পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
চিকাৰ কাহিনী


চৰায়ে বিলখনত কোহাল লগাই থাকে। মাজে মাজে উচপ খাই এই চৰাইবিলাক জাকে জাকে উৰি গলে আকাশীজাহাজ যোৱা যেন বোধ হয় ।

 কাতিমাহৰপৰা জাকে জাকে ৰাজহাঁহ সশব্দে বিললৈ উৰি যোৱা গুৱাহাটীৰ ঘৰত বহিয়েই দেখোঁ আৰু সেই অনুসৰি খাৰ-বাৰুদ সংগ্ৰহ কৰি ধ্বংসলীলাৰ আয়োজন কৰোঁ ৷ চিকাৰে দয়া-মৰম মনৰ দুৰ্বলতাহে বুলি চিকাৰীক অনুভৱ কৰায়। হাঁহত বাজেও কোঢ়া, কাইঠা, দলমৰা, দলপুঙা, পানী-কাউৰী, চেঁচা-বগ, ওৱাক, কৰ্চন, ঘোগ বা দৈ-কলা, হাড়-গিলা, শামুক-খোলা, তেলীয়াসাৰেং, কনোৱা আদি অসংখ্য চৰাই দেখা যায়। এইবিলাক বিলৰ চৰাই। পর্বতত পোৱা যায় ডৰিক, দেও-ডৰিক, কইৰা, তিতৰ, হাইঠা ইত্যাদি চৰাই ৷ মাজে মাজে জাক বান্ধি বিলৰ ওপৰত ভেলা পৰে, দূৰৈৰ- পৰ৷ পালতৰ৷ নাৱৰ দৰে দেখা যায়। ভেলাই পলো বোৱা চাবলৈ ভাল লাগে ৷ সিহঁতে শাৰী বান্ধি পলোৰ দৰে বৰ বৰ ঠোটেৰে এফালৰপৰ৷ চবিয়াই যায় ৷ ৰৌ-বৰালী আদি ডাঙৰ মাছ পালে সিহঁতে ডিঙিৰ মোনাত সুমাই থয়—গলত দুখ পালে বা কিবা কাৰণত দিগদাৰি অনুভৱ কৰিলে উলিয়াই দিয়ে। খন্তেক পিচতে উলিয়াই দিয়া মাছৰে৷ বাকলি নোহোৱা হয়। সেই মাছৰ লোভাত অলপ দূৰৈত থাকি পাছে পাছে বহুতো মানুহ যায়, আৰু মাছো পায়।

 বিলত ৰৌ, বৰালী, বাহু, বাহ, কুঢ়ি, চেনিপুঠি, পাভ, কৰত, শাল, শ’ল, এলেং, ভাঙন, কান্ধুলি, কাৱৈ, মাগুৰ, শিঙি, পুঠি, খলিহনা, মোৱা, দৰিকণা, ককিলা আদি অলেখ প্ৰকাৰৰ মাছ পোৱা যায় ৷ বেৰ-জাল, পৰঙী-জাল, খোৱালি-জাল, ঘাট-জাল, চেপা, ডিঙৰি, পলো, আদিৰে বিলত মাছ ধৰা হয় ৷ বেং গাঠি দি বৰশীৰে শাল, শ’ল আদি মাছ মৰা প্ৰায়েই দেখা যায়। বিলত নিকৰি, শিঙৰি আৰু শেলুক যথেষ্ট পৰিমাণে পোৱা যায়। সেইবোৰৰ লোভতে জাকে জাকে হাঁহ আৰু পালে পালে বনৰীয়া হাতী গোটেই