পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
চিকাৰ কাহিনী


আছে, কিন্তু অতি নিৰ্মল, ফট্‌ফটীয়া। জাল পেলাই থলে মাছ জাল দেখি নাহে। সেই কাৰণে কেজনমানে জাল পাতে আৰু কিছুমানে অলপ দূৰৰপৰা মাছ খেদি আনে। জালৰ ওপৰেদি লৰ মাৰি যাব ধৰোঁতেই জাল তুলিলে কিছু মাছ ৰৈ যায়। পোৱা মাছৰ ভিতৰত চেনিপুঠি মাছকেই সৰহ দেখিলোঁ। আমাৰ মুখলৈ চাই মাছ খোজাৰ আগ্ৰহ স্পষ্ট বিদ্যমান দেখি ইচ্ছাই অনিচ্ছাই সিহঁতে আমাকো কিছুমান নিদি নোৱাৰিলে। ব্ৰহ্মপুত্ৰৰ পাৰতে মোৰ বসতি, জাতিত ব্ৰাহ্মণ হৈয়ো মাছমৰীয়া বুলি মোৰ অলপ কুখ্যাতিও আছে, কিন্তু সেইদিনা ওখ পৰ্বতৰ টিঙত মাছ ধৰা দেখি আৰু খাবলৈ পাই কিমান যে সন্তোষ পালোঁ তাক প্ৰকাশ কৰা টান।
 গাৰোৰ প্ৰধান খাদ্য ভাত আৰু প্ৰধান আঞ্জা শুকান মাছ। শুকান মাছ হাটৰপৰা আনি সাঁচি থয় আৰু তাৰে কিছু মাছ গুৰি কৰি চুঙাত ভৰাই মাটিত পুতি থয়, তাকে “সিদল” বোলে আৰু সেয়েই গাৰোৰ সুৱদি আঞ্জা।
 উত্তম কচু-কোমোৰা যথেষ্ট পৰিমাণে পায় আৰু সেইবিলাককে বেচি হাত খৰচ উলিয়ায়। কিন্তু কপাহেই গাৰোৰ প্ৰধান খেতি। খোৱাৰ বাবে সিহঁতে ধানৰ খেতিও কিছু পৰিমাণে কৰে। সেই ধানেৰে সিহঁতক নোজোৰে। ধানখেতিৰ বিশেষত্ব হৈছে ধান নাকাটি থোকবোৰ হাতেৰে চুচি গুটি ধান সংগ্ৰহ কৰা।
 কপাহ নি হাটত বেচে আৰু সেই কপাহ হয় দালালে কিনে,নহয় বেইলি ব্ৰাদাৰ্ছৰ মানুহে লয়। কপাহ সৰু সৰু খাঙত তুলি আনি এখন চাঙত জমা কৰে; তাৰেপৰা এমোন ডেৰমোনকৈ ডাঙৰ খাঙত ভৰাই কঢ়িয়াই ওচৰ হলে হাটলৈ নিয়ে। হাট দুৰৈ হলে নৈৰ ওচৰলৈ নি বাঁহৰ ভুৰ সাজি তাৰেই হাটলৈ নিয়ে। দুই তিনি দিনৰ বাটলৈকে এইদৰে নিয়ে। ভুৰ উজাই নিবৰ হলে এজনে জৰী লগাই টানে। আৰু এজনে পাছৰপৰা এডাল চৰিবাৰিৰে ঠেলে।
 এখন গাৱঁৰ মানুহ এটা ডাঙৰ ওখ টিলাত ঘৰ বান্ধি থাকে আৰু