পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
চিকাৰ কাহিনী


নিজে ৰায় দিয়ে। কেম্পলৈ উভতি মুচিয়াৰে যি যি ৰাখিব লাগে তাৰ ব্যৱস্থা কৰে, অৱশ্যে মুচিয়াৰ ৰজাই লগতে আনে।

 কোনদিনা কি চিকাৰ কৰিব তাক আগতে থিৰ কৰা হয়। তাৰ বাহিৰে সেইদিনা আন চিকাৰ পালেও মাৰিব নোৱাৰে। ম'হ মৰা স্থিৰ হলে পহু মাৰিব নোৱাৰিব; কিন্তু বাঘ পালে মাৰিব পাৰিব; বাঘ মৰা স্থিৰ হলে ম'হ, পহু একো মাৰিব নোৱাৰিব। কেতিয়াবা আকৌ পহু মাৰিবলৈ অনুমতি দিয়া হয়। যি পোৱা তাকেই মৰাৰ ব্যৱস্থাও সময়ত হয়।

 এদিন দুদিন চিকাৰ বন্ধ কৰি ফুটবল আদি খেল খেলোৱা হয়।

 ৰজা অতি ধেমেলীয়া আৰু উদাৰ প্ৰকৃতিৰ লোক আছিল। ছুটীৰ দিনা নানা ৰকমৰ খেল উলিয়ায়। কিন্তু সেইদিনা—

“একস্য ক্ষণিকা প্ৰীতিঃ অৰ্ন্য়ৈ প্ৰাণে বিমুচ্যতে”
অৰ্থ্যাৎ কাৰোবা পৰমা প্ৰীতি কাৰো যায় প্ৰাণ।

 কোনোবাই ৰং পাই বঁটা-বকচিচ পায় আকৌ কোনোবাই পৰিহৰি গাৰ ছাল-বাকলি খেদাই নগুৰশাস্তি পায়।

 ঘোঁৰাৰ নেজৰ পিনে মুখ দি উঠি দৌৰাব লাগে ঘোঁৰা। নেজেৰে বগাই উঠিব লাগে হাতীত। দেও দি খাল পাৰ হব লাগে। নোৱাৰিলে অপবিত্ৰ খালত পৰি তললৈ যাব লাগে। চকুত কাপোৰ বান্ধি বস্তু বিচাৰি উলিয়াব লাগে। তাকে কৰোঁতে ক’ত হাত পৰে ঠিক নাই, ইত্যাদি প্ৰকাৰৰ ধেমালিৰ অৱতাৰণা কৰা হয়।

 হাবিৰ মাজত নগৰৰ সৰ্বপ্ৰকাৰৰ সুখ কোচবিহাৰৰ চিকাৰ কেম্পত পোৱা হয়। ইচ্ছা কৰা মাত্ৰেই ঈপ্সিত বস্তুৰ যোগান ধৰে ৰজাৰ লগুৱাই।

 চিকাৰ কৰা আৰু নকৰা ভদ্ৰমহিলাও কেম্পলৈ যায়।

 চিকাৰ প্ৰায় এপ্ৰিল, মাৰ্চ মাহত হয় আৰু এমাহমান চলে। ইয়াৰ ভিতৰতেই লক্ষাধিক টকা খৰচ হয়, ইয়াৰপৰাই অনুমান কৰিব পাৰি কি পৰিমাণে আয়োজন হয়।