পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিকাৰ কাহিনী

কৰা কোনোমতেই উচিত নহব বুলি কলে। দাদাৰ আগত কোৱাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ। নিৰুৎসাহ নকৰি এটা হাতীৰে যোৱা অসঙ্গত হব—হাজৰিকাৰ এই মত সমৰ্থন কৰি আৰু হাতী বিচাৰি দিম বুলি আশ্বাস দি উদাসীনভাৱে কাছাৰীলৈ ওলাই গ'ল।মনটো বেয়া লাগিল; বাঘৰ কথা শুনিবৰেপৰা দেউকীৰ গাত তৎ নাই। “বৰদেউতাইতো যাবলৈ হাক দিয়া নাই, যোৱাই ভাল আৰু গলেই পাব। চাহাবে মাৰিব পাৰে আৰু আপুনি নোৱাৰিব, এই কথা মই কোনোমতেই বিশ্বাস কৰিব নোৱাৰোঁ।”

 “বাৰু যাচোন, হাজৰিকাক হাতীৰ কথা কগৈ; দিয়ে যদি হাতী সোনকালে পঠিয়াই দিব কবি।” কোৱা মাত্ৰেই সি লৰ মাৰিলে আৰু লগতে হাতীটো লৈয়েই আহিল। সেইবেলি বানপানীৰ প্ৰবল প্ৰভাৱ। দুমাইলমান পানীয়ে পানীয়ে নগলে চিকাৰৰ ঠাই পোৱা টান; কেৱল হাতীৰে যোৱা টান—গাদী ভিজে।দেউকীয়ে নাও এখন আৰু বাইচা নিমিষতে ঠিক কৰিলে।

 লৰালৰিকৈ ভাত খাই নাৱত গাদী দি ময়ো নাৱতেই উঠি যাত্ৰা কৰিলোঁ। হাতী দুমাইলমান পানীৰেই গ'ল। দাদাক কিন্তু এই বিষয়ে একো জনোৱা নহল। গৈ গৈ এডোখৰ ওখ ঠাই পালোঁ। তাত নাও লগাই দি, গাদী কচি হাতীত উঠি বাঘ বিচৰা আৰম্ভ কৰিলোঁ৷ মাউতে লগ পোৱা ঠাইমুখে লাহে লাহে গলোঁ।য'ত ম'হ মাৰিছিল আৰু য'ত হাজৰিকাই লগ পাইছিল, সেই ঠাইত গৈ দেখোঁ, ম’হ খোৱা চিন আছে, সৰহভাগ খাইছে; অলপ হাড়-ছালহে আছে, ঠাই মুকলি কৰিছে, কিন্তু বাঘ তাত নাই।

 তাতেই পাম বুলি কৈছিল আৰু ময়ো ভাবিছিলোঁ; কিন্তু নেদেখি মন বেয়া লাগি গ'ল। তথাপি ক্ষীণ আশা বুকুত বান্ধি হাতী আগুৱাবলৈ কলোঁ। কিছুদূৰ গৈ হাবি লৰোৱা গম পালোঁ।অতি সাৱধানে গৈ লৰোৱা ঠাইৰ হাবিৰ ভিতৰেদি এটা জন্তুৰ ৰঙচুৱা এডোখৰ দেখিলোঁ।