পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
চিকাৰ কাহিনী


গুড়িৰ শ্ৰীমান কমলা ডেকা ওৰফে কমলা মহাজনৰ ঘৰ পালোঁ। হাতীৰ খবৰ দিয়া তেৱেঁই—হাতী মৰা বিষয়েও তেৱেঁই আমাৰ প্ৰধান সাৰথি।

 জয়জয়তে তেওঁ জনালে যে ইয়াত তেওঁৰ হাতী নাই, ডুৰুঙত আছে। খবৰ পাই মনটো কোঁচ খাই গ'ল। কৈ-মেলি এটা টকা দি দুজন মানুহক হাতী আনিবলৈ ডুৰুঙলৈ পঠিয়াই আমি ঢোপগুৰিৰ পৰ৷ তিনি মাইলমান দূৰৈৰ থাণু মহাজনৰ ঘৰ পালোহি। তেওঁ ঘৰতে ৰাতি থকাৰ দিহ৷ কৰি এপিয়লা চাহ খাই ৰাতিটোৰ কাৰণে বাগৰ দিলোঁ। চকু মুদা মাত্ৰকে ঘোৰ টোপনি আহিল। এঘণ্টা- মানৰ পিচতে কোঁহিকুছি গাঁৱৰপৰা খবৰ আহিল যে পথাৰত হাতী নামিছে। বস্তু-বাব তাতে এৰি মই হাতী ওলোৱা পথাৰলৈ গলোঁ । তাত গৈ শুনিলোঁ, হাতী সন্ধিয়াতে ওলাইছিল, গ'ল; আকৌ নিশ্চয় আহিব।

 শ্ৰীমান পূৰ্ণ সিং নামেৰে কোচ মানুহ এঘৰত হাতী অহালৈ বাট চাম বুলি বহিলোঁ ৷ মানুহজন ভকত। বয়স ৬০ৰ ওপৰ হব, কিন্তু ডাঠে আছে; নিয়মমতে হাল বায় আৰু কোদাল পাৰে। পৰিয়ালৰ ভিতৰত এজনী বিধবা ছোৱালী আৰু তাইৰ ল'ৰা এটা, সৰুতে মাক মৰা আৰু এজনী সৰু ছোৱালী আৰু ল'ৰা এটা । অৱস্থা 'আগেয়ে ভাল আছিল, সম্প্ৰতি খাজনাৰ দায়ত ঘৰ ক্ৰোক কৰি মৌজাদাৰে গৰু-গাই, বস্তু-বাব, আনকি পূজাৰ সঁজুলি কোষা-অৰ্ঘা, শঙ্খ-ঘণ্টাও নিলাম কৰি নিছে। বুঢ়া ভকতৰ মনত বিশেষ অসন্তোষ নাই। আগেয়ে থামু মহাজনৰ দোতালা ঘৰত থকাৰ কথা আছিল, কিন্তু ভকতৰ ব্যৱহাৰ দেখি তেওঁৰ আশ্ৰয় ললোঁ । ঘৰ তিনিটি; মূৰ দোৱাই অতি কষ্টে সোমাব পাৰি, তাৰে দুটি ঘৰ আমাক এৰি দিলে- এটিত ৰান্ধিবৰ কাৰণে আৰু এটাত থকাৰ কাৰণে। চোতালখন বহুল, ফু মাৰি ভাত খাব পাৰি। থকা ঘৰটো পৰিষ্কাৰ-পৰিচ্ছন্ন, দেখিলে বিলাতী মাটি দিয়৷ ঘৰতকৈ ভাল যেন লাগে।