পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতী চিকাৰৰ আৰু এক অধ্যায়

  বঢ়াই দিয়া সময়ৰো অন্তত লোকেলবোৰ্ডৰ গুৰুভাৰ শোধাই দি গাটে৷ পাতল পালোঁ, কিন্তু মনটে৷ গধুৰ লাগিল। ভগৱন্তৰ নাম কীৰ্তনত আনন্দ আছে, কিন্তু নামৰ অন্তত ভকতক বিলাই দিবলৈ প্ৰসাদ নাথাকিলে মনলৈ নিৰানন্দও আহে। মূৰব্বী হৈ বোৰ্ডৰ স্বত্ব চলোৱাৰ হৰ্ষ অনেক, কিন্তু নিৰুপায় প্ৰজাৰ আচল দুখ-দুৰ্গতি য'ত,ত’ত আলি-পদূলি নাই, গতিকেই সেইফালে চেয়াৰমেনৰ গতিবিধিও কম। হাৱাগাড়ীত গ’লে চেয়াৰমেনৰ ভাট্টাৰ মাত্ৰা, বেগৰ পৰিমাণ বাঢ়ে, কিন্তু বাট-পথ নোহোৱা আওহতীয়া গাঁৱৰ দুৰৱস্থা চোৱাৰ সুবিধাৰ মাত্ৰা সেই পৰিমাণেই টুটে। চেয়াৰমেনৰ দৰ্শনকামী দূৰণিবটীয়া দুৰ্ভগীয়া আহি পায় মানে বিজুলী সঞ্চাৰে চলা চেয়াৰমেনৰ হাৱা-ৰথ অন্তৰ্ধান হয়। ফলত প্ৰজাৰ অভাৱ-অভিযোগ শুনি চেয়াৰমেনৰ অৰ্থসংকটৰ পৰিমাণ প্ৰকাশৰ সুযোগ নঘটে। ইত্যাদি কাৰণে নিজৰ আৰু পৰৰ অন্যায় বিচাৰত মনটে৷ বিদ্ৰোহী হৈ উঠিল। বাব শোধাই দি নিজৰ তৰফৰ সবিনয় নিবেদন শেষ কৰি, আৰু বাব গ্ৰহণৰ আনন্দ আয়োজনৰ যৎকিঞ্চিৎ উপভোগ কৰি, দীঘল হুমুনিয়াহ কাঢ়ি অফিচৰপৰা ওলাই আহিলোঁ আৰু বিদ্ৰোহী মন দমনৰ বাবে চকৰদ যাত্ৰ৷ কৰিলোঁ।

 চকৰদৰ চমু পৰিচয় হৈছে, ঠাইতে নৰ্ক, ঠাইতে স্বৰ্গ। চিকাৰ ভক্তৰ বৈকুণ্ঠ আৰু অনা-চিকাৰীৰ ৰৌৰৱ। চকৰদ গুৱাহাটীৰ গাতে লগা, কিন্তু পাবলৈ হলে সহস্ৰ যোজন বিস্তৃত যেন লাগে। গুৱাহাটীৰ পৰা আঠমাইল মটৰেৰে গৈ তাৰ পিচত দুমাইল খোজকাঢ়ি এখন বিল পাৰ হব লাগে। বিলৰ পাৰত সময় আৰু সুবিধামতে নাও