পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
চিকাৰ কাহিনী


 বৃদ্ধ ভকতৰ আতিথ্য গ্ৰহণ কৰি শয়নৰ উদ্যোগ কৰোঁতেই খবৰ আহিল, পথাৰত আকৌ হাতী নামিছে । নিমিষতে পথাৰ পালোগৈ ; দেখিলোঁ, তিনিটা হাতীয়ে এঘৰৰ বাৰীত কল খাই আছে। টৰ্চ মাৰি চালোঁ, ডাঙৰ হাতী এটা আমাৰ পিনে পাছ দি থিয় দিছে। মতা নে মাইকী ঠিক কৰিব নোৱাৰিলোঁ ৷ গতিকেই মৰা নহল। অলপ পৰ থাকি লাহে লাহে গ'ল ৷ আকৌ বিচাৰি গলোঁ। ৰাতি এন্ধাৰ — ত্রয়োদশী হব পায় । লাহে লাহে গৈ আছোঁ, এনেতে গাৰ কাষৰ- পৰাই এট৷ হাতীয়ে জাজৰণি মাৰি খেদা মাৰিলে। পথাৰ মুকলি আছিল, লৰ মাৰি পলালোঁ ; কাৰণ, হাতীয়ে নিচেই ওচৰত আৰু আন্ধাৰত দেখা নাপায়। হাতী হাবিত সোমাল। আমি কথা- বতৰা পাতি শুলোঁ।

 হাতী আহিল ১০।১১ মান বজাত, যাওঁতে দুইমান বাজিল। ই পৰ্বত সি পৰ্বত বিচাৰি বিচাৰি সাঁজে-সন্ধ্যায় ঘৰলৈ উভতি আহিলোঁ। হাতীৰ বিশেষ সন্ধান নাপালোঁ।

 পিচদিনা পুৱ৷ ৭ মান বজাত মই আৰু বুঢ়াভকত দুয়ো যাত্ৰ৷ কৰিলোঁ ৷ বিচাৰি বিচাৰি ঠিক ন বজাত হাতীৰ শব্দ পালোঁ । অতি সাৱধানে মাত-বোল নকৰাকৈ গলোঁ ৷ কিছুদূৰ যোৱাৰ পিচত এটা দাঁতৰ মখনা হাতী এটা দেখিলোঁ। মাইকী নে মতা হঠাতে চিন ধৰিব নোৱাৰি ৷ ভালদৰে চাই চাই ঠিক পালোঁ, মখনা। বন্দুক তুলিলোঁ, নিচান কৰিলোঁ, কুমলৈ চাই গুলী মাৰিলোঁ ৷ লগা মাত্ৰকেই হাতীয়ে বাগৰ ললে। কাণ-মুৰ একণকে জোকৰা নেদেখিলোঁ। মুৰৰ লিপ্ লিপিডোকৰ কাটি লৈ ঘৰমুখে যাত্ৰা কৰিলোঁ ৷ দন্তাল নোপোৱাৰ দুখ মনতে ৰ'ল।

 কিছুদূৰ যোৱাৰ পিচত আমি থকা ঠাইৰ তলত আকৌ বাঁহ ভঙাৰ শব্দ পালোঁ ; গুলী ভৰাই বন্দুক ললোঁ ৷ সাৱধানে হাতী চলালোঁ ; অলপ পৰতে অতিকায় দন্তাল আহি উপস্থিত হ'ল । গজেন্দ্ৰগমনে আমাৰ পিনে আহিবলৈ ধৰিলে। হাতীটোৰ “ভাঠি” .