হাবিত যিমান সৰু দেখিছিলো তাৰ দুগুণ হব। আনন্দত হিয়৷ নধৰা হ'ল। তেতিয়া আকৌ মাৰি যোৱা পহুৰ কথা মনত পৰিল। গাদী খহাই যোৱাৰ উপক্ৰম কৰোঁতেই লগত থকা পোৱালি দুটাই দেখা দিলে। নাৱৰীয়াকেইজনে উৎসাহতে পোৱালি দুটা ধৰাৰ প্ৰস্তাৱ কৰিলে। মই যদিও ধৰা টান হব বুলি কলোঁ, কাৰ্যত হকা-বধা নকৰিলোঁ। হাতীৰে খেদি নি একঁকালমান পানীলৈ আনিলোঁ। চাৰিজন নাৱৰীয়াই বেঢ়ি লৈ ধৰিবলৈ হাত মেলোতেই দাঁত নিকটাই সেহাই মানুহ কামুৰিবলৈ খেদি গ'ল।
 বপুৰীহঁতে পোৱালি ইমান ডাঙৰ আৰু মানুহক খেদিব পৰা হৈছে বুলি ভবা নাছিল। ভয়ত চিঞৰিবলৈ ধৰিলে। গুলী [  ] মাৰিবলৈকো মানুহৰ গাত লাগে বুলি আশঙ্কা হয়। হাতীৰ তলেৰে ইফালে সৰকি আহিবলৈ কলোঁ। পেটৰ তলেৰে সাউৎ কৰি পাৰ হওঁতেই এটাক আছুৰি এবখলা এৰুৱাই নিলে। বাকী তিনিটা কোনো প্ৰকাৰে সাৰিল। গুলীয়াই দুয়োটাকে সহজে মৰা হ'ল। তিনিটা বাঘ, এটা শিঙাল পহু লৈ জিলা পালোহি। নগাঁও চহৰ খলক লাগি গ'ল। তিনি ঘণ্টাৰ ভিতৰতেই শেষ কৰি উভতি আহিলোঁ। মই যে অলপ সময়তে ইমান ডাঙৰ কাম এটা কৰিলোঁ সেইবাবে বিশেষকৈ মোক উৎসাহিত নকৰি গুলী মাৰোঁতে মুখত মাৰি দাঁত এপাৰি কিয় নষ্ট কৰিলোঁ তাৰবাবেইহে দাদাই ধৰাত হাঁহি উঠিল। মনত পৰিল এফাঁকি ফকৰা—“কোনো মৰে হাড়ে হাড়ে কোনো মৰে মঙহৰ ভাৰে।” মই যে মৰণত শৰণ লৈ কিদৰে এই মহৎ কাৰ্য সাধিলোঁ তাৰ উল্লেখ নাই, কিদৰে মাৰা উচিত আছিল, তাৰেইহে সমালোচনা। ডাঙৰে সৰুৰ সুখৰ দুখৰ কথা নুবুজে—ইয়াকে সাব্যস্ত কৰি পহু-বাঘ কটা চিন্তাত মন দিলোঁ। এইদৰে লাহে লাহে আমিও দাদাৰ পদানুসৰণ কৰি চলিবৰ চেষ্টাত থাকিলোঁ।
 চিকাৰ কৰোঁতে কৰোঁতে ৬০ পাৰ হয়; কিন্তু এতিয়াও কবি বাক্যৰ সাৰ্থকতা মানো—“মৃগয়ামিদৃকঃ বিনোদঃ কুতঃ।”

 আজিও মৃগয়া আনন্দৰে অসীম আধাৰ।