পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
চিকাৰ কাহিনী


শুই থাকোতে লগ পাব।” খঙৰ উপৰি খং উঠিল, কলোঁ,“দেখুৱাই দিব নোৱাৰ যদি কিলাই হাড় ভাঙিম।” “পাৰিম দে,কিয় নৰিম? শুই থাকোতে লগ পাম।”

 তাৰ কথাত পূৰ্ণমাত্ৰাই অবিশ্বাস কৰিও মই হাতীত উঠিলোঁ। চাহ তৈয়াৰী আছে বুলি কলে, ডাব কাটি দিব খুজিলে, কিন্তু সকলোকে এৰি খবৰ দিয়া মানুহজনক হাতীত উঠিবলৈ কলোঁ,“মই হাতীত উঠিবা নৰং, ভয় লাগে!” তেন্তে হাতী কেনেকৈ দেখুৱাবি? “মই আগে আগে বুলি যাম দে।” হাতীয়ে যদি তোক খেদে আৰু মাৰে, তেন্তে কি হব? “দেখ্ লি দাউৰিম,তই পাৰাহ যদি মাৰ্বি।” মনত অবিশ্বাস লৈ, তাক আগত লৈ,আকৌ গলোঁ। বৰলীয়া নৈৰ কাণে কাণে গৈ থাকোঁতেই হাতী থকাৰ উমান পাই কুঁহিৰামে সেইফালে দেখুৱালে। আঙুলি পোনোৱাৰ ফালে চাই নৈৰ কাণতে দুট৷ হাতী থিয় দি থকা দেখিলোঁ। এটাৰ দেখিলোঁ দাঁত নাই, মাখুন্দী নে মখনা সঠিককৈ কব নোৱাৰাত গুলী মাৰিবলৈ নহল যদিও গুলী মাৰিলে মৰাৰ সম্ভাৱনা যথেষ্ট আছিল। আনটো পাছ দি আছিল; ৫।৬ মিনিট ভালদৰে চায়ো মখনা নে দঁতাল একো নিৰ্ণয় কৰিব নোৱাৰিলোঁ। ইপিনে দুপৰীয়াৰ ৰ’দত মুৰ ফাটি যোৱা যেন লাগিছিল, কুঁহিৰামক ছাতিটো মেলিবলৈ কলোঁ। সি ছাতিটো মেলা মাত্ৰেই হাতী লৰ মাৰিলে—চকুৰ পচাৰতে অন্তৰ্ধান হ'ল। বিচাৰি যাবৰ মনেৰে গৈ নৈ পাৰ হবৰ চেষ্টা কৰিলোঁ, বৰ গৰা, হাতী পাৰ কৰা অসম্ভৱ। পুনৰ কেম্পৰ ঘাটলৈ আহি সেইপিনেৰে পাৰ হৈ হাতী যোৱাৰ দিক্ অনুমান কৰি কৰি হাতী চলাবলৈ দিলোঁ। গৈ গৈ হাতী থকাৰ উমান পালোঁ। কিন্তু হাবি ওখ আৰু ঘন, গছ-গছনিৰে ভৰা, এহাত মানলৈও দেখা নাযাব। লাহে লাহে আগবাঢ়ি ওচৰ চাপিলোঁ। গছ লৰোৱা, কাণ মৰা, ধূলি লোৱাৰ শব্দ নিচেই ওচৰতে শুনো কিন্তু দেখা হলে নাপাওঁ। সেইদৰে আধাঘণ্টামান ৰ'লো; আগ-