পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
চিকাৰ কাহিনী


কৰিলে।কংগ্ৰেছ বিৰোধী স্বাৰ্থান্ধ মদগৰ্বী প্লেণ্টাৰসকল বিপক্ষ দলৰ স্তোকবাক্যত ভোল গ'ল। ধৰ্মৰ নামত অনুপ্ৰাণিত হৈ নবাব চাহাব আলি হাইদৰৰ পক্ষ সমৰ্থক মুছলমানকেজনে নবাব চাহাবক এৰি বিপক্ষ দলভুক্ত হ'ল। চহী মোহাৰি কাগজ লৈ বৃদ্ধ পিতামহ প্লেণ্টাৰ প্ৰতিনিধি সমন্বিতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী গৱৰ্ণৰৰ ওচৰ পালেগৈ; অগ্নিৰ সাৰথি বায়ু হৈ কেন্দ্ৰীয় এছেমব্লিৰ ইংৰাজ প্ৰতিনিধি- জনো লগতে গ'ল। কংগ্ৰেছে মন্ত্ৰিত্ব গ্ৰহণ কৰিলে বিশেষতঃ অসম প্ৰবাসী ইংৰাজসকলৰ কিদৰে ব্যাঘাত ঘটিব তাক বিশদভাৱে বুজাই দি গৱৰ্ণৰকো পক্ষভুক্ত কৰিলে। ইয়াৰ প্ৰমাণ আমাৰ হাতত বহুতো আছে; লাগিলে দিব পৰা হব। প্লেণ্টাৰ আৰু যূথভ্ৰষ্ট মুছলমানসকলক লৈ প্ৰস্তাৱিত মন্ত্ৰীমণ্ডলীৰ ওপৰত অনাস্থা প্ৰস্তাৱ দাখিল কৰা হ'ল। আগ্ৰহাতিশয্যত শপত লোৱাই মন্ত্ৰীমণ্ডলী নিয়মমতে গঠন কৰাৰ আগেয়ে এই প্ৰস্তাৱ দাখিল কৰা হ'ল ৷ মনৰ ভাব আছিল, মন্ত্ৰীমণ্ডল গঠন কৰি গাদীত নৌ বহোতেই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি মন্ত্ৰীসকলক বেদখল দিয়া হব। উৎসাহ আৰু আগ্ৰহৰ সীমা নাই, কিন্তু কথাতে আছে, কেতিয়াবা কেতিয়াবা “দাতাই দিয়ে বিধাতাই নিয়ে।” স্পীকাৰ মহাশয়ে আদেশ জাৰি কৰিলে, “অনাস্থা প্ৰস্তাৱ অনাৰ এতিয়াও সময় হোৱা নাই। গতিকে সেই প্ৰস্তাৱ বাতিল কৰা হ'ল। আৰু ন-মন্ত্ৰীসকলক গৱৰ্ণৰে শপত খুউৱা নাই, গতিকে অনিৰ্দিষ্ট সময়ৰ কাৰণে এছেমব্লিৰ অধিবেশন স্থগিত ৰখা হ’ল।” বিনা মেঘে বজ্ৰপাত হ'ল। কেন্দ্ৰীয় এছেমব্লিৰ ইংৰাজ প্ৰতিনিধি উঠিবলৈ ধৰোঁতেই বজ্ৰপাতৰ শব্দত পিছলি পৰিল। গৱৰ্ণৰৰ ঘৰলৈ আশ্ৰয় বিচাৰি অশোভনভাৱে লৰি গ'ল। লগতে গ'ল মৰ্মাহত পাৰিষদবৰ্গ। এছেমব্লিৰ স্পীকাৰৰ ওপৰত বিৰক্তিত এওঁলোকৰ মন টেঙা হ'ল ৷ অক্ষমতাৰ ক্ষোভে গৱৰ্ণৰকে আদি কৰি বিপক্ষ দলৰ হিতাহিত জ্ঞান ৰহিত কৰিলে ৷ গৱৰ্ণৰে শপত খুৱাবলৈ ইস্তাহাৰ জাৰি কৰি মাতি নি কুৰি মিনিট বহুৱাই ৰাখি অতি অভদ্ৰ-