পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিকাৰ কাহিনী


মাৰিবলৈকো মানুহৰ গাত লাগে বুলি আশঙ্কা হয়। হাতীৰ তলেৰে ইফালে সৰকি আহিবলৈ কলোঁ। পেটৰ তলেৰে সাউৎ কৰি পাৰ হওঁতেই এটাক আছুৰি এবখলা এৰুৱাই নিলে। বাকী তিনিটা কোনো প্ৰকাৰে সাৰিল। গুলীয়াই দুয়োটাকে সহজে মৰা হ'ল। তিনিটা বাঘ, এটা শিঙাল পহু লৈ জিলা পালোহি। নগাঁও চহৰ খলক লাগি গ'ল। তিনি ঘণ্টাৰ ভিতৰতেই শেষ কৰি উভতি আহিলোঁ। মই যে অলপ সময়তে ইমান ডাঙৰ কাম এটা কৰিলোঁ সেইবাবে বিশেষকৈ মোক উৎসাহিত নকৰি গুলী মাৰোঁতে মুখত মাৰি দাঁত এপাৰি কিয় নষ্ট কৰিলোঁ তাৰবাবেইহে দাদাই ধৰাত হাঁহি উঠিল। মনত পৰিল এফাঁকি ফকৰা—“কোনো মৰে হাড়ে হাড়ে কোনো মৰে মঙহৰ ভাৰে।” মই যে মৰণত শৰণ লৈ কিদৰে এই মহৎ কাৰ্য সাধিলোঁ তাৰ উল্লেখ নাই, কিদৰে মাৰা উচিত আছিল, তাৰেইহে সমালোচনা। ডাঙৰে সৰুৰ সুখৰ দুখৰ কথা নুবুজে—ইয়াকে সাব্যস্ত কৰি পহু-বাঘ কটা চিন্তাত মন দিলোঁ। এইদৰে লাহে লাহে আমিও দাদাৰ পদানুসৰণ কৰি চলিবৰ চেষ্টাত থাকিলোঁ।
 চিকাৰ কৰোঁতে কৰোঁতে ৬০ পাৰ হয়; কিন্তু এতিয়াও কবি বাক্যৰ সাৰ্থকতা মানো—“মৃগয়ামিদৃকঃ বিনোদঃ কুতঃ।”

 আজিও মৃগয়া আনন্দৰে অসীম আধাৰ।