পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
চিকাৰ কাহিনী


গলেই পাব।” শুনিয়েই সাজপাৰ পিন্ধি, গুলী বন্দুক লৈ ওলালোঁ। গৈ দেখোঁ, হাতী যি ঠাইত আছিল তাত নাই। খোজকাঢ়ি দুমাইল-মান গলোঁ; কিন্তু ঘাঁহ-পাত নাখাই যিদৰে পোন বাট ধৰি যোৱাৰ চিন পালোঁ, তাৰপৰা বুজিলোঁ, আজি গজেন্দ্ৰক লগ পোৱা টান হব। গতিকেই উভতি আহিলোঁ। তাত সেইদৰে বন্দী হৈ থকা অসম্ভৱ হল। তিনদিন ৰখিও নাপাই দুখে-ভাগৰে গধূলি ৬ মান বজাত আমাৰ কেম্প পালোঁহি। গৈ খবৰ পালোঁ, হাতী আহিছিল কিন্তু অলপতে পৰ্বতলৈ গ'ল। ৰাতি পৰ্বতত হাতী বিচৰা অসম্ভৱ,গতিকেই শোৱাকে স্থিৰ কৰি বিচনাত পৰিলোঁ; কিন্তু সেইদিনা নিদ্ৰাদেৱীক আৰাধনাতো তুষ্ট কৰিব নোৱাৰিলোঁ।
 পুৱা ৪ বজাত উঠি চিকাৰী দুজনক জগাই তেওঁলোককো এটুপি চাহ খুৱাই যাত্ৰা কৰিলোঁ। খোজ লওঁতেই বৰষুণ কণিয়ালে, তালৈ আওকাণ কৰি বলবাহাদুৰ, তাবাক আৰু মই ৰাওণা হলোঁ। অলপ দূৰ যাওঁতেই বৰষুণ কলহৰ কাণে ঢালিবলৈ ধৰিলে। তাবাক চিকাৰীয়ে যাবলৈ নিষেধ কৰিলে আৰু কলে, “এই বৰষুণত পৰ্বত বগোৱা অসম্ভৱ হব; হাতী লগ পালেও মৰা টান হব আৰু খেদিলে পলাবৰ উপায় নাথাকিব।” মোৰ হলে সংকল্প দৃঢ়। পাওঁ নাপাওঁ কিছুদূৰ যামেই। বলবাহাদুৰে মোৰ মুখলৈ চাই সেই ভাব অনুমান কৰি যোৱাত সন্মতি দিলে, মই আগবাঢ়িলোঁ। ছাতিকে লাখুটি কৰি লৈ পৰ্বত বগাবলৈ ধৰিলোঁ বাটত হাবি নাই, কিন্তু পৰ্বতীয়া মাটি অতি পিছল; এঠাইত ভৰি দিলে পিছলি আন ঠাইত পৰেগৈ। হাতীৰো অৱস্থা তদ্ৰূপ বুলি ভৰি পিছলাৰ চিন দেখি অনুমান হৈছিল। খোজ চাই দুমাইলমান যোৱাৰ পিচত এটি মাইকী ভালুকে দুটি শিশু সন্তান লৈ সৰি পৰা কঠাল খোৱাৰ অভিপ্ৰায়ে গছৰ তলত থকা লগ পোৱা গ'ল। বৰষুণত তিতি ঋক্ষ-পৰিবাৰৰ অৱস্থা আমাৰ দৰেই। আমাৰ আশা—হাতী পাম, তেওঁলোকৰ আশা, কঠাল সৰি পৰিব। ইমান ওচৰতে পালোঁ, মৰা হলে ঋক্ষ-