পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
চিকাৰ কাহিনী

 খোৱা-বোৱা, নাচ-বাগ, আনন্দ-উৎসৱেই চিকাৰৰ প্ৰধান অঙ্গ নহয়; ৮ বজাৰপৰা সাঁজ নালাগে মানে অবিৰাম গতি, ৰ’দ-বৰষুণ বোকা-পানী, অটব্য অৰণ্য একো চাবলৈ নাই, চিকাৰ নোপোৱা মানে গৈ থাকা, মাত-বোল কৰিবৰ উপায় নাই, ধপাত, চুৰট খাবৰ সময় নাই, চিকাৰ পলোৱাৰ আশঙ্কাত, নিয়ম ভঙ্গৰ ভয়ত। কেৱল মাত্ৰ হাবিৰ পিনে খৰ দৃষ্টি, বাঘ-ভালুকৰ ধ্যান। চাওঁতে চাওঁতে চকু বিষাই যায়, বহোঁতে বহোঁতে কঁকাল শালি ধৰে, হাতীৰ জোকাৰণিত শৰীৰৰ যোৰা খহি যোৱা যেন লাগে, ৰ’দত দেহা পুৰি ঢৌ ফুটা যেন লাগে। পিয়াহত অণ্ঠকণ্ঠ শুকাই যায়; কিন্তু ক্ষন্তেক জিৰাবৰ উপায় নাই—এমাইল,দুমাইল, দহমাইল, পোন্ধৰ মাইল হাতী গৈয়েই থাকে, বন্দুক হাতত লৈ সকলো আওকাণ কৰি একমনে চিকাৰ চাই থাকিবই লাগিব।

 গা বেয়া বুলি এদিন চিকাৰলৈ নহাকৈ থাকিবৰ উপায় নাই,কাৰণ, গা বেয়া বুলি শুনা মাত্ৰেই ডাক্তৰ-কবিৰাজে হেঁচি ধৰেহি। অহুকাণে পহুকাণে শুনিবহে লাগে কাৰোবাৰ গা বেয়৷ বুলি, চিকিৎসাৰ কোবত তেওঁৰ জীৱন দুৰ্বহ কৰি তোলে।

 শ্ৰীযুত ভোলানাথ চৌধুৰীয়ে এদিন কেম্পত থাকি জিৰাবৰ মনেৰে গা বেয়া বুলি কলে। শুনা মাত্ৰেই ৰজা-প্ৰজা, অভ্যাগতকে আদি কৰি সকলোৰে হেন্দোলনিয়ে চৌধুৰীক উত্ৰাৱল কৰি তুলিলে।

 “Our host Lakhipore is ill” বুলি চিকাৰ বন্ধৰ আদেশ হ’ল। জ্বৰ চোৱা, তেজ আদি পৰীক্ষা কৰা আয়োজন হব ধৰিলে,শুশ্ৰূষাকাৰিণীৰ (ইংৰাজ মহিলাৰ ) তম্বু চৌধুৰী ডাঙৰীয়াৰ তম্বুৰ ওচৰ চপাই তৰা হ’ল, মুঠতে বিপদভঞ্জন শ্ৰীমধুসূদনক মাতিবলগীয়া হ’ল। উপায়ান্তৰ নেদেখি মই চিভিল ছাৰ্জনৰ কাষ চাপি বিশ্বাসতে আচল কথা ভাঙি কলোঁ আৰু তেওঁক সেইদিনাৰ কাৰণে কেম্পত থৈ দুৰ্গা শ্ৰীহৰি বুলি চিকাৰলৈ যাত্ৰা কৰিলোঁ। ৰজাই ব্যৱস্থা কৰিলে,