পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
চিকাৰ কাহিনী


খেদি আহে মানে অন্ততঃ দুই গুলী মাৰিব পাৰিম। কৰ্ডাইট ৰাইফলৰ দুটা গুলী ভালদৰে বহাব পাৰিলে পুনৰ গুলী ভৰোৱাৰ আগতে সি মোক খেদি ধৰিব নোৱাৰিব; এই বিশ্বাস মোৰ মনত অটুট আছিল। কিন্তু মোৰ অনুনয়-বিনয় এনেয়ে গ’ল। “হাতী বহালেই হেঁচ৷ মাৰি ধৰিবহি” ইয়াকে কৈ হাতী ঘূৰাবৰ উপক্ৰম কৰা দেখি কিংকৰ্তব্যবিমূঢ় হৈ আশা-নিৰাশাৰ সন্ধিস্থলত মুহূৰ্তকাল থাকি কুমলৈ চাই গুলী চলালোঁ। গুলী লাগিল নিশ্চয় জানিলোঁ,কাৰণ, টোল কৰিবৰ ইমান সময় আৰু সুযোগ পাইছিলো যে হাত নকপিলে গুলী নালাগি নোৱাৰে। তদুপৰি গুলী নলগাহেঁতেন ই আমাক নিশ্চয় খেদিলেহেঁতেন। গুলী খায়েই উফাল মাৰি বাওঁফালে ঘূৰিল, ঘূৰোতেই জ্যোৎস্নাই পিঠিত এক গুলী মাৰিলে,ময়ো আৰু এক গুলী মাৰিলো। নিমিষতে এই কাণ্ড ঘটি গ’ল। হাতী ঠাইতে নপৰা দেখি ক্ষোভে ধিক্কাৰে, খঙে-ৰাগে অস্থিৰ হলো; সেই অৱস্থাতে খন্তেক ৰৈ আকৌ দণ্ডি ধৰি বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। কিছুদূৰ বিচৰাৰ পিচত ওখ বনত তেজৰ চিন পালোঁ। আশাৰ ক্ষীণ প্ৰদীপ ধিমিক্‌কৈ আকৌ জ্বলি উঠিল। “চলা চলা”কৈ মাউতক খুচিবলৈ ধৰিলোঁ। ঘূৰি-পকি আমাৰ কেম্পৰ পিনে যোৱাৰ চিন পালোঁ। কেম্পৰপৰা দুমাইলমান দূৰৈত প্ৰথমে গজেন্দ্ৰৰ লগত সাক্ষাৎ হয়। কেম্পৰপৰ৷ আধামাইলমান দূৰৈত আকৌ দুট৷ গুলীৰ শব্দ শুনিলোঁ। তেতিয়া গাত তৎ নাই। “চলা চলা, সৌৱা গ'ল গ'ল” ইত্যাদি শব্দেৰে সুপ্ত বনস্থলীক সজাগকৈ তুলিলোঁ। ৫টা হাতীৰ বাঁহ ভঙা শব্দৰ ধ্বনি-প্ৰতিধ্বনিয়ে দশোদিশ মুখৰিত কৰি তুলিলে। হঠাতে আকৌ নিস্তব্ধ। মৃত্যুক উপেক্ষা কৰি সমুখ সমৰত প্ৰাণ দিবলৈ সাজু হৈ যু’জ দিবৰ মনেৰে গজেন্দ্ৰই ঘুৰি মোৰ পিনে আগবাঢ়িল। ১০ হাত অন্তৰতে পাই কপালত ৰক্ত-চন্দনৰ বজ্ৰললাটিকা পিন্ধাই দিয়া হ'ল; তেওঁ সগৌৰৱে আঠু ললে; ময়ে৷ সসম্ভ্ৰমে অগ্নিবাণ নিক্ষেপ কৰি মৃত্যুমঙ্গল আচৰণ কৰিলোঁ।