পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
চিকাৰ কাহিনী

সুন্দৰকৈ দেখিও লগাব নোৱাৰাত নিজৰ গালত নিজেই চৰাবৰ মন গৈছিল। এনেতে শুনিলোঁ, “বাঘ গিৰ্‌ গিয়া, গিৰ্‌, গিয়া।” ৰজাই ওচৰ চাপি হাত জোকাৰি কলে, “I am glad you have got it—তুমি পোৱাত ভাল পালোঁ।”

 ইমান চিকাৰীৰ ভিতৰত ময়ো এটা মাৰিব পৰাত অতিশয় আনন্দ পালোঁ।

 চিকাৰৰ অন্তত ৰজাৰ সাদৰ নিমন্ত্ৰণ পালো, কোচবিহাৰলৈ ৰজাৰ লগতে যাবলৈ। কুঁৱৰী দুগৰাকীয়েও আগ্ৰহ দেখুৱালে—–যোৱাকে স্থিৰ কৰিলোঁ।

 লগে-ভাগে ধুবুৰী পালোগৈ। বাটতে নিমন্ত্ৰণ পালো গৌৰীপুৰৰ ৰজাৰ চাহ-জলপানৰ।

 স্পেচিয়েল ট্ৰেইন আহোঁতে অলপ পলম হ’ল। থাকোঁতে থাকোঁতে গৌৰীপুৰৰ আৰু মোৰ অসুখ হ'ল—নিশ্চয় সেই জলপানৰ ফলত। অসুখ লৈ ৰজাৰ লগত যাবলৈ মন নগল। বিশেষ অনুৰোধ জনাই তাতেই থাকিলোঁ। চিভিল ছাৰ্জনজনক কিন্তু থৈ গ'ল মোৰ লগত। মই নালাগে বুলি প্ৰতিবাদ কৰাতো ৰজাই নুশুনিলে আৰু ভকতেও আগ্ৰহ দেখুৱাই থাকিল।

 পিচদিনা ভাল পালোঁ আৰু ভকতক বিদায় দি ঘৰলৈ উভতি আহিলোঁ। ৰজাৰ নিমন্ত্ৰণ ৰক্ষা কৰা হ’ল “উডলেণ্ড” ৰাজভৱন কলিকতাত—সিও সৰু-সুৰা কাহিনী।