পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুন্দৰবনত তিনিদিন—চিকাৰ উপলক্ষে

 মোৰ মক্কেল বন্ধু প্ৰীতিভাজন মিঃ পি মুখাৰ্জী কলিকতাৰ এজন বিশিষ্ট ব্যৱসায়ী লোক; চতুৰ, কিন্তু উদাৰমনা। কাৰ্যোপলক্ষে জাৰ্মাণী আদি বহু ঠাই ঘূৰি ঘূৰি কাৰ্যক্ষেত্ৰৰ পৰিসৰ বঢ়াবৰ মনেৰে প্ৰান্ত প্ৰদেশ অনুপমা অসমৰ নিৰুপমা ৰাজধানী ছিলং পৰ্বত পায়গৈ। তাতেই তেওঁৰ লগত প্ৰথম পৰিচয় হয়; ক্ৰমে সেই পৰিচয়ে মিত্ৰতাত পৰিণত হয়।

 চিকাৰ প্ৰসঙ্গত কথাই কথাই এদিন সুন্দৰবনৰ কথা ওলাল। তেওঁৰ মনেৰে সেয়েই কবিৰ স্বপ্নময় কল্পনা ৰাজ্য আৰু চিকাৰীৰ স্বৰ্গ—সুন্দৰবন বোলোতেই পমি যায়। আনৰ মুখত সুন্দৰবনৰ সুখ্যাতি সৰুৰেপৰা শুনি আহিছোঁ। অসমৰপৰ৷ কলিকতালৈ আৰু কলিকতাৰপৰা অসমলৈ জাহাজেৰে যোৱা যাত্ৰীৰ মুখত পহু,বাঘ, মকৰ আদিৰ কথা শুনি শুনি জাহাজেৰে কলিকতালৈ যোৱাৰ ইচ্ছা ক্ৰমেই বলৱতী হৈ আহিল। মধুময়ী ইচ্ছাক দৃঢ় সংকল্পত পৰিণত কৰা হ'ল; কিন্তু সময় আৰু সমভাবাপন্ন সহযাত্ৰীৰ অভাৱত সেই আশা অপূৰ্ণ হৈয়েই আছিল ইমানদিনে। বন্ধু মুখাৰ্জীৰ উৎসাহ আৰু অত্যুগ্ৰ আগ্ৰহ নোহোৱা হলে সুন্দৰবন পৰিদৰ্শনৰ কল্পনা আশা-নিৰাশাৰ সন্ধিস্থলতেই উদ্ভৱ আৰু লয় হবলগীয়া হলহেঁতেন।

 হঠাতে এদিন মুখাৰ্জীয়ে সুধিলে, “দাদা, সোঁদৰবন যাওয়াৰ কি হলো?” উত্তৰত মই কলোঁ, “নিয়াৰ গৰাকী যেতিয়া তুমিয়েই তেতিয়া আৰু মোক সোধাৰ অৰ্থ কি?”

 “দাদা, পাপীয়া তাৰাৰ মতো যে ভাবে তুমি ছুটে বেড়াও, তাতে তোমায় দূৰে নিয়ে যাওয়া দুৰেৰ কথা, ক্ষণেকেৰ তৰেও ধৰে ৰাখতে