পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
চিকাৰ কাহিনী


মাতৃক ঠাইতে ৰখোৱা টান নহলহেঁতেন; কিন্তু হাতী পোৱাৰ আশাই মৰাৰ ইচ্ছা ৰোধ কৰিলে। ঋক্ষ-পৰিবাৰে বাট এৰি দিলে। হাতীৰ খোজতে খোজ দি আমিও আকৌ যাবলৈ ধৰিলোঁ। ডেৰ-মাইলমান যোৱাৰ পিচত হাতীয়ে বাট এৰি অবাট ললে—আমিও মৰণত শৰণ লৈ পাছ ললোঁ।
 ধাৰাসাৰ বৰষুণ, দীঘল আৰু ঘন তৰাণি, আঁঠুৱনি বোকা-পানী,বাট নাই। এনেয়ে যোৱা অসম্ভৱ; কিন্তু হাতীয়ে বাট কৰি দি গ’ল—সেই বাটেৰেই আমিও পাছে পাছে গলোঁ। পোৱামাইলমান যোৱাৰ পিচত বাঁহ ভঙাৰ শব্দ পালোঁ। বুকুৱে চিৰা খুন্দিবলৈ ধৰিলে। এখন্তেক কাণপাতি শুনিলোঁ। শব্দলৈ চাই কোন আছে অনুমান কৰিলোঁ। তেতিয়া পাছ এৰি হাতীৰ বাওঁফলীয়া হলোঁ। পৰি-হৰি কোনোমতে এডোখৰ ওখ ঠাইত উঠিলোঁ। এটা সৰু টিলা—তাতে উঠি আকৌ শব্দলৈ কাণ পাতিলোঁ। লাহে লাহে বাঁহ ভাঙি আমাৰ পিনে অহাৰ উমান পালোঁ। বাঁহগছৰ আঁৰ লৈ গজেন্দ্ৰৰ আগমন প্ৰতীক্ষা কৰিলোঁ। চাওঁতে চাওঁতেই ওলালহি— ২৫ হাতমান দূৰৈত, আমাতকৈ তলত। দেখিলোঁ, মাৰিবলৈ দিয়া দঁতালজনেই হয়। তাত আৰু দুটা দঁতাল আছে। দেখিলোঁ হয়,কিন্তু আপোনমনে তলমূৰকৈ অহাত মৰাৰ আচল ঠাই (অৰ্থাৎ কপাল, কুম বা কাণৰ বিন্ধা) দেখা নাযায় অথচ তেতিয়াই নামাৰিলে আমাক এৰি যায়। লগৰ চিকাৰীক কলোঁ, “তুমি ভালদৰে এটা চাপৰি বজাই দিয়া, হঠাৎ শব্দ শুনিলে নিশ্চয় মূৰ দাঙি শব্দৰ পিনে চাব আৰু তেতিয়া হলে সুবিধা পাম।” যি কলোঁ সেয়েই হ'ল। চাপৰিৰ শব্দ শুনি আমাৰ পিনে মূৰ দাঙি চাই খেদিবৰ মনেৰে খোজ লব ধৰোঁতেই এক গুলী মাৰিলোঁ। ঠিক ভুচুঙত মৰাৰ সুবিধা নাপালোঁ; কপালত পৰিল— ঠাইতে আঁঠু ললে। আৰু গুলী নমৰা হলেও চলিলহেঁতেন, কিন্তু ঠিক সঠিক কৰিবৰ মনেৰে আকৌ এক গুলী মাৰিলোঁ। বুজিলোঁ, আগৰ গুলীতেই গজেন্দ্ৰই মুক্তি