পৃষ্ঠা:চিকাৰ কাহিনী (Chikar Kahini).pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
চিকাৰ কাহিনী


হাতীটোকে দেখা যায়। আমাৰ পিনে ৰ' লাগি চাই আছে-স্থিৰ, অচঞ্চল, নিৰ্ভয়, নিৰ্বিকাৰ।


তৃতীয় খণ্ড

 তেতিয়া বেলা ১১ মান বাজিছে, টৌ টৌ কৰে ৰ’দ, শাৰী শাৰী পৰ্বত, চাৰিওপিনে' নিস্তব্ধ—নীৰৱ। মনত পৰিল মহাকবি কালিদাসৰ দুফাঁকি কবিতা—

“নিষ্কম্পবৃক্ষং নিভৃতদ্বিৰেকং
মুকাণ্ডজং শান্ত মৃগ প্ৰচাৰম্।
তচ্ছাসনাৎ কাননমেব সৰ্বং
চিত্ৰাৰ্পিতাৰম্ভ ইবাবতস্থে॥”

 সেই সময়ত বন্দুক হাতত নাথাকি এটা ফটো কেমেৰা থকা হলেও আমাৰ চিকাৰ যাত্ৰ৷ সফল হলহেঁতেন। হাতী আৰু আমাৰ ভিতৰত ব্যৱধান সৰহ নহয়; এশ গজমান হব। সি যিদৰে স্থিৰহৈ আমাৰ পিনে চাই আছিল, মাৰিলে গুলী ভাল ঠাইতেই লাগিলহেঁতেন তাত সন্দেহ নাছিল। কিন্তু ইমান দূৰৈৰপৰা হাতী মৰা বিধি নহয়,কাৰণ, ঠাইতে বগৰাব নোৱাৰিলে হাতী বিচাৰি পোৱা টান। তাৰেপৰা নমৰাকে স্থিৰ কৰি হাতী আগবঢ়াবলৈ কলোঁ। হাতী আগ নবঢ়োৱা দেখি মাউতৰ পিনে চাই দেখিলোঁ সি তন্ময়। বাকশক্তি ৰহিত। মনৰ বেগত পুনৰ আগবঢ়াবলৈ কৈ পিঠিত বন্দুকৰ খুন্দাৰে ভালদৰে খুন্দা লগালো, তেতিয়াহে জানো, তাৰচৈতন্য ফিৰি আহিল। সি খং মনেৰে কলে, “দেখা নাইনে, সি খেদিবলৈ খাপ লৈছে; মাৰা যদি মাৰা, নহলে হাতী পলুৱাই দিম;আৰু খন্তেক থাকিলে হাতীকো মাৰিব, মানুহকো মাৰিব।” মই তাক বোপাই বুলি সানুনয়ে হাতীটো বহাই মোক নমাই দিবলৈ কলোঁ। ভাবিলোঁ, নমাই দিলে আৰু কিছু ওচৰলৈ গৈ মাৰিম।