পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
চিকাৰ কাহিনী

 হাতী চিকাৰৰপৰা তত্ত্বজ্ঞানৰ আলোচনাত পৰিলোহি, মনৰ বেগত । মনৰ গতি কেনি যায় আৰু কি কাৰ্যত প্ৰবৃত্ত কৰায় তাক অনুমান কৰা টান । সেইদেখিয়েই অৰ্জুনে কৈছিলঃ

 “তৎ কিং কর্মণি ঘোৰে মাং নিয়োজয়সি কেশৱ !”
 প্রকৃতিক সংযত কৰি নিবৃত্তি মাৰ্গেৰে চলোৱা সাধনাৰ কাৰ্য, সিও এটা কঠিন যোগ । “অভ্যাসযোগযুক্তেন চেতসা নান্য গামিনা” বুলি গীতাত কৈছে ।

 ভালুকমৰা, ভালুকপাম, মাতাংপুং, গড়ভাঙা, লখৰা, বেতকুছি আদি পৰ্বত-ভৈয়াম পাৰ হৈ হৈ ঘৰ পাই প্ৰমাণ কৰিলোঁ, পৃথিৱী ঘুৰণীয়া। মাতাংপুঙত হাতী ওচৰতে থকা খবৰ পালো, কিন্তু কেতিয়াব৷ দাতাই দিলেও বিধাতাই নিদিয়ে। এটা মিকিৰ লৰি- ঢাপৰি হঠাতে ওলালহি। তাক দেখা পাই ভাবিলোঁ, হাতী ওলালেই ; কিন্তু ক্ষন্তেক ৰৈ জেপত হাত দি এখন কাগজ উলিয়াই দিলত ভাবিলোঁ, লোকেলবোৰ্ডৰ দানবে পালে। চাওঁ বিজনী ৰজাৰ গ্ৰেপ্তাৰী পৰোৱানা ৷ য'ৰে হাতী ত’তে এৰি সুৰ সুৰ কৰে ঘৰৰ পিনে বাট ললোঁ। হাতীক মনে মনে আশীৰ্বাদ কৰিলো— ভগবন্তে তহঁতক শক্তিমন্ত কৰি নিৰ্ভয়চিত্তে বিচৰণ কৰিবৰ প্রবৃত্তি দিয়ক—কেতিয়াবা সাক্ষাৎ পাম। সম্প্রতি আমিও অন্ন-বস্ত্ৰ সংগ্ৰহলৈ মন মেলিলোঁ ।