পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
চিকাৰ কাহিনী

 কেইদিনমান পিচত ইঞ্জিনিয়াৰ চাহাবে আহি মোৰ লগত দেখা কৰিলে আৰু কলে যে ৰেল-জাহাজৰপৰা ওচৰ হোৱা ঠাই পালে ভাল হয়; ১০।১৫ মাইল দূৰৈ হলেও বাট উলিয়াই লব পাৰিব।

 লগত জনা-বুজা মানুহ দিলোঁ। তেওঁ লোকজন লগত লৈ নিজে চাই-চিতি আলি-পদূলি বান্ধিলে আৰু ডাকঘৰ আৰু টেলিগ্ৰাফ অফিচ বহুৱালে।

 যিমানলৈকে পাৰে মটৰেৰে আৰু নোৱাৰা ঠাইত ঘোঁৰাৰে ডাক অনা-নিয়া কৰাৰ দিহা হ'ল। ডাক-বাকচো বহিল আৰু দিনত তিনিবাৰকৈ ডাক নিয়াৰ বন্দৱস্ত কৰা হ'ল। ন-কৈ জাহাজঘাটো কৰোৱা হ'ল আৰু বন্দৱস্ত কৰা হ’ল, কলিকতাৰপৰা মাছ,আঞ্জা-পাচলি, বৰফ আদি বস্তু নিতৌ অনাৰ।

 ওখ মুকলি ঠাই লোৱা হ'ল। মিউনিচিপেলিটীত লগোৱাৰ দৰে শাৰী শাৰীকৈ চাকি দিয়াৰ ব্যৱস্থা হ'ল; খেল-মাটি কৰা হ'ল, নলীনাদ বহুৱাই পানীৰ যোগাৰ কৰা হ'ল। থকা তম্বু ১৪ টা। তাৰ উপৰিও অলেখ তম্বু। তাৰ ভিতৰতে প্ৰধান হৈছে, বহা তম্বু,( ৰুম টেণ্ট )। খোৱা তম্বু ( ডাইনিং ৰুম টেণ্ট ), খেলাৰ তম্বু,( স্পোৰ্টিং ৰুম বা কলাৰ টেণ্ট ), খাৰ-বাৰুদ থোৱা তম্বু, বন্দুক থোৱা তম্বু, চাকৰ-বাকৰ থকা, ৰন্ধা-বঢ়া কৰা ইত্যাদি তম্বু আছেই। দুই-চাৰিটা খেৰৰ জুপুৰি ঘৰো সজা হৈছিল। এইবিলাক হোৱাৰ পিচত থাকিল হাতী আঢ়ৈকুৰিমান। লগতে আহিল ৰজাৰ খাচ চিকাৰী হাতাশু আৰু এজনৰ নাম পাহৰিলোঁ; ৰজাৰ লগত ফুৰি ফুৰি বুঢ়া হৈছে; কিন্তু উৎসাহ কমা নাই। ৰজাই তেওঁবিলাকৰ লগত কোচ-বিহাৰৰ কথিত ভাষাৰে কথা কয়। চিকাৰৰ আওভাও ৰজাতকৈও সিবিলাকে অলপ সৰহ জানে যেন লাগিল।

 হাতীৰ দুভাগ কৰা হয়। এভাগত হাউদা দিয়া হয় আৰু এভাগত কেৱল গাদী দিয়ে। হাউদাৰ হাতী প্ৰত্যেক চিকাৰীকে