পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
চিকাৰ কাহিনী


গতি; অবিৰাম পৰ্বত উঠা আৰু নমা। গাৰো অহা-যোৱা সুৰসুৰীয়া বাটেৰে বাট দেখুৱাই যায়; গাৰোৱে আগে আগে লতা, বাঁহ কাটি কাটি বাট মোকোলাই যায়, আমি পিচত ধীৰে ধীৰে যাওঁ। থজং লস্কৰৰ নাম লৈ দেলবাংগিৰিৰ বাট সুধি সুধি চিমাগিৰি হৈ জাংৰা পাৰাত কেম্প কৰিলোঁ দ্বিতীয়দিনা। তাতে ভাগ্যক্ৰমে শ্ৰীমান মণিৰাম লস্কৰক হঠাতে লগ নোপোৱা হলে আৰু তেওঁ অনুগ্ৰহকৈ লগত মানুহদি বাট দেখুৱাই নিদিয়া হলে আমি দেল্ বাংগিৰি বিচাৰি পোৱা টান হলহেঁতেন। গোচাং ছৰ্দাৰে আৰু দুজন মানুহ লগত লৈ বাট দেখুৱাই গ'ল। জাংৰা পাৰাৰপৰা আকৌ ৮ বজাত যাত্ৰা কৰি তিনদিনৰ দিনা দেলবাংগিৰি পালোঁগৈ। তাতেই হাতীয়ে মানুহ মৰা বুলি আগেয়ে খবৰ পাইছিলোঁ। গাঁৱত অনুসন্ধান কৰি জানিলোঁ, তাৰেই নোক্‌মা আজাংগাক হাতীয়ে মৰা হয়। মৃত নোক্‌মাৰ বৃদ্ধ পুত্ৰ জাল্‌বাকক্ লগ পালত তেওঁৰ অতি বৃদ্ধ পিতৃদেৱৰ মৃত্যু-কাহিনী তেওঁৰ মুখৰপৰা শুনিলোঁ। ভঁৰাল ভাঙি ধান খাব ধৰোঁতে তেওঁৰ পিতাকে জুই লৈ হাতী খেদিবৰ চেষ্টা কৰোঁতেই দাঁতেৰে খুচি আৰু ভৰিৰে গচকি বৃদ্ধৰ মৃত্যু ঘটালে। তেওঁ গাঁৱৰ এজন মুখিয়াল আৰু সাহসী মানুহ আছিল, সেই কাৰণেই তেওঁৰ কাঠৰ এটি মূৰ্তি সজাই, কাপোৰ পিন্ধাই, মূৰত পাগ মৰাই,ডিঙিত কপাহৰ মালা দি দুৱাৰ মুখতে থিয় কৰি থোৱা আমাক দেখুৱালে।

 দেল্ বাংগিৰিৰপৰাহে আচল হাতীৰ অনুসন্ধান আৰম্ভ হ'ল। তাৰ আগেয়ে দেল্ বাংগিৰিৰ বাট বিচৰাহে হৈছিল। তেতিয়াৰেপৰা হাতীৰ দণ্ডি ধৰি ধৰি যাবলৈ আৰম্ভ কৰিলেঁ৷। অ'ত গছ, ত’ত বিৰিখ; এঠাইত থকা ঘৰ, আন ঠাইত ভঁৰাল ভঙা ইত্যাদি ধ্বংসলীলাৰ চিন পাবলৈ ধৰিলোঁ। এহাতে “কৰ্ডাইট ৰাইফল” আনহাতে জৰীত ধৰি প্ৰাণ ৰক্ষাৰ চেষ্টা; সিপিনে আকৌ বুকুত ভয়—জানোচা আমি হাতী থকা গম নৌ-পাওঁতেই খাপ লৈ থকা হাতীয়ে হঠাতে আহি