পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
চিকাৰ কাহিনী


দুয়োৰো কাৰণে দুটা “চোল্‌দাৰী” বা সৰু টম্বু। বাকীবোৰ মানুহৰ কাৰণে ত্ৰিপাল লোৱা হল। আমি হাতীত উঠিলোঁ; সৰহভাগ মানুহ খোজকাঢ়ি গ'ল। প্ৰথমদিনা গধূলি ৫॥ মান বজাত ফোটা-মাটি নামে এখন ঠাইত ধুৰা পেলালোঁ অৰ্থাৎ কেম্প কৰিলোঁ। এজন ফান্দীয়ে নামিয়েই এঘটি পানী আনিলে আৰু পানী ছটিয়াই জুই ধৰিলে। তাৰ পিচতহে বস্তুবোৰ নমোৱা হল। ধুৰা পেলালেই এই নিয়ম ৰক্ষা কৰা দেখা যায়, স্থান-সংস্কাৰ আৰু অপদেৱতা দূৰ কৰাৰ কাৰণেই এই অনুষ্ঠান বুলি সোধাত কলে।বস্তুবোৰ নমাই দিয়েই শুকান খৰি গোটাবলৈ হাতী যায় আৰু খন্তেকতে পৰ্বত প্ৰমাণ শুকান কাঠ আনি দুট৷ ধুনি জ্বলোৱা হয়, এটা আমাৰ আৰু আনটো আনবিলাকৰ। সেই সময়ত জাৰো অতিপাত আৰু বনৰীয়া হাতীৰো ভয়; ওৰেও নিশা জুই ধৰি ৰখীয়া থাকিব লাগে। ‘ফোটা-মাটি'—ভৈয়ামত; তাতে সপ্তাহত এবাৰকৈ হাট বহে। গাৰো হাটত আলু, কচু, শুকান মাছ, মণিয়াৰী আৰু কপাহ ওলায়।
 আমি ঘূৰি-পকি যিমান দূৰ দেখিলোঁ তাত গাৰো পৰ্বত বুলিলে গাৰো আৰু হাতীত বাজে আন জীৱ-জন্তু থকাৰ একো চিন বা প্ৰমাণ নাপালোঁ। পৰ্বতত হৰিণাপহু নাপালেও শৰ আৰু সুগৰী ধুৰুপ পাম বুলি ধৰি লৈছিলো, কিয়নো, হাতী ধৰিবলৈ যোৱা ফান্দীৰপৰা তাত পালে পালে পহুৰ কথা সৰুৰেপৰা ইমান শুনিছিলোঁ যে কম পক্ষেও দহ-বাৰ গণ্ডা মাৰিব পাৰিম তাত আমাৰ এখুদমানো সন্দেহ নাছিল। কিন্তু আচলতে কপৌ চৰাই এটিও বিচাৰি নাপাই কচু-কোমোৰাৰ বাবে গাৰোৰ অনুগ্ৰহপ্ৰাৰ্থী হবলগীয়া হ'ল। শুনা আৰু দেখাৰ ভিতৰত ইমান প্ৰভেদ।
 পৰ্বতৰ টিঙত কাছকণী বিচৰা আৰু জীয়া মাছ বিচৰা একেই কথা। কিন্তু হঠাতে এদিন দেখিলোঁ, কেম্পৰ দাঁতিৰ নৈখনত মাছ মাৰিবলৈ সৰু সৰু টনি-জাল লৈ গাৰো উপস্থিত; তম্বুৰপৰা ওলাই অতি আগ্ৰহেৰে আমিও ওচৰ চাপিলোঁ। পানী আঠুৱনীয়া, ধাৰো